জীৱন
বাটৰ ৰসঃ নানিমুনি (৫৫)
আমাৰ শৈশৱৰ স্কুলীয়া দিনবোৰত, আমি ডাঙৰ হ’বলৈ সুবিধা পোৱা আওহতীয়া ঠাইবোৰৰ
পৰা বিশ্বলৈ জুমি চাব পৰা একমাত্ৰ খিৰিকিখন আছিল ঘৰৰ ৰেডিঁঅ’-টো৷ বাতৰি, বিনোদন,
ভাষা-সাহিত্য আদি সকলো বিষয়তে এই ৰেডিঅ’টোৱেই আমাক বিশ্ব-জগতৰ সম্ভেদ দিছিল৷
বাতৰি কাগজ আলোচনীও সেইসময়ত নথকা নহয়, আছিল;
কিন্তু গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা বাতৰি কাগজ গৈ আমাৰ ঠাইখন পাইছিলগৈ গধূলিহে৷
সেয়ে সকলোৱে বৰ আন্তৰিকতাৰে ৰেডিঅ’টোৰ মুখলৈ চাই আছিল আৰু পৰম আন্তৰিকতাৰে তাৰ যতন
লৈছিল৷ শীতকালৰ ৰবিবাৰবোৰত বেটাৰীকেইটা খুলি কিছুসময় ৰ’দত থৈ দিয়া হৈছিল – আয়ূস
বৃদ্ধিৰ বাবে৷ তাৰোপৰি ৰেডিঅ’টোৰ গাত পিন্ধাবৰ বাবে কাপোৰৰ চোলা এটাও চিলাই
দিয়া হৈছিল – ঠাণ্ডা গৰমৰ পৰা মুক্তি বিচাৰি নহয়, গাত ধুলি-মাকতি নপৰিবৰ বাবে৷ হাতেৰে
ঘুৰাব পৰা নবটো আৰু কম্পনাংকৰ কাটাডাল দেখিব পৰা অঞ্চলটো চোলাটোৰ পৰা মুকলি
কৰি ৰখা হৈছিল৷ ৰেডিঅ’টোৰ স্থান আছিল খটাসুৰ ল’ৰা-ছোৱালীয়ে সতেত ঢুকি পাব
নোৱাৰা উচ্চতাত৷
১৯৭৭ চনত দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত দেশ-বিদেশৰ খবৰ ল’বৰ বাবে
দেউতাই হঠাতে এদিন ফিলিপছ্ কোম্পানীৰ ৰেডিঅ’ এটা কিনি আনিলে৷ লগে লগে আমাৰ ঘৰখন
জৰুৰীকালিন অৱস্থাৰ পৰা মুক্ত হৈ যোৱা যেন হ’ল৷ বাতৰিৰ লগতে এনে কিছুমান বস্তুও
আহিল যিয়ে আমাৰ ঘৰখনৰ ৰঙেই সলনি কৰি দিলে৷ ক’ত কোৱা মাত ক’ত গৈ বাজে – কিম্মান বিষ্ময়কৰ
কথা! আৰু ৰেডিঅ’-ত গান গোৱা শিল্পীসকলে সদায় একেদৰে অকণো ভুল নকৰাকৈ হুবহু একে
গায়৷ গানটোৰ শেষত সম্ভৱ লাহে লাহে পিছলৈ গৈ থাকে কাৰণ মাতটো লাহে লাহে সৰু হৈ অৱশেষত
নাইকিয়া হৈ যায়গৈ! অদ্ভূত কাণ্ড!
ঘৰত ৰেডিঅ’-টো অহাৰ পিছতো সকলো সময়তে ৰেডিঅ’ শুনাৰ অধিকাৰ আমি পোৱা
নাছিলো৷ সন্ধিয়াৰ অঞ্চলিক বাতৰি শুনিবলৈ দেউতাৰ লগৰ কেইবাজনোলোক আমাৰ ঘৰত
প্ৰায়েই একেলগ হৈছিল৷ কিন্তু “বাতৰি ইমানতে অন্ত হ’ল” বুলি কোৱাৰ লগে লগেই দেউতাই
ৰেডিঅ’টো বন্ধ কৰি দিছিল৷ ডাঙৰ মানুহ কেইজনৰ ওপৰত তেতিয়া প্ৰচণ্ড খং উঠিছিল,
তেখেতসকলে কি শুনিব লাগে, কি নালাগে, ক’ত ৰস আছে, ক’ত নাই- সেইবোৰ একো
নাজানিছিল! আমাৰ ঘৰত ৰেডিঅ’টো বন্ধ হৈ থকা সেই সময়ডোখৰতে আমাৰ ঘৰৰ গাতে লাগি থকা
ৰাণাদাহ’তৰ ঘৰৰ ৰেডিঅ’টোৰ পৰা গীত-নাট-আলেখ্য আদিৰ সুৰীয়া শব্দ বতাহত ভাঁহি
আহিছিল৷ ৰাণাদাহঁতৰ ঘৰত সেইসময়ত পঢ়াশুনা কৰি থাকিবলগীয়া কোনো ল’ৰাছোৱালী নাছিল৷
পঢ়া টেবুলৰ পৰাই নিৰৱে সেইয়া উপভোগ কৰিছিলো আৰু ডাঙৰ হৈ চাকৰি এটা পালেই ভাল
ৰেডিঅ’ এটা কিনি একেৰাহে দিনে ৰাতি শুনি থাকি প্ৰতিশোধ ল’ম বুলি শপত খাইছিলো৷ এই
অৱস্থাৰ ব্যতিক্ৰম হৈছিল তেতিয়া যেতিয়া ঘৰত কোনোবা ৰাতি থকাকৈ ফুৰিবলৈ আহিছিল৷
আলহীৰ আগ্ৰহৰ এক কৃত্ৰিম পৰিস্থিতি সৃষ্টি কৰি লৈ ৰেডিঅ’-টো তেতিয়া বেছিকৈ বজাব
পৰা গৈছিল৷ “অতিথি দেৱো ভৱ” অৰ্থাৎ আলহী সাক্ষাৎ ভগৱান – এই আপ্তবাক্যশাৰীয়ে আমাৰ
আগ্ৰহ আৰু কৌশলক সাৰপানী দি সহায় কৰিছিল৷ নিজৰ ঘৰখনত এই কৌশল আমি বেছিকৈ ব্যৱহাৰ
কৰিব পৰা নাছিলো, পাৰিছিলো আমাৰ পেহীৰ ঘৰখনত, ঘোঁৰামাৰীত৷
আমাৰ শৈশৱৰ এক সুদীৰ্ঘ সময়ৰ আলফুলীয়া স্মৃতি আৰু ইতিহাস লুকাই আছে ঘোঁৰামাৰী
হাইস্কুলৰ (এতিয়া হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) সেই প্ৰকাণ্ড চৌহদটোত৷ এটা
সুদীৰ্ঘ সময়ৰ বাবে সেই স্কুলখনৰ প্ৰধান শিক্ষক আৰু পাছলৈ অধ্যক্ষৰ দায়িত্বত আছিল
আমাৰ পেহাদেউ৷ পিছপৰা, প্ৰধানকৈ জনজাতীয় লোকসকলৰ
বসতি সেই অঞ্চলটোত শিক্ষা বিকাশৰ বাবে পেহাদেউৱে কৰা কামৰ তুলনা পাবলৈ নাই৷ তেখেতৰ
ব্যক্তিত্বৰ ইমানেই প্ৰভাৱ আছিল যে তেখেত যেতিয়া স্কুল বহি থকা সময়ত এটা মূৰৰ পৰা
আনটো মূৰলৈ এবাৰ খোজ কাঢ়ি গৈছিল, স্কুলখন নিজে নিজেই নিজম পৰি গৈছিল৷ পেহাদেউক
চৰকাৰে শিক্ষকতাৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল৷ অঞ্চলটোৰ প্ৰতি থকা মোহ আৰু টানৰ
বাবেই পেহীৰ ছোৱালী ডাঙৰ বাইদেউৰ বিয়া ঘোঁৰামাৰীত পতা হৈছিল৷ আমি সৰু থাকোঁতে
গৰমৰ বন্ধ, বিহুৰ বন্ধ, পূজাৰ বন্ধ আদি বিভিন্ন উপলক্ষ্যত ঘোঁৰামাৰীত থকাকৈ
আহিছিলো৷ স্কুলখনৰ দাঁতিতে শিক্ষকসকলৰ বাবে এশাৰী আবাসগৃহ আছিল৷ শেষৰ ফাললৈ থকা ধুনীয়া
কোৱাৰ্টাৰ এটাত পেহাদেউহঁত আছিল৷ সমূখতে এজোপা চাপৰ বগাব পৰা মধূৰী আমৰ গছ আছিল৷
ঘৰৰ লগতে কেইবাজোপাও ফুলগছ আছিল৷ সমূখত অলপ আঁতৰলৈ স্কুলৰ কুঁৱাটো৷ সেইটোৰ
কাষেদিয়েই এবাৰ এটা গঁড় পাৰ হৈ গৈছিল৷ সেইদিনবোৰ
আছিল আমাৰ বাবে এতিয়াৰ দিনৰ “চামাৰ কেম্পৰ” দৰে৷ বয়সত কিছু সৰু হ’লেও পেহীৰ ল’ৰা
নানি আছিল বুদ্ধি-বৃত্তিত মোতকৈ আগবঢ়া আৰু আমাৰ আটাইকেইটাৰে অঘোষিত নেতা৷
আটাইকেইটা মানে মোৰ লগত মোৰ ভাই মৃদুল, সিফালে নানি আৰু পেহীৰ ছোৱালী সৰু বাইদেউ৷ মাজে মাজে সি ‘বাঘৰ
আগতেল খোৱা’ ধৰণৰ কাম কিছুমানো কৰিছিল কিন্তু সৰু বাইদেউৰ সহায়ত ঘৰত পাব পৰা
সম্ভাব্য শাস্তিৰ পৰা মুক্তি পাইছিলোঁ৷ স্কুলখনৰ এটা কোঠাত এটা মানুহৰ কংকাৰ (জঁকা)
আছিল৷ ভয়তে আমি সেইফালে নগৈছিলো, নানিয়ে কিন্তু দিনতটো বাদেই ৰাতিও সেইফালে
দৌৰি দৌৰি এক পাক মাৰি আহিব পাৰিছিল৷ স্কুলখনৰ মধ্য অংশত এটা গম্বুজ আছিল, দুৰৰ
পৰা চালে মন্দিৰৰ দৰে দেখি৷ আমি তলৰ পৰা ফৰ্মুটি মাৰি চাওঁ আটাইতকৈ ওখ অংশটোত
লগাব পাৰি নেকি – নোৱাৰি! পেহাদেউৱে
কিতাপ কাগজ লৈ ব্যস্ত থকা সময়তে সৰু বাইদেউৱে ৰেডিঅ’টো সৰকাই আনে, সৰু ভলিউমত আমি
শুনি থাকোঁ৷ বাতৰিৰ মাতটো ভাঁহি অহাৰ
লগে লগে আমাৰ মাজত প্ৰতিযোগিতা হয় – বাতৰি পঢ়োতাজনৰ নামটো ক’ব পাৰোঁনে নাই! “এইয়া
আকাশবাণী”, লগে লগে মই কওঁ – গুণ বৰুৱা৷ নানিয়ে কাটে – হিৰণ দত্ত! পাছমূহুৰ্ততে
নিৰ্ণয় হয়- হয়, হিৰণ দত্তয়েই হয়! তেতিয়া দীপেন বৰুৱাই গোৱা তৰামাই কথাছবিৰ গীত
এটা বৰ জনপ্ৰিয় হৈছিল– লাজ লাজ লাজ ভন্টি
এ, নকৰিবা আমালৈ লাজ... আমি গীতটো ওভোটাই গোৱাৰ প্ৰয়াস কৰোঁ – জলা জলা জলা
তীম্ভ এ... থিয়া ৰেলক....!
ৰাতি ভাত খোৱাৰ পিছত মা, পেহী, ডাঙৰ বাইদেউ সমন্বিতে কেতিয়াবা আমি আটাইবোৰে গোটেই
স্কুলঘৰটোৰ বাৰান্দাইদি খোজ কাঢ়িছিলো৷ নানি আগতেই গৈ কংকাল থকা কোঠাটোৰ
সমূখত ৰৈ আছিলগৈ – তাৰ সাহসৰ প্ৰদৰ্শন কৰি৷ এদিন সন্ধিয়া পেহীয়ে আমাক আবাসগৃহৰ
সিমূৰে থকা বৰা ছাৰৰ ঘৰলৈ ফুৰাবলৈ লৈ গ’ল৷ তেলত ডুবাই ভজা মালপোৱা খোৱাৰ আশাত
আমিও লগত ওলালোঁ ৷ কোৱাৰ্টাৰৰ সৰু জপনাখন খোলাৰ লগে লগেই শুনিলো বৰা ছাৰে পুতেক-জীয়েকক
দবিয়াই আছে – ‘পঢ়া শুনাত মন নাই, খালী ৰেডিঅ’, ৰেডিঅ’ ৰেডিঅ’৷ ভাঙি পেলাম ৰেডিঅ’,
মোক চিনি পোৱা নাই! সেইটো আনিবই নালাগিছিল, আপদহে হ’ল৷ গড়ত থৈ দু়টুকুৰা কৰি
ভাঙিম, গম পাবি তেতিয়া!’ তাৰ পিছতেই ঘৰখনত আমাৰ আৱিৰ্ভাৱ! বৰা ছাৰৰ বাইদেউ বৰ
সাদৰী৷ অকল মালপোৱাই নহয়, আমাক বেলেগ বেলেগ আকৃতিৰ বিস্কুটো খাবলৈ দিলে৷
পিছদিনা ৰাতিপুৱা কোনো নুঠুতেই নানিয়ে মোক হেঁচুকি জগালে – ‘ঐ, উঠচোন, শব্দ নকৰিবি৷’
তাৰ কথামতেই উঠি পিছে পিছে গৈ ঘৰৰ বাহিৰ ওলালোঁ৷ বনকৰা ছোৱালী দীপালীয়ে পকী পাছচোতালডোখৰ
সাৰিবলৈ লৈছে, ঘৰৰ আন কোনো তেতিয়াও উঠা নাই৷ আমি গৈ পোনে পোনে বৰা ছাৰৰ পদুলিমূখ
পালোঁগৈ৷ সেই দোকমোকালিতে আমাক দেখি বৰা ছাৰে আচৰিত হৈ ওলাই আহিল – ‘আৰে’, কি হ’ল
ইম্মান ৰাতিপুৱাই?’
নানিয়ে নিসংকোচে ক’লে – ‘খুৰা, কালিযে আপুনি কৈছিল, ৰেডিঅ’-টো গড়ত থৈ ভাঙি
পেলাব, ভাঙিব নেলাগে মোকে দি দিয়ক৷’
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড
পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment