Sunday, March 12, 2023

পাৱাৰ এডজাষ্টমেণ্টঃ


 


পাৱাৰ এডজাষ্টমেণ্টঃ

জীৱনটো যেন কেৱল এক এডজাষ্টমেণ্ট! এটাৰ পাছত এটাকৈ,,, পৌণঃপুনিক ৰূপত।

মোৰ চকুদুটাই কিছুদিন ধৰি বৰ দিগদাৰি দি আছে। পঢ়িবলৈ চশমাযোৰ এডজাষ্ট কৰি আনো যদি লেপটপৰ স্ক্ৰীণখন চাবলৈ অসুবিধা হয়। লেপটপৰ লগত এডজাষ্ট কৰিলে কাগজৰ লেখা পঢ়িবলৈ অসুবিধা হয়। চশমা আঁতৰাই থৈ খালীচকুৰে এই দুয়োটা কাম মোটামোটি ভালেই কৰিব পাৰোঁ কিন্তু তেনেকৈ ৰাতি গাড়ী চলাবলৈ অসুবিধা হয়। সমূখৰ গাড়ীৰ লাইটবোৰ সাতবছৰীয়া ল’ৰা-ছোৱালীয়ে অঁকা বেলিটোৰ দৰে লাগে - লাইটৰ চাৰিওফালে যেন ৰশ্মিবোৰৰ দূৰ দূৰলৈ বিকিৰণ ঘটিছে! মাইনাছ পাৱাৰৰ আগতে লোৱা চশমাযোৰ পিন্ধি ল’লে কিন্তু বিকিৰণ স্থিৰ হৈ পৰে, গাড়ী চলাবলৈ সুবিধা হয়, দূৰৰ চাইনবৰ্ডবোৰো পঢ়িব পাৰোঁ! এতিয়া না ভালদৰে পঢ়িব পাৰিছো, না গাড়ীৰ লাইটৰ বিকিৰণ বন্ধ হৈছে! ডাক্তৰৰ মতে এডজাষ্ট হোৱা নাই।

চশমাৰ প্ৰতি মোৰ দৰ্বলতা বহুদিনৰে। ক্লাছ এইটতে মই চশমা লোৱাৰ চেষ্টা এটা দি চাইছিলো, সফল নহ’লো। এদিন সুবিধাজনক পৰিৱেশ এটাত মা-ৰ আগত কৈছিলো, - “মা, মোৰ চকুদুটাৰে জলক-তবক দেখা হৈছো। ইপিনে এতিয়া মেট্ৰিকৰ পৰীক্ষাৰ বাবেও বেছিকৈ পঢ়াৰ দিন চমু চাপি আহিছে। চশমা এযোৰ লৈ দিবি নেকি!” মা-য়ে মূহূৰ্ততে “ৰূট-কজ- এনেলাইচিছ” কৰি পেলালে। “লাটুক চশমা লোৱা দেখিলি?” আমাতকৈ দুখাপ ওপৰ ক্লাছত পঢ়া আমাৰ ঘৰৰ ওচৰৰে লাটুদাই ষ্টীল ফ্ৰেমৰ চশমা লৈছে! তেওঁ ওখপাখ দেখনীয়াৰ যুৱক! চশমাযোৰে তেওঁৰ মুখখন তুলি ধৰি হিৰ’ হিৰ’ চেহেৰা এটা আনি দিছে। গতিকে মোৰ অৱচেতন মনত হয়তো…! “দেউতাৰে লকুলা এটা আনি দিব, পূৱা গধূলি চকুত দিয়া কৰ, ঠিক হৈ যাব।” কথাটো আৰু আগ নাবাঢ়িল, দুনাই আলোচনাও নহ’ল।

ঘৰৰ পৰা দূৰত থাকি পঢ়ি থাকোঁতে এদিন মাদ্ৰাজৰ “চেইদাপেট” নামৰ মেট্ৰ ৰে’লৰ ষ্টেচন এটাৰ পৰা ওলাই আহোঁতে দেখিলোঁ বাটৰ কাষতে পোহাৰী এজনে ধুনীয়া ধুনীয়া চশমা বেচিছে! মোৰ খোজ ৰৈ গ’ল। দামো মোৰ সাধ্যৰ ভিতৰতে। বেছি কথা চিন্তা কৰি নাথাকি জিৰ’ পাৱাৰৰ শকত ফ্ৰেমৰ এযোৰ লৈয়েই পেলালোঁ। এতিয়াও মনত আছে, চশমা যোৰ পিন্ধিয়েই মোৰ গা-টো শিৰশিৰাই গৈছিল। চশমা পিন্ধি দেউতাই গহীন হৈ বাতৰি কাগজ পঢ়ি থকা মুখখনৰ ছবি মনলৈ আহিছিল। কটন কলেজত দেখা দিলীপ কুমাৰ বৰুৱা ছাৰৰ চশমা পিন্ধিথকা শুৱনি মুখখনলৈ মনত পৰিছিল। শকত ফ্ৰেমৰ চশমা পিন্ধি চিনেমাৰ কেমেৰা জুমি থকা ড° ভবেন্দ্ৰনাথ শইকীয়াৰ মুখখনলৈ মনত পৰিছিল! চশমাযোৰ পিন্ধি মোৰ খোজ কাটল, কথা-বতৰা কোৱাৰ ভংগীয়েই সলনি হৈ গ’ল। সেই সময়তে আলোচনী এখনত প্ৰকাশ কৰিবলৈ সেই চশমাযোৰ পিন্ধি তোলা ফটো এখন মোৰ লগত এতিয়াও আছে। এদিন কিবা স্বৰূপত চশমাযোৰ হেৰাল। হয়তো মৌলিক প্ৰয়োজন নহয় বাবে আকৌ লোৱাও নহ’ল। এডজাষ্ট হৈ গ’ল।

এয়াৰপৰ্টৰ চাকৰি পাই এলাহাবাদত প্ৰশিক্ষণ লৈ আছো। মাহে মাহে দেউতাৰ “মানি অৰ্ডাৰ”-লৈ অপেক্ষা কৰা দিনৰ অন্ত পৰিছে। তেনেকুৱাতে মই আৱিষ্কাৰ কৰিলোঁ, মোৰ চকুদুটা মাজে মাজে মোহাৰি থাকিবলৈ ভাল লাগে! অৱচেতন মনৰ সুপ্ত আশা জাগ্ৰত হৈ উঠিল। নিজৰ ভৰিত নিজে থিয় হৈ উদয় হোৱা আশা, কোনে ৰূদ্ধ কৰিব পাৰে তাৰ দুৰ্বাৰ গতি! ডাক্তৰজনে ক’লে, - “পাৱাৰটোতো ঠিকেই আছে, দুয়োটা চকুতে নামমাত্ৰ পাৱাৰ দি এযোৰ লিখি দিছো, লওক।” মুখলৈ মিচমিচিয়া হাঁহি এটা নিজে নিজেই আহি থাকিল, মনটো ৰঞ্জিত-ৰঞ্জিত লাগিল।

বছৰ বাগৰিল। এদিন মোৰ ভনী মাজনীয়ে সুধিলে, - “বজাৰত কাৰ্বনৰ ফ্ৰেম আহিছে, একেবাৰে পাতল, ওজন নায়েই বুলিব পাৰি, নাভাগেও, মোৰ চশমাযোৰ সঁলাও নেকি?” মই বোলো, - “অলবৎ, ব’ল, মইও সলাও!” কাৰ্বন ফ্ৰেমটো কিন্তু সঁচাকৈয়ে ভাল আছিল। লঘু, মিহি, পৰিলেও নাভাগে।
প্ৰায় পোন্ধৰ বছৰমানৰ পিছত এদিন ডাক্তৰ এজনে ক’লে, -“আপোনাৰ বাঁও চকুটোত অলপ পাৱাৰ বাঢ়িছে। ওচৰত দেখাটো কিন্তু পাৰ্ফেক্ট আছে, মাছ খায় ন?” মই কিন্তু পাৱাৰ নসলালোঁ, নিজে নিজেই এডজাষ্ট হৈ থাকিল।

ভূপেনদাইও চশমা পিন্ধিছিল। গোৱা এয়াৰপৰ্টৰ ভি-আই-পি লাউঞ্জত বহি ভূপেন হাজৰিকাই মোক ক’লে, - “বুইছা, মই এমাহতে ছযোৰ চশমা হেৰুৱাৰো ৰেকৰ্ড আছে, কি বুলি ভাবিছা?” কল্পনা লাজমীয়ে মুখতে ধৰিলে, - “সেইটো কি গৌৰৱ কৰিব লগা কথা? মোষ্ট কেয়াৰলেচ মানুহৰ লক্ষণ!!”
মই অৱশ্যে ভূপেনদাৰ দৰে জীৱনত বহু চশমা হেৰুৱাই পোৱা নাই। মোৰ বন্ধু হৰিলাল শৰ্মাই হেনো একে পাৱাৰৰ একেলগে তিনিযোৰ চশমা বনায়। এযোৰ হেৰালে আনযোৰ। আনযোৰ হেৰালে ভিতৰত থোৱাযোৰ! গোৱা এয়াৰপৰ্টৰ পিছত মই দিল্লী এয়াৰপৰ্টত কাম কৰিছিলোঁ। দিল্লীত আহি দেখিলোঁ, মানুহবোৰ চৌখিন। জোতা, কাপোৰ, টাইৰ ৰঙ আনকি চশমাৰ ফ্ৰেমৰ ৰঙ পৰ্যন্ত মিলাই পিন্ধা উৰা কৰে। এদিন ডিউটিৰ মাজতে এজন বন্ধু আহি ক’লে, - “তোমাক দেখিলে, সত্তৰৰ দশকৰ পুৰণি হিন্দী চিনেমাৰ হিৰো যেন লাগে!” কাণ শাঁত পৰি যোৱা কথা। আচৰিত হৈ সুধিলোঁ, - “কি ক’লা, আকৌ এবাৰ কোৱাচোন।” এইবাৰ সি ব্যাখ্যা কৰিলে, - “পুৰণি চিনেমা এখনত আমোল পালেকাৰে পিন্ধাৰ দৰে আপোনাৰ চশমাযোৰ!”
আকৌ বছৰ বাগৰিল। আইনাৰ ঠাইত প্লাষ্টিক আহিল। পৰিলে নাভাগে। তাৰো বহুবিধ প্ৰকাৰ। সূৰ্যৰ ৰশ্মিৰ লগত অহা ভয়ংকৰ ৰশ্মিক বাধা দিব পৰা ক্ষমতা থকা, বিদেশত নিৰ্মান হৈ অহা, সমূখৰ লাইটৰ বিকিৰণ নাইকিয়া কৰি দিয়াৰ ক্ষমতা থকা, ৰাতি চাফা আৰু দিনত ক’লা হৈ থাকি অহৰহ চকুদুটাক সুৰক্ষা দি থাকিব পৰা আদি হৰেক ৰকমৰ!!

কেৰালাৰ বিমানকোঠ এৰি আহমেদাবাদলৈ আহিবৰ সময়ত ল’ৰাহঁতো প্ৰায় বুজন হৈ উঠিছে। মাকৰ লগ লাগি সিহঁতেই প্ৰস্তাৱ কৰিলে, - “পাপা, আগৰ কথা বেলেগ, সেই পুৰণি ষ্টাইলৰ চশমাবোৰ এৰা আৰু। এতিয়া তুমি বেছি মানুহ লগ কৰি থাকিব লাগিব, তোমাৰ পাৰ্চনেলিটিৰ লগত খাপখোৱা ভাল চশমা এজাৰ লোৱা।” ডাক্তৰে ক’লে, - “মাছ বেছিকৈ খালেই চিৰ জীৱন চকুৰ ৰশ্মি একে হৈ নাথাকে নহয়, বয়সৰ প্ৰতিও অলপ লক্ষ্য ৰাখিব লাগে!! মই ওচৰৰ আৰু দূৰৰ দুটোয়া বস্তু ফটফটীয়াকৈ দেখিব পৰা পাৱাৰ লিখি দিছো, প্ৰগেছিভ গ্লাছ! ওপৰৰ ভাগ দূৰৰ বাবে, তলৰ ভাগ ওচৰৰ বাবে, এবাৰ লৈ চাওক!” সামান্য নীলাভ আভাৰ, মোক সকলো ধৰণৰ ভয়ানক ৰশ্মি, তীব্ৰ পোহৰ আৰু মহাকাশত ওপঙি থকা সকলো পদাৰ্থৰ পৰা চকুহালক অনবৰতে সুৰক্ষা দি থাকিব পৰা দামী চশমা। দাম দহ হাজাৰতকৈও অধিক।

প্ৰগ্ৰেছিভ চশমা চকুত লগায়েই দেখিলো, মোৰ মোবাইলটো এফাল হাউলি গৈছে। ঘৰৰ খটখটীকৈইটাৰ এফালে দ দ গাঁত! পঢ়িবৰ সময়ত চশমাযোৰ নাকৰ একেবাৰে ওপৰলৈ টানি ধৰিব লাগে! পিন্ধি ল’লে খুলি আনিবৰ বাবে হাতটো নিজে নিজেই চশমাযোৰলৈ গৈ থাকে! ভণী মাজনীয়ে ক’লে, - “পিন্ধি থাক, এডজাষ্ট হৈ যাব। একেৰাহে পিন্ধি থাকলে চকুৰ মণিদুটাইও ধূন-পেচ অহংকাৰ এৰি চশমাৰ পাৱাৰৰ লগত মিলি যাবলৈ শিকে!” পত্নীয়ে কয়, - “মোৰ দেখোন ইমান সোনকালে এডজাষ্ট হৈ গৈছে, তোমাৰ ক্ষেত্ৰতহে …!!”

নাই হোৱা, মোৰ ক্ষেত্ৰত নাই হোৱা এডজাষ্ট! পাৱাৰ সলাইছো, ফ্ৰেম সলাইছো, ডাক্তৰ সলাইছো, দোকাণ সলাইছো, কিন্তু চকুদুটাৰ লগত এডজাষ্ট কৰিব পৰা চশমা এযোৰ এতিয়াও পোৱা নাই!
ল’ৰালিলৈ মনত পৰিছে। বগাই বৰদেউতা সন্ধ্যা আমাৰ ঘৰলৈ আহি মুঢ়া এটাত বহি মেজৰ পৰা বাতৰি কাগজ এখন টান মাৰি হাতত লৈয়েই আমাক নিৰ্দেশ দিয়ে, - “দেউতাৰৰ চশমাযোৰ আনচোন! না পাৱাৰৰ কথা থাকে, না চাইজৰ কথা। হৈ যায় হাণ্ড্ৰেড পাৰ্চেণ্ট এডজাষ্ট! মা- সৰু থাকোঁতেই ককা ঢুকাইছিল। সেই মা ডাঙৰ হৈ আমাৰ মা হোৱালৈকে ককাই ব্যৱহাৰ কৰা কোনো সামগ্ৰীৰ চিন নাথাকিল। কেৱল থাকি গ’ল ককাৰ চশমাযোৰ। সেইযোৰ আইতাই ট্ৰাংক এটাত ভৰাই আটোমটোকাৰীকৈ থৈ দিয়ে। ঘৰত যেতিয়া তাঁত-বাতি কৰা হয়, সেইদিনা আইতাই সেইযোৰ উলিয়াই আনে। কেইবাদিনো পিৰালিৰ ছাঁত বহি টোলোঠাত পকাই থোৱা সূতাবোৰত সেই চশমাযোৰ পিন্ধি আইতাই ব তোলে। তাৰপিছত আকৌ সেইযোৰ চাফচিকুণ কৰি সুমুৱাই থৈ দিয়ে, পিছৰবাৰ তাঁত-বাতি কৰা দিনটোলৈ। না এদিনলৈ শুনিছিলো আইতাৰ পাৱাৰ এডজাষ্ট হোৱা নাই নতুবা আইতাৰ মূৰ বিষাইছে! ক’ত আছিল এডজাষ্টমেণ্ট?

বন্ধু জগদীশ বৈশ্যই কোৱা কথাটো আৰু এখোপ ওপৰৰ। তেওঁ শৈশৱ কটোৱা চুবুৰীটোত চশমা মাথো এযোৰেই আছিল। যেতিয়াই যাৰ ঘৰতে তাঁতৰ কাম চলে, ব-তুলিবলৈ সেইযোৰ চশমাকে অনা হয়। সমিলমিলেৰে বয়সীয়া আইসকলে চশমাযোৰ ব্যৱহাৰ কৰে। এটা ঠেং নোহোৱা হোৱাৰ পাছত, সৰু জৰী এডাল বান্ধি সেইডালকে কাণত লগাই লৈ বহুদিন কাম চলোৱা হৈছিল। নিজে নিজে হৈ গৈছিল এডজাষ্টমেণ্ট!

ক’লি লাগিল মোৰ ক্ষেত্ৰতহে, ক’ত আছে মোৰ এডজাষ্টমেণ্ট?

No comments:

Post a Comment