ড° শইকীয়া ছাৰৰ সান্নিধ্য
– এক বিৰল অনুভৱ
ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ জীয়াই থকাহেঁতেন আজি ৯১ বছৰ হ’লহেঁতেন। কুৰী বছৰৰ আগতেই তেখেত অকালতে
আমাৰ মাজৰ পৰা গুছি গ’ল। যোৱা কুৰী বছৰত এনেকুৱা সময় অনেকবাৰ আহিছে যেতিয়াই তেখেতৰ
অভাৱ অসমে গভীৰভাৱে অনুভৱ কৰিছে। ব্যক্তিগত পৰ্যায়ত তেখেতৰ অভাৱ মই বৰ সঘনাই আৰু গভীৰভাৱে
অনুভৱ কৰো।
ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ মোৰ জীৱনত প্ৰৱলভাৱে
প্ৰভাৱ বিস্তাৰ কৰা, অৰ্থাৎ যিকেইজন মানুহৰ সান্নিধ্যৰ অবিহনে মই আজিৰ মই নহ’লোহেঁতেন
বুলি দৃঢ়ভাবে বিশ্বাস কৰো, সেই পাঁচজন মানুহৰ মাজত এজন। মোৰ এজন ঘনিষ্ঠ বন্ধুৰ মতে
শইকীয়া ছাৰে আমাৰ জীৱনটোক প্ৰভাৱ পেলোৱা বুলি কোৱাৰ সলনি গঢ় দিলে বুলি কোৱাটোহে
বেছি শুদ্ধ। কথাষাৰ মইও বিশ্বাস কৰো।
আমাৰ কৈশোৰ অৱস্থাত আমাক প্ৰৱলভাৱে আকৰ্ষিত কৰা
এখন আলোচনী আছিল ‘সঁফুৰা’। আলোচনীখনে অকল যে জ্ঞানবৰ্ধক হিচাপেহে ব্যৱহাৰ কৰিছিলো
তেনে নহয়, তাৰ পাতে পাতে বিদ্যমান আছিল শইকীয়া ছাৰৰ নিখুঁত হাতৰ পৰশ আৰু আদৰ্শ জীৱন
দৰ্শনৰ নমুনা। প্ৰতিটো খণ্ডৰ সম্পাদকীয় আৰম্ভ হৈছিল এটি হৃদয়স্পৰ্শী বাক্যৰে “তোমালোক
সকলোৱে আমাৰ মৰম ল’বা। ঘৰৰ ডাঙৰসকলক আমাৰ শ্ৰদ্ধা জনাবা। পঢ়িব নজনা অকণি-অকণিহঁতক
মৰম জনাবা।” তেখেতৰ এই বাক্যই আমাৰ চৌপাশৰ সমস্ত পৰিৱেশটোক স্পৰ্শ কৰিব পাৰিছিল। প্ৰতিটো
সম্পাদকীয়ৰ প্ৰতিটো বাক্য আৰু শব্দ আছিল সৰল আৰু ল’ৰালিৰ মনত লাগি যোৱা ধৰণৰ। প্ৰথম
বাক্যটোৰ পৰা আৰম্ভ কৰি শেষলৈকে এনে লাগিছিল যেন তেখেতে মৰমেৰে কথাখিনি আমাৰ আগত কৈহে
গৈছে। সঁফুৰালৈ লিখি পঠোৱা আমাৰ অপৈণত হাতৰ লেখাবোৰত সামান্য হাত ফুৰায়েই (সম্পাদনা
কৰি) এটা শব্দ বা বাক্য বা ক’ৰবাত ডাড়ি কমা একোটা সলনি কৰিয়েই লেখাবোৰক একোটা নতুন
ৰূপ দি দিছিল। সঁফুৰাৰ পাতত আমাৰ নিজৰ লেখাৰেই নতুন ৰূপ দেখি আমি স্তম্ভিত হৈ গৈছিলো।
তেখেতে সম্পাদনা কৰা প্ৰান্তিক আৰু সেই সময়তে অনাতাঁৰ সম্প্ৰচাৰ হোৱা নাটক “শান্ত
শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট”-ত তেখেতৰ অপূৰ্ব সৃষ্টি ক্ষমতাৰ লগত পৰিচয় হৈছিল। তেখেতৰ
হাতৰ স্পৰ্শ পালেই সাহিত্য আৰু শিল্প জিলিকি উঠিছিল। এনেকৈয়ে তেখেতক নেদেখাকৈয়ে তেখেত
মোৰ মনত এজন আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল।
ছাৰৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আৰম্ভ হয় ১৯৯০
চনৰ জানুৱাৰী মাহৰপৰাহে। সেই সময়ত মই চেন্নাইত (তেতিয়াৰ মাদ্ৰাজ) শিক্ষা গ্ৰহণ কৰি
আছিলো। ছাৰৰ চকু এটাৰ অস্ত্ৰোপচাৰৰ বাবে ছাৰ আৰু বাইদেউ দুয়ো মাদ্ৰাজৰ শংকৰ নেত্ৰালয়লৈ
আহিছিল আৰু ১৫ দিন নেত্ৰালয়ৰ ওচৰৰ ‘গুৰু’ নামৰ হোটেলখনত আছিল। সেইকেইদিনতে ছাৰক ঘনিষ্ঠভাবে
লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতৰ গল্পবোৰ মোৰ ইমানেই প্ৰিয় আছিল যে কেইবাটাও গল্প
প্ৰায় মুখস্থই আছিল। এনে এটা গল্প আছিল – ‘ফাউণ্ডেচন’। গল্পটোৰ
আধাৰত ‘সেনাপতি’ নাম দি চলচ্ছিত্ৰ এখনৰ শ্বুটিঙৰ কাম সেই সময়তে চলি আছিল। পাছলৈ মুক্তি
পোৱাৰ সময়ত ছবিখনৰ নাম ‘সাৰথি’ ৰখা হৈছিল। সেই সময়তে তেখেতৰ বিষয়ে মই বহুত নতুন কথা
জানিছিলো। জনপ্ৰিয় ‘বিষ্ময়’ নামৰ আলোচনীখনৰ পঢ়ূৱৈৰ প্ৰশ্ন আৰু সম্পাদকৰ উত্তৰেৰে
‘বিস্মিতি’ নামৰ এটা শিতান আছিল। প্ৰশ্নসমূহৰ বূদ্ধিদীপ্ত উত্তৰে শিতানটোক জনপ্ৰিয়
কৰি তুলিছিল। সেইদিনা গম পালো প্ৰায় কুৰীবছৰ ধৰি বিস্মিতি শিতানটোৰ লগত ছাৰ জড়িত
হৈ আছিল। প্ৰান্তিকৰ ‘সম্পাদকৰ কোঠালিত’ নামৰ শিতানটোও তেখেতে নিজে লিখে। উপযুক্ত
মানৰ দৈনন্দিন শিতানৰ লেখনি নাপালে ছাৰেই ছদ্মনামেৰে দৈনন্দিন লিখিছিল। ছাৰৰ এটা ছদ্মনাম
আছিল সত্যপ্ৰিয় পাঠক। জানুৱাৰী মাহৰ ২৮ তাৰিখে মই প্ৰীতি বাইদেউক (তেখেতক মই মাহী বুলি
মাতিবলৈ আৰম্ভ কৰিছিলো) অন্ধ্ৰপ্ৰদেশৰ তিৰুপতী মন্দিৰলৈ লৈ গৈছিলো আৰু তেখেতৰ পৰাও
ছাৰৰ ব্যক্তিগত বহুকথা জানিব পাৰিছিলো। যেনে,- তেখেতে যেতিয়া ক’ৰবালৈ যোৱাৰ আয়োজন
কৰে নিজৰ কাপোৰ-কানি আৰু আন সামগ্ৰীসমূহ নিজে চিজিল কৰি বেগত ভৰাই লয় যাতে হাত মেলিলেই
নিৰ্দিষ্ট বস্তুটোত হাত পৰে! শ্বুটিং কৰোঁতে ডিঙিত আঁৰি লোৱা হুইছেলটোৰ জৰীডালত
দুটা হুইছেল গাঁঠি লোৱা থাকে যাতে সময়ৰ মূৰত খেপিয়াই থাকি সময় খৰচ কৰিব লগা নহয়, এটা
ওপৰত থাকিলে আনটো তলত থাকে। তেখেতে ব্যৱহাৰ কৰা কাঠ পেঞ্চিলৰ দুয়োটা মূৰ জোঙা কৰি
লয়। এটা-মূৰ-জোঙা পেঞ্চিলডাল ভুলকৈ ধৰিলে পুনৰ ওভোটা কৰিবলৈ অযথা কেইটামান মূহুৰ্ত
খৰচ হয়! ইত্যাদি। ছিৰিয়াছ চিনেমাৰ দৰে লঘু ৰসৰ হিন্দী চিনেমা চাবলৈও ছাৰে ভাল পাইছিল।
অমিতাভ বচ্চনৰ অভিনয় তেখেতে ভাল পাইছিল। কেতিয়াবা মন গ’লে ৰশ্মিৰ (সৰু জীয়াৰী) কোঠাত
সোমাই ছাৰে হেনো হিন্দী গীতৰ তালে তালে মাজে সময়ে নাচিছিলো। ২০০০ চনৰ পিছৰ পৰা তেখেতৰ
লগত ই-মেইলৰদ্বাৰা মোৰ যোগাযোগ হৈছিল। ইংৰাজী বৰ্ণ ব্যৱহাৰ কৰিয়েই তেখেতে ইমান সাৱলীলভাৱে
মেইল লিখিছিল যে পঢ়ি যাওঁতে অ, আ, ই, ঈ লৈও ক’তো উজুতি খাব লগা হোৱা নাছিল। অ-ৰ বাবে
a, আ-ৰ বাবে aa, ই-ৰ বাবে e আৰু ঈ-ৰ বাবে ee ব্যৱহাৰ কৰিছিল।
তেখেতৰ কথা বতৰাৰ মাজত হাস্যৰসৰ অৱতাৰণা কৰাৰ কৌশল
আছিল অপূৰ্ব আৰু অতুলনীয়। হাঁহিত শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হোৱাৰ উপক্ৰম হৈছিল।
এবাৰ মই সুধিছিলো, - “মন্দিৰলৈ মাহীযে অকলে যায়, আপুনিও লগত নাযায় কিয়?” তেখেতে এটা
দীঘলীয়া উত্তৰ দিছিল. – “মই বিলাতলৈ যাওঁতে
এবাৰ কাইৰোত আমাক মছজিদ এটা দেখুৱাবলৈ লৈ গৈছিল। কিছুদূৰ সোমাই যোৱাৰ পিছত এনে লাগিল
চৌহদটো ইমান পৰিষ্কাৰ, মই জোতাযোৰ ক’ৰবাত খুলি থৈ যাব পৰা হ’লে! অলপ আগলৈ কৈ দেখিলো
জোতা-চেণ্ডেল খুলি বাকচ এটাত সুমুৱাই থৈ বাকচটোৰ ছাবিটো লগত লৈ যোৱাৰ সুন্দৰ সুবিধা
কৰি থোৱা আছে। কিন্তু আমাৰ ইয়াৰ মন্দিৰত কৈ হয় কোৱাচোন? জোতা-চেণ্ডেলৰ প্ৰৱেশ নিষেধ
– ফলক ওলমি আছে। খালী
ভৰিৰে তোমালোক সেইয়া শ্ৰীকৃষ্ঞৰ থু-খেকাৰ বুলিয়েই ফেনেকি যাব পাৰিবা, মইতো নোৱাৰিম।
সেইবাবেই এই বিভাগটো মই এওঁকে দি থৈছো।”
তেখেতৰ গল্প “গঞ্জিকা”, প্ৰান্তিকৰ দৈনন্দিন শিতানত
ছদ্মনামত প্ৰকাশ হোৱা লেখাসমূহ (কল্পলোকৰ কাহিনী নামৰ পুথিত সন্নিৱিষ্ট) যিয়ে মন
দি পঢ়িছে, তেখেতসকলত ছাৰৰ হাস্যৰসৰ বিষয়ে বেলেগে কোৱাৰ প্ৰয়োজন নাই।
ছাৰৰ সৌজন্যতাৰ সীমা নাই। ১৯৯৮ চনৰ কথা। তেখেত
চিকিৎসাৰ বাবে আমেৰিকাত আছিলগৈ। মই তেখেতৰ স্বাস্থ্যৰ খবৰ ল’বলৈ এদিন আমেৰিকালৈ ফোন
লগালো। সেইসময়ত বিদেশলৈ ফোন কৰাৰ খৰচ যথেষ্ট বেছি আছিল। সীমিত সময়তে ছাৰক স্বাস্থ্যৰ
কথা সুধিব লাগিব। ফোনত ছাৰক পোৱাৰ লগে লগে ছাৰেহে মোৰ খবল ল’বলৈ আৰম্ভ কৰিলে। শেষত
তেখেতৰ কথা সুধিবলৈ আৰম্ভ কৰাৰ সময়তেই মোৰ সময় উকলি যাবৰ হ’ল। একেদিনাই তেখেতলৈ খবৰ
বিচাৰি চিঠি লিখাৰ কথা মনত আছে। বিদেশত থাকোঁতে তেখেতে মোৰ দীঘলীয়া চিঠিৰ বাবে আগ্ৰহেৰে
অপেক্ষা কৰোঁ বুলি এবাৰ মোলৈ লিখিছিল। এদিন ছাৰক ক’লো – আপুনি নাটক কেনেকৈ পৰিচালনা কৰে মোৰ
চাবৰ মন যায়। ছাৰে এদিন পাঠশালালৈ মাতি পঠিয়ালে। নাটকখন আছিল তেখেতৰ উপন্যাস ‘ৰম্যভূমি’-ৰ
নাট্যৰূপ। গোটেই দিনটো ছাৰৰ লগত আৱাহন থিয়েটাৰৰ চৌহদত কটোৱা সেইদিনটোৰ স্মৃতি মোৰ
বৰ আপোন।
লণ্ডনত থাকোতে লেখা তেখেতৰ ‘ধন্যবাদ’ নামৰ গল্পটো
বিচাৰি পোৱা নাছিল। সেই গল্পটো বিচাৰি বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালত মই আন এটা গল্প
উদ্ধাৰ কৰিছিলে। ‘দেৱদূত’ নামৰ গল্পটো তেখেতৰ ‘সান্ধ্যভ্ৰমণ’ নামৰ সংকলনখনত সন্নিৱিষ্ট
হৈছিল। গল্পটোৰ শেষত সংগ্ৰহকাৰী হিচাপে থকা মোৰ নামটো ছাৰে কাটিবলৈ নিদিলে। কটন কলেজৰ
অধ্যাপক ড° ৰামচৰণ ঠাকুৰীয়া ছাৰৰ ঘৰত ‘ধন্যবাদ’ নামৰ গল্পটোও মই এদিন বিচাৰি উলিয়াইছিলো।
ছাৰৰ লগত যেতিয়াই মন খুলি কথা পাতিছিলো তেতিয়াই
মোৰ মনটো ছাৰৰ ব্যক্তিত্ব আৰু কথাই দৰৱৰ দৰে ক্ৰিয়া কৰিছিল, তাৰপিছত বহুদিনলৈ মনটো
তৃপ্তি আৰু প্ৰেৰণাৰে ভৰি আছিল। এনে লাগে, ছাৰ নথকা হ’লে মোৰ জীৱনটো বেলেগ হ’লহেঁতেন।
ছাৰ নথকা হ’লে মোৰ মনটোও বেলেগ হ’লহেঁতেন। বেলেগহ’লহেঁতেন জীৱন সম্পৰ্কে থকা মোৰ ধ্যান-ধাৰণা
আৰু বিশ্বাস। ছাৰ গুছি যোৱা ঠাইলৈ আমি সকলো এদিন যাম। তাত গৈ মই ছাৰক আকৌ লগ পাম।
তেখেতৰ ব্যক্তিত্ব আৰু বহুমূখী প্ৰতিভাৰ ওচৰত নতশিৰে থিয় হ’ম। তেখেতৰ সান্নিধ্যৰে জীৱনটো
আকৌ সমৃ্দ্ধ কৰিম।
No comments:
Post a Comment