Thursday, September 3, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১২


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১২
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ :

তুলনামুলক ভাবে মোৰ টনকিয়াল আৰ্থিক অৱস্থা, পকেট খৰচ আৰু ককাইদেউৰ দৰে মোৰো এখন মটৰ চাইকেল থকাত মই সোনকালেই কলেজত চৰ্চাৰ বিষয় হৈ পৰিলোঁ৷ ফ্ৰী নেমু চৰবত, চিকেন পেটিছ আৰু মোৰ এ.জে. এছ. মটৰ চাইকেলত উঠাৰ আশাত অনেকেই মোৰ লগত বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিল৷ সেই সকলৰ ভিতৰৰে এজন আছিল ই.এন. মাংগত ৰায় যি পিছলৈ মোৰ ব্যক্তিগত জীৱনতো অনাধিকাৰ প্ৰৱেশ কৰিছিল৷

তাৰ সম্পূৰ্ণ নাম আছিল এডোৱাৰ্ড নিৰ্মল মাংগত ৰায়৷ তাৰ মাক বেংগলৰ খ্ৰীষ্টান আৰু দেউতাক মূলতে পাঞ্জাৱৰ হিন্দু, কিন্তু পিছলৈ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল৷ আয়কৰ বিভাগৰ কৰ্মচাৰী দেউতাকে সেই বিভাগৰে আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ মাংগত আছিল তেওঁলোকৰ চাৰিটা সন্তানৰ ভিতৰত তৃতীয় আৰু দুটা ল’ৰাৰ সৰুটো৷ তেওঁলোকৰ চাৰিওটা সন্তানেই দেখিবলৈ ধুনীয়া আৰু পশ্চিমীয়া ধৰণ কৰণেৰে ডাঙৰ দীঘল হৈছিল। ডাঙৰজনী ছোৱালী প্ৰিয়বালা, কলেজৰ অধ্যাপিকা হৈছিল আৰু লাহোৰৰ কিন্নাৰ্ড কলেজৰ অধ্যক্ষা হৈ অৱসৰ লৈছিল৷ তেওঁ গোটেই জীৱন বিয়া নকৰোৱাকৈয়ে থাকি গ’ল৷ অৱসৰ লোৱাৰ পিছত তেওঁ এডিনবাৰ্গত থাকিবলৈ লৈছিল৷ দ্বিতীয় সন্তান ছালৰ্ছে সেনা বিভাগত যোগদান কৰিছিল আৰু আমেৰিকান এগৰাকী বিয়া কৰাইছিল৷ ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ লোৱাৰ পিছত সি কানাডাত থাকিবলৈ লৈছিল আৰু যোগগুৰু হৈছিল৷ পত্নীৰ মৃত্যুৰ পিছত সি তাতকৈ বহুত সৰু কানাডাৰ ছোৱালী এজনীক আকৌ বিয়া কৰাইছিল৷ এডোৱাৰ্ড নিৰ্মল তৃতীয়৷ আটাইতকৈ সৰু ছেইলা মুটুকীয়া চেহেৰাৰ বেছ মৰমলগা ছোৱালী৷ ভাৰতীয় প্ৰশাসনীৰ সেৱাৰ আৰ্থাৰ এছ. লালৰ লগত তাইৰ বিয়া হৈছিল৷ তেওঁলোৰ দাম্পত্য জীৱন বৰ অসুখীয়া আছিল৷ তেওঁলোকৰ মাজত টুকী নামৰ এজনী ছোৱালীও জন্ম হৈছিল, কিন্তু ত্ৰিশৰ দেওনাত থাকোতেই তাইৰ কৰ্কট ৰোগত কেলিফৰ্নিয়াত মৃত্যু হৈছিল৷ আথাৰ্ৰৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত ছেইলাই মদ আৰু ড্ৰাগছত ধৰিছিল৷ কেইবাটাও প্ৰেমিকৰ লগত জীৱনৰ এছোৱা সময় কটোৱাৰ পিছত এদিন তাই দেশলৈ ঘূৰি আহিল আৰু কুলুত থাকিবলৈ ল’লেহি৷ নিজৰ ঘৰতে কাম কৰা মানুহে তাইক হত্যা কৰিছিল৷ মাংগত ৰায়ৰ এই গোটেই পৰিয়ালটোৰ কাহিনী কৈ লোৱাৰ এটা কাৰণ আছে, মোৰ পিছৰ জীৱনত তেওঁলোক মাজে মাজে ওলায়েই থাকিব৷

মাংগতক মই ‘ই.এন.’ বুলি মাতিছিলো৷ সি দেখাত ওখপাখ হ’লেও অলপ মহিলাৰ দৰে আছিল৷ নাৰীসুলভ চেহেৰাৰ মানুহৰ প্ৰতি মই বৰ সহজতে আকৰ্ষিত হওঁ, হয়তো ইয়াৰ কাৰণ মোৰ নিজৰ ৰুক্ষ চেহেৰা৷ প্ৰথমতে মই তাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ তাৰ মেধা আৰু প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে চিন্তা কৰিব পৰা তাৰ ক্ষমতা দেখি৷ নিসন্দেহে সি আমাৰ ক্লাছৰ আটাইতকৈ মেধাসম্পন্ন ল’ৰাটো আছিল আৰু পৰীক্ষাত প্ৰায় আটাইকেইটা বিষয়তে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল৷ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানৰ পিছত তাৰ ভাগত পৰা পুৰষ্কাৰৰ দ’মটো চাব লগা কথা আছিল৷ সি মানুহৰ লগত কথাও বৰ ভালকৈ পাতিব পাৰিছিল৷ সি প্ৰচলিত ধাৰণা, বিশ্বাস আৰু সামাজিক আচৰণৰ ওপৰত প্ৰায়েই নতুন নতুন প্ৰশ্ন উঠাইছিল৷ আগৰে পৰা চলি অহা কিছুমান ঐতিহ্য সম্পৰ্কীয় কথাৰ মেৰপাকৰ পৰা সি আমাৰ মনটোক যুক্তিৰে মুক্ত কৰিব পাৰিছিল। বহুতো ছাত্ৰ তাৰ ভক্ত আৰু প্ৰশংসক হৈ পৰিছিল৷ তাৰ ভিতৰত মইও আছিলোঁ৷ আমি তাৰ দৰে তৰ্ক আৰু তাৰ কথা কোৱাৰ আদৱ কায়দা বিলাক আয়ত্ব কৰাৰ বাবে চেষ্টা কৰিছিলোঁ৷ সিও মোৰ সান্নিধ্য ভাল পাইছিল আৰু তাৰ লগত বন্ধুত্ব কৰাৰ সুযোগ পোৱাৰ বাবে মোৰ মনটোও গৰ্বত ফুলি উঠিছিল৷ ক্লাছ আৰু খেলপথাৰত আমি দুয়ো প্ৰায়ে একেলগে আছিলোঁ৷ সপ্তাহৰ শেষৰ দিন দুটা সি প্ৰায়েই আমাৰ ঘৰত কটাইছিল৷ বহুতে আমাৰ সম্পৰ্কটো অপ্ৰাকৃতিক বুলি সন্দেহ কৰিছিল৷ আনকি কাৰোবাৰ মুখত এই কথা শুনি অধ্যক্ষ এছ. কে. মুখাৰ্জী ছাৰে মাংগতক মাতি নি মোৰ লগত একেলগে হোষ্টেলৰ পৰা বাহিৰলৈ যাবলৈ বাধা দিছিল৷

ছেইণ্ট ষ্টিফেন্স্ কলেজত পঢ়া দুটা বছৰে মোৰ সমূখত এখন নতুন জগত মুকলি কৰি দিলে। মডাৰ্ণ স্কুলৰ আৱেষ্টনীত মই তেতিয়ালৈকে এইবিলাকৰ একো ভূ-ভা পোৱা নাছিলোঁ৷ আমাৰ দেশৰ বিভিন্ন ঠাইৰ মানুহৰ কি যে আমোদজনক নাম - চৰকাৰ, যাৰ অৰ্থ গৱৰমেণ্ট! মোৰ জীৱনৰ পাতনিতে মই মুছলমান লোকৰ বসতিপ্ৰধান গাৱঁত বাস কৰিছিলোঁ আৰু মোৰ উৰ্দু গুৰু মৌলৱী ছাইফুদ্দিন নায়াৰ ছাৰৰ ভক্ত আছিলোঁ। কলেজত মই লক্ষ্য কৰিছিলোঁ যে মুছলমান ছাত্ৰহ’তে বেলেগকৈ থাকিহে ভাল পাইছিল৷ সেই সময়ত স্বাধীনতা আন্দোলন পূণোৰ্দ্যমে চলি আছিল৷ গান্ধী মহাত্মালৈ পৰিৱৰ্ত্তন হৈছিল৷ মুষ্টিমেয় কিছু খ্ৰীষ্টান আৰু মুছলমান লোকৰ বাদে আন সকলোৱে তেখেতক নেতা বুলি মানি লৈছিল৷ মই দ্বিতীয় বাৰ্ষিকত থকাৰ সময়তেই ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱক ফাঁচী দিয়া হৈছিল৷ গোটেই ভাৰততে প্ৰায় সকলো স্কুল কলেজত ইয়াৰ প্ৰতিবাদ হৈছিল৷ ছেইণ্ট্ ষ্টিফেন্স্ কলেজত কিন্তু ইয়াৰ প্ৰভাৱ পৰা নাছিল৷ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা হোৱাৰ পিছত মই এদিন আন এজন ছাত্ৰৰ লগ লাগি চিঞৰি উঠিলো - ভগত সিং জিন্দাবাদ! তাৰপিছত স্কুলৰ পতাকা উত্তোলন কৰা ঠাইডোখৰতো আমাৰ তিনি বৰণীয়া পতাকাখন তুলি ধৰিলোঁ। তেতিয়াৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মংক নামৰ ইংৰাজ চাহাবজনে আমাক তেখেতৰ অফিচলৈ মাতি নিলে৷ আমাৰ দুয়োটাকে যথেষ্ট গলি শপনি পাৰি ঘোষণা কৰিলে - আকৌ যদি এনে কাম কৰোঁ স্কুলৰপৰা বাহিৰ কৰি দিব। আমি নিজকে নিয়ন্ত্ৰণ কৰাৰ প্ৰতিজ্ঞা কৰিলোঁ আৰু তেখেতক অনুৰোধ কৰিলো কথাটো যাতে মোৰ দেউতাৰ কাণত নপৰে!

মোক বহুদিনলৈকে কষ্ট দি থকা ঘটনা এটা ঘটিছিল মই ছিমলাত খুড়া-খুড়ীৰ লগত থাকোঁতে। খুড়া তেতিয়া পাঞ্জাৱ বিধান সভাৰ সদস্য আছিল আৰু মন্ত্ৰী বা উপমন্ত্ৰী হ’বলে তেওঁ বৰ আশা কৰিছিল৷ এই কামৰ বাবে অৱশ্যেই তেওঁ উপযুক্ত লোক আছিল৷ অনেক ভু-সম্পত্তিৰ মালিক হ’লেও ‘জাত’ সম্প্ৰদায়ৰ নোহোৱাৰ বাবে তেখেতৰ মনোবাঞ্চা পূৰণ হোৱা নাছিল৷ সেই সময়ত পাঞ্জাৱৰ ৰাজনীতিত জাত সম্প্ৰদায়ৰ প্ৰভূত প্ৰভাৱ আছিল৷ জাত সম্প্ৰদায়ৰ নোহোৱা একমাত্ৰ মন্ত্ৰীজন আছিল হিন্দু সম্প্ৰদায়ৰ৷ শিখ সম্প্ৰদায়ৰ মন্ত্ৰী ছাৰ সুন্দৰ সিং মাজিথিয়াও আছিল সম্ভ্ৰান্ত জাত পৰিয়ালৰ লোক৷ খুড়াই ‘ডাভিকো’ নামৰ ৰেষ্টোৰাখনত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিলে৷ পাঞ্জাৱ বিধান সভাৰ কেইবাজনো মন্ত্ৰীকে ধৰি ছিমলাৰ গণ্যমান্য তিনিশৰপৰা চাৰিশলোক তাত উপস্থিত আছিল৷ সেই সময়ত মোৰ অটোগ্ৰাফ সংগ্ৰহ কৰাৰ এটা চখ আছিল৷ মোৰ অটোগ্ৰাফ বহীখনত আনৰ লগতে জৱাহৰলাল নেহেৰু আৰু সৰোজিনী নাইডুৰ হস্তাক্ষৰো আছিল৷ ভগত সিঙৰ হস্তাক্ষৰ লোৱাটো সম্ভৱ হোৱা নাছিল৷ সেইবাবে মই তেখেতৰ ফটো এখনকে পৃষ্ঠা এটাত আঠা লগাই থৈ দিছিলোঁ৷ পাৰ্টিত উপস্থিত থকা লোকৰ পৰাও মই কেইবাটাও চহী সংগ্ৰহ কৰি এসময়ত ছাৰ সুন্দৰ সিং মাজিথিয়াৰ ওচৰ পালোগৈ৷ তেওঁ মোৰ বহীখনৰ পৃষ্ঠাবোৰ লুটিয়াই তাত কাৰ কাৰ চহী আছে তেখেতে চাই গ’ল৷ ভগত সিঙৰ ফটো থকা পাতটো দেখি তেখেত থমকি ৰ’ল আৰু মোক খঙেৰে সুধিলে – “এইটোৰ ফটো ইয়াত কিয়?” মই বিনয়েৰে উত্তৰ দিলোঁ, - “তেওঁ মোৰ বাবে আদৰ্শ, হিৰো৷” “আদৰ্শ হিৰো? সি এটা নিমখহাৰাম! এই নিমখহাৰামৰ ছবি থকা বহীত মই অটোগ্ৰাফ দিব নোৱাৰো!”

তাৰপিছত তেওঁ মোৰ বহীখন কোঠাটোৰ এমূৰলৈ দলি মাৰি দিলে। মই একেঠাইতে কিছুসময় থৰ লাগি থাকি কান্দিবলৈ আৰম্ভ কৰিলোঁ৷ সেৱা সিং আৰু তেখেতৰ পৰিবাৰ মোৰ দেউতাৰ বন্ধু আছিল৷ তেওঁলোকে ফেপেৰি পাতি ধৰিলে –“সেই সৰু ল’ৰাটোক আপুনি তেনেকৈ কিয় ক’লে? ভগত সিঙক সন্মান কৰাৰ অধিকাৰ তাৰো আছে৷ সকলোৱে তেওঁক সন্মান কৰে, আমিও কৰোঁ৷”

গো-গোঁৱাই মাজিথিয়া কোঠাটোৰ পৰা ওলাই গুচি গ’ল৷ পাৰ্টিটোৰ উদ্দেশ্য বৰ বেয়াকৈ বিফল হ’ল৷ দেখদেখকৈ খুড়া-খুড়ী হতাশ হ’ল৷ সুন্দৰ সিং মাজিথিয়াক মই জীৱনত ক্ষমা কৰিব নোৱাৰিলোঁ৷ পিছলৈ তেওঁৰ পুত্ৰ আৰু নাতিহ’তেও যেতিয়া মোলৈ বন্ধুত্বৰ হাত আগবঢ়াইছিল মই তাক গ্ৰহণ কৰিব পৰা নাছিলোঁ৷
(আগলৈ..)

No comments:

Post a Comment