Sunday, September 29, 2019

জীৱন বাটৰ ৰসঃ ড° হৰিহৰ পাঠক ছাৰ (75)


জীৱন বাটৰ ৰসঃ ড° হৰিহৰ পাঠক ছাৰ

আমাৰ স্কুলৰ পাঠ্যপুথিত এটা পাঠ আছিল, নাম – গৌৰৱ৷ লেখক আছিল কালিৰাম মেধি৷ ব্যৱহাৰিক দিশৰ পৰা এইটো বৰ প্ৰয়োজনী পাঠ আছিল৷ গৌৰৱ, অহংকাৰ, গৌৰৱৰ-কাৰক আদিৰ বিষয়ে লেখকে বৰ মনোগ্ৰাহীকৈ পাঠটোত বৰ্ণনা কৰিছিল৷ কথাখিনি আৰম্ভ হৈছিল এটা সোনসেৰীয়া বাক্যৰে – ‘গৌৰৱ তুলনাৰ পৰা ওপজে৷’ একদম খাটি কথা, কিন্তু এই গৌৰৱ কেতিয়া অহংকাৰলৈ ৰূপান্তৰিত হয় সেই কথা অনুধাৱন কৰাটো বৰ কঠিন৷ অৰ্থাৎ, গৌৰৱ আৰু অহংকাৰৰ মাজত থকা সীমাৰেখাডাল বৰ অস্পষ্ট৷ অহংকাৰৰ সমাৰ্থক ইংৰাজী শব্দ ইগ’ (Ego)৷ আধুনিক মেনেজমেন্টে কয় এই ইগ’-য়েই যত যতকূটৰ ঘাই! এই ইগ’-ক কেনেকৈ নিজৰ বশ কৰি ৰাখিব পাৰি সেই কথা শিকাবৰ বাবে বিয়াগোম-বিয়াগোম কৰ্পৰেট হাউচবিলাকে তেওঁলোকৰ কৰ্মচাৰীসকলক ইতিবাচত দৃষ্টিভংগীৰ (Positive Attitude) প্ৰশিক্ষণ দিয়ে! বৰ আমোদজনক কথা৷ বিয়াৰ পিছতে পতি-পত্নীয়েনো পৰস্পৰৰ লগত কেনেকৈ এডজাষ্ট কৰে সেই কথা শিকিবলৈ মই কেতবোৰ কিতাপ পঢ়িছিলো৷ তাতে এটা ডাঙৰ কথা আছিল, পতি-পত্নীৰ বিচ্ছেদৰো হেনো এটা অন্যতম কাৰণ ইগ’ বা অহংকাৰ৷ একমাত্ৰ দুঃখিত বা ছৰি বুলি ক’লেই জোৰা লাগিব পৰা সংসাৰ এখনো হেনো একমাত্ৰ অহংকাৰৰ বাবেই ভাগিছিগি ছাৰখাৰ হৈ যায়৷ পতিয়ে পত্নীক ধন্যবাদ বুলি কোৱা, নতুবা গুড মৰ্ণিং বুলি সম্ভাষণ জনোৱা উদাহৰনযে আমাৰ মাজত কম ইয়েও হেনো তাকেই প্ৰতিপন্ন কৰে! সেইয়া, পতি হোৱাৰ অহংকাৰ!

গৌৰৱৰ কাৰকক গৌৰৱৰ সীমাৰেখাতে আৱদ্ধ কৰি ৰাখিবলৈ আমি নিৰন্তৰ চেষ্টা কৰি থাকিব লাগে৷ কেনেকৈ কৰিব লাগে তাৰ দেধাৰ উত্তৰ আছে৷  খুশৱন্ত সিঙৰ এখন কিতাপত পাইছিলো, মানুহে ছয়মাহমান সময়ৰ ভিতৰত অন্তত এবাৰ এটা মৃতদেহ কিছুসময় ধৰি প্ৰত্যক্ষ কৰিব লাগে, নতুবা এখন  শ্মশানলৈ গৈ তাত ঘটি থকা কাৰ্যক্ৰমনিকাবোৰ অলপ সময় নিৰৱে বহি উপলব্ধি কৰিব লাগে৷ মানৱজীৱনৰ ক্ষণভংগুৰতাক উপলব্ধি কৰিবলৈ ইয়াতকৈ আৰু ভাল উপায় নাই৷ লেখকে বিশ্বাস কৰে, এনে কৰিলে আমাৰ সমাজ জীৱনৰ পৰা বহু সৰু সৰু সমস্যা নিজে নিজেই আঁতৰি থাকিব৷ এই কথাটোৱে মোক বৰ উপকাৰ কৰিছে মই বুলি ভাবো৷ মই অৱশ্যে নিয়মীয়াকৈ শ্মশান বা মৃতদেহ প্ৰত্যক্ষ কৰাৰ সুযোগ উলিয়াব নোৱাৰো, কিন্তু এই বিনন্দীয়া পৃথিৱীখন এৰিযে এদিন মই আঁতৰি যাব লাগিব এই ভাবটোৱে অনেক গৌৰৱৰ কাৰকক আৰু তুচ্ছ অহংকাৰক নিজ নিজ ঠাইতে ভেটা দি ৰাখিবলৈ মোক সাহস দিছে বুলি মই  বিশ্বাস কৰোঁ৷

গৌৰৱ তুলনাৰ পৰা ওপজে৷

আমাৰ লগৰ  লক্ষ্যহীনা নামৰ ছোৱালী এজনী আছিল৷ সাংঘাটিক ধুনীয়া কিন্তু ফিতাহিটো কি চাবা! নিজৰ ৰূপৰ গৰিমাক তাই গৌৰৱৰ পথাৰতে আৱদ্ধ কৰি ৰাখিব জনা নাছিল৷ তাইৰ বন্ধু প্ৰায় নাছিলেই বুলি ক’ব পাৰি৷ আমাৰ দিনত আমাক প্ৰাইমাৰী স্কুলত পঢ়োৱ শিক্ষকসকলৰ বেছিভাগেই স্নাতক নাছিল৷ তাৰ ভিতৰতে মোৰ বৰদেউতা এজন গ্ৰেজুৱেট আছিল৷ এই কথাটোক লৈ তেখেত ইমান অহংকাৰী হৈ পৰিছিল যে চিনাকিৰ পিছতে তেখেতে আনক সোধা প্ৰশ্নটো আছিল – বি.এ. পাছ কৰিলা? আমাৰ মৰম আৰু শ্ৰদ্ধাৰ নৱকান্ত ছাৰ স্কুলত প্ৰায়েই দ্বিতীয় হৈছিল৷  হঠাতে এবাৰ তেখেত প্ৰথম হ’ল৷ আনন্দ লাগিলেও মনটোৰ ক’ৰবাত কিবা এটা যেন হৈছে৷ সুবিধা পাই সদায় প্ৰথম হৈ থকা ছাত্ৰজনৰ তেখেত ওচৰ চাপিল আৰু কাণে কাণে সুধিলে - 'মই এইবাৰ প্ৰথম হোৱা কাৰণে তই মোক বেয়া পালি নেকি?' অহংকাৰক তুচ্ছ কৰি বিনয় প্ৰকাশৰ কি এক অপুৰ্ব উদাহৰণ!

মই গোৱাত থাকোঁতে এজন বৰ প্ৰতিভাশালীলোকৰ লগত কাম কৰাৰ সুযোগ পাইছিলো৷ তেখেত আছিল আমাৰ বিমানকোঠৰ বিমানকোঠ নিৰ্দেশক (Airport Director)৷  তেখেত আৰু তেখেতৰ পৰিবাৰে বিমানকোঠৰ কৰ্মচাৰীসকলক একেগাট বা এক-পৰিয়াল কৰি ৰাখিবলৈ অনেক ভাল কাম কৰিছিল৷ বিমানকোঠৰ অনেক কাৰ্যসূচীতে বাইদেউ আহি যোগদান কৰিছিলহি আৰু আমাক অনুপ্ৰাণিত কৰিছিল৷ বিশেষকৈ কৰ্মচাৰীসকলৰ সন্তানসকলক লৈ বাইদেউৱে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ তেখেতে সকলোৰে লগত সমভাৱে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিছিল৷ এবাৰ মই কৰিবলগা কাম এটাৰ বাবে শুদ্ধ লয়ত হিন্দী আৰু ইংৰাজী ক’ব পৰা মহিলাৰ মাত এটাৰ প্ৰয়োজন হৈছিল৷ ইংৰাজীৰ বাবে নিমন্ত্ৰণ কৰি আনিছিলো ভাস্কো-ডা-গামা-ৰ বিখ্যাত দেশাই ডাক্তৰৰ পৰিবাৰ কিৰণ দেশাইক৷ গোৱাৰ লোকে হিন্দী কওঁতে গোৱান ঠাঁচ এটা আহি পৰে, মোক সেইটোৰ পৰা মুক্ত মাত এটা লাগে৷ অৱশেষত মই গৈ বাইদেউৰ ওচৰ পালোঁগৈ আৰু তেখেতৰ কন্ঠেৰেই কথাখিনি বাণীবদ্ধ কৰিলোঁ৷ কামটোত মোক সহায় কৰা সকলোলোকৰে নাম কৃতজ্ঞতাৰ পৃষ্ঠাটোত প্ৰকাশ কৰিছিলো, লগতে তেওঁলোকৰ পদমৰ্য্যাদা বা শিক্ষাগত অৰ্হতাটোও লিখি দিছিলোঁ৷ কামটো শেষ কৰাৰ আগে আগে ছাৰে মোক অত্যন্ত বিনয়েৰে কৈছিল – “সকলোৰে কোৱালিফিকেচনবোৰ লগত দিছা যেতিয়া আমাৰ এওঁৰ নামটোৰ লগতো দি দিবা৷” মই আগ্ৰহেৰে সুধিলোঁ– নিশ্চয়, নিশ্চয় ছাৰ, কওঁক কি দিম, ‘বি.এ.’ নে ‘বি. এছ.ছি’? ছাৰে ক’লে – তেওঁ পদাৰ্থ বিজ্ঞানৰ  ‘“পি. এইছ. ডি.”’! মই হতভম্ব হৈ গ’লো! বাইদেউ ইম্মান উচ্চ-শিক্ষিতা, অথচ আজিলৈকে আমি নাজানো!

লগে লগে মোৰ হৰিহৰ ছাৰলৈ মনত পৰি গ’ল৷

আমি স্থানীয় কলেজখনত দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হৈ থাকোঁতে হৰিহৰ ছাৰে “পি.এইছ. ডি.” পালে৷  সেই সময়ত সৰহ সংখ্যক শিক্ষকেই “পি এইছ ডি” ডিগ্ৰীধাৰী নাছিল৷ নামৰ আগত ড° লিখিব পৰা শিক্ষক দুজনমানহে আছিল৷ আমাৰ ধাৰণা আছিল, যিসকল বিদ্যানে বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি গৱেষনা কৰিবলৈ লয় আৰু কিবা এটা আৱিষ্কাৰ কৰে সেইসকলেহে “পি. এইছ. ডি.” ডিগ্ৰী পায়, আৰু আমি সেই সকলৰ ভৰিধোৱা পানী খোৱাৰো যোগ্য নহয়! এইটোৱেই আছিল “পি.এইছ.ডি.” ডিগ্ৰীধাৰীসকলৰ ওপৰত থকা সাধাৰনলোকৰ ধাৰণা৷ আমাৰ অঞ্চলৰ একালৰ মেধাবী ছাত্ৰ আৰু আমাৰ স্কুলখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰথম ছাত্ৰ যজ্ঞেশ্বৰ বৰদেউতা পদাৰ্থ বিজ্ঞানৰ ডাবল ডক্তৰেট আছিল৷ চন্দ্ৰপেহাই কৈ ফুৰিছিল, বৰদেউতাই বিলাতত গৈ হেনো কচুগছ পেৰি পেট্ৰল উলিউৱাৰ পদ্ধতি এটা আৱিষ্কাৰ কৰিছে৷ বিলাতৰ ইংৰাজসকলে বৰদেউতাৰ আৱিষ্কাৰটো লুকুৱাই ৰাখিছে, কাৰণ সেই পদ্ধতিটো প্ৰয়োগ কৰিলে আমাৰ অঞ্চলৰ জয়জয় ময়ময় হ’ব, ইংৰাজসকলে সেই কথাটো বিচৰা নাই৷

তেনেকুৱা দিনতে আমাৰ কলেজৰ হৰিহৰ পাঠক ছাৰে “পি. এইছ. ডি.” পালে৷ তেখেতৰ ফটো বাতৰি কাকতত প্ৰকাশ হ’ল৷ সেইফটোখনৰে ফটোষ্টেট্‌ কপি এটা আমাৰ কলেজৰ নটিছ বৰ্ডতো ওলমিল৷ ছাৰে সুবিধা পালেই তেখেতৰ প্ৰাপ্তিক লৈ গৰ্ব কৰিবলৈ নেৰে৷ ছাৰ হেনো এবাৰ ৰে’লগাড়ী এখনত গৈ আছিল৷ হঠাতে ডেকাল’ৰা কেইটামান আহি ছাৰক বেলেগ এটা ডবালৈ বলপূৰ্বক জোৰ কৰি লৈ যাবলৈ ওলাল৷ - কথাটো কি? সেইটো ডবাৰ কোনোবা এজন হঠাতে অসুস্থ হৈ পৰিছে, ছাৰে গৈ দৰৱ দিবগৈ লাগে! ছাৰৰ নামৰ আগত ডক্তৰ লিখা আছে যে, সেই কাৰণে! আমি জোৰ কৰি হ’লেও হাঁহো! ছাৰে কৈ যায়, “পি.এইছ.ডি.” কৰা কিমান কঠিন, ছাৰৰ বন্ধু এজনৰ কাহিনী – পি.এইছ.ডি.-ত ভৰ্তি হওঁতে তেওঁৰ বেকব্ৰাছ কৰা ডাঠ চুলি, আৰু যেতিয়া “পি.এইছ.ডি” সমাপ্ত কৰি ওলাই আহিছে তেতিয়া  তেওঁ এজন বিশুদ্ধ তপা মানুহ! ছাৰে জোৰ দি কয়, সঁচা কথা৷ নিজৰ চিনাকি দিওঁতেও ছাৰে নামৰ লগত নিজেই উপাধিতো লগাই দিয়ে – মই ড° পাঠক, পি.এইছ.ডি. দেই!

ছাৰ প্ৰফেছাৰ ক’লনীৰ কোৱাৰ্টাৰ থকা দীঘলীয়া শাৰীটোৰ কোনোবা এটা ঘৰত থাকে বুলি শুনি আছিলো! কিবা এটা অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে ছাৰক নিমন্ত্ৰণ কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷ মই গৈ কোৱাৰ্টাৰ থকা শাৰীটোৰ  তিনি নম্বৰ ঘৰটোৰ সমূখত ঠিয় হ’লোগৈ৷ মোক কোৱা হৈছিল – হয় তিন নং, নহয় চাৰি – খাটাং! চাৰি নম্বৰটোৰ গেইটত ফলক এখন ওলমি আছে – ডি.কে. চৌধূৰী৷ সেইয়ে মই সিদ্ধান্ত কৰি পেলালোঁ, তিনি নম্বৰটোৱেই ছাৰৰ ঘৰ হব লাগিব৷
কলিং বে’লৰ শব্দ শুনি মহিলা এগৰাকী ওলাই আহিল৷
-        বাইদেউ নমস্কাৰ! মই ছাৰক সভা এখনলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছো?
-        কোন ছাৰ? বাইদেউৱে সুধিলে৷
-        পাঠক ছাৰৰ ঘৰ নহয়জানো?
-        নহয়, নহয়, তুমি ভুল কৰিছা, ইয়াততো কোনো পাঠক নাথাকে৷
-        এইখন হৰিহৰ পাঠক ছাৰৰ ঘৰ বুলি কৈছিল!
-        ইয়াত কোনো হৰিহৰ পাঠক নাথাকে, তুমি অলপ আগলৈ গৈ খবৰ কৰা!
-        ছেঃ এইখনেই “ডক্টৰ” হৰিহৰ ছাৰৰ ঘৰ বুলি মোক কৈছিল! মই স্বগঃত্যোক্তি কৰিলোঁ৷
-        কি ক’লা, তুমি “ডক্টৰ” হৰিহৰ পাঠকৰ কথা কৈছা নেকি? হয়, হয় এইখনেই ঘৰ৷ অকল নামটো ক’লে কেনেকৈ বুজিম বাৰু কোৱাচোন? তুমি বঁহা, মই ছাৰক মাতি দিছোঁ৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

No comments:

Post a Comment