Saturday, June 29, 2019

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৭২)


জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৭২)
‘আজিও নহ’ল !’ – পেহাই বিচনাত উঠিয়েই হুটা মাত এটা উলিয়াই আৱাজ দিলে৷ পেহীৰো তেতিয়াহে মনত পৰিল – ‘ছেঃ, হয়তো, আজিও মনলৈ নাহিল!’
ৰাতি ভাত-পানী খাই উঠাৰ পিছত বিচনাত উঠাৰ আগে আগে পেহাই সদায় জুতি লগাই তামোল এখন খায় ৷ তাৰ পিছত দমকলৰ পাৰলৈ গৈ ঘটং ঘটং-কৈ পানী উলিয়াই ভৰিহাল ধোৱে৷ মটৰৰ টায়াৰ কাটি খৰমৰ দৰে সাজি লোৱা চেন্দেলজোৰ পিন্ধি পেহাই পাকঘৰৰ চাপৰ চকীখনত বহি ভৰিহাল মোছে৷ ঠাণ্ডাদিনত ভৰিৰ তলুৱাত মিঠাতেল অলপ সানে৷ তাৰপিছত ভাতখোৱা টেবুলখনৰ ওপৰতে তিনি বেটাৰীৰ টৰ্ছটো ওভোতাকৈ থৈ পোনে পোনে পেহা বিচনাত উঠেগৈ৷ পেহীয়ে সদায় পাকঘৰত সোমোৱাৰ আগতেই বিচনাখন পাৰি থৈ আহে৷ পেহাই আঠুৱাখন তললৈ টান মাৰি নমাই লৈ নিজৰ ভাগত পৰাখিনি খুচিকাটি লয় তাৰপিছত ডাঙৰ ডাঙৰ-কৈ কেকনি কেইটামান মাৰে৷ নজনা মানুহৰ “কি হৈছে, কি হৈছে”- বুলি সুধিবৰ মন যায়৷ পাছে পেহীয়ে জানে সেইয়া পেহাৰ অভ্যাস৷ অলপ পিছতে তিনি বেটাৰীৰ টৰ্ছটো লৈ হাত-ভৰি ধুই পেহী আহি বিচনাত উঠেহি৷ পেহীৰ হাতৰ পৰা টৰ্ছটো লৈ পেহাই তেতিয়া আঠুৱাৰ কোণত থকা মহৰ সন্ধান কৰে৷ কেতিয়াবা টৰ্ছৰ পোনপটীয়া পোহৰ গৈ পেহীৰ মুখত পৰেগৈ৷ পেহী জকজকাই উঠে৷ পেহাই এনেয়ে কয় – ‘মুখখন হে চাইছো!’ পেহা-পেহীৰ বাদে আঠুৱাৰ তলত আন কোনো তৃতীয় জীৱ নাই বুলি নিশ্চিত হোৱাৰ পিছত মূৰৰ শিতানত টৰ্ছটো থৈ পেহাই গাটো বিচনাত ঢালি দিয়ে আৰু আকৌ এটা কেকনি মাৰে৷ এইটো কেকনিৰ সুৰটো স্বগঃত্যোক্তি কৰাৰ দৰে৷ “মাৰি নিয়া প্ৰভু, মাৰি নিয়া”, “কৃষ্ণ কৃষ্ণ, শীঘ্ৰে ওপৰলৈ নিয়া আৰু গোঁসাই ঈশ্বৰ” – এই ধৰণৰ৷ কেতিয়াবা এই কেঁকনিৰ পৰিমানে বাঢ়ি গৈ থাকিলে আৰু ওপৰলৈ তুলি নিয়াৰ কাকুতি বেছি ব্যাপক হ’লে পেহীয়ে কৃত্ৰিম ধমকি এটা মাৰে – ‘চুপ মাৰি শুই নাথাকে কিয়?’ আন্ধাৰতে পেহাই মিচিককৈ প্ৰশস্তিৰ হাঁহি এটা মাৰে৷ কেতিয়াবা পেহাই এনেয়ে সোধে – ‘বিচনা তলখন চালানে?’ পেহীয়ে সংক্ষেপে শলাগে – ওঁ৷ এদিন পেহা শুই থকা বিচনাখনৰ তলত পেহীয়ে টৰ্ছ মাৰি দিওঁতেই দৃশ্যমান হৈ উঠিল মচোৱাগোম সাপ এটা৷ পেহীৰ মুখৰ পৰা সাপ শব্দটো ওলোৱাৰ লগে লগে পেহা বিচনাতে জাপ মাৰি ঠিয় হ’ল আৰু চিঞঁৰিবলৈ ধৰিলে – ‘মতা মানুহ এজন মাতা, মতা মানুহ এজন মাতা৷’ নিস্পৃহ হৈ পেহীয়ে গেঙেৰী মাৰি উত্তৰ দিলে– ‘আপুনিয়েই দেখোন মতা মানুহ, নামি নাহে কিয়?’ পেহা তেতিয়াও বিচনাৰ পৰা নানামিল আৰু পেহীক নিৰ্দেশ দিলে – 'হয় নেকি, তেনেহলে লাঠি এডালকে আনি দিয়া৷’ মাটিত লাগি থকা বাটামটোত তামোলটোৰ সমান ফুটা এটা হৈছিল৷ সেইটোৱেদিয়েই “চুচুৰি-যোৱা”-টো লাহে লাহে বাহিৰ ওলাই গ’ল৷ পেহাই ডাঙৰ ডাঙৰকৈ মন্ত্ৰ মাতিল – ‘আস্তিক, আস্তিক গড়ুণ্ড!’ গড়ুৰ পক্ষীৰ উচ্চাৰণে সৰ্পকূলক ভয় খুৱায় হেনো৷
এদিন টৰ্ছটো লৈ তৃতিয় জীৱনৰ সন্ধান কৰি থাকোঁতেই পেহাৰ টৰ্ছৰ পোহৰ এঠাইত থমকি ৰ’ল৷ আঠুৱাখনত আঙুলি এটা সোমাই যাব পৰা আকাৰৰ ফুটা এটা! তেতিয়াহে পেহাৰ মনত পৰিল, যোৱা ৰাতি মহ এটাই কাণৰ কাষত কোণ-কোণাই থকাত পেহাৰ ভাল টোপনি নহ’ল৷ পেহাই লগে লগে পেহীক নিৰ্দেশ দিলে, কালিলৈ সূতাৰে চিলাই পেহীয়ে ফুটাটো বন্ধ কৰি দিব লাগে৷ পেহীয়েও স্কুলৰ পৰা আহিয়েই কামটো কৰাৰ কথা ভাবি থৈছিল, পাছে আন কামৰ মাজত মনতেই নপৰিল৷ এনেকৈয়ে তিনদিন পাৰ হ’ল৷ আজি চতুৰ্থদিন৷
পেহা গৰম৷ মৰা জীৱ পৰাদি পৰি থকা পেহীয়ে ৰাতি কিবা গম পালেহে৷ এগালমান মহে আগুৰি ধৰি পেহাক যে ৰাতি কেনেকৈ গুৰুলা-গুৰুলকৈ খাইছে পেহীয়ে তাৰ কথা কি জানে! একেৰাহে চাৰিদিন পেহাৰ টোপনি ক্ষতি, ধেমালি কথা নেকি! নোৱাৰে যদি কৈ দিয়া হলেই হয়, এক মিনিটতে পেহাই কামটো কৰি দিব পাৰে৷ এক মিনিট শব্দদুটা শুনিয়েই পেহীয়ে মুখ পাতি ল’লে – ‘এক মিনিটতে পাৰে যদি নকৰেনো কিয়, ইঘৰ-সিঘৰ কৰি থাকোঁতেই দেখোন দিনটো পাৰ হৈ যায়!’ কথাষাৰ পেহাৰ গাজত লাগিল আৰু ফেপেৰি পাতি সুধিলে – ‘চাবা নেকি?’
পেহা চিধাই বিচনাৰ পৰা উঠি গৈ কটাৰীখন হাতত ল’লেগৈ৷ পাকঘৰৰ পিৰালিতে লাগি থকা অমিতাজোপাৰ পৰা ঘাপ মাৰি অমিতাপাতৰ ঠাৰিএডাল কাটি আনিলে৷ পেহীয়ে চাই থাকোঁতেই আঠুৱাখনত থকা ফুটাটোৰ কাষতে পেহাই আন এটা ফুটা কৰি পেলালে৷ পেহীয়া ‘কি কৰিছে – কি কৰিছে’-বুলি কৈ থকাতে থাকিল৷ তাৰপিছত হাতত থকা অমিতাৰ ঠাৰিডাল এটা ফুটাইদি সুমুৱাই সিটো ফুটাইদি বাহিৰ উলিয়াই দিলে – ‘পেহাক চিনি পোৱা নাই! মহবোৰ এতিয়া এটা ফুটাইদি সোমাই সিটোৱেদি চিধাচিধি ওলাই গুছি যাব৷ আঠুৱাৰ ভিতৰলৈ আৰু তৃতিয় জীৱ আহিব নোৱাৰে!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞাই)৷ তেওঁলৈ ধন্যবাদ জনাইছো৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment