Saturday, June 15, 2019

জীৱন বাটৰ ৰসঃ পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭১)

জীৱন বাটৰ ৰসঃ  পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭১)

পৰীক্ষাৰ ফলাফলৰ পিছত দূৰদৰ্শনৰ পৰ্দাত মেধাবী ছাত্ৰ-ছাত্ৰীক দেখিলে মোৰ মনটো ভৰি যায়৷ তেওঁলোকে কোৱা কথা-বতৰা, পঢ়াৰ ধৰণ, সময়, অনুশীলন আদিৰ কথা শুনিলে মনটো আমাৰ দিনলৈ উৰা মাৰে৷ পঢ়াৰ নামত আমি কৰা ধৰণ-কৰণবোৰলৈ মনত পৰে৷ মুক্ত আকাশৰ তলত পখিলা খেদি পাৰ কৰা শৈশৱ, স্কুলৰ ব্লেক বৰ্ডৰ পিছফালে আঁৰি থোৱা শিৰশিৰিয়া এচাৰি ডালৰ লোমহৰ্ষক দৃশ্য আৰু তাৰ চাটৰ ভয়ত অনিচ্ছা সত্বেও পঢ়া মুখস্ত কৰিবলৈ কৰা যৎপৰোনাস্তি প্ৰচেষ্টাৰ স্মৃতি আহি মনটোত লুকাভাকু খেলেহি৷ আজিকালিৰ নম্বৰবোৰটো পৰম বিষ্ময়কৰ, বিশ্বাস কৰিবলৈকে মন নাযায়৷ ইংৰাজীত ১০০ ভিতৰত ৯৮, সমাজ বিদ্যাত ১০০ৰ ভিতৰত ৯৯! আমাৰ দিনৰ এইয়া নাভূত-নাশ্ৰূত ঘটনা! কটন কলেজৰ ছমহীয়া পৰীক্ষা এটাত  এবাৰ মই অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পাইছিলো ৷ গোস্বামী ছাৰে সকলোৰে আগলৈ মাতি নি কাণে-মূৰে মৰম কৰি বহীখন ঘুৰাই দিছিল৷ সংখ্যাটো আছিল ৬১৷ অষ্টম-নৱম-দশম এই তিনিওটা শ্ৰেণীৰ ভিতৰত ইংৰাজী বিষয়টোত সৰ্বোচ্চ নম্বৰ পোৱাত আমাৰ স্কুলত এবাৰ মোক কিতাপ এখন পুৰষ্কাৰ দিছিল – “কমন ইৰৰ ইন্‌ ইংলিছ”৷ এদিন ফিতাহি মাৰি ল’ৰাদুটাৰ আগত এইবোৰ কৈ থাকোঁতে ১১ বছৰীয়াই সুধিলে – পাপা, তুমি সৰুৰে পৰাই তাৰমানে জিনিয়াছ, কিমান নম্বৰ পাই ইংলিছত হায়েষ্ট মাৰ্ক পাইছিলা কোৱাচোন৷ মই ক’লো ৭৩৷ দুয়োটা যেন হাঁহিত ফাটি পৰিব! তাৰপিছত সিহঁতে কোৱা কথাবোৰৰ সাৰাংশ হ’ল মই গছ নোহোৱা অৰন্যৰ লতা আছিলো!

আমাৰ দিনত পৰীক্ষাত উত্তীৰ্ণ হোৱা-নোহোৱাটোহে ডাঙৰ কথা আছিল৷ বহুতে পৰীক্ষাৰ খবৰ লওঁতে পাছ নে ফে’ল সেইটো জানিয়েই বিষয়টোৰ মোখনি মাৰিছিল৷ ডিভিজন, পাৰ্চেন্টেছ, দিষ্টিংছন, লেটাৰ মাৰ্ক সেইবোৰ শব্দতকৈ চাপ্লিমেন্টৰী, কমপাৰ্টমেন্টেল আদি শব্দবোৰ বেছিকৈ উচ্চাৰিত হৈছিল৷ অনেক চাকৰিৰ বাবে প্ৰয়োজনীও অৰ্হতাও আছিল পাছ বা ফেইলহে৷ আমাৰ অঞ্চলটোৰ বহু ছাত্ৰই মেট্ৰিক পাছ কৰাৰ পিছতে চাহবাগানত “এপ্ৰেন্টিছ” কৰাৰ সপোন দেখিছিল৷ তাৰ বাবে মেট্ৰিকত উত্তীৰ্ণ হোৱাটোৱেই যথেষ্ট আছিল৷ বেংকৰ পৰীক্ষা লিখিবৰ বাবে প্ৰি-ইউনিভাৰচিটি  পাছ কৰিলেই যোগ্য বুলি বিবেচিত হৈছিল৷ তেতিয়াৰ দিনৰ মেট্ৰিক, বা তাৰ পিছৰ পৰীক্ষাবোৰ পাছ কৰাটো বৰ সহজ কথা নাছিল৷ নিজৰ মগজুটোৱে পৰীক্ষাৰ জপনাখন পাৰ কৰাব পাৰিব নে নোৱাৰে বহুতো ছাত্ৰই সেইটো পৰীক্ষাৰ আগে আগেই অনুমান কৰিব পাৰিছিল ৷ তেনে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিবলৈ কৰা বিচিত্ৰ কৌশলৰ অন্ত নাছিল৷ এই কৌশলবোৰ খট্‌, পুৰিয়া, আউট চাপ্লাই আদি নামেৰে জনাজাত আছিল৷

মোৰ বন্ধু হৰিলাল শৰ্মাই অসমৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান এটাত শিক্ষা গ্ৰহন কৰিছিল৷ আবাসটোৰ যিটো কোঠাৰ যিখন বিচনা তেওঁৰ ভাগত পৰিছিল তাৰ তলতে পুৰণি মামৰে ধৰা টিনৰ বাকচ এটা আছিল৷ পৰীক্ষাৰ আগে আগে আবাসটোত এজন পুৰনা ছাত্ৰৰ আবিৰ্ভাৱ হয়৷ তেওঁ বাকচটো টান মাৰি বাহিৰলৈ উলিয়াই আনি প্ৰথমে ধূলি-মাকতি পৰিষ্কাৰ কৰে৷ তাৰপিছত ধূপ এডাল জ্বলাই লৈ সেৱা এটা কৰি বাকচটো খোলে৷ বাকচটোৰ ভিতৰত ভাওনাৰ বচন লিখাৰ দৰে এসোপা দীঘল দীঘল কাগজৰ টুকুৰাত সম্ভাৱ্য প্ৰশ্নৰ উত্তৰসমূহ লিখা আছে৷ সেইবোৰ পকাই পকাই নুৰিয়াই অজস্ৰ সৰু সৰু নুৰা কৰি জাপি থোৱা থাকে৷ পৰীক্ষাৰ দিনা পিন্ধা কাপোৰৰ বিভিন্ন অংশত যেনে জেপ, চোলাৰ পাতলি, ককালৰ খোচনি, মোজাৰ ভিতৰ আদি ঠাইত সেইবোৰ সংস্থাপন কৰি লৈ তেওঁ পৰীক্ষা দিবলৈ যায়৷ তেওঁৰ ডাঙৰ সমস্যা হ’ল -কোন ঠাইত কি আছে সেইটো ঠিকমতে মনত থাকিবনে নাই! শৰ্মাই চাৰিবছৰৰ অন্তত আবাসটোৰ কোঠাটো এৰি অহাৰ সময়টো বাকচটো একেঠাইতেই পৰি আছিল৷ এনেধৰণৰ বিভিন্ন কৌশলৰে পৰীক্ষাৰ্থীয়ে পৰীক্ষা পাছ কৰিবৰ চেষ্টা কৰিছিল৷

এই যে প্ৰি-ইউনিভাৰচিটি বা পি-ইউ বুলি ক’লো সেইটোক আজিকালি হায়াৰ চেকেণ্ডাৰী বুলি কয়৷ নিম্ন-বুনিয়াদি বিদ্যালয়ত ক আৰু খ শ্ৰেণী পাছ কৰাৰ পিছত মই যেতিয়া প্ৰথম শ্ৰেণীত আছিলো তেতিয়াই খবৰ ওলাল যে প্ৰাইমাৰী স্কুলত ক আৰু খ শ্ৰেণীটো উঠাই দিয়া হব৷ ছাত্ৰ-ছাত্ৰীয়ে পোনে পোনে প্ৰথম শ্ৰেণীত নাম লগাব পাৰিব আৰু চতুৰ্থ শ্ৰেণী পাছ কৰাৰ পিছত হাইস্কুলত গৈ চিধাই ক্লাছ ফাইভত নাম লগাব পাৰিব৷ তাৰ আগেত নিম্ন-বুনিয়াদি বিদ্যালয়ত থকা শ্ৰেণী কেইটা আছিল – ক, খ, প্ৰথম, দ্বিতীয় আৰু তৃতীয়৷ হাইস্কুলৰ ক্লাছ কেইটা আছিল – ফ’ৰ-ৰ পৰা টেনলৈ৷ এই নতুন নিয়মটো প্ৰচলন কৰাৰ সময়ত এটা সমস্যা হ’ল, ইতিমধ্যেই ক,খ পঢ়ি আহি তৃতীয় শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কি হ’ব? – তেওঁলোকে পাছ কৰাৰ পিছত পোনে পোনে হাইস্কুলৰ ক্লাছ ফাইভলৈ প্ৰমোচন পাব৷ তেওঁলোকক “অল্ড্‌ কৰ্ছ”-ৰ পৰীক্ষাৰ্থী বুলি কোৱা হব৷ “অল্ড্‌ কৰ্ছ”-ৰ যিসকল পৰীক্ষাৰ্থীয়ে ফেইল কৰিব তেওঁলোকক মুঠতে তিনিটা চাঞ্চ দিয়া হ’ব৷

এই “অল্ড কৰ্ছ”-ৰ পৰীক্ষাৰ ধৰণটো আছিল বৰ আমোদজনক৷ “পি-ইউ”-ৰ সলনি হৈ যেতিয়া “হায়াৰ চেকেণ্ডাৰী” হৈছিল তেতিয়া “পি-ইউ”-ৰ ছাত্ৰ-ছাত্ৰীসকল আছিল “অল্ড কৰ্ছ”-ৰ৷ “বি.এ.” সলনি হৈ যেতিয়া “টি-ডি-ছি” (থ্ৰী ইয়াৰ ডিগ্ৰী কৰ্ছ)  হৈছিল বি.এ.ৰ ছাত্ৰ-ছাত্ৰীসকল তেতিয়া পৰিছিল অল্ড কৰ্ছ-ত৷ ফেইল কৰিলে তেওঁলোকে তিনিবাৰলৈকে চেষ্টা কৰিব পাৰে৷ সেই তিনিবাৰৰ শেষৰ চাঞ্চটো আছিল জন্ম-মৃত্যুৰ প্ৰশ্ন জড়িত থকাৰ দৰে৷ সৰকিব নোৱাৰাসকলৰ সিমানতে শিক্ষা জীৱনৰ অন্ত পৰিছিল৷

এইটো সেই সময়ৰে কথা৷ মেট্ৰিকৰ “অল্ড্‌ কৰ্ছ”-ৰ সেইদিনা আছিল শেষ পৰীক্ষাটো৷ বিষয়টো আছিল বুৰঞ্জী৷ পূৰ্ণেশ্বৰ ছাৰৰ ভাগত পৰীক্ষা লোৱাৰ দায়িত্ব পৰিছিল৷ তেতিয়াৰ দিনত আমাৰ অঞ্চলটোত আমাৰ স্কুলখনেই আছিল পৰীক্ষাৰ একমাত্ৰ কেন্দ্ৰ৷ ফলত দলংগুৰী হাইস্কুল আৰু নাগশংকৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষা দিবলৈ আমাৰ স্কুলখনলৈ আহিব লাগিছিল৷  এসময়ত পূৰ্ণশ্বৰ ছাৰ সদায় জামুগুৰীৰ পৰা বাৰ কিলোমিটাৰ চাইকেল চলাই আমাৰ স্কুললৈ আহিছিল৷ ঘৰৰ সমূখেদিয়েই অহা গৰমেন্ট বাছখন ছাৰৰ ঘৰৰ সমূখত নাৰাখে৷ পাকি়জা নামৰ পাব্লিক বাছখনৰ সময়টো মিলে কিন্তু বজাৰ বাৰ হলে বাছখন নাহে৷ মাজে মাজে এনেইও বাছখন হঠাতে নচলা হয়৷ বাছখনৰ বাবে ৰৈ থাকি থাকি শেষত নাহিলে ছাৰৰ বৰ অথন্তৰ হয়৷ সেয়ে ছাৰে বছৰৰ পিছত বছৰ ধৰি বাইচাইকেলৰ পেদেল মাৰি মাৰিয়েই স্কুললৈ অহা-যোৱা কৰিছিল৷ পাছে কিছুদিনৰ পৰা “ফ’ৰ-জিৰো-চেভেন” নামৰ গাড়ী এবিধ ওলাইছে৷ পোন্ধৰজনমান যাত্ৰী বহিব পাৰে৷ য’তে ইচ্ছা ত’তে ৰয়, কোনো বাধা নিষেধ নাই! ঘৰৰ সমূখৰ পৰাই উঠাই লৈ গৈ বিছ মিনিট নৌ হওঁতেই ছাৰক গৈ স্কুলৰ সমূখত নমাই দিয়েগৈ৷ সুবিধাজনক৷ তেনে এখন ফ’ৰ জিৰো চেভেনত উঠিয়েই ছাৰ স্কুললৈ আহি আছে৷ ছাৰে লক্ষ্য কৰিলে নাগশংকৰত পৰীক্ষাৰ্থী এজন গাড়ীখনত উঠিছে৷ তেওঁ খালি চিট বিচাৰি এবাৰ ইফালে সিফালে চালে আৰু তাৰপিছত সন্তৰ্পনে ছাৰ বহি থকা ছিটটোৰ লগতে থকা খালী চিটটোত বহি পৰিল৷ ছাৰে লক্ষ্য কৰিলে ল’ৰাটোৱে কিবা মুখস্ত মাতি আছে৷ ছাৰৰ মনটো ভাল লাগি গ’ল৷ এনে প্ৰচেষ্টা অথলে নাযায়৷ চেষ্টাৰ অসাধ্য একো নাই৷ এই শেষ সুবিধাটোত ভগৱানে ল’ৰাটোক যেন পৰীক্ষাটো পাছ কৰি যাবলৈ আৰ্শীবাদ দিয়ে৷ খনাজানৰ দলংখন পোৱাৰ আগে আগে ৰাষ্টাত প্ৰকাণ্ড গাঁত এটা হৈছে৷ দ্ৰাইভাৰে মন কৰা নাছিল হ’বলা, গাঁতটোত চকাটো হঠাতে সোমাই যোৱাত গাড়ীখন জপিয়াই উঠিল আৰু পৰীক্ষাৰ্থী ল’ৰাটো জোকাৰণিটোত ছাৰৰ গাৰ একেবাৰে ওচৰ চাপি আহিল৷ তেতিয়াও তেওঁ মুখেৰে বিৰবিৰাই মুখস্ত মাতিয়েই আছে৷ ছাৰৰ কাণত এইবাৰ স্পষ্টকৈ পৰিবলৈ ল’লে- “সোঁ-জেপত আহোম, বাওঁ জেপত মোগল৷ পাচফালে চমু-টোকা, আগফালে পানীপথৰ যুদ্ধ!”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞা)৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

No comments:

Post a Comment