Saturday, October 23, 2021

জীৱন বাটৰ দুই নম্বৰঃ



 

জীৱন বাটৰ দুই নম্বৰঃ
আজি ভালেমান দিন ধৰি মই Customer Care বা “অতিথি সেৱা” নামৰ বিষয়টোৰ লগত লাগি আছোঁ, প্ৰথম অৱস্থাত প্ৰত্যক্ষভাৱে আৰু এতিয়া পৰোক্ষভাবে। বৰ আমোদজনক বিষয়। অতিথি এজনে আচলতে গৃহস্থৰ পৰা বিচাৰে কি! এই প্ৰসংগটো আহিলেই মোৰ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ “আগন্তুক” নামৰ অনাতাঁৰ নাট এলানিলৈ মনত পৰে। সূক্ষ্ম পৰ্যবেক্ষণেৰে বৰ মনোগ্ৰাহীকৈ লিখা সেই নাটলানি এবাৰ শুনিলে সতকাই পাহৰা টান। ঘৰলৈ আলহী আহিলে কেতিয়াবা যে এৰি দিবলৈকে মন নাযায়, বিদায় লওঁতে চকুপানী ওলাঁও ওলাঁও কৰে! আকৌ কেতিয়াবা আলহী “কেতিয়া যায় - কেতিয়া যায়” লাগে, দুৱাৰদলি পাৰ হলেই ‘ৰক্ষা পালোঁ’ ধৰণৰ ভাব এটা আহি সকাহ দিয়েহি! এইধৰণৰ মূহুৰ্তবোৰ ছাৰৰ হাতৰ পৰশত জীৱন্ত হৈ উঠিছিল। হিন্দী ভাষাত “অতিথি তুম কব যাওগে” বুলি পৰেশ ৰাৱাল আৰু অজয় দেৱগণে অভিনয় কৰা হাস্যৰসৰ চিনেমা এখনো আছে। এইয়া ব্যক্তিগত পৰ্যায়ৰ আলহী। পিছে, মই আজি ক’বলৈ ওলোৱা আলহী ব্যক্তিগত পৰ্যায়ৰ মাহী-পেহী লেখিয়া আলহী নহয়, কৰ্পৰেট আলহী। অনুষ্ঠান প্ৰতিষ্ঠানৰ ভাষাত কাষ্টমাৰ! ডাকঘৰত ডাক টিকট এটা কিনিবলৈ যাওঁতে আপুনি ডাকঘৰৰ আলহী, বেংকৰ কাম এটা লৈ গৈ উপস্থিত হোৱা বেংকৰ আলহী, স্কুলত ভৰ্তি হ’বলৈ গৈ এপৰ থিয় দি থাকিব লগা হোৱা স্কুলখনৰ আলহী আৰু চৰকাৰী অফিচত কাম লৈ গৈ আমনজিমনকৈ বহি থকা অফিচটোৰ আলহী আৰু শেষত, মই কৈ থকা বিষয়টো, অৰ্থাৎ এয়াৰপৰ্টত উৰাজাহাজ ধৰিবলৈ গৈ বোন্দাপৰ দি বহি থকা এয়াৰপৰ্টৰ যাত্ৰী আলহী!
কুৰী বছৰতকৈও অধিককাল বিষয়টোৰ লগত লাগি থাকি মই এইটোৱেই শিকিলোঁ যে অতিথি সেৱা এনেকুৱা এটা বস্তু যাৰ মূল্য দাতাই নহয় একমাত্ৰ ক্ৰেতাইহে ঠিক কৰিব পাৰে। কথাষাৰ অলপ বহলাই ক’ব লাগিব। তাহানি চৰকাৰী অফিচ হিচাপে প্ৰথম-প্ৰথম ভৰি দি পোৱা আমাৰ ডাকঘৰটোত মহাত্মা গান্ধীৰ ছবি এখন ওলমি আছিল। তাতে লিখা আছিল – “অতিথি হৈছে সাক্ষাৎ দেৱতা! প্ৰতিষ্ঠানটোৱে তেওঁক আচলতে একো উপকাৰ কৰা নাই, তেওঁহে অফিচটোলৈ আহি প্ৰতিষ্ঠানটোৰ উপকাৰ কৰিছে!” খালি কাউণ্টাৰটোৰ সমূখত প্ৰায়েই উপায়হীন হৈ থিয় দি থকা মই ডাকঘৰটোত কেনেধৰণৰ দেৱতা বুজি পাবলৈ মোৰ টান লাগিছিল। শৈশৱতে বিভ্ৰান্ত হৈ যোৱা এই কথাষাৰৰ গূঢ়াৰ্থ বুজিলো অতি পলমকৈ!
পৃথিৱীৰ বুকুত যিমান বিমানকোঠ আছে, তাৰ ভিতৰত অতিথি সেৱাত আজি বহুবছৰ ধৰি অবিসংবাদিত হৈ প্ৰথম স্থানত আছে ছিংগাপুৰৰ ছাংগি বিমানকোঠ। যাত্ৰীৰ বাবে বিমানকোঠটোৱে কৰা নাই কি? টেনিছ কৰ্ট, চুইমিং পুল, পখিলা গাৰ্ডেন আৰু শেহতীয়া ভাৱে যাত্ৰীৰ মনোৰঞ্জনৰ বাবে তৈয়াৰ কৰা এটা কৃত্ৰিম ঝৰ্ণাই যাত্ৰীসকলক অহৰহ সেৱাৰ সমল যোগাইছে। খোৱাৰ সুবিধা বা কিনা-কুটাৰ সুবিধাৰ কথা নক’লোৱেইবা! কিন্তু মোৰ উপলব্ধি, পাৰ্থিব এই উপাদানসমূহে বিমানকোঠটোক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰা নাই, কৰিছে এই উপাদানসমূহ আৰু যন্ত্ৰ-পাতিৰ পিছফালে লুকাই থকা সৰু সৰু কিছুমান মানুহ আৰু সেই মানুহৰ প্ৰৱল ইতিবাচক দৃষ্টিভংগীয়েহে! যাত্ৰীসকলৰ মানসিকতা পুংখানুপুংখভাৱে অধ্যয়ন কৰি, কৰ্মচাৰীসকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি লৈ তেওঁলোকৰ ‘হৃদয়ৰ পৰা সেৱা’ কৰাৰ যি হাবিয়াস (passion) ছাংগি বিমানকোঠে সৃষ্টি কৰিব পাৰিছে, সেইয়া মোৰ বাবে অপাৰ বিষ্ময়!
এটা উদাহৰণ দিওঁ নেকি, আগতে অনেকবাৰ বিভিন্ন পৰিৱেশত এই কথা মই কৈ আহিছোঁ।
২০১৪ চন। মই তেতিয়া ফিলিপিনছৰ মক্টান ছেবু নামৰ বিমানকোঠ এটাত কাম কৰি আছো। ছিংগাপুৰৰ বিমানকোঠটোৱেদিয়েই অহা-যোৱা কৰিব লগা হয়। তেনেকৈয়ে এবাৰ ফিলিপিনছৰ পৰা আহি নামিলোঁহি ছিংগাপুৰ বিমানকোঠত। প্ৰায় পাঁচ ঘণ্টাৰ পাছত দিল্লীলৈ অহা বিমান। বৃহৎ বিমানকোঠটোৰ টাৰ্মিনেল ভৱনত ঠায়ে ঠায়ে আছে অতিথি সেৱা কেন্দ্ৰ (Customer Care বা Information Counter)। সমগ্ৰ বিমানকোঠতে ইণ্টাৰনেটৰ বিনামূলীয়া সুবিধা আছে কিন্তু তাৰ বাবে পাছৱৰ্ড এটা কাষ্টমাৰ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰি ল’ব লাগে। মই আগবাঢ়ি যোৱা দেখিয়েই কাউণ্টাৰৰ ল’ৰাজন ঠিয় হ’ল। মোক ৱাই-ফাই পাছ ৱৰ্ড এটা লাগিছিল! ‘নিশ্চয়’ বুলি ল’ৰাজনে মোৰ পাছপৰ্টখন টেবুলৰ মেছিনটোত এবাৰ ঘঁহাই লৈ মোৰ হাতত কাগজ এটুকুৰা তুলি দিলে। তাৰপিছত মোৰ হাতৰ মোবাইলটোলৈ চাই ক’লে, - “আপুনি দিয়ে যদি মইয়েই ফোনটোত পাছৱৰ্ডটো লগাই দিব পাৰোঁ।” মইও ভালেই পালোঁ। মূহুৰ্ততে ল’ৰাটোৱে অতি ক্ষীপ্ৰভাৱে কামটো কৰি দিলে! নেটৱৰ্কৰ উজ্জ্বল ৰেখাকেইডালে মোৰ মনটোও পোহৰাই তুলিলে। প্ৰতিদানত ধন্যবাদ শব্দটোকে কেইবাবাৰো কৈ মই উভতিব খুজিলোঁ। ল’ৰাজনে আকৌ মাত লগালে,- ‘এক্সকিউজ মি ছাৰ?’ আচৰিত হৈ মই উভতি চালোঁ। - “ছাৰ, আপুনি পিঠিত লেপটপ্ এটাও লৈ আছে, সেইটোও যদি ব্যৱহাৰ কৰিব খোজে, সেইখন কাগজৰ নম্বৰটোৱে কাম নকৰিব, এইখনো লৈ যাওক, তাতে লেপটপৰ বাবে পাছৱৰ্ড লিখা আছে!”
হতভম্ব হৈ গ’লো। আনন্দৰ সীমা নাথাকিল! অতিথি সেৱাৰ কি এক অপূৰ্ব নিদৰ্শন! লগে লগে ওচৰতে থকা কাউণ্টাৰ এটাত গৈ ল’ৰাটোৰ সেৱাৰ প্ৰশংসাসূচক মন্তব্য এটা লিখি কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিলোঁ!
কিয় ইমান আনন্দিত হ’লো মই?
ভাবি ভাবি মই এই সিদ্ধান্ততে উপনীত হ’লো যে আগন্তুকে যেতিয়া আশাকৰাতকৈ সামান্য বেছি পায়, তাতেই নিহিত থাকে অতিথি সেৱাৰ সফলতা! অক্কণমান, সামান্য, আশা কৰাতকৈ অলপ অধিক উপাদানে অতিথি সেৱাৰ মান কেয়াৰৰ (Care) পৰা চেটিচফেকচনলৈ (Satisfaction) আৰু চেটিচফেকচনৰ পৰা ডিলাইটলৈ (Delight) মানদণ্ড উঠাই লৈ যাব পাৰে! আপাতঃদৃষ্টিত একেবাৰে নগন্য যেন লগা এই সামান্য অতিৰিক্তৰ প্ৰভাৱ সীমাহীন! আমাৰ লগৰ ৰাতুলে সমাজবিদ্যাত ২৯ নম্বৰ পাই অষ্টম শ্ৰেণীত ফেইল কৰিছিল, বিমানে সেই একে বিষয়তে ৩১ নম্বৰ লৈ নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাত কৃতকাৰ্য হৈছিল। মাত্ৰ দুটা নম্বৰে সিহঁতৰ জীৱনত পাছ-ফেইলৰ সিদ্ধান্ত লৈছিল। মাত্ৰ দুটা নম্বৰে!
জীৱনত উভতি চালে এনে লাগে, সেই অক্কণমান, সততে ধৰিব নলগা দুই নম্বৰ, প্ৰাপ্যতকৈ সামান্য অধিক, - এই মন্ত্ৰই জীৱন বাটৰো যেন সফলতাৰ সঁচাৰ-কাঠি!
(ফটোদুখন ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত)

No comments:

Post a Comment