Saturday, October 23, 2021

শাৰদীয় চিন্তাঃ


 

শাৰদীয় চিন্তাঃ
মনত আছে, ছাত্ৰাৱস্থাত প্ৰাচীন সাহিত্য চয়নত পাইছিলোঁ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শৰত ঋতুৰ ৰূপত মুগ্ধ হৈ “শৰৎ বৰ্ণনা” নামৰ কবিতাটো লিখিছিল – “শৰত সমান নাহি সুখকাল, হৰৈ দুখ অনুক্ৰমে।” একেটা কবিতাৰে এঠাইত আছে,- “গগণ নিৰ্মল স্বচ্ছ ভৈল জল, দূৰ গৈল মেঘগণ!” দূৰ হ’বলৈ এইবাৰ পিছে মেঘগণ ওচৰলৈকে নাহিল। দিনতে এন্ধাৰ কৰি অহা কলীয়া মেঘ দেখাই নাপালোঁ। দবাপিতা বৰষুণ এজাক চাম চাম বুলি থকাতে থাকিল!
আহিনৰ ৰূপ প্ৰকৃতিৰ পৰিৱৰ্তনত। পৰিৱৰ্তনেও এইবাৰ লুকাভাকু খেলিছে। প্ৰকৃতি যেন শেনৰ এজাত! এই অক্তোবৰ মাহতো এপ্ৰিল মাহৰ দৰে গেলেপা লগা গৰম। ক’ত গ’ল আমাৰ ল’ৰালিৰ আহিন!
যেনেকুৱা অঞ্চলত আমাৰ ল’ৰালি পাৰ হৈছিল, তেনেকুৱা অঞ্চলক আজিকালি ‘সংৰক্ষিত বনাঞ্চল’ নতুবা ‘অভয়াৰণ্য’ বোলে। শৈশৱ আৰু কৈশোৰত আমি বিচৰণ কৰি ফুৰা অঞ্চলত এনেকুৱা দিনত, শৰতৰ ডাঠ কজলা ছাঁৰ মাজেদি উজ্জ্বল ৰ’দৰ পোহৰ আহি মাটিত পৰেহি। তাত প্ৰখৰ উজ্জ্বলতা আছিল, নাছিল অসহনীয় উত্তাপ। এতিয়া বৃক্ষহীন বসুমতীৰ ওপৰত আহিনৰ দিনতো উত্তাপ আৰু উজ্জ্বলতাৰ থৈয়া-নথৈয়া ৰণ!
আমাৰ ঘৰৰ সমূখত আছিল দিগন্ত বিস্তৃত ধাননি পথাৰ। দিনে দিনে আহিনৰ পথাৰে বৰণ সলায়। সেইজীয়াৰো যে কত ৰূপ! সজাল ধৰা ৰোৱাৰ ওপৰেদি ঢৌ খেলি খেলি পাৰ হৈ যায় শৰতৰ “শীতল শিশিৰ ঢালা” (ৰবীন্দ্ৰনাথ)! ক’ত গ’ল এনে দিনৰ “মহা সুখকৰ সুৰভি শীতল, বহে বায়ু সৰ্বক্ষণ”? (শঙ্কৰদেৱ)। যিঠাইৰ ধাননি পথাৰৰ সৰু সৰু আলিয়েদি ল’ৰি গ’লে আমি ৰোৱাৰ মাজত লুকাই গৈছিলো, তাত আজিকালি খেতি নহয়! যুগ যুগ ধৰি বৈ থকা ডিপলোঙা নদীয়ে বাৰিষা হিৰ হিৰ শব্দ কৰি কালৰূপ ধৰি খেদি আহে আৰু দুয়োপাৰ ওপচাই পেলায়। ধান নহয় তাত। এতিয়া সেই পথাৰবোৰত পুখুৰী খন্দাৰ কথা ভবা হৈছে। কিয় নদীখনে এনে কৰে? আগতেতো তেনে নাছিল! পৃথিৱীৰ বহুদেশত বহু নদীৰ মৃত্যু হৈছে। আমাৰ দেশৰে অনেক নদী পৃথিৱীৰ বুকুত মিলি যাব নোৱাৰা আৱৰ্জনাই পুতি পেলাব ধৰিছে। অল্পমতি মানুহে অভ্যাসৰ সলনি কৰি নদ-নদী বচোৱাৰ চেষ্টা কৰাৰ সলনি প্ৰকৃতিৰ লগত সংঘৰ্ষ কৰিবলৈ সেই নদ-নদী চাফা কৰাৰ পৰিকল্পনা কৰিছে।
পৃথিৱীৰ বুকুত সভ্যতাৰ আৰম্ভনিৰে পৰা হয়তো এটা প্ৰজন্মই আগন্তুক আন এটা প্ৰজন্মৰ ভৱিষ্যতক লৈ সদায় সন্দেহ প্ৰকাশ কৰি আহিছে। “নাই আৰু সেই দিন নাই” বুলি আক্ষেপ কৰিছে। কিন্তু এতিয়াৰ দৰে অতীতত কেতিয়াও যেন অনাগত ভৱিষ্যতক লৈ মানূহ ইমান শংকিত হ’ব লগা হোৱা নাছিল! ক’ৰবাত কিবা এটা হৈছে, কিন্তু ক’ত কি হৈছে কোনেও নাজানে! পৃথিৱী নামৰ গ্ৰহটো ক্ৰমান্বয়ে সূৰ্যৰ ওচৰ চাপি গৈছে নেকি? বাৰ্ষিক গতি – আহ্নিক গতিতো একেই আছে!
আকাশে পিন্ধা নাই শাৰদীয় শোভা, বতাহে অনা নাই আহিনৰ মাদকতা, বেলিৰ পোহৰত নাই কোমল স্নিগ্ধতা! “পুৱতি নিয়ৰ সানি চেঁচা বা-ছাটি, বৈ যায় কপাল তিয়াই..” নলিনীবালাৰ এই কবিতাফাঁকি নিশ্চয় শীতকালৰ!
বলিয়া বাস্তৱক মানি লৈ ঢৌতে খৰ মাৰি কেইটামান ঘণ্টা জংঘলত থাকি আহিলোগৈ। ভূটান-অসমৰ বনাঞ্চলে কেইটামান প্ৰহৰৰ বাবে মোক আকৌ ল’ৰালিলৈ লৈ গ’ল। উলুৱনিৰ মাজে মাজে মুক্ত বিচৰণ কৰি কেইটামান ঘণ্টা দেহৰ সিৰা উপসিৰাইদি সুমুৱাই ল’বলৈ চেষ্টা কৰিলোঁ জীৱনামৃত। স্মৃতিকাতৰতাই ম্ৰিয়মান কৰিছে, বৰ্তমানে হতাশ কৰিছে আৰু ভৱিষ্যতে শংকিত কৰিছে। শেহতীয়া ভাবে পৃথিৱীৰ বহু ঠাইত মাটিয়ে ‘মাটিৰ গুণ’ এৰিছে (soil depletion)। শেষ হৈছে মাটিৰ উৰ্বৰতা আৰু পৌনঃপৌনিক উৎপাদন ক্ষমতা। তেনে মাটিত শস্য নগজে, পানী নৰয়, পোক পতঙ্গই আশ্ৰয় ল’ব নোৱাৰে, আচৰিত কথা, তেনে মাটিত মৃত্যুৰ পাছতো মিলি নাযায় মাটিৰ মানুহ!
সংশয়ৰ এই মূহুৰ্তত এটাই মাথো সান্ত্বনা, ক’ৰবাত নহয় ক’ৰবাত, অন্ততঃ এক নগণ্য সংখ্যক লোকে হলেও আন্তৰিকতাৰে ইয়াৰ পৰিত্ৰাণৰ বাবে অহোৰাত্ৰি কাম কৰি আছে।
আটাইলৈ শাৰদীয় ওলগ জনালোঁ।

No comments:

Post a Comment