Friday, October 2, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৬


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৬
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

কৃপাল সিং চাওলা বুলি আন এটা ল’ৰাৰ কথা মনত পৰিছে৷ সি আছিল সেই সময়ৰ নামকৰা উদ্যোগপতি এজনৰ ল’ৰা৷ তাৰ কথা মনত পৰাৰ কেইবাটাও কাৰণ আছে৷ সি মোৰ বন্ধুত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ এটা প্ৰধান কাৰণ আছিল তাৰ দৰে মোৰো এখন মটৰ চাইকেল আছিল৷ তাৰ দৰ্শন আছিল, অৱস্থাপন্ন ঘৰৰ ল’ৰাবিলাক একেলগে থাকিব লাগে৷ পিন্ধা উৰাত সি বৰ চৌখিন আছিল আৰু বৰ পৰিপাটীকৈ পিন্ধা-উৰা কৰিছিল। সুন্দৰ ডিজাইনৰ চুট, লগত ব' টাই, ৰং মিলাই পিন্ধা পাগুৰি, পৰিপাটীকৈ কটা দাড়ি, ওপৰলৈ বেঁকা কৰি ৰখা মোছৰ দুটা জোঙা আগেৰে সি আছিল এজন চকুত পৰা যুৱক। মটৰ চাইকেল চলাওঁতে তাৰ বুকুখন ফিন্দ খাই আগলৈ ওলাই গৈছিল। সি মোক প্ৰায়েই ভাল কাপোৰ-কানি পিন্ধি ফিটফাট হৈ থাকিবলৈ কৈছিল আৰু মটৰ চাইকেলত কুঁজা হৈ নবহিবলৈ পৰামৰ্শ দিছিল৷ ‘‘যাৰ পকেটত দুপইচা আছে তাৰ বুকু ফুলি থাকিব লাগে’’ - সি মোক প্ৰায়েই সকিয়াই দিছিল। সি মোক তাৰ ঘৰলৈও নিমন্ত্ৰণ কৰিছিল৷ তাৰ দেউতাকো আছিল তাৰ দৰেই পৰিপাটী আৰু চৌখিন মনৰ মানুহ। তেওঁ বিলাতৰ পৰা অনা চিল্কৰ টাই মাৰিছিল কিন্তু নাভিলৈকে ওলমি থকা পকা দাড়িয়ে সেই টাই ঢাকি থকাত মানুহৰ চকুত টাইডাল সততে নপৰিছিল৷ তেওঁ দ্বিতীয়বাৰ বিয়া কৰাইছিল আৰু দুয়োগৰাকী পত্নীৰ ফালৰ পৰা কেইবাটাও ল’ৰা-ছোৱালীৰ দেউতাক হৈছিল। কৃপালৰ দেউতাকে কৃপালক শিখ ল’ৰাৰ লগত বন্ধুত্ব কৰিবলৈ বৰ উৎসাহ যোগাইছিল৷ কৃপালৰ কোঠাটো আছিল বাগিছাখনৰ একোণত, গাড়ী থোৱা ঘৰটোৰ ওপৰত৷ তাৰ কোঠাত ভাৰতীয় ক্লাছিকেল সংগীতৰ কেইবাখনো ৰেকৰ্ড আছিল। সুন্দৰ বস্তুৰ প্ৰতি তাৰ এটা সহজাত আগ্ৰহ আছিল৷ সি বিচিত্ৰ বীণা শিকিবলৈ লৈছিল আৰু সেই বিদ্যাত ইমানেই আগবাঢ়িছিল যে তাক মাজে মাজে সংগীতৰ মঞ্চলৈও বীণা বজাবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। লাহোৰৰ “অল ইণ্ডিয়া ৰেডিঅ’ ষ্টেচন”-তো সি বীণা বজোৱাৰ সুবিধা পাইছিল৷ বগা বৰণৰ ছোৱালীৰ প্ৰতি তাৰ সাংঘাটিক দুৰ্বলতা আছিল৷ ‘কাশ্মিৰী পণ্ডিতৰ জীয়েক বিলাকৰ দৰে সুন্দৰী ছোৱালী পৃথিৱীত নাই’’ - সি মোক প্ৰায়েই কৈছিল৷ “যদি মই কেতিয়াবা বিয়া কৰাও তাই জৰুৰ কাশ্মিৰী পণ্ডিতৰ ছোৱালীয়েই হ’ব৷ কিন্তু দুখৰ কথা কি জান, মোৰ আয়ুসত সিমান চাউল নাই, মোৰ হাতৰ আয়ুস ৰেখা মতে মই ত্ৰিশ বছৰৰ আগতেই মৰিব লাগে।” - সোঁহাতৰ তলুৱাখন দেখুৱাই সি মোক প্ৰায়েই কৈছিল৷ বগা নাৰীৰ প্ৰতি থকা তাৰ এই মনোবাঞ্ছা কলেজত থাকোতেই পূৰণ হৈছিল৷ কেনেকৈ, সেই কথা সি মোক নিজেই কৈছিল৷

গৰমৰ দিন। দুপৰীয়া ঘৰত অকলে অকলে সি তাৰ কাশ্মিৰী কন্যাক ধ্যান কৰি বহি থাকোঁতে সি এসময়ত কামোন্মাদ হৈ উঠিল। উত্তেজনা শৃংগত। হস্তমৈথুন কৰাৰ মানসেৰে গা-ধোৱা ঘৰলৈ আগবাঢ়িবলৈ লওঁতেই কাপোৰৰ টোপোলা এটা লৈ ওলালহি ধুবুনীজনী৷ এপাল ল’ৰা ছোৱালীৰ মাক, মধ্যবয়সীয়া তাই আছিল এগৰাকী শকত মহিলা৷ কিন্তু তাইৰ গাৰ বৰণ আছিল ধকধককৈ বগা৷ কৃপালে তাইক পোনে পোনেই বিচনালৈ ডাঙি লৈ গ’ল৷ তাই পোনতে সামান্য আপত্তি কৰিলেও অলপ পিছত নিজকে কৃপালৰ হাতত এৰি দিলে৷ কৃপালৰ বেছি সময় নালাগিল৷ সি দহ টকাৰ নোট এখন তাইৰ হাতত গুজি দিলে৷ তাই বেছ আনন্দেৰে হাত পাতি ল’লে৷ তাৰপিছত নিজৰ কাপোৰবোৰ খুচৰি খুচৰি ধুবৰ বাবে সি কাপোৰ কেইখনমান বিচাৰি উলিয়াবলৈ লওঁতেই ধুবুনী তাৰ ওচৰ চাপি ক’লে – “তুমি মোৰ গাত জুই লগাই দি এনেকৈয়ে এৰি দিবা নেকি, জুই লগালে তাক নুমুৱাবও লাগিব নহয়?” গতিকে কৃপাল দ্বিতীয়বাৰৰ বাবে কামত লাগিল৷ আকৌ এখন দহ টকাৰ নোট৷ এনেকৈয়ে চলিবলৈ ধৰিলে৷ সি তাই অহালৈ আগ্ৰহেৰে বাট চোৱা হ’ল৷ সি মোকো এবাৰ কৈছিল দহ টকাৰ নোট এখনৰ বিনিময়ত এই স্বগীৰ্য় সুখৰ আনন্দ ল’ম নেকি! পইচাৰ বিনিময়ত ৰতিক্ৰিয়াৰ আনন্দ লোৱাৰ পক্ষপাতী মই নাছিলোঁ৷ তাৰ নিমন্ত্ৰণ মই ভদ্ৰ ভাবে প্ৰত্যাখান কৰিলো৷ চল্লিশৰ ঘৰত থাকোঁতেই চিৰকুমাৰ অৱস্থাতে কৃপালৰ মৃত্যু হৈছিল৷

কবিতা, সংগীত আৰু কলাৰ প্ৰতি মোৰ আকৰ্ষণ কেনেকৈ আৰম্ভ হৈছিল সঠিককৈ মই ক’ব নোৱাৰিম। চেতনৰ মুখত শুনা কবিতা, কৃপালৰ কোঠাত শুনা চে’তাৰ সংগীত ইয়াৰো প্ৰভাৱ হ’ব পাৰে। সেইসময়তে মই পুনৰ চে’তাৰ শিকাৰ কথা আৰু ছবি অঁকাত মোৰ হাতটো কেনে সেইটো পৰীক্ষা কৰাৰ কথাও ভাবিছিলোঁ। প্ৰথম গৰমৰ বন্ধটো আৰম্ভ হোৱাৰ আগে আগে কলা বিভাগত ভৰ্তি হোৱাৰ মানসেৰে শান্তি নিকেতনত থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্ববিদ্যালয়লৈ মই আবেদন জনালোঁ। শান্তিনিকেতনৰ “কলা ভৱন” সেই সময়ত সংগীত আৰু কলাৰ প্ৰাণকেন্দ্ৰ আছিল। লগে লগেই আবেদন পত্ৰ এখন আহি মোৰ হাতত পৰিলহি। তাতে তেওঁলোকে জনা কাৰোবাৰ চুপাৰিচসহ আবেদন পত্ৰখন পূৰাই জমা দিয়াৰ নিৰ্দেশ দিলে। অশোক সেনৰ দেউতাকৰ শান্তিনিকেতনত এটুকুৰা মাটি আছিল আৰু তেওঁক তাত বহুতে চিনি পায় বুলি শুনিছিলোঁ। মই তেওঁক ‘ৰিকমেণ্ডেচন লেটাৰ’ এখন দিয়াৰ বাবে খাটনি ধৰিলোগৈ। - “তই আকালি! (আকালি সকলৰ আন্দোলনৰ সময়ত মই মাজে মাজে ক’লা বৰণৰ পাগুৰি এটা পৰিধান কৰিছিলো, তাৰপিছৰ পৰাই তেখেতে মোক আকালি বুলি সম্বোধন কৰা কৰিছিল।), তই গৈ শান্তিনিকেতনত কি কৰিবিগৈ?” মই ক’ব লগাখিনি ক’লো। তেখেতে আগ্ৰহেৰে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ চিঠি এখন লিখি দিলে।

শান্তিনিকেতনলৈ মই কৰা ৰে’ল যাত্ৰাটোৱেই আছিল মোৰ জীৱনৰ প্ৰথম ৰে’ল-যাত্ৰা ৷ ৰে’লৰ তৃতীয় শ্ৰেনীৰ ডবা এটাত যাত্ৰা কৰিছিলোঁ৷ হাওৰাত ৰে’লখন সলনি কৰি মই গৈ বোলপুৰত উপস্থিত হ’লোগৈ ৷ বাৰিষা আৰম্ভ হৈছেহে মাত্ৰ তেতিয়া ৷ হাওৰা আৰু বোলপুৰৰ আশ-পাশ ডোঙা পানীৰে ভৰি আছিল ৷ ষ্টেচনৰ পৰা গৰু-গাড়ী এখন ভাড়া কৰি লৈ গৈ এঘণ্টাৰ পিছত মই বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিলোগৈ ৷ বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিষয়াজনে মোক আচবাব পাতি নথকা ডাঙৰ কোঠা এটালৈ লৈ গ’ল, তাতেই শ্ৰীলংকাৰ পৰা অহা মঞ্জুশ্ৰী নামৰ বৌদ্ধ ডেকা এজনৰ লগত মই থাকিব লাগিব ৷ তাৰপিছত তেখেতে মোক খোৱা ঘৰটো আৰু ‘কলা ভৱনটো’ দেখুৱাই দিলে ৷ চৌহদটো এপাক চাই মই যেতিয়া কোঠালৈ উভতি আহিলো তেতিয়া এন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল ৷ টোপাটোপে বৰষুণ পৰা আৰম্ভ হ’ল৷ মই লগত অনা বিচনাখন কোঠাটোৰ এচুকত মেলি দিলোঁ৷ লেম্প এটা জ্বলাই লৈ মঞ্জুশ্ৰীয়ে কিবা পঢ়ি আছিল ৷ আমাৰ কোঠাটোত বিজুলী সংযোগৰ ব্যৱস্থা নাছিল৷ পৰিচয় হোৱাৰ পাছতে আমি ইংৰাজী ভাষাৰেই কথা বতৰা পতা আৰম্ভ কৰিলো৷ মঞ্জুশ্ৰীয়ে ভাৰতীয় ভাষা নাজানিছিল ৷ শান্তিনিকেতনত সি পালি বৰ্ণৰ ওপৰত গৱেষণা কৰিবলৈ আহিছিল ৷ সি ব্ৰহ্মচাৰী ব্ৰত লৈ বিয়া নকৰাবলৈ শপত খাইছিল আৰু সিহঁতৰ নিয়মমতে কোনো নাৰীৰ লগতে কেতিয়াও কথা পাতিব নোৱাৰিছিল ৷ পৰিচয়ৰ পাছতে সি মোক সোধা প্ৰথম প্ৰশ্নটো আছিল - মই কেইজনী ছোৱালী চিনি পাওঁ!

টান মজিয়াত শোৱাৰ অভিজ্ঞতা মোৰ আগতে নাছিল৷ বাহিৰৰ বৰষুণজাক ক্ৰমান্বয়ে টান হৈ আহি আছে৷ ছয়াময়া সপোনৰ মাজত তন্দ্ৰালস হৈ মই বিচনাখনত পৰি আছোঁ ৷ এনে লাগিছে কৰবাৰ পৰা যেন এক সংগীতৰ মধূৰ ধ্বনি ভাঁহি আহিছে , বৰ লাহে লাহে সেই সংগীত যেন মোৰ ওচৰ চাপি আহি আছে ৷ অলপ সময়ৰ পাছত মোৰ অনুভৱ হ’ল এইয়া মই সপোন দেখা নাই! বিচনাখনতে মই উঠি বহিলো – হয়, বাহিৰৰ পৰা সংগীতৰ ধ্বনি এতিয়া স্পষ্টকৈ ভাঁহি আহিছে, ভালদৰে শুনাকৈ! কোঠাটোৰ দুৱাৰখন খুলি দিলোঁ ৷ আহ্, কি এক দৃশ্য! কুঁৱলী ফালি ওলাই আহিছে এজাক চলমান ৰূপালী আলোক ৷ বৰষুণৰ মাজে মাজে শুধ বগা পোছাক পৰিহিত কিশোৰ-কিশোৰীৰ এটা দল গীত গাই গাই নৃত্য কৰি আগবাঢ়ি আহি আছে ৷ তেওঁলোকৰ এজনে হাতত কঢ়িয়াই লৈ আহিছে এটা লেণ্টাৰ্ণ আৰু হাতত কেইবাডালো মমবাতি ৷ এক মায়াময় পৰিৱেশ! সেই দৃশ্যৰ লগত চৌপাশৰ পৰিৱেশ এনেকৈ সংপৃক্ত হৈ পৰিছিল যে তেওঁলোক পাৰ হৈ নোযোৱালৈকে মই ৰুদ্ধস্বাসে তেওঁলোকলৈ চাই থৰ লাগি ৰ’লো। “বৰ্ষা ঋতুক আদৰণি জনাবলৈ আয়োজন কৰা সেইয়া হৈছে ‘বৰ্ষা-মংগল’” - মঞ্জুশ্ৰীয়ে ক’লে। “বৰষুণক আদৰণি জনাবলৈ এনেকৈয়ে তেওঁলোকে গোটেই চৌহদটো ৰবীন্দ্ৰ সংগীত গাই গাই পৰিভ্ৰমণ কৰিব” - মঞ্জুশ্ৰীয়ে আকৌ ক’লে। (আগলৈ)

No comments:

Post a Comment