Friday, October 9, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৭


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৭
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

শান্তিনিকেতনৰ আৰম্ভণিটো বৰ সুন্দৰকৈ হ’ল ৷ সেই সংগীত আৰু সুন্দৰৰ অপৰূপ মূহুৰ্তই কেইবাবছৰলৈকে মোৰ পিছ এৰা নাছিল৷ সেইদিনা সেয়া মাথোঁ আৰম্ভণিহে আছিল। সুৰেন্দ্ৰনাথ কৰ ছাৰৰ তত্বাবধানত কলা শাখাৰ ছাত্ৰ হিচাপে নাম লিখোৱাৰ পিছত মোৰ বাবে আৰু বহুত কথাই অপেক্ষা কৰি আছিল। মোক চে’তাৰৰ শিক্ষক এজনৰ লগতো লগ লগাই দিয়া হ’ল। পিছৰ কেইদিনমান কিবাকিবি বস্তু কিনি কুটি আৰু পৰিৱেশেটোৰ লগত পৰিচয় হৈ লওঁতেই পাৰ হৈ গ’ল। এদিন আবেলি ৰবীন্দ্ৰনাথ ঠাকুৰ চৌহদলৈ আহিল আৰু ফৰাচী সংগী চিমকিক লগত লৈ অহা উদয় শঙ্কৰৰ লগত ছাত্ৰসকলক পৰিচয় কৰি দিলে। উদয় শঙ্কৰ আৰু চিমকি ইউৰোপ ভ্ৰমণৰ পৰা ঘূৰি অহা তেতিয়া কেইদিনমানহে হৈছিল। এখন ডাঙৰ আসনত বহি থকা ৰবীন্দ্ৰনাথে বৰ সাধাৰণভাৱে শঙ্কৰক নিৰ্দেশ দিছিল – দেখুওৱা তোমাৰ নাচ মোক! তাৰ বাবে কোনো আয়োজন নাছিল, মুখত প্ৰসাধন নাছিল, লগত নাছিল কোনো সা-সঁজুলি, মঞ্চত নাছিল আলোকসজ্জা, কোনো অৰ্কেষ্টাও নাছিল। একমাত্ৰ সৰোদ বজোৱাৰ বাবে উপস্থিত আছিল তিমিৰ বাৰণ। শঙ্কৰে চিমকিৰ লগত সেইদিনা ‘তাণ্ডৱ’ নৃত্য প্ৰদৰ্শন কৰিছিল। পাৰ্বতী হৈছিল চিমকি। কথক নৃত্যশিল্পীয়ে পৰিৱেশন কৰা ৰাধা-কৃষ্ণৰ নৃত্য আৰু নপুংসক সকলে প্ৰদৰ্শন কৰা অপৰিস্কৃত অংগীভংগীৰ কেতবোৰ নৃত্যৰ বাদে মই তেতিয়ালৈকে কোনো ভাৰতীয় নৃত্য দেখা নাছিলোঁ।সৰোদৰ ধ্বনিৰ সংগে সংগে শঙ্কৰ আৰু চিমকিৰ নৃত্যৰ তাল দেখি মই অভিভূত হৈ পৰিলোঁ। সেইদিনা ৰাতি মোৰ টোপনি নাহিল। সংগীত আৰু নৃত্যই মোৰ আপাদমস্তক শিহৰিত কৰি তুলিলে।

শান্তিনিকেতনে মোক বেংগলৰ মনোৰম প্ৰাকৃতিকদৃশ্যৰ প্ৰতিও মোৰ চকুদুটা খোল খুৱাই দিলে।মই আগতে পাঞ্জাৱৰ খাকী ৰঙী সমতল ভূমিত অনেক বছৰ আৰু অনেক গ্ৰীষ্ম ঋতু কাচৌলি আৰু চিমলাত কটাই পাইছোঁ। শান্তিনিকেতনৰ অভিজ্ঞতা আছিল সম্পূৰ্ণ বেলেগ। পাহাৰ, হাবি জংঘল, বোকা মাটি আৰু পানীৰ সৰৱ সোঁতেৰে পৰিপূৰ্ণ এয়া আছিল চাওতাল সকলৰ বাসভূমি। বৰষুণৰ সময় আছিল তেতিয়া। নদ- নৰ্দমাবোৰ পানীৰে উপচি পৰিছিল। বৰষুণৰ শেষত ঠাইখন বিভিন্ন জাতৰ সাপ আৰু নাইপিয়াৰে ভৰি পৰিছিল। প্ৰথমতে মোৰ বৰ ভয় লাগিছিল। দুটা সাপ নিধন কৰাৰ পিছতহে মই জানিব পাৰিছিলোঁ যে এইবোৰ সৰীসৃপ বিষাক্ত নহয়। ( কোনোবা নাৰীক ভয় খুৱাবৰ বাবে কৰা এটা জনপ্ৰিয় দুষ্টামী আছিল এইধৰণৰ ‘হাইলা’ সাপ কেইটামান তেওঁ শোৱা বিচনাখনৰ বিচনাচাদৰখনৰ তলত মনে মনে থৈ দিয়াতো!) এদিন ধাৰাষাৰে বৰষুণ হৈ যোৱাৰ পিছত মই হঠাতে এককাল পানীৰ ডোঙা এটাৰ মাজত সোমাই পৰিলোঁ। থাপ মাৰি কাঁইটীয়া জোপোহা এটাৰ ডালএটাত ধৰাৰ পিছত দেখিলোঁ তাত সাপ, নাইপিয়া, ভেকুলী আৰু নিগনি এসোপা একেলগে ওলমি আছে। সেই দুঃসময়ত সিহঁতে এটাই আনটোক একেবাৰে আমনি কৰা নাই! ইয়াত খোজ কাঢ়ি ঘূৰি ফুৰোঁতেই অৰ্ধনগ্ন, মূৰত খৰি কঢ়িয়াই নি থকা চাওতাল গাভৰুৰ লগত প্ৰায়েই বাটত ভেটাভেটি হৈছিল। কাজল ৰঙৰ গাৰ বৰণ আৰু সুগঢ়িত চেহেৰাৰ এই গাভৰুহঁতে মঞ্চত নৰ্তকীয়ে নৃত্যত খোজ কঢ়াৰ দৰে খোজ কাঢ়িছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথে এই চাওতাল লোকসকলৰ ৰজা বুলি চিনাকি দি ভাল পাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰক তেখেতৰ উত্তৰায়ণ নামৰ ৰাজকাৰেং সদৃশ ঘৰটোত সপ্তাহত মাত্ৰ এবাৰ আমাক দৰ্শন কৰাৰ অনুমতি দিয়া হৈছিল। তেখেতক সততে দাঁতৰ ডাক্তৰৰ ওচৰত দেখা আহল বহল প্ৰকাণ্ড চকী এখনৰ দৰে আসন এখনত বহি থকা দেখা গৈছিল। নন্দলাল বসু আৰু কেইজনমান সৌভাগ্যৱানেহে তেখেতৰ চৰণ স্পৰ্শ কৰাৰ অনুমতি পাইছিল। শিক্ষাৰ্থীসকল মজিয়াত লেপেতা কাঢ়ি বহি দাড়িৰে ঢাকি ৰখা তেখেতৰ মুখৰ পৰা সোনসেৰীয়া জ্ঞানগৰ্ভ বাণী নিঃসৰিত হোৱালৈ অপেক্ষা কৰি থাকিব লাগিছিল। কাচিৎ কেতিয়াবাহে তেখেতৰ মুখৰ মাত শুনিছিলোঁ। প্ৰতি সপ্তাহে কৰিব লগা এই কামটো মোৰ এক প্ৰহসন যেন লাগিছিল।

শান্তিনিকেতনত থকা সময়তে মই এবাৰ কলিকতালৈ গৈ ৰমা বিশ্বাসক লগ কৰাৰ কথা ভাবিলোঁ। তেখেত ছুটী কটাবলৈ আহি সেইসময়ত কলিকতাতে আছিল। তেওঁৰ লগত হৈ থকা যোগাযোগৰ পৰা আমাৰ সম্বন্ধটো কিছু প্ৰণয়পূৰ্ণ যেন হোৱা বুলি অনুভৱ হৈছিল। সেয়ে অকলে দেখা-সাক্ষাৎ হলে কিছু সম্ভাৱনাৰ প্ৰত্যাশাও মনলৈ আহিছিল। সপ্তাহৰ অন্তত বোলপুৰৰ পৰা হাওৰালৈ অহাযোৱা কৰিবৰ বাবে মই ৰে’লৰ টিকটৰ যোগাৰ কৰিলোঁ। মোৰ হাতত লেফাফা এটাৰ ভিতৰত মাত্ৰ দুখন দহটকীয়া নোট বাচি থাকিল। হাওৰা ব্ৰীজৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হৈ মই ব্যস্ততাপূৰ্ণ বজাৰ এলেকাত প্ৰৱেশ কৰিলোঁ। ৰমাৰ এপাৰ্টমেণ্টটো বিচাৰি উলিয়াবলৈ মোৰ তিনি ঘণ্টাতকৈও বেছি সময় লাগিল। ঘৰৰ কলিং বেলত মই হেঁচা দিলোঁ। কোনেও দুৱাৰ খুলি নিদিলে। মই দুৱাৰখনত ঢকিয়াবলৈ আৰম্ভ কৰিলোঁ। অলপ সময়ৰ পিছত কাষৰ ফ্লেটটোৰ পৰা এজন প্ৰতিৱেশী ওলাই আহিল আৰু মোলৈ সন্দেহজনক চাৱনিৰে মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে। তাৰপিছত মোক জানিবলৈ দিলে যে ৰমা ঘৰত নাই, উইকেণ্ড কটাবলৈ ঘৰৰ বাহিৰলৈ ওলাই গৈছে। মই জেপৰ পৰা লেফাফাটো উলিয়াই ফালি তাৰে এটা টুকুৰাত মোৰ নামটো লিখি থৈ যাওঁ বুলি ভাবিলোঁ। হঠাতে মই আৱিষ্কাৰ কৰিলোঁ লেফাফাটো ফালোঁতে লগতে ভিতৰত থকা দহটকাৰ নোটদুখনো দুটুকুৰা হৈ ফাটি থাকিল! বন্ধৰ দিন আছিল আৰু বেংকলৈ গৈ নোটদুখন সলনি কৰাৰ কোনো উপায় নাছিল। কি কৰিম, ক’ত থাকিম, ক’ত খাম কোনো উৱাদিহ নাপাই মই হাওৰালৈ উভতি আহিলোঁ। অৱশেষত মই মাৰোৱাৰী ধৰমশালা এটাত গৈ উপস্থিত হ’লোগৈ। ধৰমশালাৰ মেনেজাৰে মোক বাহিৰ হৈ যাবলৈ আদেশ দিলে –“এইটো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ বাবে থকা ধৰমশালা। তুমি তোমালোকৰ গুৰুদ্বাৰলৈ গৈ থাকাগৈ!” মই হাওৰাত থকা গুৰুদ্বাৰটো বিচাৰি উলিয়ালোঁ। গ্ৰন্থীজনে আনলোকৰ লগতে মোকো কোঠা এটাত থকাৰ ব্যৱস্থা কৰি দিলে। গুৰুদ্বাৰত খাবলৈ দিয়া দালি-ৰুটিৰ ভাগ মইও পালোঁ। কোঠাটোৰ মজিয়াতে মোৰ পাগুৰিটো গাৰু কৰি লৈ মই নিশাটো পাৰ কৰিলোঁ। পিছদিনা ৰাতিপুৱাই মই বোলপুৰ অভিমূখে চলা ৰে’লত উঠিলোঁ। হাওৰা দলংখন, জনপূৰ্ণ বজাৰ এলেকাটোৰ বাদে কলিকতাত মোৰ একো চোৱা নহ’ল। সঁচা প্ৰেমৰ পথ মসৃণ নহয়। এয়া আচলতে সঁচা অৰ্থত প্ৰেমো নাছিল। আছিল পৌঢ় এক মহিলাৰ প্ৰতি এটা কিশোৰৰ মনত সৃষ্টি হোৱা প্ৰচণ্ড কাম-অভিলাসৰ এক উদগীৰণ! (আগলৈ..)

No comments:

Post a Comment