মহিম বৰা আৰু নাই!
পঢ়া কিতাপৰ উপৰিও যেতিয়া আন কিতাপ পঢ়িব পৰাৰ বয়স হৈছিল, তেতিয়াই আমাৰ ঘৰৰ আলমাৰিত থকা তেখেতৰ ''মই পিপলী আৰু পূঁজা'' নামৰ কিতাপখনত হাত পৰিছিল.... কাঠনিবাৰী ঘাট পঢ়িছিলো বহু পিছলৈ....
কলিয়াবৰৰ হাটবৰতে অম্লানহ'তৰ ঘৰ ৷ সিহঁতৰ ঘৰলৈ ঘনাই অহা-যোৱা চলি থকা সময়তে তেখেতৰ ওচৰলৈ এবাৰ যোৱৰ কথা ভাবি আছিলো.... এবাৰ প্ৰায় পদূলিমুখেই পাইছিলোগৈ... পিছে তেখেতক লগ কৰা আৰু নহ'ল...
যেইকেইজন গল্পকাৰৰ গল্প আগন্তুক প্ৰজন্মই পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিব, মই বিশ্বাস ক'ৰো সেইসকলৰ ভিতৰত মহিম বৰাও থাকিব.....
''কলং পাৰৰ কবি'' বুলি তেখেতৰ সৃষ্টিক কলংৰ পাৰতে আৱদ্ধ ৰখাৰ প্ৰয়াস কৰিব নালাগে... গোটেই অসমতে ব্যাপ্ত হৈ থাকক তেখেতৰ সৃষ্টি.... নৱকান্ত বৰুৱাৰ মৃত্যুৰ সময়তো এই কথাটো ওলাইছিল... নিটিকিল ৷
তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ....
No comments:
Post a Comment