Friday, October 30, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - 20


 ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্

(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- 20
বিলাত আৱিষ্কাৰ

আমাৰ যাত্ৰাৰ সময়ত ভূমধ্যসাগৰৰ বাকীখিনি আছিল শান্ত-সমাহিত ৰৌদ্ৰোজ্বল নীলাভ সমূদ্ৰ। জিব্ৰাল্টাৰ প্ৰণালী পাৰ হৈ আমি “বে অৱ বিস্কয়” সোমালোঁ। এই অঞ্চলটোও সাগৰীয় ঢৌৰ উৎপাতৰ বাবে কুখ্যাত। আমাৰ কপাল ভাল আছিল। ইংৰাজ প্ৰণালীও অশান্ত উৰ্মিমালাৰ বাবে সৰ্বজনবিদিত। ইয়াতো আমাৰ ভাগ্য সুপ্ৰসন্ন আছিল। অৱশেষত আমি আহি চাউথাম্পটন পালোঁহি আৰু তাৰ পৰা পোনে পোনে লণ্ডনলৈ বুলি ‘ব’ট-ট্ৰেইন’-ত উঠিলোঁ। চহৰখনত মই ক’ত থাকিম সেই কথা তেতিয়ালৈকে একো ঠিক হোৱা নাছিল।
মোক আগবঢ়াই নিবলৈ আহি ৰ’মা বিশ্বাস ভিক্টোৰিয়া ৰে’লষ্টেচনত ৰৈ আছিলহি। মই আগতেই কৈছোঁ, গৱৰ্মেণ্ট কলেজৰ পৰা আদান-প্ৰদান হোৱা আমাৰ চিঠিবোৰ লাহে লাহে প্ৰণয়পূৰ্ণ হৈ গৈ আছিল।এবাৰ মই তেওঁক মডাৰ্ণ স্কুলত লগ কৰিবলৈও গৈছিলোঁ। স্কুলঘৰটোৰ ওপৰত সজা চুইট ৰূম এটাত তেওঁ বাস কৰিছিল। গোটেই সন্ধ্যাটো আমি আড্ডা মাৰি কটালোঁ। মই যাবলৈ যেতিয়া কোঠাটোৰ পৰা ওলাই আহিলোঁ বাহিৰত তেতিয়া উজ্বল জোনাক, আকাশত পূৰ্ণ চন্দ্ৰ। বিদায় জনাবলৈ কৰা বাক্যবিনিময়ৰ পৰিৱৰ্তে মই তেওঁক হঠাতে সাৱতি ধৰিলোঁ আৰু উন্মাদৰ দৰে চুমা খাবলৈ আৰম্ভ কৰিলোঁ। তেওঁ “কি কৰিছা, কি কৰিছা?” বুলি মোক বাধা দিবলৈ কিছু চেষ্টা কৰিছিল। তাৰপিছত হঠাতে উচাত মাৰি মই আহি তল পালোঁহি। লাহোৰলৈ আহি মোৰ তেনে ব্যৱহাৰৰ বাবে ক্ষমা খুজি মই এখন চিঠি দিছিলোঁ। ৰ’মাই অৱশ্যেই ক্ষমা কৰি দিছিল কিন্তু তাৰপিছৰ পৰাই তেওঁৰ চিঠিবোৰৰ উষ্ণতাও মোৰবোৰৰ দৰে লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছিল। ৰ’মাই লণ্ডনত মোক কেনেকৈ গ্ৰহণ কৰিব সেই সম্পৰ্কে মই একো ধাৰণা কৰিব পৰা নাছিলোঁ।
অলপ পিছতে মোৰ সেই সন্দেহ নোহোৱা হ’ল। গৌৱাৰ পথত থকা ‘ইণ্ডিয়ান ষ্টুডেণ্টছ ইউনিয়ন’ হললৈ আমি টেক্সি এখন ল’লো। টেক্সিৰ পিছৰ চিটত বহিয়েই ৰ’মাই মোক সাৱতি ধৰিলে আৰু চুমা খাবলৈ আৰম্ভ কৰিলে। হোষ্টেলটো গৈ নোপোৱালৈকে আমি দুয়ো-দুয়োকে আলিংগন আৰু চুম্বন কৰিয়েই থাকিলোঁ। হোষ্টেলটোত খালি চিট নাছিল। চেক্ৰেটাৰীজনে ৰাষ্টাটোৰ সিপাৰে থকা ‘মেনচন’-এটা দেখুৱাই আমাক তাত এবাৰ চেষ্টা কৰি চাবলৈ উপদেশ দিলে। লগত থকা বাকচটো টানি টানি আমি ৰাষ্টাটোৰ সিপাৰ পালোঁগৈ। এল. কে. ঝা ইতিমধ্যেই তাত থাকিবলৈ লৈছিল। চেৰাফিনো নামৰ ইটালিৰ পৌঢ় লোকএজনে মেনচনটো চলাইছিল। চেৰাফিনোৰ প্ৰকাণ্ড চেহেৰাৰ ইংৰাজ পৰিবাৰেই ৰন্ধা-বঢ়া কৰে। ঘৰটোৰ ওপৰত কামকৰা ছোৱালীদুজনীৰ এজনী থাকিবলৈ লোৱা কোঠাটোৰ ওচৰতে থকা কোঠা এটা আমাক দেখুউৱা হ’ল। থকা আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দুয়োটা সামৰি দামটো মই দিব পৰা সামৰ্থ্যৰ ভিতৰত। প্ৰথম কেইমাহমান মই ইয়াতে থকাৰ সিদ্ধান্ত ল’লো। আমি কোঠাটোত অকলশৰীয়া হোৱাৰ লগে লগেই আকৌ দুয়ো দুয়োকে উন্মাদৰ দৰে বিচনাৰ ওপৰত বাগৰি বাগৰি চুমা খাবলৈ ধৰিলোঁ। মই নাৰীৰ সান্নিধ্য এনেকৈ আগতে কেতিয়াও পোৱা নাছিলো আৰু কি কৰিব লাগে বা কি কৰিব নালাগে সেই সম্পৰ্কে মোৰ কোনো অভিজ্ঞতা নাছিল। ওঁঠ উখহি নোযোৱালৈকে মই ৰ’মাক চুমা খায়েই থাকিলোঁ। এটা সময়ত মই ৰ’মাৰ গাৰপৰা শাৰীখন আঁতৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মই আৰু আগবাঢ়িবলৈ নৌ-পাওঁতেই মোৰ স্বস্তিৰ নিঃশ্বাস ওলাই আহিল। বৰ লাজ লাগিল আৰু পৰিস্থিতিটোলৈ ঘিন লাগি গ’ল। ৰ’মাৰ ওচৰৰ পৰা লগে লগেই মোৰ আঁতৰি যাবলৈ মন গ’ল।
“এয়াতো প্ৰেম নহয়, এয়া হৈছে তোমাৰ ক্ষুধা!”- ৰ’মাই ক’লে। তাই তেতিয়াও পৰিতৃপ্ত হোৱা নাছিল আৰু মোকো এৰি দিব খোজা নাছিল। মই বিচনাত দীঘল দি পৰিলোঁ আৰু ৰ’মা এইবাৰ মোৰ ওপৰত উঠি ল’লে। “প্ৰমিজ কৰা, আকৌ যাতে তেনেকুৱা নকৰা”- তাই মোক সাৱধান কৰি দিলে। মোৰ ওপৰত আক্ৰমণ আকৌ আৰম্ভ হ’ল। আৰু এইবাৰো মোৰ অৱস্থা একেই হ’ল। তাৰপিছত মোৰ নিজলৈকে ঘিণ লাগি গ’ল।
ৰ’মাৰ লগত আকৌ আগবঢ়াৰ ইচ্ছা মোৰ সমূলি নোহোৱা হ’ল। ইতিমধ্যেই ৰাতিৰ আহাৰ খোৱাৰ সময় হৈছিল। আমি কোঠাৰ পৰা ওলাই আহিলোঁ আৰু ৰাষ্টাৰ কাষত থকা সৰু কাফে এখনত ৰাতিৰ সাঁজ খাবলৈ বহিলো। ভাগ্য ভাল আছিল, মেনচনটোৰ নিয়মমতে আন্ধাৰ হোৱাৰ পিছত তাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল।
ৰ’মাৰ যদি কিশোৰ ল’ৰাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে যথোাচিত জ্ঞান থাকিলহেঁতেন তেনেহলে তাই তাত থকালৈকে মোৰ লগত নিশ্চয় এটা নিকট সম্পৰ্ক ৰাখিব পাৰিলেহেঁতেন। কিন্তু আচলতে তাইৰ সেইদিনাৰ ব্যৱহাৰে মোক তাইৰ সংগৰ পৰা কেইবামাহলৈও আঁতৰাইহে পঠালে। তাৰ কেইদিনমান পিছলৈকে তাই মেনচনটোলৈ সঘনাই অহা-যোৱা কৰি আছিল আৰু মই নিশ্চিত কৰিছিলোঁ যে তাই যেন মোক কোঠাটোত অকলে পোৱাৰ সুবিধা নাপায়। কেইদিনমানৰ পিছত তাইৰো সম্ভৱ বিৰক্তি জন্মিল আৰু মডাৰ্ণ স্কুলৰ পৰাই অহা আন এটা অভিজ্ঞ ল’ৰাৰ লগত তাইৰ বন্ধুত্ব আৰম্ভ হ’ল। মই তাইৰ একো খবৰ নোপোৱা হ’লো।
প্ৰথম দৃষ্টিতেই মই লণ্ডনৰ প্ৰেমত পৰিছিলোঁ। চহৰখনৰ পথবোৰ, তাৰ সু-সজ্জিত দোকানবোৰ, বাছগাড়ী, ট্ৰামকাৰ, মাটিৰ তলত থকা সুৰংগ, চহৰখনৰ গোন্ধ সকলো ভাল লাগিছিল। তাৰোপৰি চহৰখনত দেখা মহিলাবোৰ আৰু মই দেখা পোৱা সকলোবস্তুৰে মই প্ৰেমত পৰিছিলোঁ। প্ৰথম কিছুদিন নতুনত্বৰ ভূ-ভা লৈ কটালোঁ, তাৰপিছত টটেনহাম চাৰ্কাছ, ডাউন অক্সফৰ্ড ষ্ট্ৰীটৰ পৰা মাৰ্বল আৰ্ক, অক্সফৰ্ড চাৰ্কাছ আৰু ৰিজেণ্ট ষ্ট্ৰীটৰ পৰা পিকাডিলী চাৰ্কাছলৈ খোজ কাঢ়িবলৈ ল’লো। চেইণ্ট মাৰ্টিন-ইন-দি-ফিল্ড গীৰ্জাঘৰৰ খটখটিত বহি পাৰচৰাইক বুটমাহ খুউৱাৰ দৃশ্য চালোঁ, জাক জাক মইনা চৰাইৰ কলৰৱ প্ৰাণভৰি উপভোগ কৰিলোঁ। লাহে লাহে আন্ধাৰে যেতিয়া ধৰা ঢাকি ধৰে মই খোজ কাঢ়ি কাঢ়ি ষ্টেণ্ডৰ পৰা হলৱৰ্ণ, ব্লুমছবেৰী হৈ মেমচনটোলৈ উভতি আহোঁ।
কিছুদিনৰ পিছতে দৈনিক ৰুটিন পৰিক্ৰমা আৰম্ভ হৈ গ’ল। ৰাতিপুৱাই ইউনিভাৰচিটি কলেজত ৰোমান আইনৰ ক্লাছ আৰম্ভ হয়। ডক্টৰ জলৱিছ নামৰ বৰ খঙাল, ৰুক্ষ মুখৰ শিক্ষক এজনে আমাক ৰোমান আইন পঢ়াইছিল। তাৰপিছতে ষ্ট্ৰেণ্ডত থকা কিংছ কলেজলৈ বুলি বাছত উঠিবলৈ ঢাপলি মেলিছিলোঁ। তাত ষ্টাডি বিভাগৰ ডিন ডক্টৰ পটাৰে ইংৰাজী আইন পঢ়াইছিল। তাৰপিছত অলউইছ হৈ লণ্ডন স্কুল অৱ ইকনমিকছলৈ গৈছিলোঁ, তাত প্ৰফেছাৰ হেৰল্ড লাস্কিয়ে ৰাজনীতিৰ বিষয়ে, প্ৰফেছাৰ ডাভিছে ‘ল অৱ টৰ্ট’-ৰ বিষয়ে আৰু প্ৰফেছাৰ আইভৰ জেনিঙছে সাংবিধানিক আইনৰ ওপৰত সপ্তাহত দুদিনকৈ বক্তৃতা দিছিল। ক্লাছৰ পৰা সন্ধ্যা মই ব্ৰিটিছ মিউজিয়াম হৈ হলবৰ্ণৰ সু-আলোকিত পদপথেৰে চেৰাফিনোৰ থকা ঘৰটোলৈ খোজ কাঢ়ি কাঢ়ি উভতি আহিছিলোঁ। বৰ কম দামতে ভাত আৰু তৰকাৰী পোৱা যায় বাবে প্ৰায়েই ৰাতিৰ আহাৰ মই ইণ্ডিয়ান ষ্টুডেণ্টছ হোষ্টেলতে খাইছিলোঁ। কেতিয়াবা ইটালিয়ান ৰেষ্টোৰাঁ এখনত খাবলৈ যাওঁ, তাত পাঁচ চিলিং মান খৰচ কৰি পেট ভৰি যোৱাকৈ পাষ্টা খাব পৰা গৈছিল। মাজে মাজে ইনাৰ টেম্পলতো ৰাতিৰ আহাৰ খাবলৈ গৈছিলোঁ। তালৈ ক’লা পোছাকৰ ওপৰত ক’লা গাউন এটা পিন্ধি যাব লাগিছিল। তাত প্ৰত্যেক চাৰিজনৰ মাজত দুবটল পৰ্ট বা ৰে’ড ৱাইন দিয়া হৈছিল। ৱাইন পিবলৈ সদা উন্মূখ হৈ থকা ইংৰাজ বিদ্যাৰ্থীসকলে যাতে মোৰ ভাগটো গলাধঃকৰণ কৰিব পাৰে তাৰবাবে তেওঁলোকৰ মাজত চাৰিজন হ’বলৈ মোক লৈ প্ৰায়েই টনা আজোৰা কৰিছিল।
নৱেম্বৰ মাহৰ পৰা ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে বেমাৰ কঢ়িয়াই অনা বাদামী আৰু হালধীয়া বৰণৰ কুঁৱলী পৰা আৰম্ভ হ’ল। কেইহাতমান আঁতৰতে কি আছে দেখা পোৱা নাযায়। মোৰ ঠাণ্ডা লগা অসুখ আৰম্ভ হ’ল, তাৰ পিছতে জ্বৰ আৰু কাহ। মই পৰামৰ্শ কৰা ডাক্তৰজনে পাৰিলে কেইদিনমান মোক লণ্ডনৰ পৰা আঁতৰি থাকিবলৈ ক’লে। ৱাকিমহামছাইয়াৰ বুলি কোৱা ঠাই এখনলৈ মই ৰে’লত উঠি লণ্ডনৰ পৰা আঁতৰি গ’লো আৰু তাতে নিউ ফৰেষ্ট বুলি কোৱা অঞ্চলটোৰ মাজত থকা পাব এখনৰ কোঠা এটা কিছুদিনৰ কাৰণে ভাড়া কৰি ল’লো। ঠাইখনৰ নিৰ্মল বায়ু আৰু এলম, ওক, পাইন গছৰ মাজে মাজে খোজ কাঢ়িবলৈ লোৱাৰ দুদিনমান পিছতে মোৰ জ্বৰ কাহ নাইকিয়া হৈ গ’ল। মোৰ ইমান ভাল লাগিল যে লণ্ডনলৈ উভতি আহিবলৈকে মোৰ মন নোযোৱা হ’ল।
এদিন ৰাতি ভাত খাই উঠাৰ পিছত জংঘলৰ মাজে মাজে মই বহুদূৰ খোজ কাঢ়িলো আৰু ঘুৰি আহি ঘৰটোৰ প্ৰথম মহলাত থকা মোৰ বিচনাখনত অনিচ্ছাসত্বেও বাগৰ দিলোঁহি। এনেতে পাবখনৰ প্ৰৱেশস্থানত ৰাতি থাকিবলৈ অহা যাত্ৰীদুজনৰ লগত হোৱা কথোপকথন শুনিবলৈ পালোঁ। নাৰী কণ্ঠটো মোৰ চিনাকি-চিনাকি লাগিল। কোঠাৰ পৰা মনে মনে ওলাই আহি মই বেলকণিৰ পৰা তললৈ জুমি চালোঁ। তলত সেই জাহাজত লগ পোৱা আমাক প্ৰৱচন দিয়া নেহৰু মহিলাগৰাকী, লগত এজন ইংৰাজ যুৱক। তেওঁ সম্ভৱ ৰেজিষ্টাৰখনত মোৰ নামটোও দেখিলে। তথাপিও সেই সময়ত কৰিব পৰা একো নাছিল। তেওঁলোকক মোৰ কোঠাটোৰ লগতে থকা আন এটা কোঠা দিয়া হ’ল। পিছদিনা কাহিলিপুৱাতে তেওঁলোকে পাবখন এৰি গুচি গ’ল। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কোঠাটোৰ ভাৰাৰ লগতে সামৰা আছিল যদিও তালৈ তেওঁলোকে অপেক্ষা নকৰিলে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খাবলৈ তললৈ যাওঁতে মই ৰেজিষ্টাৰখনত এপলক চকু ফুৰাই চাইছিলোঁ। তাত মিষ্টাৰ আৰু মিচেছ বুলি কিবা ইংৰাজী নামদুটা লিখা আছিল! ভাৰতৰ বাহিৰত ভাৰতীয়ই কেনেকৈ ৰাষ্ট্ৰদূতৰ দৰে কাম কৰিব লাগে আৰু বিদেশত ভাৰতীয় নাৰীয়ে কেনেকৈ নিজৰ মৰ্য্যাদা অক্ষুন্ন ৰাখিব লাগে সেয়া তাৰেই আছিল এক নিদৰ্শন। দীপাৱলী, গান্ধীজীৰ জন্মদিন আদি ভাৰতীয়সকলে পতা অনুষ্ঠানত মই পাছলৈ তেওঁক প্ৰায়েই লগ পাইছিলোঁ। মই আচৰিত হৈছিলোঁ যে ইমানৰ পিছতো তেওঁ সুবিধা পালেই আনক বিদেশত কেনেধৰণৰ আচৰণ কৰিব লাগে সেই সম্পৰ্কে প্ৰৱচন দিয়া অভ্যাসটোা এৰিব পৰা নাছিল। (.. আগলৈ)

No comments:

Post a Comment