মগজুৰ দুৰ্গন্ধ
আজিৰ পৰা দুকুৰি বছৰৰ পূৰ্বে সৰ্বত্ৰে প্ৰচলিত এটা জনপ্ৰিয় শব্দ আছিল
ব্ৰেইন-ড্ৰেইন (Brain-drain)। তাৰ অৰ্থ আছিল শৈক্ষিক দিশত আগবাঢ়ি যোৱা ছাত্ৰ-ছাত্ৰীসকল,
চৰকাৰী ভাৱে উপলব্ধ প্ৰতিষ্ঠানত শিক্ষা-দীক্ষা লোৱাৰ সুবিধা গ্ৰহণ কৰাৰ পাছতো এসময়ত
বেছি দৰমহা বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গুচি যায়গৈ। ইয়াৰ পৰা আমাৰ দেশখনৰ বা সমাজৰ
কি উপকাৰ হৈছে? এনেদৰে দেশ এৰি যোৱা প্ৰতিভাসমূহৰ বাবে দেশে আগবঢ়োৱা সুবিধাৰ কি
প্ৰতিদান পোৱা গৈছে? আমাৰ দেশ আৰু সমাজ এই প্ৰতিভাশালী মগজুৰ পৰা বঞ্চিত হৈ ৰৈছে কিয়?
মগজুক উটুৱাই লৈ যোৱা এই ধাৰাৰ অৱসান কেতিয়া ঘটিব? ইত্যাদি। এতিয়া সময় সলনি হ’ল। আজিকালি
ব্ৰেইন-ড্ৰেইনৰ কথা বৰকৈ শুনা নাযায়। তাৰ সলনি সম্প্ৰতি জনপ্ৰিয় হৈ পৰা এটা শব্দ হৈছে
–“ব্ৰেইন-ৰট্”(Brain-rot) মানে পচা মগজু বা গেলা মগজু! আমোদজনক কথা।
চিকিৎসা বিজ্ঞানৰ দ্বাৰা স্বীকৃত নহ’লেও ‘পচা মগজু’ আজিকালি সৰ্বত্ৰই
বিৰাজমান। প্ৰতীকি অৰ্থত পচা বা গেলা শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে যাৰ অৰ্থ মানসিক
অৱক্ষয়। কুৰি শতিকাত দুৰদৰ্শন আৰম্ভ হোৱাৰ লগে লগে একশ্ৰেণীৰ মানুহ তাৰ নিচাত বৰকৈ
আসক্ত হৈছিল আৰু ইয়াৰ ফলত মানুহৰ ক্ৰমশঃ চিন্তা শক্তি লোপ পাব বুলি তেতিয়াই ভৱিষ্যতবাণী
কৰা হৈছিল। কিতাপ এখন পঢ়িলে যেনেকৈ মগজুৰ কেইবাটাও দিশত প্ৰসাৰ হয়, চিনেমা এখন চাই
থাকিলে তাৰ কেইবাটাও দিশ বন্ধ হৈ যায়। এটা সৰু পাহাৰলৈ এজনী ছোৱালী লাহে লাহে উঠি
গৈছে – এই কথাটো পঢ়িলে পঢ়ূৱৈৰ কল্পনাত এটা দৃশ্যৰ উদয় হয়। সেই দৃশ্যটো
কেনেকুৱা হ’ব পাৰে সেইটো নিৰ্ভৰ কৰে পঢ়ূৱৈজনৰ দৃষ্টিভংগীৰ ওপৰত, অভিজ্ঞতাৰ ওপৰত,
কল্পনা শক্তিৰ ওপৰত। কিন্তু সেই একেই দৃশ্যটো যেতিয়া টেলিভিছন বা চিনেমাৰ পৰ্দাত দৃশ্যমান
হৈ যায়, তেতিয়া আৰু তাত কল্পনা কৰিব লগা একো নাথাকে। অৰ্থ্যৎ চিন্তাৰ এটা দিশ বন্ধ
হৈ যায়। লাহে লাহে দূৰৰ্দৰ্শনৰ সময় পাৰ হৈ কম্পিউটাৰৰ যুগ আহিল, আহিল ইণ্টাৰনেট, হাতে
হাতে স্মাৰ্ট ফোন আহি গ’ল। মানুহৰ চিন্তা কৰাৰ প্ৰয়োজন উদ্বেগজনকভাবে কমি আহিল। আমাৰ
উঠি অহা প্ৰজন্মৰ মাজত ইলেক্টনিক গেজেট অপৰিহাৰ্য্য হৈ পৰিছে। কল্পনা শক্তি আৰু চিন্তা
কৰাৰ শক্তি কমি অহাটো ঘৰতে প্ৰমান কৰিব পাৰি। দুৰ্দান্ত বনৰীয়া হাতী এটাক লোহাৰ শিকলিৰে
বান্ধি বশ কৰি লোৱাৰ পাছত এদিন তাক এডাল সাধাৰণ জৰীৰেই বান্ধি ৰাখিব পাৰি। মানুহৰ
মনটোৰ ক্ষেত্ৰটো উপমাটো খাটে। বেগৱন্ত মনটোক টেলিভিছত, কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত
বান্ধি ৰখাৰ অনুশীলন কৰাৰ ফলত এদিন মানুহৰ চিন্তা কৰাৰ পদ্ধতি আৰু পৰিধি টুটি আহে।
ক’ব নোৱাৰাকৈয়ে পৰিৱৰ্তন আহি পৰে মানুহৰ ব্যৱহাৰত, চিন্তাত। তাৰেই ফলশ্ৰুতিত এতিয়া
সৃষ্টি হৈছে গেলা মগজুৰ দুৰ্গন্ধ।
তথ্যৰ নিষ্ক্ৰিয় ব্যৱহাৰে মানুহৰ বৌদ্ধিক অৱনতি ঘটায়। গভীৰ চিন্তাশক্তি,
সৃষ্টিশীলতা আৰু মনোযোগৰ ক্ষমতা দীৰ্ঘ অনুশীলনৰ ফল। যোগাযোগ আৰু মনোৰঞ্জনৰ মাধ্যমসমূহে
মানুহৰ চিন্তাধাৰালৈ প্ৰচুৰ পৰিৱৰ্তন আনি দিছে। মূহুৰ্ততে ফলপ্ৰাপ্তিৰ ইপ্সাই মানুহৰ
মানসিকতাক কল্পনা কৰিব নোৱাৰা পৰ্যায়লৈ লৈ গৈছে। সেইয়ে একাংশ লোকৰ মাজত প্ৰতিফলিত
হ’বলৈ আৰম্ভ কৰিছে এক নতুন মানসিকতা আৰু ব্যৱহাৰৰ, আহি পৰিছে এটা নতুন শব্দ – পচা মগজু বা ৰটেন ব্ৰেইন!
‘ব্ৰেইন-ৰট’-ৰ প্ৰধান কাৰকসমূহ এনেধৰণৰঃ
শাৰীৰিক নিষ্ক্ৰিয়তা আৰু অকৰ্মণ্য জীৱন শৈলীঃ মানসিক পৰিশ্ৰম আৰু শাৰীৰিক
সক্ৰিয়তাৰ সন্তুলন সুস্থ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। নিষ্ক্ৰিয় শৰীৰ কিন্তু প্ৰচণ্ড
মানসিক পৰিশ্ৰমে এই সন্তুলনলৈ বিকাৰ কঢ়িয়াই আনে। শৰীৰ সক্ৰিয় নহ’লে মগজুলৈ তেজৰ সোঁত
পৰ্যাপ্ত পৰিমানে ব’ব নোৱাৰে, নতুন নিউৰনৰ বৃদ্ধি বা সৃষ্টি নহয় যিটো স্মৃতিশক্তি
আৰু সৃজনশীল কৰ্মৰ বাবে অপৰিহাৰ্য। এই ছন্দপতনৰেই ফলশ্ৰুতি হ’ব পাৰে পচা মগজু!
প্ৰযোজনাধিক ডিজিটেল মাধ্যমৰ ব্যৱহাৰঃ ডিজিটেল মাধ্যমৰ অতিৰিক্ত বোজাই
মানুহৰ চিন্তা শক্তিত প্ৰভাৱ পেলায়। চিন্তা কৰাৰ পদ্ধতিটোলৈ পৰিৱৰ্তন আনে। এসময়ত সেই
পদ্ধতি নিজে উপলব্ধি নকৰাকৈয়ে নিজৰ ব্যৱহাৰত পৰিস্ফুত হয়। আৰম্ভ হয় মগজুৰ অৱক্ষয়।
পুষ্টিহীনতাঃ শৰীৰত প্ৰয়োজন হোৱা সুষম খাদ্যৰ অভাৱ আৰু অতিৰিক্ত জাংক
ফুড, প্ৰচেছড ফুডে দেহত অস্বাস্থ্যকৰ চৰ্বীৰ পৰিমান বঢ়াই আনে। এসময়ত ইয়াৰ প্ৰভাৱ পৰিবলৈ
আৰম্ভ কৰে মগজুত।
মানসিক চাপঃ দীৰ্ঘদিন ধৰি ভুগি থকা মানসিক উদ্দীপনাই মানুহৰ চিন্তা কৰিব
পৰা ক্ষমতা হ্ৰাস কৰি আনে। মোবাইলৰ সৰু পৰ্দাখনত ভাঁহি থকা সমস্ত জগতখনৰ লগত সম্পৰ্ক
কেনেধৰণৰ বা কৰ্মসূত্ৰে এইবোৰ মাধ্যমৰ দ্বাৰা মানসিক চাপ কিমান সৃষ্টি কৰা হৈছে সেইটোও
মানসিক স্বাস্থ্যৰ বাবে মন কৰিবলগা কথা। বিভিন্ন প্ৰতিষ্ঠানে তেওঁলোকৰ কৰ্মচাৰীসকলক
দিনটোৰ চৌৱিশ ঘণ্টাই মোবাইলৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাম কৰাটো বিচাৰে।
মানসিক চাপ বৃদ্ধিত সংবাদ মাধ্যমো পিছ পৰি থকা নাই। অলাগতীয়াল কথাৰে দৰ্শকৰ মনত কৌতুহলৰ
সৃষ্টি কৰি বা মানুহক আবেগিক কৰিও মানসিক চাপ বৃদ্ধি কৰা দেখা গৈছে।
এই সমস্ত কাৰণবোৰৰ প্ৰভাৱ দেখা যায় মানুহৰ কমি অহা ধৈৰ্য শক্তি, চিন্তা
কৰিবপৰা শক্তি লোপ পোৱা, নিচাযুক্ত আচৰণ আৰু স্মৃতি শক্তিৰ অভাৱ। আগতকৈ আজিৰ দিনত
আলজেইমাৰ ৰোগীৰ সংখ্যাও অধিক। ব্ৰেইন ড্ৰেইন শব্দটোৰ লগত এই ৰোগৰ সম্পৰ্ক নাই যদিও
দুয়োটাৰ বাবেই জগৰীয়া বৰ্তমানৰ আধুনিক জীৱন শৈলী। অধ্যয়নত প্ৰকাশ পাইছে যে মনত ৰাখিব
লগা কথাটো ডিজিটেল ডিভাইচত সাঁচি ৰাখিব পৰা, সময়ে সময়ে মনত পেলাই দিব পৰাৰ ব্যৱস্থাই
মানুহৰ মনটোৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিছে। আনহাতে অহৰহ কাৰোবাৰ লগত যোগাযোগ ৰাখি
থাকি কল্পনাপ্ৰসূত এখন জগতত বাস কৰিব পৰা ব্যৱস্থাই মানুহক বাস্তৱৰ পৰা লাহে লাহে আঁতৰাই
লৈ গৈ আছে।
সম্প্ৰতি প্ৰধান সমস্যাটো হৈছে মগজুটো নপচাকৈ ৰাখিব পাৰি কেনেকৈ? নিষ্ক্ৰিয় তথ্য বা সামাজিক মাধ্যমৰ ব্যৱহাৰ সদায় ক্ষতিকাৰক নহয়, সকলো নিষ্ক্ৰিয় কাৰ্য্যকলাপে জ্ঞানশক্তিৰ অৱনতিৰ সূচনা নকৰে। চিন্তা-উদ্দীপক ছবি এখন চোৱা, আনন্দৰ বাবে পঢ়া, আনকি আৰাম কৰিবলৈ বিৰতি লোৱাটোও মানসিকভাৱে সমৃদ্ধিশালী আৰু মানসিক শক্তি পুনৰুদ্ধাৰকাৰী কাৰণ হ’ব পাৰে।সচেতনতাই হৈছে ইয়াক
প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ আহিলা। দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিলে প্ৰযুক্তিয়ে সৃজন আৰু সৃষ্টিশীলতাক উদ্দীপিত কৰিবও পাৰে। শিক্ষামূলক এপ, অনলাইন পাঠ্যক্ৰম, আৰু ইন্টাৰেক্টিভ মিডিয়াই সমস্যা সমাধানৰ দক্ষতা আৰু জ্ঞান আহৰণত প্ৰচুৰ সহায় কৰিব
পাৰে। সেয়ে এনে মাধ্যমৰ ব্যৱহাৰে আমাৰ মানসিক জগতখনক কেনেকৈ সমৃদ্ধ কৰিছে সেইটো
লক্ষ্য ৰখাটোহে আটাইতকৈ বেছি প্ৰয়োজন। ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি মেধাৱী ছাত্ৰই
ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত ভাল ফল দেখুৱাব পৰা উদাহৰণো আমাৰ মাজতেই আছে। মানসিক স্বাস্থ্য অটুত ৰাখিবলৈ মানসিক, শাৰীৰিক আৰু আৱেগিক সুস্থতাক সামৰি লোৱা সুষম জীৱনশৈলীৰ প্ৰয়োজন। তাৰবাবে সতেত
আগবঢ়োৱা পৰামৰ্শবোৰৰ ভিতৰত অন্যতম হৈছে
নিয়মীয়া শৰীৰচৰ্চা বা ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, চিন্তাৰ প্ৰয়োজন হোৱা কামক
অগ্ৰাধিকাৰ দিয়া, মনটোক প্ৰফুল্ল কৰিব পৰা কামত দিনটোত অন্ততঃ কিছুসময় ব্যয় কৰা
(খেলা, বাদ্যয়ন্ত্ৰ বজোৱা আদি), ডিজিটেল ডিভাইচৰ সীমিত ব্যৱহাৰ কৰা আৰু ধ্যান বা
প্ৰাণায়াম আদিৰে মানসিক চাপ কমোৱা। সামাজিক মাধ্যমৰ পৰিশীলিত ব্যৱহাৰ আৰু
অন্যৱশ্যক সংযোগৰ পৰা আঁতৰি থকাটোও এনে পৰামৰ্শৰ ভিতৰতে আছে।
"মগজু পচি যোৱা" ধাৰণাটো আধুনিক জীৱনশৈলীৰ প্ৰত্যাহ্বানসমূহক প্ৰতিনিধিত্ব কৰিবলৈ উপমা হিচাপে ব্যৱহাৰ কৰা হৈছে। এই শব্দটোৱে সক্ৰিয় কৰিছে আধুনিক জীৱনশৈলী সম্পৰ্কে মানুহৰ সচেতনতা। একমাত্ৰ সচেতননাইহে আমাক পচি যোৱা মগজুৰ দুৰ্গন্ধৰ পৰা বচাই ৰাখিব পাৰিব। আগন্তুক বছৰটোৱে আমালৈ সমৃদ্ধি কঢ়িয়াই আনক, পাঠকসকললৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
No comments:
Post a Comment