আজাৰাৰ সংশয় আৰু সম্ভাৱনা
ভাৰতবৰ্ষৰ বৰ্তমান
সময়ৰ জনসংখ্যা ১.৪২ বিলিয়ন বা ১৪২০ নিযুত। পৰিসংখ্যামতে এই জনসংখ্যাৰ ৩৬.৩৬ শতাংশ নগৰবাসী
আৰু ২০৫০ চনত নগৰসমূহত বাস কৰালোকৰ সংখ্যা দেশৰ মূল জনসংখ্যাৰ ৬৪ শতাংশ হ’বগৈ। গাওঁৰ
পৰা চহৰবাসী হোৱা নাগৰিকৰ সোঁতটো অকল যে আমাৰ দেশতহে বাঢ়িছে তেনে নহয়। ২০২০ চনতে
চীন দেশৰ নগৰসমূহত থকা বাসিন্দাৰ সংখ্যাটো মূল জনসংখ্যাৰ ৬০ শতাংশ চুইছিলগৈ। আমেৰিকা
আৰু ইউৰোপৰ কেইবাখনো দেশত চহৰত বাস কৰা নাগৰিকৰ সংখ্যা হেনো সৰ্বমুঠ জনসংখ্যাৰ প্ৰায়
৮০ শতাংশ। কথাটো আচৰিত হ’বলগীয়া কিন্তু নিজৰ গাত চিকুট মাৰি চালেই এই কথাৰ উমান পোৱা
যায়। গাৱঁৰ ঘৰবোৰ কেনেকৈ লাহে লাহে পৰিত্যক্ত হ’বলৈ আৰম্ভ কৰিছে আৰু গাঁৱত জন্মহোৱা
কত সন্তানে আহি চহৰত খোপনি পুতিছেহি সেইকথা চকুৰ আগতে স্পষ্টকৈ দেখা দিয়ে। কালৰ সোঁতত
এসময়ত গাওঁ থাকিবগৈ নে নাই, সেইটোতহে সন্দেহ ওপজে।
আজিৰ দিনত পৃথিৱী
নামৰ গোলকটোৰ সমূখত আটাইতকৈ ডাঙৰ সমস্যাটো কি বুলিলে সকলোৱে একমুখে স্বীকাৰ কৰি
লোৱা বিষয়টো হৈছে জলবায়ুৰ পৰিৱৰ্তন! পৃথিৱীৰ সকলো দেশৰে এইটো এটা উমৈহতীয়া সমস্যা।
পৃথিৱৰী ওপৰত থকা বায়ু-পানী দিনে দিনে ইমানেই বিষাক্ত হৈ গৈ থাকিব ধৰিছে যে, এনে লাগে,
এদিন হয়তো মানৱ জীৱনৰ বাবে অপৰিহ্ৰাৰ্য্য এই দুয়োটা উপাদানেই প্ৰাকৃতিকভাৱেই মানুহৰ
বাবে অনুপযোগী হৈ পৰিব। আমাৰ দেশৰ দিল্লী মহানগৰীত জন্মহোৱা শিশুসকলৰ জন্মৰ সময়ৰ
পৰাই শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা দেখা গৈছে। এনে অৱস্থা আন আন চহৰলৈও বিয়পি পৰিবলৈ
আৰু বেছি দিন হয়তো নাই। আমোদজনক কথা যে পৃথিৱীৰ ওপৰত এনে সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰধান
কাৰকটোও আমি নিজেই। ১৮শ শতিকাত আৰম্ভ হোৱা উদ্যোগ বিপ্লৱে মানৱ সভ্যতালৈ যুগান্তকাৰী
পৰিৱৰ্তন আনি দিলে। জীৱিকাৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰা দিনবোৰৰ লাহে লাহে অন্ত পৰিল
আৰু যন্ত্ৰই বহু কঠিন কাম সহজেই আমাক কৰি দিব পৰা হ’ল। যন্ত্ৰ আৰু উদ্যোগে এহাতে জীৱন়যাত্ৰালৈ
সুচলতা আনিলে ঠিকেই কিন্ত আনহাতে আমাৰ চৌদিশৰ পৰিৱেশটো লাহে লাহে প্ৰদূষিত কৰি আনিলে।
আদিতে সেই প্ৰদূষণ আছিল নগণ্য, গুৰুত্ব দিব লগা বিষয়েই নাছিল। কিন্ত মাত্ৰ ২০০ বছৰমান
সময়ৰ ভিতৰতে ই পৃথিৱী নামৰ গ্ৰহটোলৈ এক বিৰাট প্ৰত্যাহ্বান আনি দিলে। মানৱসৃষ্ট প্ৰদূষণক
যদি নিয়ন্ত্ৰণ কৰিব পৰা নায়ায় তেতিয়াহলে জলবায়ুৰ ভয়ানক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।
তাৰ লগে লগে আৰম্ভ হ’ব মানুহৰ শৰীৰৰ ওপৰত তাৰ প্ৰভাৱ। মানৱ দেহত সৃষ্টি হ’ব ন ন অচিনাক্ত
ৰোগৰ। পৃথিৱীৰ বিভিন্ন ঠাই মানুহৰ বসবাসৰ
বাবে উপযোগী হৈ নাথাকিব। আৰু এটা ভয়ানক সম্ভাৱনাই মূৰ ডাঙি উঠিছে- বহুঠাইত পৃথিৱীৰ
ওপৰভাগৰ মাটিয়ে হেৰুৱাইছে মাটিৰ গুণ। তেনে মাটিৰ ওপৰত শষ্য বা গছ-বিৰিখ জন্ম হোৱাতোটো
দূৰৈৰে কথা, তেনে মাটিয়ে শোষন কৰিব নোৱাৰে পানী আৰু তেনে ঠাইত পৰি ৰোৱা কোনো পদাৰ্থ
কেতিয়াও মিলি নাযায় মাটিৰ লগত!
বৰ্তমান সময়ৰ প্ৰদূষণৰ
এটা মূল কাৰন প্ৰাকৃতিকভাৱে ধ্বংস কৰিব নোৱাৰা প্লাষ্টিকৰ ব্যৱহাৰ। সমগ্ৰ পৃথিৱীত
বিমান পৰিবহন উদ্যোগটোৱে পৰা যিমান প্ৰদূষণৰ সৃষ্টি কৰে, তাৰ প্ৰায় দুগুণ প্ৰদূষণ
হয় এই এবাৰ ব্যৱহাৰ কৰিয়েই পেলাই দিব লগা প্লাষ্টিকৰ পৰা। গ্ৰীনহাউচ গেচত থকা মিথেন
নামৰ মাৰাত্মক গেছ নিৰ্গমণত প্লাষ্টিকৰ অৱদান শতকৰা ১৫ শতাংশ। অথচ পৃথিৱীৰ বুকুৰ পৰা
প্লাষ্টিকৰ অপ্ৰয়োজনীয় ব্যৱহাৰৰ অন্ত পৰা নাই। উন্নত দেশসমূহত এনে প্লাষ্টিকৰ ব্যৱহাৰ
সম্পূৰ্ণভাবে নিষেধ কৰা হৈছে যদিও ভাৰতবৰ্ষৰ দৰে দেশসমূহত সামগ্ৰিকভাবে ইয়াৰ ব্যৱহাৰ
ব্যাপক হাৰত হৈয়েই আছে। সাধাৰণতে ঘৰুৱা কামত সৃষ্টি হোৱা আৱৰ্জনাৰ বেছিভাগেই প্ৰকৃতিৰ
লগত মিলি যায় আৰু প্ৰদূষণ সৃষ্টি নকৰে। কিন্তু প্লাষ্টিকৰ দৰে ভয়ংকৰ প্ৰদূষণ সৃষ্টি
কৰিব পৰাৰ সম্ভাৱনা আন কাৰো নাই। প্ৰতিবছৰে ৮ ৰ পৰা ১১ নিযুত মেট্ৰিক টন প্লাষ্টিক
সাগৰৰ বুকুলৈ নিক্ষেপ কৰা হয়। ইয়াৰ বিষক্ৰিয়াৰ প্ৰভাৱত পৰিছে ২৬৭ বিধ প্ৰজাতিৰ সামূদ্ৰিক
প্ৰাণী আৰু চৰাই। প্লাষ্টিক মাটি বা প্ৰকৃতিৰ লগত মিলি নাযায় আৰু ই এসময়ত বিভক্ত হৈ
অস্ংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাত (মাইক্ৰ-প্লাষ্টিক) পৰিণত হয়। মাছ, সাগৰৰ প্ৰাণী চৰাই
আদিয়ে সেইবোৰ ভক্ষণ কৰাৰ ফলত মানুৰহ বাবে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীত সেইবোৰ মিহলি
হৈ যায় আৰু অৱশেষত মানুহৰ দেহত প্ৰৱেশ কৰে। মানৱ পাচকতন্ত্ৰইও তাক হজম কৰিব নোৱাৰে
আৰু অৱশেষত সেইবোৰেই দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে।
অভূতপুৰ্ব হাৰত বাঢ়ি
অহা নাগৰিক জীৱনে মহানগৰসমূহত ব্যাপক হাৰত প্লাষ্টিকৰ আৱৰ্জনা তৈয়াৰ কৰিবলৈ ধৰিছে।
বিশেষকৈ গগনচুম্বী এপাৰ্টসমূহ নগৰৰ চাৰিওদিশে ব্যাপক হাৰত বাঢ়ি আহিছে কিন্তু সেইবোৰত
উৎপন্ন হোৱা আৱৰ্জনা নিষ্কাশনৰ বাবে ল’ব লগা ব্যৱস্থাৰ কোনো বাধ্যবাধ্যকতা দেখা
নাই। ফলত তেনে বিষাক্ত পদাৰ্থৰ শেষ আশ্ৰয় হৈছে ৰাষ্টাৰ দাঁতি বা নৈ, বিল আৰু পুখুৰীৰ
পাৰ। এই ক্ষেত্ৰত প্ৰশাসনে বিষয়টো যিমান গুৰুত্ব সহকাৰে ল’ব লাগে সিমান লোৱা দৃষ্টিগোচৰ
হোৱা নাই। ফলত প্ৰতিটো প্ৰতিষ্ঠান আৰু প্ৰতিটো পৰিয়ালত অহৰহ সৃষ্টি হোৱা আৱৰ্জনাসমূহ
নিষ্কাশনৰ ক্ষেত্ৰত কোনো নিৰ্ভৰযোগ্য ব্যৱস্থাৰে একো আগজাননী দেখা নাই।
আমাৰ গুৱাহাটী চহৰখন পূৱ-পশ্চিম দুয়োটা দিশলৈকে তড়িৎ গতিত বাঢ়ি আহিছে। পশ্চিম দিশত বিমানকোঠটো অৱস্থিত হোৱা বাবে তাৰ আশে পাশে ব্যাপক হাৰত জনবসতি বাঢ়ি আহিছে। নতুন নতুন উদ্যোগ, প্ৰতিষ্ঠানে গঢ় লৈ উঠিছে। দৈনিক নতুন নতুন এপাৰ্টমেণ্টে ভুমুকি মাৰিছে। ফলত সৃষ্টি হৈছে ব্যাপক হাৰত আৱৰ্জনাৰ দ’ম। আজাৰাকে ধৰি এই অঞ্চলৰ বাসিন্দাসকলে সহন কৰিব লগা হৈছে ৰাস্থাৰ দাঁতিৰ দুৰ্গন্ধময় পৰিৱেশ আৰু বতাহত বিস্তাৰিত প্লাষ্টিকৰ অনিয়ন্ত্ৰিত আৱৰ্জনা। দীপৰ বিললৈ দলিয়াই দিয়া প্লাষ্টিকৰ কণিকাই মাছৰ পেটেদি কেতিয়া নিজৰ পেট আহি পায়হি তাৰ ঠিকনা নোহোৱা হৈছে। বিমানকোঠ, হোটেল, উদ্যোগ-কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, এপাৰ্টমেণ্ট আৰু ব্যক্তিগত পৰিয়ালত সৃষ্টি হোৱা আৱৰ্জনাবোৰৰ বিজ্ঞানসন্মত নিষ্কাশনৰ বাবে অতি সোনকালেই এই অঞ্চলত এটা ফলপ্ৰসু ব্যৱস্থা গঢ় লৈ উঠা উচিত। কেইবাটাও প্ৰতিষ্ঠানে চল চাই আৱৰ্জনাবোৰ ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিক্ষেপ কৰাৰ চিনো বৰলুইতৰ পাৰত পৰি থকা দেখা যায়। পৰ্যটন আৰু ব্যৱসায় দুয়োটাই অহা দহবছৰমান সময়ৰ ভিতৰত বিমানকোঠটোৰ প্ৰসাৰত প্ৰচুৰ অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। এই অঞ্চলটো নগৰমূখী হৈ উঠাতো ধুৰূপ। ইতিমধ্যেই চাৰিওফালে ব্যৱসাৰ প্ৰতিষ্ঠানে মূৰ ডাঙি উঠিছে। কিবা কাৰণত আৰু কেইবছৰমান অপেক্ষা কৰিব লগা হ’লে এই সমস্যাটোৱে অঞ্চলটোত ভয়াবহ ৰূপ যে ধাৰণ কৰিব, তাত অকণো সন্দেহ নাই। বাসিন্দাসকলৰ সচেতনতা, প্ৰশাসনৰ সদিচ্ছা আৰু প্ৰতিষ্ঠানসমূহৰ সহযোগিতাই এই কামটোৰ সফল সমাপ্তিত যথেষ্ট সহায় কৰিব পাৰে।
No comments:
Post a Comment