Saturday, January 18, 2025

শিক্ষাগত অৰ্হতা আৰু দক্ষতা - দৈনিক অসম, ১৯ জানুৱাৰী, ২০২৫ চন


 

শিক্ষাগত অৰ্হতা আৰু দক্ষতা


ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে সম্প্ৰতি প্ৰচলিত শিক্ষা ব্যৱস্থাই এক স্তৰভিত্তিক গাঁথনি অনুসৰণ কৰে। প্ৰাথমিক আৰু মাধ্যমিক (১০+২ বছৰ) পৰ্য্যায়টোৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন স্নাতক শিক্ষা গ্ৰহণ কৰিব পাৰে, যেনে কলাৰ স্নাতক (বি এ), বিজ্ঞানত স্নাতক (বি এছ চি), বাণিজ্য স্নাতক (বিকম), আৰু প্ৰযুক্তি স্নাতক (বিটেক, বি-ই) ইত্যাদি। অভিযান্ত্ৰিক আৰু চিকিৎসা পাঠ্যক্ৰম সাধাৰণতে চাৰিৰ পৰা পাঁচ বছৰ হয়, আৰু কলা আৰু বাণিজ্যৰ ডিগ্ৰীত তিনি বছৰ সময় লাগে। স্নাতকোত্তৰ শিক্ষাৰ ভিতৰত কলা বিভাগৰ স্নাতকোত্তৰ (এম এ), বিজ্ঞানৰ স্নাতকোত্তৰ (এম এছ চি), ব্যৱসায় পৰিচালনাৰ স্নাতকোত্তৰ (এম বি এ), আৰু আইন, চিকিৎসা, আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত বিশেষ স্নাতকোত্তৰ শিক্ষাৰ দুবছৰীয়া পাঠ্যক্ৰম সম্প্ৰতি প্ৰচলিত হৈ আছে। এই ডিগ্ৰীসমূহে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত জ্ঞান প্ৰদান কৰে ঠিকেই কিন্তু ব্যৱহাৰিক দিশৰ পৰা কিমান ফলপ্ৰসূ সেই বিষয়ে বিতৰ্কৰ অৱকাশ আছে। ব্যৱসায়িক দিশৰ পৰা গুৰুত্বপূৰ্ণ বহু বিষয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তই নহয়। এটা মাত্ৰ উদাহৰণ লব পাৰি। সকলোৰে জীৱনত টকা-পইচাৰ সু-ব্যৱহাৰৰ বিষয়ে জনাটো অতি আৱশ্যক। কিন্তু বাণিজ্যৰ পাঠ্যক্ৰমৰ বাদে আন পাঠ্যক্ৰমসমূহত বেংক ব্যৱস্থা, বিনিয়োগ, বীমা আঁচনি আদিৰ দৰে জীৱনত জানিবলগীয়া কথাৰ কোনো পাঠ্যক্ৰম নাই। বহু মানুহৰ বীমা সম্পৰ্কে সম্যক জ্ঞান উপলব্ধ হয় বীমা কোম্পানীৰ এজেন্টৰ পৰা। ঠিক তেনেকৈ চফ্ট স্কিলৰ কোনো পাঠ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহয়। মনৰ ভিতৰত থকা খঙকো পৰিচালনা কৰি কামত লগোৱাৰ উপায় আছে এংগাৰ মেনেজমেণ্ট! এই জ্ঞানে সকলোকে উপকৃত কৰিব পাৰে। বৰ্তমান প্ৰচলিত পাঠ্যক্ৰমৰ ভিতৰতে এই বিষয়ে শিকাৰ কোনো উপায় নাই। সময়ৰ উপয়ুক্ত ব্যৱহাৰৰ বিষয়েও পাঠ্যক্ৰম আছে টাইম মেনেজমেণ্ট! একেলগে দল বান্ধি কাম কৰিব পৰাৰো পাঠ্যক্ৰম আছে টিম ৱৰ্ক, টিম মেমেজমেণ্ট! কিন্তু এইবোৰ বিষয়ৰ জ্ঞানে সকলো ছাত্ৰ-ছাত্ৰীকে উপকাৰ কৰিব পৰাকৈ সাধাৰণ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহয়।

আমোদজনক কথা, এজন দক্ষতা সম্পন্ন মানৱ সম্পদ তৈয়াৰ কৰিবলৈ যি যি গুণ আৰু জ্ঞানৰ সমাহাৰ হব লাগে সেয়া সামগ্ৰিক ভাবে একেলগে শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত নহয়। তেনে কথা হয় নিজে শিকিব লাগিব, নহয় নজনাকৈয়ে পেশাদাৰী জীৱন শেষ হৈ যাব। কথাষাৰ সত্যাপন কৰিবলৈ এটা উদাহৰণ লওঁ, - কাৰিকৰী প্ৰতিষ্ঠান আই-টি-আই-ৰ পৰা এজন প্লামাৰ প্ৰশিক্ষিত হৈ ওলাই আহিল। কিন্তু টাইম মেনেজমেণ্টৰ কথা শিকিবলৈ তেওঁ কোনো সুবিধা নাপালে। পেশাদাৰী জীৱনত এই কথাটোৰ বাবেই তেওঁ বহু অসুবিধাৰ সন্মূখীন হব বা পেশাদাৰী জীৱনত তেওঁৰ বিকাশ বিঘ্নিত হোৱাৰ সম্ভাৱনা থাকিব। আমাৰ দেশত বহু ডিপ্লমা আৰু চাৰ্টিফিকেচন পাঠ্যক্ৰমৰ জন্ম হোৱা দেখা গৈছে। আই টি, ফেশ্বন ডিজাইন, হোটেল মেনেজমেণ্ট, আৰু নাৰ্চিং আদি কাৰিকৰী আৰু বৃত্তিমূলক বিষয় এইবোৰ পাঠ্যক্ৰমে সামৰি লৈছে। কিন্তু এজন দক্ষতা সম্পন্ন মানৱ সম্পদ সৃষ্টিৰ সামগ্ৰিক ভাবে সকলো দিশ সামৰি লোৱা পাঠ্যক্ৰম দুৰ্লভ। ডিগ্ৰী আছে স্কিল নাই। শিক্ষাগত অৰ্হতা আছে, দক্ষতা নাই! এই কথা সকলো পেছাৰ ক্ষেত্ৰতে কমবেছি পৰিমানে প্ৰযোজ্য।

সাম্প্ৰতিক সময়ত দ্ৰুতগতিত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু চাকৰিৰ বজাৰখনৰ বিকাশে কেৱল শৈক্ষিক অৰ্হতাই যথেষ্ট নহয় বুলি বিশ্বাস কৰে। শিক্ষাগত অৰ্হতাই পেশাদাৰী জীৱনৰ প্ৰৱেশ বিন্দু হিচাপে কাম কৰি থাকিলেও নিয়োগকৰ্তাসকলে ব্যৱহাৰিক দক্ষতা আৰু কৰ্ম অভিজ্ঞতাৰ বেছি গুৰুত্ব দিয়া দেখা গৈছে। উদাহৰণস্বৰূপে, চফট্ৱেৰ কোম্পানীয়ে কম্পিউটাৰ বিজ্ঞানৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীতকৈ কডিং দক্ষতা থকা প্ৰাৰ্থীক বেছি অগ্ৰাধিকাৰ দিব খোজে। আনকি শিক্ষাগত অৰ্হতাক একাশৰীয়া কৰি থৈ দক্ষতাৰ ভিত্তিতে নিযুক্তি দিয়াৰো অনেক উদাহৰণ আজিকালি দেখা পোৱা যায়। সেয়ে সাম্প্ৰতিক সময়ত দক্ষতা বিকাশৰ বাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰী সচেতন হোৱা আৱশ্যক। স্কুল কলেজৰ পাঠ্যক্ৰমতে সীমাৱদ্ধ নাথাকি, ভৱিষ্যতৰ পেশাদাৰী জীৱনৰ বাবে আৱশ্যক হোৱা বিভিন্ন বিষয়ৰ জ্ঞান যিকোনো উৎসৰ পৰা আহৰণ কৰিবলৈ চেষ্টা কৰি থাকিব লাগে। ইন্টাৰনেটৰ মাধ্যমেদি আজিকালি যিকোনো এটা দক্ষতাৰে বাবে লাগতিয়াল জ্ঞানৰ বহুলাংশে কম খৰচত শিকি লোৱাৰ  সুবিধা হৈছে। বুদ্ধিমান ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰি লাভৱান হব পাৰে।

সম্প্ৰতি জনপ্ৰিয় হোৱা আৰু অৰ্থনৈতিক ভাবে লাভৱান হব পৰা এনে সুবিধা বা দক্ষতা শিকাৰ পাঠ্যক্ৰমসমূহ এনেধৰণৰঃ

(১) ডিজিটেল সাক্ষৰতা (Digital Literacy) আৰু প্ৰযুক্তিগত দক্ষতা: প্ৰযুক্তিৰ আগমনৰ ফলত ডিজিটেল সঁজুলি, প্ৰগ্ৰেমিং ভাষা (Programming language), তথ্য বিশ্লেষণ (Data analytics), চাইবাৰ সুৰক্ষা (Cyber Security), কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), আৰু মেচিন লাৰ্নিঙ(Machinge Learning) আদি বিষয়ত দক্ষ শ্ৰমিকৰ চাহিদা দিনে দিনে বাঢ়ি আহিছে। আই টি, ফিনটেক, ই-কমাৰ্চ, আৰু স্বাস্থ্যসেৱা প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত এনে দক্ষলোকৰ বিশেষভাৱে প্ৰয়োজনীয়তা বাঢ়ি গৈছে। ইয়াৰ ফলশ্ৰুতিতে ক'ডিং বুটকেম্প আৰু অনলাইন  পাঠ্যক্ৰমৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈ আছে।

 

(২) চফ্ট স্কিল (Soft Skill) দক্ষতা: কাৰিকৰী জ্ঞানৰ উপৰিও যোগাযোগ (Effective Communication), দলীয় কৰ্মপদ্ধতি (Team Work), সমস্যা সমাধান (Problem solving), ফলপ্ৰসূ নেতৃত্ব (Leadership skill) আদিৰ দৰে চফট স্কিল দক্ষতাক অতিশয় মূল্য দিয়া হয়। নিৰ্দিষ্ট সংস্থানৰ ভূমিকাসমূহৰ জটিলতা বৃদ্ধি পোৱাৰ লগে লগে নিয়োগকৰ্তাসকলে এনে ব্যক্তি বিচাৰে যিয়ে দলত ফলপ্ৰসূভাৱে কাম কৰিব পাৰে, প্ৰকল্প পৰিচালনা কৰিব পাৰে আৰু নেতৃত্বৰ সম্ভাৱনা প্ৰদৰ্শন কৰিব পাৰে।

 

(৩) সমালোচনাত্মক জটিল চিন্তা (Critical thinking) আৰু উদ্ভাৱন শক্তি (Innovation): উদ্যোগসমূহে অধিক জটিল আৰু গতিশীল জীৱন পৰিক্ৰমাৰ দিশে আগবাঢ়ি যাব লগা হোৱাৰ বাবে সমালোচনাত্মকভাৱে জটিল চিন্তা কৰিব পৰাৰ দক্ষতা থকা, পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পৰা (Adaptability) আৰু নতুন উদ্ভাৱন শক্তিৰে (Innovation) প্ৰতিষ্ঠানটোক আগুৱাই নিব পৰাৰ দক্ষতা থকা  কৰ্মচাৰীসকলক অধিক গুৰুত্ব দিয়া দেখা যায়। ইয়াৰ ফলত পাঠ্যপুথিত নথকা শিক্ষাৰ গুৰুত্ব বৃদ্ধি পাইছে, কিয়নো একাধিক ক্ষেত্ৰৰ জ্ঞান মিহলি কৰিব পৰা পেছাদাৰীসকলহে আধুনিক প্ৰত্যাহ্বান সমাধানৰ বাবে অধিক সুসজ্জিত হব পাৰে।

 

(৪) উদ্যোগীকৰণ আৰু পৰিচালনা দক্ষতা (Entrepreneurial and Managerial Skills): ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ উত্থানৰ লগে লগে শক্তিশালী উদ্যোগীকৰণ আৰু পৰিচালনা দক্ষতা থকা ব্যক্তিৰ প্ৰয়োজনীয়তা বাঢ়িছে। ইয়াৰ ভিতৰত বজাৰৰ ধাৰা বুজি পোৱা, বিত্তীয় ব্যৱস্থাপনা, গ্ৰাহকৰ লগত সম্পৰ্ক, কৌশলগত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা আদি  গুণ আৰু জ্ঞানৰ আদৰ বাঢ়িছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নতুন নতুন প্ৰশিক্ষণ কাৰ্যসূচীৰে নেতৃত্ব আৰু কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনেধৰণৰ প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

 

(৫) গোলকীয় দক্ষতা (Global Competence):  আমাৰ দেশেও বিশ্ব অৰ্থনীতিৰ সৈতে সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয়ভাৱে সচেতন আৰু ক্ৰছ-কলচাৰেল সংযোগ বুজি পোৱা বা সেই দক্ষতা অৰ্জন কৰা লোকক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। বিদেশী ভাষাৰ দক্ষতা আৰু বিশ্বৰ বজাৰসমূহ বুজি লৈ বহুজাতিক কোম্পানীসমূহৰ সৈতে কাম কৰিব পৰা পেছাদাৰীসকল দেশৰ বাবে প্ৰয়োজনীয় সম্পদ হৈ পৰিছে। নবীকৰণযোগ্য শক্তি (Renewable energy), বৈদ্যুতিক বাহন (Electric vehicle), ৰবটিক্স (Robotics), আৰু স্বাস্থ্যসেৱাৰ দৰে নতুন-পুৰণি খণ্ডত বিশেষ দক্ষতা থকা লোকৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। চৰকাৰে লোৱা স্কিল ইণ্ডিয়া মিছনৰ দৰে পদক্ষেপৰ লক্ষ্যও হৈছে এনে দক্ষ মানৱ সম্পদ সৃষ্টি কৰা।

 

মূল কথা, আমাৰ দেশত শৈক্ষিক অৰ্হতাই আপাতঃদৃষ্টিত উল্লেখযোগ্য গুৰুত্ব অব্যাহত ৰাখিছে যদিও ই কেৰিয়াৰ সফলতাৰ একমাত্ৰ নিৰ্ণায়ক এতিয়াও হব পৰা নাই। ই এক সত্য। চাকৰিৰ বজাৰখনে প্ৰযুক্তিগত উন্নতি আৰু বিশ্বায়নৰ গতিৰ সৈতে খাপ খুৱাব পৰা শৈক্ষিক প্ৰমাণপত্ৰ আৰু বিশেষ দক্ষতাৰ সংমিশ্ৰণৰ দাবী কৰে। বিভিন্ন প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ পৰিৱৰ্তন অব্যাহত থকাৰ লগে লগে শিক্ষা ব্যৱস্থাৰো যথোচিত পৰিৱৰ্তন হব লাগিব, যাতে প্ৰয়োজনীয় জ্ঞান, অভিজ্ঞতা আৰু দক্ষতাৰে সমৃদ্ধ মানৱ সম্পদ আমি প্ৰস্তুত কৰিব পাৰোঁ। এনে ফলপ্ৰসু পাঠ্যক্ৰম প্ৰস্তুত নোহোৱালৈকে সচেতন ছাত্ৰ-ছাত্ৰীসকলে সপোন দেখা ভৱিষ্যতৰ পেছাৰ পাবে প্ৰয়োজনীয় সমল সদ্যহতে অনলাইন পাঠ্যক্ৰমৰ পৰাই সময়মতে শিকি লৈ আগন্তুক দিনৰ বাবে নিজকে উপযুক্ত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।

                                                                                         (মোবাইল নংঃ ৯৯৫৮৮৯৫৭০৮)


Saturday, January 4, 2025

মগজুৰ দুৰ্গন্ধ - ৫ জানুৱাৰী, ২০২৫




 

মগজুৰ দুৰ্গন্ধ

 

আজিৰ পৰা দুকুৰি বছৰৰ পূৰ্বে সৰ্বত্ৰে প্ৰচলিত এটা জনপ্ৰিয় শব্দ আছিল ব্ৰেইন-ড্ৰেইন (Brain-drain)। তাৰ অৰ্থ আছিল শৈক্ষিক দিশত আগবাঢ়ি যোৱা ছাত্ৰ-ছাত্ৰীসকল, চৰকাৰী ভাৱে উপলব্ধ প্ৰতিষ্ঠানত শিক্ষা-দীক্ষা লোৱাৰ সুবিধা গ্ৰহণ কৰাৰ পাছতো এসময়ত বেছি দৰমহা বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গুচি যায়গৈ। ইয়াৰ পৰা আমাৰ দেশখনৰ বা সমাজৰ কি উপকাৰ হৈছে? এনেদৰে দেশ এৰি যোৱা প্ৰতিভাসমূহৰ বাবে দেশে আগবঢ়োৱা সুবিধাৰ কি প্ৰতিদান পোৱা গৈছে? আমাৰ দেশ আৰু সমাজ এই প্ৰতিভাশালী মগজুৰ পৰা বঞ্চিত হৈ ৰৈছে কিয়? মগজুক উটুৱাই লৈ যোৱা এই ধাৰাৰ অৱসান কেতিয়া ঘটিব? ইত্যাদি। এতিয়া সময় সলনি হ’ল। আজিকালি ব্ৰেইন-ড্ৰেইনৰ কথা বৰকৈ শুনা নাযায়। তাৰ সলনি সম্প্ৰতি জনপ্ৰিয় হৈ পৰা এটা শব্দ হৈছে “ব্ৰেইন-ৰট্”(Brain-rot) মানে পচা মগজু বা গেলা মগজু! আমোদজনক কথা।

 

চিকিৎসা বিজ্ঞানৰ দ্বাৰা স্বীকৃত নহ’লেও ‘পচা মগজু’ আজিকালি সৰ্বত্ৰই বিৰাজমান। প্ৰতীকি অৰ্থত পচা বা গেলা শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে যাৰ অৰ্থ মানসিক অৱক্ষয়। কুৰি শতিকাত দুৰদৰ্শন আৰম্ভ হোৱাৰ লগে লগে একশ্ৰেণীৰ মানুহ তাৰ নিচাত বৰকৈ আসক্ত হৈছিল আৰু ইয়াৰ ফলত মানুহৰ ক্ৰমশঃ চিন্তা শক্তি লোপ পাব বুলি তেতিয়াই ভৱিষ্যতবাণী কৰা হৈছিল। কিতাপ এখন পঢ়িলে যেনেকৈ মগজুৰ কেইবাটাও দিশত প্ৰসাৰ হয়, চিনেমা এখন চাই থাকিলে তাৰ কেইবাটাও দিশ বন্ধ হৈ যায়। এটা সৰু পাহাৰলৈ এজনী ছোৱালী লাহে লাহে উঠি গৈছে এই কথাটো পঢ়িলে পঢ়ূৱৈৰ কল্পনাত এটা দৃশ্যৰ উদয় হয়। সেই দৃশ্যটো কেনেকুৱা হ’ব পাৰে সেইটো নিৰ্ভৰ কৰে পঢ়ূৱৈজনৰ দৃষ্টিভংগীৰ ওপৰত, অভিজ্ঞতাৰ ওপৰত, কল্পনা শক্তিৰ ওপৰত। কিন্তু সেই একেই দৃশ্যটো যেতিয়া টেলিভিছন বা চিনেমাৰ পৰ্দাত দৃশ্যমান হৈ যায়, তেতিয়া আৰু তাত কল্পনা কৰিব লগা একো নাথাকে। অৰ্থ্যৎ চিন্তাৰ এটা দিশ বন্ধ হৈ যায়। লাহে লাহে দূৰৰ্দৰ্শনৰ সময় পাৰ হৈ কম্পিউটাৰৰ যুগ আহিল, আহিল ইণ্টাৰনেট, হাতে হাতে স্মাৰ্ট ফোন আহি গ’ল। মানুহৰ চিন্তা কৰাৰ প্ৰয়োজন উদ্বেগজনকভাবে কমি আহিল। আমাৰ উঠি অহা প্ৰজন্মৰ মাজত ইলেক্টনিক গেজেট অপৰিহাৰ্য্য হৈ পৰিছে। কল্পনা শক্তি আৰু চিন্তা কৰাৰ শক্তি কমি অহাটো ঘৰতে প্ৰমান কৰিব পাৰি। দুৰ্দান্ত বনৰীয়া হাতী এটাক লোহাৰ শিকলিৰে বান্ধি বশ কৰি লোৱাৰ পাছত এদিন তাক এডাল সাধাৰণ জৰীৰেই বান্ধি ৰাখিব পাৰি। মানুহৰ মনটোৰ ক্ষেত্ৰটো উপমাটো খাটে। বেগৱন্ত মনটোক টেলিভিছত, কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত বান্ধি ৰখাৰ অনুশীলন কৰাৰ ফলত এদিন মানুহৰ চিন্তা কৰাৰ পদ্ধতি আৰু পৰিধি টুটি আহে। ক’ব নোৱাৰাকৈয়ে পৰিৱৰ্তন আহি পৰে মানুহৰ ব্যৱহাৰত, চিন্তাত। তাৰেই ফলশ্ৰুতিত এতিয়া সৃষ্টি হৈছে গেলা মগজুৰ দুৰ্গন্ধ।

 

তথ্যৰ নিষ্ক্ৰিয় ব্যৱহাৰে মানুহৰ বৌদ্ধিক অৱনতি ঘটায়। গভীৰ চিন্তাশক্তি, সৃষ্টিশীলতা আৰু মনোযোগৰ ক্ষমতা দীৰ্ঘ অনুশীলনৰ ফল। যোগাযোগ আৰু মনোৰঞ্জনৰ মাধ্যমসমূহে মানুহৰ চিন্তাধাৰালৈ প্ৰচুৰ পৰিৱৰ্তন আনি দিছে। মূহুৰ্ততে ফলপ্ৰাপ্তিৰ ইপ্সাই মানুহৰ মানসিকতাক কল্পনা কৰিব নোৱাৰা পৰ্যায়লৈ লৈ গৈছে। সেইয়ে একাংশ লোকৰ মাজত প্ৰতিফলিত হ’বলৈ আৰম্ভ কৰিছে এক নতুন মানসিকতা আৰু ব্যৱহাৰৰ, আহি পৰিছে এটা নতুন শব্দ পচা মগজু বা ৰটেন ব্ৰেইন!

 

‘ব্ৰেইন-ৰট’-ৰ প্ৰধান কাৰকসমূহ এনেধৰণৰঃ

 

শাৰীৰিক নিষ্ক্ৰিয়তা আৰু অকৰ্মণ্য জীৱন শৈলীঃ মানসিক পৰিশ্ৰম আৰু শাৰীৰিক সক্ৰিয়তাৰ সন্তুলন সুস্থ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। নিষ্ক্ৰিয় শৰীৰ কিন্তু প্ৰচণ্ড মানসিক পৰিশ্ৰমে এই সন্তুলনলৈ বিকাৰ কঢ়িয়াই আনে। শৰীৰ সক্ৰিয় নহ’লে মগজুলৈ তেজৰ সোঁত পৰ্যাপ্ত পৰিমানে ব’ব নোৱাৰে, নতুন নিউৰনৰ বৃদ্ধি বা সৃষ্টি নহয় যিটো স্মৃতিশক্তি আৰু সৃজনশীল কৰ্মৰ বাবে অপৰিহাৰ্য। এই ছন্দপতনৰেই ফলশ্ৰুতি হ’ব পাৰে পচা মগজু!

 

প্ৰযোজনাধিক ডিজিটেল মাধ্যমৰ ব্যৱহাৰঃ ডিজিটেল মাধ্যমৰ অতিৰিক্ত বোজাই মানুহৰ চিন্তা শক্তিত প্ৰভাৱ পেলায়। চিন্তা কৰাৰ পদ্ধতিটোলৈ পৰিৱৰ্তন আনে। এসময়ত সেই পদ্ধতি নিজে উপলব্ধি নকৰাকৈয়ে নিজৰ ব্যৱহাৰত পৰিস্ফুত হয়। আৰম্ভ হয় মগজুৰ অৱক্ষয়।

পুষ্টিহীনতাঃ শৰীৰত প্ৰয়োজন হোৱা সুষম খাদ্যৰ অভাৱ আৰু অতিৰিক্ত জাংক ফুড, প্ৰচেছড ফুডে দেহত অস্বাস্থ্যকৰ চৰ্বীৰ পৰিমান বঢ়াই আনে। এসময়ত ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে মগজুত।

 

মানসিক চাপঃ দীৰ্ঘদিন ধৰি ভুগি থকা মানসিক উদ্দীপনাই মানুহৰ চিন্তা কৰিব পৰা ক্ষমতা হ্ৰাস কৰি আনে। মোবাইলৰ সৰু পৰ্দাখনত ভাঁহি থকা সমস্ত জগতখনৰ লগত সম্পৰ্ক কেনেধৰণৰ বা কৰ্মসূত্ৰে এইবোৰ মাধ্যমৰ দ্বাৰা মানসিক চাপ কিমান সৃষ্টি কৰা হৈছে সেইটোও মানসিক স্বাস্থ্যৰ বাবে মন কৰিবলগা কথা। বিভিন্ন প্ৰতিষ্ঠানে তেওঁলোকৰ কৰ্মচাৰীসকলক দিনটোৰ চৌৱিশ ঘণ্টাই মোবাইলৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাম কৰাটো বিচাৰে। মানসিক চাপ বৃদ্ধিত সংবাদ মাধ্যমো পিছ পৰি থকা নাই। অলাগতীয়াল কথাৰে দৰ্শকৰ মনত কৌতুহলৰ সৃষ্টি কৰি বা মানুহক আবেগিক কৰিও মানসিক চাপ বৃদ্ধি কৰা দেখা গৈছে।

 

এই সমস্ত কাৰণবোৰৰ প্ৰভাৱ দেখা যায় মানুহৰ কমি অহা ধৈৰ্য শক্তি, চিন্তা কৰিবপৰা শক্তি লোপ পোৱা, নিচাযুক্ত আচৰণ আৰু স্মৃতি শক্তিৰ অভাৱ। আগতকৈ আজিৰ দিনত আলজেইমাৰ ৰোগীৰ সংখ্যাও অধিক। ব্ৰেইন ড্ৰেইন শব্দটোৰ লগত এই ৰোগৰ সম্পৰ্ক নাই যদিও দুয়োটাৰ বাবেই জগৰীয়া বৰ্তমানৰ আধুনিক জীৱন শৈলী। অধ্যয়নত প্ৰকাশ পাইছে যে মনত ৰাখিব লগা কথাটো ডিজিটেল ডিভাইচত সাঁচি ৰাখিব পৰা, সময়ে সময়ে মনত পেলাই দিব পৰাৰ ব্যৱস্থাই মানুহৰ মনটোৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিছে। আনহাতে অহৰহ কাৰোবাৰ লগত যোগাযোগ ৰাখি থাকি কল্পনাপ্ৰসূত এখন জগতত বাস কৰিব পৰা ব্যৱস্থাই মানুহক বাস্তৱৰ পৰা লাহে লাহে আঁতৰাই লৈ গৈ আছে।

 

সম্প্ৰতি প্ৰধান সমস্যাটো হৈছে মগজুটো নপচাকৈ ৰাখিব পাৰি কেনেকৈ? নিষ্ক্ৰিয় তথ্য বা সামাজিক মাধ্যমৰ ব্যৱহাৰ সদায় ক্ষতিকাৰক নহয়, সকলো নিষ্ক্ৰিয় কাৰ্য্যকলাপে জ্ঞানশক্তিৰ অৱনতিৰ সূচনা নকৰে। চিন্তা-উদ্দীপক ছবি এখন চোৱা, আনন্দৰ বাবে পঢ়া, আনকি আৰাম কৰিবলৈ বিৰতি লোৱাটোও মানসিকভাৱে সমৃদ্ধিশালী আৰু মানসিক শক্তি পুনৰুদ্ধাৰকাৰী কাৰণ পাৰে।সচেতনতাই হৈছে ইয়াক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ আহিলা। দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিলে প্ৰযুক্তিয়ে সৃজন আৰু সৃষ্টিশীলতাক উদ্দীপিত কৰিবও পাৰে। শিক্ষামূলক এপ, অনলাইন পাঠ্যক্ৰম, আৰু ইন্টাৰেক্টিভ মিডিয়াই সমস্যা সমাধানৰ দক্ষতা আৰু জ্ঞান আহৰণত প্ৰচুৰ সহায় কৰিব পাৰে। সেয়ে এনে মাধ্যমৰ ব্যৱহাৰে আমাৰ মানসিক জগতখনক কেনেকৈ সমৃদ্ধ কৰিছে সেইটো লক্ষ্য ৰখাটোহে আটাইতকৈ বেছি প্ৰয়োজন। ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি মেধাৱী ছাত্ৰই ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত ভাল ফল দেখুৱাব পৰা উদাহৰণো আমাৰ মাজতেই আছে। মানসিক স্বাস্থ্য অটুত ৰাখিবলৈ মানসিক, শাৰীৰিক আৰু আৱেগিক সুস্থতাক সামৰি লোৱা সুষম জীৱনশৈলীৰ প্ৰয়োজন। তাৰবাবে সতেত আগবঢ়োৱা পৰামৰ্শবোৰৰ  ভিতৰত অন্যতম হৈছে নিয়মীয়া শৰীৰচৰ্চা বা ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, চিন্তাৰ প্ৰয়োজন হোৱা কামক অগ্ৰাধিকাৰ দিয়া, মনটোক প্ৰফুল্ল কৰিব পৰা কামত দিনটোত অন্ততঃ কিছুসময় ব্যয় কৰা (খেলা, বাদ্যয়ন্ত্ৰ বজোৱা আদি), ডিজিটেল ডিভাইচৰ সীমিত ব্যৱহাৰ কৰা আৰু ধ্যান বা প্ৰাণায়াম আদিৰে মানসিক চাপ কমোৱা। সামাজিক মাধ্যমৰ পৰিশীলিত ব্যৱহাৰ আৰু অন্যৱশ্যক সংযোগৰ পৰা আঁতৰি থকাটোও এনে পৰামৰ্শৰ ভিতৰতে আছে।

 

"মগজু পচি যোৱা" ধাৰণাটো আধুনিক জীৱনশৈলীৰ প্ৰত্যাহ্বানসমূহক প্ৰতিনিধিত্ব কৰিবলৈ উপমা হিচাপে ব্যৱহাৰ কৰা হৈছে। এই শব্দটোৱে সক্ৰিয় কৰিছে আধুনিক জীৱনশৈলী সম্পৰ্কে মানুহৰ সচেতনতা। একমাত্ৰ সচেতননাইহে আমাক পচি যোৱা মগজুৰ দুৰ্গন্ধৰ পৰা বচাই ৰাখিব পাৰিব। আগন্তুক বছৰটোৱে আমালৈ সমৃদ্ধি কঢ়িয়াই আনক, পাঠকসকললৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ।


আজাৰাৰ সংশয় আৰু সম্ভাৱনা - ২২ ডিচেম্বৰ, ২০২৪


আজাৰাৰ সংশয় আৰু সম্ভাৱনা


ভাৰতবৰ্ষৰ বৰ্তমান সময়ৰ জনসংখ্যা ১.৪২ বিলিয়ন বা ১৪২০ নিযুত। পৰিসংখ্যামতে এই জনসংখ্যাৰ ৩৬.৩৬ শতাংশ নগৰবাসী আৰু ২০৫০ চনত নগৰসমূহত বাস কৰালোকৰ সংখ্যা দেশৰ মূল জনসংখ্যাৰ ৬৪ শতাংশ হ’বগৈ। গাওঁৰ পৰা চহৰবাসী হোৱা নাগৰিকৰ সোঁতটো অকল যে আমাৰ দেশতহে বাঢ়িছে তেনে নহয়। ২০২০ চনতে চীন দেশৰ নগৰসমূহত থকা বাসিন্দাৰ সংখ্যাটো মূল জনসংখ্যাৰ ৬০ শতাংশ চুইছিলগৈ। আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশত চহৰত বাস কৰা নাগৰিকৰ সংখ্যা হেনো সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ। কথাটো আচৰিত হ’বলগীয়া কিন্তু নিজৰ গাত চিকুট মাৰি চালেই এই কথাৰ উমান পোৱা যায়। গাৱঁৰ ঘৰবোৰ কেনেকৈ লাহে লাহে পৰিত্যক্ত হ’বলৈ আৰম্ভ কৰিছে আৰু গাঁৱত জন্মহোৱা কত সন্তানে আহি চহৰত খোপনি পুতিছেহি সেইকথা চকুৰ আগতে স্পষ্টকৈ দেখা দিয়ে। কালৰ সোঁতত এসময়ত গাওঁ থাকিবগৈ নে নাই, সেইটোতহে সন্দেহ ওপজে।

আজিৰ দিনত পৃথিৱী নামৰ গোলকটোৰ সমূখত আটাইতকৈ ডাঙৰ সমস্যাটো কি বুলিলে সকলোৱে একমুখে স্বীকাৰ কৰি লোৱা বিষয়টো হৈছে জলবায়ুৰ পৰিৱৰ্তন! পৃথিৱীৰ সকলো দেশৰে এইটো এটা উমৈহতীয়া সমস্যা। পৃথিৱৰী ওপৰত থকা বায়ু-পানী দিনে দিনে ইমানেই বিষাক্ত হৈ গৈ থাকিব ধৰিছে যে, এনে লাগে, এদিন হয়তো মানৱ জীৱনৰ বাবে অপৰিহ্ৰাৰ্য্য এই দুয়োটা উপাদানেই প্ৰাকৃতিকভাৱেই মানুহৰ বাবে অনুপযোগী হৈ পৰিব। আমাৰ দেশৰ দিল্লী মহানগৰীত জন্মহোৱা শিশুসকলৰ জন্মৰ সময়ৰ পৰাই শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা দেখা গৈছে। এনে অৱস্থা আন আন চহৰলৈও বিয়পি পৰিবলৈ আৰু বেছি দিন হয়তো নাই। আমোদজনক কথা যে পৃথিৱীৰ ওপৰত এনে সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰকটোও আমি নিজেই। ১৮শ শতিকাত আৰম্ভ হোৱা উদ্যোগ বিপ্লৱে মানৱ সভ্যতালৈ যুগান্তকাৰী পৰিৱৰ্তন আনি দিলে। জীৱিকাৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰা দিনবোৰৰ লাহে লাহে অন্ত পৰিল আৰু যন্ত্ৰই বহু কঠিন কাম সহজেই আমাক কৰি দিব পৰা হ’ল। যন্ত্ৰ আৰু উদ্যোগে এহাতে জীৱন়যাত্ৰালৈ সুচলতা আনিলে ঠিকেই কিন্ত আনহাতে আমাৰ চৌদিশৰ পৰিৱেশটো লাহে লাহে প্ৰদূষিত কৰি আনিলে। আদিতে সেই প্ৰদূষণ আছিল নগণ্য, গুৰুত্ব দিব লগা বিষয়েই নাছিল। কিন্ত মাত্ৰ ২০০ বছৰমান সময়ৰ ভিতৰতে ই পৃথিৱী নামৰ গ্ৰহটোলৈ এক বিৰাট প্ৰত্যাহ্বান আনি দিলে। মানৱসৃষ্ট প্ৰদূষণক যদি নিয়ন্ত্ৰণ কৰিব পৰা নায়ায় তেতিয়াহলে জলবায়ুৰ ভয়ানক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। তাৰ লগে লগে আৰম্ভ হ’ব মানুহৰ শৰীৰৰ ওপৰত তাৰ প্ৰভাৱ। মানৱ দেহত সৃষ্টি হ’ব ন ন অচিনাক্ত ৰোগৰ।  পৃথিৱীৰ বিভিন্ন ঠাই মানুহৰ বসবাসৰ বাবে উপযোগী হৈ নাথাকিব। আৰু এটা ভয়ানক সম্ভাৱনাই মূৰ ডাঙি উঠিছে- বহুঠাইত পৃথিৱীৰ ওপৰভাগৰ মাটিয়ে হেৰুৱাইছে মাটিৰ গুণ। তেনে মাটিৰ ওপৰত শষ্য বা গছ-বিৰিখ জন্ম হোৱাতোটো দূৰৈৰে কথা, তেনে মাটিয়ে শোষন কৰিব নোৱাৰে পানী আৰু তেনে ঠাইত পৰি ৰোৱা কোনো পদাৰ্থ কেতিয়াও মিলি নাযায় মাটিৰ লগত!

বৰ্তমান সময়ৰ প্ৰদূষণৰ এটা মূল কাৰন প্ৰাকৃতিকভাৱে ধ্বংস কৰিব নোৱাৰা প্লাষ্টিকৰ ব্যৱহাৰ। সমগ্ৰ পৃথিৱীত বিমান পৰিবহন উদ্যোগটোৱে পৰা যিমান প্ৰদূষণৰ সৃষ্টি কৰে, তাৰ প্ৰায় দুগুণ প্ৰদূষণ হয় এই এবাৰ ব্যৱহাৰ কৰিয়েই পেলাই দিব লগা প্লাষ্টিকৰ পৰা। গ্ৰীনহাউচ গেচত থকা মিথেন নামৰ মাৰাত্মক গেছ নিৰ্গমণত প্লাষ্টিকৰ অৱদান শতকৰা ১৫ শতাংশ। অথচ পৃথিৱীৰ বুকুৰ পৰা প্লাষ্টিকৰ অপ্ৰয়োজনীয় ব্যৱহাৰৰ অন্ত পৰা নাই। উন্নত দেশসমূহত এনে প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণভাবে নিষেধ কৰা হৈছে যদিও ভাৰতবৰ্ষৰ দৰে দেশসমূহত সামগ্ৰিকভাবে ইয়াৰ ব্যৱহাৰ ব্যাপক হাৰত হৈয়েই আছে। সাধাৰণতে ঘৰুৱা কামত সৃষ্টি হোৱা আৱৰ্জনাৰ বেছিভাগেই প্ৰকৃতিৰ লগত মিলি যায় আৰু প্ৰদূষণ সৃষ্টি নকৰে। কিন্তু প্লাষ্টিকৰ দৰে ভয়ংকৰ প্ৰদূষণ সৃষ্টি কৰিব পৰাৰ সম্ভাৱনা আন কাৰো নাই। প্ৰতিবছৰে ৮ ৰ পৰা ১১ নিযুত মেট্ৰিক টন প্লাষ্টিক সাগৰৰ বুকুলৈ নিক্ষেপ কৰা হয়। ইয়াৰ বিষক্ৰিয়াৰ প্ৰভাৱত পৰিছে ২৬৭ বিধ প্ৰজাতিৰ সামূদ্ৰিক প্ৰাণী আৰু চৰাই। প্লাষ্টিক মাটি বা প্ৰকৃতিৰ লগত মিলি নাযায় আৰু ই এসময়ত বিভক্ত হৈ অস্ংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাত (মাইক্ৰ-প্লাষ্টিক) পৰিণত হয়। মাছ, সাগৰৰ প্ৰাণী চৰাই আদিয়ে সেইবোৰ ভক্ষণ কৰাৰ ফলত মানুৰহ বাবে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীত সেইবোৰ মিহলি হৈ যায় আৰু অৱশেষত মানুহৰ দেহত প্ৰৱেশ কৰে। মানৱ পাচকতন্ত্ৰইও তাক হজম কৰিব নোৱাৰে আৰু অৱশেষত সেইবোৰেই দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

অভূতপুৰ্ব হাৰত বাঢ়ি অহা নাগৰিক জীৱনে মহানগৰসমূহত ব্যাপক হাৰত প্লাষ্টিকৰ আৱৰ্জনা তৈয়াৰ কৰিবলৈ ধৰিছে। বিশেষকৈ গগনচুম্বী এপাৰ্টসমূহ নগৰৰ চাৰিওদিশে ব্যাপক হাৰত বাঢ়ি আহিছে কিন্তু সেইবোৰত উৎপন্ন হোৱা আৱৰ্জনা নিষ্কাশনৰ বাবে ল’ব লগা ব্যৱস্থাৰ কোনো বাধ্যবাধ্যকতা দেখা নাই। ফলত তেনে বিষাক্ত পদাৰ্থৰ শেষ আশ্ৰয় হৈছে ৰাষ্টাৰ দাঁতি বা নৈ, বিল আৰু পুখুৰীৰ পাৰ। এই ক্ষেত্ৰত প্ৰশাসনে বিষয়টো যিমান গুৰুত্ব সহকাৰে ল’ব লাগে সিমান লোৱা দৃষ্টিগোচৰ হোৱা নাই। ফলত প্ৰতিটো প্ৰতিষ্ঠান আৰু প্ৰতিটো পৰিয়ালত অহৰহ সৃষ্টি হোৱা আৱৰ্জনাসমূহ নিষ্কাশনৰ ক্ষেত্ৰত কোনো নিৰ্ভৰযোগ্য ব্যৱস্থাৰে একো আগজাননী দেখা নাই।

আমাৰ গুৱাহাটী চহৰখন পূৱ-পশ্চিম দুয়োটা দিশলৈকে তড়িৎ গতিত বাঢ়ি আহিছে। পশ্চিম দিশত বিমানকোঠটো অৱস্থিত হোৱা বাবে তাৰ আশে পাশে ব্যাপক হাৰত জনবসতি বাঢ়ি আহিছে। নতুন নতুন উদ্যোগ, প্ৰতিষ্ঠানে গঢ় লৈ উঠিছে। দৈনিক নতুন নতুন এপাৰ্টমেণ্টে ভুমুকি মাৰিছে। ফলত সৃষ্টি হৈছে ব্যাপক হাৰত আৱৰ্জনাৰ দ’ম। আজাৰাকে ধৰি এই অঞ্চলৰ বাসিন্দাসকলে সহন কৰিব লগা হৈছে ৰাস্থাৰ দাঁতিৰ দুৰ্গন্ধময় পৰিৱেশ আৰু বতাহত বিস্তাৰিত প্লাষ্টিকৰ অনিয়ন্ত্ৰিত আৱৰ্জনা। দীপৰ বিললৈ দলিয়াই দিয়া প্লাষ্টিকৰ কণিকাই মাছৰ পেটেদি কেতিয়া নিজৰ পেট আহি পায়হি তাৰ ঠিকনা নোহোৱা হৈছে। বিমানকোঠ, হোটেল, উদ্যোগ-কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, এপাৰ্টমেণ্ট আৰু ব্যক্তিগত পৰিয়ালত সৃষ্টি হোৱা আৱৰ্জনাবোৰৰ বিজ্ঞানসন্মত নিষ্কাশনৰ বাবে অতি সোনকালেই  এই অঞ্চলত এটা ফলপ্ৰসু ব্যৱস্থা গঢ় লৈ উঠা উচিত। কেইবাটাও প্ৰতিষ্ঠানে চল চাই আৱৰ্জনাবোৰ ব্ৰহ্মপুত্ৰৰ  বুকুলৈ নিক্ষেপ কৰাৰ চিনো বৰলুইতৰ পাৰত পৰি থকা দেখা যায়। পৰ্যটন আৰু ব্যৱসায় দুয়োটাই অহা দহবছৰমান সময়ৰ ভিতৰত বিমানকোঠটোৰ প্ৰসাৰত প্ৰচুৰ অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। এই অঞ্চলটো নগৰমূখী হৈ উঠাতো ধুৰূপ। ইতিমধ্যেই চাৰিওফালে ব্যৱসাৰ প্ৰতিষ্ঠানে মূৰ ডাঙি উঠিছে। কিবা কাৰণত আৰু কেইবছৰমান অপেক্ষা কৰিব লগা হ’লে এই সমস্যাটোৱে অঞ্চলটোত ভয়াবহ ৰূপ যে ধাৰণ কৰিব, তাত অকণো সন্দেহ নাই। বাসিন্দাসকলৰ সচেতনতা, প্ৰশাসনৰ সদিচ্ছা আৰু প্ৰতিষ্ঠানসমূহৰ সহযোগিতাই এই কামটোৰ সফল সমাপ্তিত যথেষ্ট সহায় কৰিব পাৰে।