মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things worth reading/ Or do things worth writing - Benjamin Franklin
Friday, August 21, 2020
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১০
Friday, August 14, 2020
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৯
আপাত দৃষ্টিত মোৰ পঢ়াশালিৰ দিনবোৰৰ একো লেখত ল’বলগীয়া ঘটনা নাই যদিও লাভৰ ঘৰ একেবাৰে শূন্যও নহয়৷ সেইদিনতে মই ইংৰাজী ভাষাটো ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাৰোপৰি ইংৰাজী আৰু উৰ্দু ভাষাৰ কবিতাৰ প্ৰতি আকৰ্ষণো তেতিয়াই সৃষ্টি হয়৷ সুন্দৰৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষিত হোৱাৰো সময় আছিল সেইটোৱেই৷ মই নিজৰ চেষ্টাতে ইংৰাজী ভাষাটোত যথেষ্ট উন্নতি কৰিব পাৰিছিলোঁ। যিহেতু মোক ঘৰত ইংৰাজী শিকাবলৈ কোনো নাছিল, সেয়ে হোৱাই নোহোৱাই ইংৰাজী ভাষাৰ শিশু আলোচনী আৰু কাৰ্টুনবোৰকে উৰাই ঘুৰাই পঢ়িছিলোঁ৷ প্ৰথম বিশ্বযুদ্ধৰ খবৰ, বাইবেলৰ কাহিনী, জ্ঞান-বিজ্ঞানৰ কথা আদিও পঢ়িছিলোঁ৷ এডগাৰ ৰাইচ বাৰৌৰ টাৰ্জান চিৰিজ আৰু আফ্ৰিকাৰ ওপৰত লিখা ৰাইডাৰ হাগাৰ্ডৰ উপন্যাস পঢ়িছিলোঁ৷ পঢ়ি যাওঁতে শব্দৰ অৰ্থ আৰু উচ্চাৰণ প্ৰায়েই ভুল হৈছিল; তথাপি পঢ়িছিলোঁ৷
ইংৰাজী শিকাবলৈ আমাৰ স্কুললৈ ইংৰাজ শিক্ষয়িত্ৰী মিছ বাদেন অহাৰ পিছৰপৰাই মোৰ ইংৰাজীৰ প্ৰতি আকৰ্ষণ আৰু বাঢ়িল৷ নিৰস ইংৰাজী গদ্যৰ সলনি তেখেতে আমাক অস্কাৰ ওৱাইল্ড আৰু শ্বেইক্সপীয়েৰৰ আমোদজনক লেখাৰ লগত পৰিচয় কৰাই দিলে৷ এদিন তেখেতে ‘‘আন্দাৰ দি গ্ৰীনঊড ট্ৰী’’ আবৃত্তি কৰি শুনালে৷ কবিতাটোৱে মোৰ অন্তৰৰ একেবাৰে গভীৰত স্পৰ্শ কৰিলে৷ সেইটোৰ লগতে তেখেতে আবৃত্তি কৰি শুনোৱা ওৱৰ্ডছৱৰ্থ, টেনিছন আদিৰ কেইবাটাও কবিতা মোৰ অন্তৰত বহি গ’ল৷ শনিবাৰে তেখেতে আমাক এটা শব্দৰ খেল খেলিবলৈ শিকাইছিল৷ আমাক একোখন সৰু অভিধান দি কোনে সোনকালে শব্দ এটাৰ অৰ্থ বাছি উলিয়াব পাৰে সেইটোৱেই আছিল খেল৷ প্ৰথম হোৱাজনে পুৰস্কাৰ পাইছিল৷ তাৰপিছৰ পৰাই নজনা শব্দ এটা পালে ততালিকে অভিধান চাই তাৰ প্ৰকৃত অৰ্থ জানি লোৱা মোৰ অভ্যাস এটা গঢ় লৈ উঠিছিল৷
মৌলৱী সাইফুদ্দিন নায়াৰ ছাৰে মোৰ মনত ঊৰ্দু কবিতাৰ প্ৰতি আগ্ৰহৰ জন্ম দিছিল৷ তেখেতৰ ময়েই একমাত্ৰ ছাত্ৰ আছিলো৷ মেট্ৰিক পৰীক্ষালৈ মোক সাজু কৰিবৰ বাবে তেখেতৰ হাতত চাৰি বছৰ সময় আছিল৷ মাজে মাজে মই তেখেতৰ ঘৰলৈ গৈও শিকিছিলোঁ৷ উৰ্দু গদ্য নিৰস কিন্তু ঊৰ্দু কবিতাত ভৰপূৰ হৈ থাকে সংগীতৰ মাৰ্ধূয্য আৰু গভীৰ অৰ্থ৷ মৌলৱী চাহিব নিজেও কবি আছিল আৰু শিশুৰ বাবে কবিতা ৰচনা কৰিছিল৷ কিতাপৰ পাঠ পঢ়াই লোৱাৰ পিছত তেখেতে গালিব, জ্যাক, জাফৰ আৰু আকবৰ ইলাহাবাদীৰ কবিতা মাতি শুনাইছিল৷ তেতিয়াই শুনা অনেক কবিতা মোৰ আজিও মনত আছে৷
মাহত এবাৰকৈ স্কুলৰ পৰা আমাক দিল্লীৰ পুৰণি স্মৃতিচিহ্নসমূহ দেখুৱাবলৈ নিছিল৷ সেই ঠাইবোৰ- সমাধিক্ষেত্ৰ, মছজিদ আৰু পুৰণি ৰাজমহলবোৰত পিনপিনাই ঘুৰি ফুৰি তাৰ বুৰঞ্জী জানিবলৈ সুবিধা পাইছিলোঁ৷ বছৰত দুবাৰকৈ আমাক দেশৰ বিভিন্ন ঠাইত ফুৰাবলৈও নিছিল৷ তাৰ কিছু স্মৃতি এতিয়াও মোৰ মনত আছে৷ প্ৰথম সাগৰ দেখা মুহুৰ্তটো। বম্বেলৈ স্কাউটৰ জাম্বুৰী এটাত গৈছিলো৷ সাগৰৰ পাৰত থিয় হৈ মই পাৰাপাৰহীন পানীৰ বিশালতা দেখি অবাক হৈ গৈছিলো৷ পাৰৰ ঢৌ এটা স্পৰ্শ কৰি মই এচলু পানী মুখত লৈ চাইছিলোঁ আৰু পিছমূহুৰ্ততে থু থু কৈ উঠিছিলোঁ৷ তেনেকৈ ৰাজস্থানলৈ যোৱা স্মৃতিও মনত আছে৷ পাহাৰ এটাৰ ওপৰত অৱস্থিত চিতোৰৰ দুৰ্গটোৰ কথা এটা মনত পৰিছে৷ দুৰ্গটোৰ ভিতৰৰ ঠাইসমূহ চাই আহি আমি বাছৰ কাৰণে তলত অপেক্ষা কৰিছোহি৷ বেলি ডুবিবৰ সময় হৈছে৷ এনেতে দেখিলো শ শ ময়ূৰ চৰাই দুৰ্গটোৰ দেৱালত শাৰী পাতি আহি পৰিলহি৷ তাৰ পিছত কোনোবাই যেন ছিগনেলহে দিলে৷ আটাইবোৰ চৰাই একেলগে কিচিৰ মিচিৰ শব্দ কৰি সিহঁতৰ সোণ সনা নীলা আৰু সেউজীয়া পাখিবোৰ মেলি একেলগে উৰি গুচি গ’ল৷ সেই মনোমোহা দৃশ্য কোনেও কেতিয়াও পাহৰিব নোৱাৰে৷ সেই একেটা ভ্ৰমণতে আমি আজমীৰ আৰু উদয়পুৰলৈও গৈছিলোঁ৷ হ্ৰদ, ৰাজ অট্টালিকা আৰু দুৰ্গবোৰ দেখাৰ সৌভাগ্য হৈছিল৷ এটা সন্ধ্যা কোনোবাই কেওৰা নামৰ কেকটাছৰ সৰু ঠাল এটা ছিঙি আনি কোঠাটোৰ লাইটটোৰ ওচৰত থৈ দিছিল৷ অলপ পিছতে গোটেই কোঠাতো কেওৰা সুগন্ধিৰে ভৰি পৰিল৷ প্ৰথমজাক বৰষুণ পৰিলে মাটিৰ পৰা যেনে গোন্ধ ওলায় তেনে সুগন্ধি৷ এই গোন্ধৰ সুগন্ধিটো মোৰ গোটেই জীৱনতে প্ৰিয় সুগন্ধি হৈ ৰ’ল৷ তাৰোপৰি কোনো পুৰণি স্মৃতিচিহ্ন চাবলৈ গৈ বা সেই বিষয়ে লিখি মই কেতিয়াও বিৰক্ত নহও৷
এনেকৈয়ে আগ্ৰা আৰু ফটেহপুৰচিক্ৰিলৈ যোৱাৰ কথা মনত পৰিছে৷ ৰঙা পাথৰৰ প্ৰকাণ্ড মহল আৰু মছজিদটৈা পিতিকি পিতিকি চোৱাৰ পিছত আমি আগ্ৰাৰ দুৰ্গটো চাবলৈ গৈছিলোঁ৷ বগা মাৰ্বল আৰু ৰঙা পাথৰৰ সংমিশ্ৰণেৰে সজা এইটো আনএটা দুৰ্গ৷ মোৰ আমনি লাগিবলৈ আৰম্ভ হৈছিল৷ তাৰপিছত আমি তাজমহললৈ সোমোৱা গেইটখনৰ আগত শাৰী পাতিলোঁ৷ গাইডে এটা ভাষণ আৰম্ভ কৰিলে - ভাইটিহ’ত মন দি শুনা, এতিয়া তোমালোকে পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰৰ এটা চাবলৈ পাবা৷ সম্ৰাট ছাহজাহানে তেওঁৰ মৰমৰ প্ৰিয়তমা মমতাজৰ সমাধিৰ ওপৰত এইটো নিৰ্মাণ কৰিছিল৷ বিৰক্তিৰ সেই সময়টোত কোনোবা সম্ৰাটৰ প্ৰেমকাহিনী বা পৃথিৱী বিখ্যাত আশ্চৰ্য চোৱাৰ মন মোৰ সমূলি নাছিল৷ তাৰ পিছত আমাক শাৰী পাতি আগবাঢ়িবলৈ নিৰ্দেশ দিলে৷ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই চকুৰ আগত তাজমহল উদ্ভাসিত হৈ উঠিল৷ মই হতভম্ব হৈ গ’লো, মুখখন আপোনা আপুনি মেল খাই গ’ল৷ মোৰ আৰু আগবাঢ়িবৰ মন নগ’ল৷ মই তাতেই বহি পৰিলো আৰু তাজমহলৰ সমস্ত সোন্দৰ্য হেঁপাহ পলুৱাই তাৰপৰাই মই পান কৰিলো৷
মই মডাৰ্ণ স্কুলত মুঠতে দহ বছৰ আছিলো৷ যদিও পাঁচ বছৰ বয়সতে এইখন স্কুলত এজনী ছোৱালীক মই মোৰ হৃদয় দান কৰিছিলো আৰু তাইক পিছলৈ পত্নী হিচাপে পাইছিলো, স্কুলত পঢ়া সেই সময়ত কিন্তু তাইৰ লগত মোৰ কোনো ধৰণৰ বন্ধুত্ব হোৱা নাছিল৷ মৌলৱী সাইফুদ্দিন নায়াৰ ছাৰৰ দৰে কেইজনমান শিক্ষকৰ লগত মোৰ সম্পৰ্কটো বহুদিনলৈ চলি আছিল৷ ৰুমা বিশ্বাস নামৰ তেতিয়াৰ গাভৰু শিক্ষয়িত্ৰী গৰাকীক মই লাহোৰত কলেজত থাকোঁতে আৰু পিছত ইংলণ্ডত থাকোঁতে লগ পাইছিলোঁ৷ সতীন্দৰক লণ্ডনত থাকোতেই যথেষ্ট ঘনিষ্ঠ ভাবে লগ পালোঁ। এবাৰ পেৰিছলৈও আমি একেলগে গৈছিলোঁ৷ কানাডালৈ গুছি যোৱাৰ পিছত তাৰ লগত আৰু মোৰ কোনো যোগাযোগ নাই৷ মোটাই হৈছে তেতিয়াৰ দিনৰ মোৰ একমাত্ৰ সহপাঠী যাৰ লগত মোৰ ছেগাছোৰোকাকৈ দেখা দেখি হৈয়েই থাকে৷
যথেষ্ট অভিজ্ঞ শিক্ষক থকা সত্বেও মডাৰ্ণ স্কুলৰ ছাত্ৰই মেট্ৰিক পৰীক্ষাত বৰ ভাল ফল দেখুৱাব পৰা নাছিল৷ ফেইল কোনোৱে কৰা নাছিল, কিন্তু একেবাৰে ওপৰলৈও কোনো উধাব পৰা নাছিল৷ এই কথাটোৱে স্কুলখনৰ কৰ্মকৰ্তা সকলক বিমৰ্ষ কৰিছিল৷ ভাৰতীয় পৰীক্ষাৰ ব্যৱস্থাটোত ফলাফল নিৰ্ভৰ কৰে প্ৰশ্নকেইটাৰ সঠিক উত্তৰ লিখাটোতেই৷ মডাৰ্ণস্কুলৰ বাবেও তাৰ ব্যতিক্ৰম নাছিল৷ সেয়ে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰিলেও পিছৰ জীৱনত এইখন স্কুলৰ ছাত্ৰহ’তে কিন্তু যথেষ্ট উন্নতি কৰিব পাৰিছিল৷ ছেইণ্ট ষ্টিফেন্স্ স্কুলৰ প্ৰাক্তন অধ্যক্ষ এছ. কে. ৰুদ্ৰৰ স্মৃতিত আমাৰ স্কুলত এটা বঁটা আৰম্ভ কৰিছিল৷ চৰিত্ৰ আৰু পাৰদৰ্শিতা -এই দুয়োটাতে ভাল ফল দেখুৱাব পৰা ছাত্ৰই এই পুৰস্কাৰটো পাইছিল৷ প্ৰথম বছৰ এই পুৰস্কাৰটো মোৰ ককাইদেই ভগৱন্ত সিঙে পাইছিল৷ আমি ১৯৩০ চনত মেট্ৰিক পৰীক্ষা দিছিলোঁ৷ আমাৰ ক্লাছৰ পাঁচটা ছাত্ৰৰ ভিতৰত মধ্যমীয়া ধৰণৰ আছিল প্ৰতাপ সিং৷ চকুৰ দুৰ্বল দৃষ্টিশক্তিৰ বাবে সি খেলাধূলাতো বৰকৈ অংশ গ্ৰহণ কৰিব পৰা নাছিল৷ আমি নজনাকৈ তাৰ যদি কিবা সাংঘাটিক চৰিত্ৰৰ বিকাশ হৈছিল আমি নাজানো, তথাপিও কিন্তু শিক্ষকসকলে তাকেই ৰূদ্ৰ পুৰস্কাৰটোৰ বাবে নিবাৰ্চন কৰিছিল৷ আচল কথাটো হ’ল, তাৰ দেউতাকেই আছিল স্কুলখনৰ প্ৰতিষ্ঠাতা। (আগলৈ..)