Saturday, February 24, 2024

জীৱনৰ লক্ষ্য



জীৱনৰ লক্ষ্য

 

আমি বুনিয়াদী বিদ্যালয়তেমোৰ লক্ষ্যশিৰোনামাৰে এটা কবিতা পঢ়িছিলোঁমই গান্ধীজীৰ দৰে , সদায় সত্যপথত , অহিংসা ব্ৰতেৰে জগত জিনিম, সত্য কথাহে ! মই গান্ধীজীৰ দৰে ম।ৰালিতে মনত লাগি যোৱা ভাৱ আৰু ভাষাৰ পদ্য। কবিতাটোত পিছৰফালে ক্ৰমে জৱাহৰলাল (নেহৰু), আজাদ (আব্দুল কালাম আজাদ), নেতাজী সুভাষ (বসু), সৰোজিনী (নাইডু), জয়প্ৰকাশ (নাৰায়ন), তৰুণৰাম (ফুকন), কৰ্মবীৰ নবীন (বৰদলৈ), কনকলতা আৰু কুশল কোঁৱৰৰ কথা কোৱা হৈছিল। কবি আছিল লক্ষ্যধৰ চৌধুৰী। মনটো প্ৰশংসা আৰু প্ৰেৰণাৰে ওপচাই পেলাব পৰা কবিতা। প্ৰতিটো স্তৱকতে নিহিত হৈ আছিল একোটা নিটোল কাহিনী আৰু প্ৰেৰণাৰ অক্ষয় সঁফুৰা। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আহি মই যেতিয়া কটন মহাবিদ্যালয়ত ভৰ্তি হঁলোহি, আমাৰ আৱাসৰ নৱাগত আদৰণি সভাত নিমন্ত্ৰণ কৰি অনা হৈছিল এইজন কবিকে, আমাৰ মনৰ মাজত বহি থকা এই বিখ্যাত কবিতাটোৰ প্ৰবাদপ্ৰতীম লেখকজন। মোৰ আনন্দৰ সীমা নাছিল। তেতিয়াৰ প্ৰচলিত নিয়মানুসৰি আথেবেথে তেখেতৰ হাতত মোৰ অটোগ্ৰাফখন তুলি দিলো তেখেতৰ হস্তাক্ষৰ বিচাৰি। তেখেতে লিখিছিল,- “মই লাচিতৰ দৰে হ’ম, দেশতকৈ মোমাই ডাঙৰ নহয় জগতক চিঞৰি ক’ম, মই লাচিত বৰফুকন হ’ম!” সেই কবিতাটোৰ সুৰতে লিখা আন এটা স্তৱক! তেতিয়া অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সমাপ্তি ঘটিছে। অবিবাহিত যুৱক প্ৰফুল্ল কুমাৰ মহন্তই ছাত্ৰ সন্থাৰ পৰা পোনে পোনে গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছেগৈ। তেখেতে লিখি দিয়া মোৰ অটোগ্ৰাফৰ কথাখিনি পৰিৱেশটোৰ লগত মিলি গৈছিল। পাছলৈ দেখিলোঁ মূল কবিতাটোত এই শাৰীকেইটাইও ঠাই পাইছে আৰু আমাৰ দিনত পঢ়া কবিটাটোৰ নামটোও সলনি হৈছে। কবিতাটোৰ নতুন নাম, - গজালিৰ লক্ষ্য!

 

আমি মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত ‘মোৰ জীৱনৰ লক্ষ্য’ বা ‘Aim in Life’ নামৰ বিষয়টো আমি পৰীক্ষাত লিখিব লগা ৰচনাৰ এটা জনপ্ৰিয় বিষয় আছিল। সেই ৰচনাবোৰৰ বেছিভাগতেই ডাঙৰ হৈ নিজৰ ভৰিত নিজে থিয় হৈ দেশৰ আৰু দহৰ উপকাৰ কৰাৰ কথা আছিল। সেই ৰচনাবোৰৰ বেছিভাগেই ‘ৰচনা প্ৰৱাহ’ ধৰণৰ কিতাপত পোৱা নতুবা বিদ্যালয়ত শিক্ষকে লিখি দিয়া ৰচনা আছিল। তেনে ৰচনাই মনত “নিজৰ ভৰিত নিজে থিয় হৈ দেশৰ আৰু দহৰ উপকাৰ কৰাৰ” কিঞ্চিতো প্ৰেৰণা যোগাব পৰা নাছিল। অথচ সেইটো সময়েই জীৱনৰ লক্ষ্য সম্পৰ্কে চিন্তা-চৰ্চা কৰাৰ উপযুক্ত সময় আছিল। বুনিয়াদী বিদ্যালয়ত জন্ম হোৱা গান্ধীজী, জৱাহৰলাৰ, আজাদ, কনকলতা, কুশল কোঁৱৰ হ’ব খোজা মনটোক বাস্তৱৰ লগত পৰিচয় কৰাই দি এটা ফলপ্ৰসু বাটৰ সন্ধান দিব পৰা সেইটোৱেই আছিল উপযুক্ত সময়!

 

এতিয়া দিন সলনি হৈছে। চিকিৎসক বা অভিয়ন্তা হ’ব নোৱাৰিলেই ভৱিষ্যত অন্ধকাৰ বুলি ভবা দিনৰ অন্ত পৰিছে। ভাত, কাপোৰ আৰু বাসস্থানৰ বাবে কৰিব লগা সংগ্ৰামে নতুন ৰূপ পাইছে। কেৱল কেইটামান নিৰ্দিষ্ট পেশাতে আৱদ্ধ নাথাকি জন্মগত প্ৰতিভা আৰু ৰুচীৰ লগত খাপ খুৱাই জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো সম্ভৱ হৈছে। মনে বিচৰা ধৰণে জীৱনটো উদযাপন কৰিব পৰাটোহে জীৱনৰ লক্ষ্য হ’ব লাগে, কোনো এটা পেশাৰ প্ৰতিয়েই অত্যাধিক আসক্তি জন্মাবলৈ ঘৰ বা পৰিয়ালে চেষ্টা কৰাটো মানৱতাৰ দিশৰ পৰাই এক জঘন্য অপৰাধ! ‘মোৰ বৰ ইচ্ছা আছিল উকীল হোৱাৰ, পাছে নোৱাৰিলোঁ, সেয়ে ল’ৰাটোকে সেইফালই ঠেলি-হেঁচি আগবঢ়াই দিছো” এনে মানসিকতা স্বাৰ্থপৰতাৰ নামান্তৰ মাথোঁ। ল’ৰাৰ বা কি লক্ষ্য আছিল সেয়া গণ্যই কৰা নহ’ল। ল’ৰাৰ হয়তো জন্মগত ইচ্ছা আছিল শিক্ষক হোৱাৰ! জীৱনৰ সোঁৱে-বাঁৱে থকা আটাইবোৰ বাট চিনাকি কৰি দিয়াৰ দায়িত্ব পিতৃমাতৃ বা শিক্ষকৰ। কিন্তু এক বিশেষ পেশাত মহত্ব আৰোপ কৰি (glorify) সন্তানক সেইদিশলৈক ধাৱবান কৰি নিয়াটো অপৰাধ। এই অপৰাধৰ ফলশ্ৰুতিতে ফুলকুমলীয়া সন্তানে পৃথিৱীখন মায়োমোহহীন বুলি ভাবিবলৈ বাধ্য হয়।

জীৱনৰ লক্ষ্য স্থিৰ হয় কেনেকৈ?

‘একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰেই জীৱনৰ লক্ষ্য থাকিব লাগে’, - এই কথাটো সত্য নহয়। যিকোনো বয়সৰ মানুহৰেই জীৱনৰ লক্ষ্য থাকিব পাৰে আৰু থকা উচিত। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লক্ষ্যটো স্থিৰ কৰোঁত আত্মপ্ৰতিষ্ঠাৰ দিশটোত বেছি গুৰুত্ব দিয়া হয় আৰু আত্মপ্ৰতিষ্ঠাৰ যাত্ৰাটোকেই জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে প্ৰক্ষেপিত হয়। সমাজবি়জ্ঞানে আজিকালি দুইধৰণৰ লক্ষ্যৰ কথা কয়, এবিধ পেশাগত লক্ষ্য আৰু আনবিধ ব্যক্তিগত জীৱনৰ লক্ষ্য! মাধ্যমিক বিদ্যালয় পৰ্যায়তে মানুহে নিজৰ ৰুচী বা জন্মগত প্ৰতিভাৰ এক আভাষ পায়। সেইখিনি সময়েই পেশাগত লক্ষ্য ঠিক কৰাৰ উপযুক্ত সময়। কিন্তু এনেকুৱাও নহয় যে সেইখিনি সময় পাৰ হৈ গ’লে বৃত্তি বা পেশাগত লক্ষ্যৰ সলনি সম্ভৱ নহয়। সাম্প্ৰতিক সময়ত হিন্দী ভাষাৰ কবি বুলি পৰিচিত কুমাৰ বিশ্বাসে দেউতাকৰ ইচ্ছা অনুসৰি মতিলাল নেহৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল কিন্তু নিজৰ মনৰ মাজত থকা অদমিত ইচ্ছাৰ বাবে ইঞ্জিনিয়াৰিং শিক্ষা এৰি থৈ সাহিত্য পঢ়িবলৈ ওলাই আহিছিল। আজি দেশে তেওঁক কবি বুলি চিনি পায়। তেওঁ নিজেই কয়,- ‘মই ভাল কবি নহ’ব পাৰোঁ, কিন্তু বেয়া ইঞ্জিনিয়াৰ এজন হোৱাৰ পৰা বাচি গ’লো!’ ঠিক তেনেকৈ, ভাৰতৰ এজন প্ৰখ্যাত লেখক খুশৱন্ত সিঙে লেখা কামটোক বৃত্তি হিচাপে গ্ৰহণ কৰিছিল ৫৫ বছৰ বয়সত! আজিৰ দিনত লেখাৰ বাদে তেখেতে আন কি কৰিছিল কোনেও নাজানে!

ব্যক্তিগত লক্ষ্যৰ কথা আমাৰ মাজত চৰ্চা প্ৰায় নহয়েই। জীৱন বুলি কোৱা মোৰ ভাগত পৰা এই সময়খিনিক ব্যৱহাৰ কৰি মই আগলৈ কি থৈ যাম, আগন্তুক প্ৰজন্মই মোক মনত ৰাখিবৰ বাবে কিবা এটা কৰি যাব পাৰি নেকি, কি কামে মোক এটা অৰ্থপূৰ্ণ জীৱন যাপন কৰাৰ অনুভৱ দিব পাৰিব- সেই সম্পৰ্কে আমি বৰ কম কথা কওঁ। অথচ সমাজ এখনৰ স্বাস্থ্যৰ বাবে ই ভিটামিনৰ দৰে এটা উপাদান!

লক্ষ্য তেতিয়াহে লক্ষ্য হয় যেতিয়া তাৰ লগত আবেগিক অংগীকাৰে সহাৱস্থান কৰে। A goal is a goal only when there is an emotional commitment to it. এই সম্পৰ্কে বহুদিনৰ আগতে ‘সাদিন’ কাকতত মই “সমৃদ্ধিৰ সঁচাৰকাঠি” (https://utpalbaruah.blogspot.com/2018/01/blog-post_19.html) বুলি এটা নিৱন্ধও লিখিছিলোঁ। আজিকালি লক্ষ্য বা GOAL ঠিক কৰাৰ বৈজ্ঞানিক সুত্ৰ ওলাইছে। SMART বুলি কোৱা এই সুত্ৰই লক্ষ্য নিৰূপণৰ সময়তেই সাফল্য নিৰ্ণয়ৰ মাপ, বাস্তৱিকতে সম্ভৱ নে অসম্ভৱ, প্ৰয়োজনীয় সময় আদিৰ প্ৰতি দৃষ্টি ৰাখিবলৈ শিকায়। প্ৰতিটো লক্ষ্যৰ লগতে জড়িত হৈ থাকে সংশয় অৰ্থাৎ সফলতাৰ প্ৰতিশ্ৰুতি আৰু বিফলতাৰ সম্ভাৱনা। (লক্ষ্যৰ বৈধতা = সফলতাৰ প্ৰতিশ্ৰুতি + বিফলতাৰ সম্ভাৱনা)। গুণীজনে নিজৰ লক্ষ্যত অন্তত সফলতাৰ প্ৰতিশ্ৰুতি আশী শতাংশ থকাটো বিচাৰে।

দেওবৰীয়া চিন্তা মুকলিকৈ কৰিলোঁ।


Saturday, November 18, 2023

প্ৰগতি আৰু পৰিকল্পনাৰ সংযোগসুত্ৰ – থ্ৰী বক্স থিয়ৰিঃ প্ৰান্তিক ১৬-৩০ নৱেম্বৰ সংখ্যাত প্ৰকাশিত





প্ৰগতি আৰু পৰিকল্পনাৰ সংযোগসুত্ৰ
থ্ৰী বক্স থিয়ৰি


আজিকালি ব্যৱসায় ব্যৱস্থাপনাৰ (Business Management) বিভিন্ন দিশৰ ওপৰত ন ন গৱেষণা চলিয়েই থাকে। কোনোবা এটা প্ৰতিষ্ঠানে কি কি গুণৰ প্ৰভাৱত দিনে দিনে সফলতা আৰু ঐশ্বৰ্যৰ শিখৰলৈ গতি কৰে আৰু কি কি দিশৰ প্ৰতি লক্ষ্য নাৰাখিলে একোটা ব্যৱসায়ৰ এদিন পৰিসমাপ্তি ঘটে তাৰ ওপৰত পৃথিৱীৰ বহুদেশে গৱেষণা  কৰি আছে। এসময়ত ফটো বুলিলেই মনত ভাঁহি উঠা ‘কোডাক’, ‘কণিকা’ ফিল্মৰ সেই চিনাকি ছবিখন আজিকালি হেৰাই গ’ল কিয়? কুৰী শতিকাত একক ভাৱে ফটোগ্ৰাফি ব্যৱসায়ত অপ্ৰমাদি হৈ থাকি যিটো প্ৰতিষ্ঠানে ডিজিটেল কেমেৰা আৱিষ্কাৰ কৰি ফটো ব্যৱসায়ত দপদপাই আছিল সেইটো কম্পেনী ২০১২ চনৰ পৰা দেখিবলৈ নোপোৱা হৈ গ’ল! ‘নকিয়া’ নামৰ কম্পেনীটোক মোবাইল সেৱাৰ বাটকটীয়া বুলিও ক’ব পাৰি। ১৯৯০ ৰ পৰা ২০০০ চনলৈ নকিয়া মোবাইলৰ সমকক্ষ কোনো নাছিল। ২০০৮ চনত আই-ফোন বজাৰলৈ আহি যোৱাৰ লগে লগেই নকিয়াৰ নাম ক্ৰমশঃ নিস্তেজ হৈ আহিল। আজিৰ তাৰিখত নকিয়া জনপ্ৰিয় মোবাইলৰ তালিকাত নাহেই। তেনেকৈয়ে প্ৰায় নিশকটীয়া হৈ জীয়াই আছে ‘মট’ৰলা’ নামৰ মোবাইল কোম্পানীটো! আজিৰ পৰা কুৰি বছৰৰ আগতে ভাৰতৰ আকাশত ভুমুকি মৰা ‘কিংফিছাৰ’ এয়াৰলাইনৰ তুলনা নাছিল। এতিয়া কোম্পানীৰ মালিকেই পলাতক! ‘চেভ্ৰলেট’ নামৰ মটৰ কোম্পানীটোৱে এসময়ত ভাৰতবৰ্ষত ভাল ব্যৱসায় কৰি আছিল। ‘মাৰুতি-ছুজুকি’ আৰু ‘হোন্দা’-ৰ আগ্ৰাসনত ২০১৭ চনত কোম্পানীটোৱে আমাৰ দেশত চেভ্ৰলেট ব্যৱসায়ৰ তলা লগাবলৈ বাধ্য হ’ল। আজিৰ পৰা ১০০ বছৰ আগৰ সময়ছোৱাৰ সফলতাৰ শীৰ্ষত থকা ১০খন বিশ্ববিদ্যালয়ৰ তালিকা এখন প্ৰস্তুত কৰিব লগা হলে প্ৰায় আটাইকেইখনেই ইউৰোপৰ বিশ্ববিদ্যালয়ৰ নাম সোমালহেঁতেন। জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ সংখ্যাই আটাইতকৈ বেছি থাকিলহেঁতেন। আমেৰিকাৰ এখনো নাথাকিলহেঁতেন। আৰু বৰ্তমান সময়ৰ ১০ খন বিশ্ববিদ্যালয়ৰ নাম প্ৰস্তুত কৰিব লগা হলে, আধাৰো অধিক সোমাব আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ নাম। জাৰ্মানীৰ হয়তো এখনো নোসোমাব। কিয়? যোৱা ১০০ বছৰত আমেৰিকাই কি কৰিলে যিটো জাৰ্মানীয়ে কৰিব নোৱাৰিলে! এই ধৰণৰ বিফলতাৰ তালিকাখন দীঘল। একালৰ বৃন্দাৱন একালত পৰে চন! কিয় এনে হয়? কোনটো দিশৰ প্ৰতি কৰা অৱহেলাই এই প্ৰতিষ্ঠানবিলাকৰ ধ্বংস মাতি আনে? কি দিশৰ প্ৰতি থকা তীক্ষ্ণ নজৰে এটা কোম্পানীক প্ৰতিদণ্ডীসকলক পাছ পেলাই প্ৰগতিৰ জখলাত আগুৱাই যাবলৈ সহায় কৰে? কি সেই অমোঘ পৰিকল্পনা? কি সেই প্ৰগতিৰ গুপুত মন্ত্ৰ?


আমেৰিকাৰ এটা জনপ্ৰিয় প্ৰতিষ্ঠানে গৱেষণা কৰি পাইছে যে এটা কোম্পানী বা প্ৰতিষ্ঠানৰ উত্তৰোত্তৰ প্ৰগতি আৰু বৰ্তমানৰ সাফল্যক সামগ্ৰিকভাবে তিনিধৰণৰ বান্ধোনেৰে বান্ধি ৰাখিব পাৰি, অৰ্থ্যৎ তিনিটা বাকচত আৱদ্ধ কৰি ৰাখিব পাৰি। তেওঁলোকে এইটোক “থ্ৰি বক্স থিয়ৰি” বুলি কৈছে। সেই তিনিটা বাকচৰ প্ৰতিটোৰে এটা প্ৰতিষ্ঠানৰ অগ্ৰগতিত গুৰুত্ব অপৰিসীম। বৰ্তমান আৰু ভৱিষ্যতৰ সফলতাৰ সঁচাৰ কাঠি সেই তিনিটা বাকচতে সোমাই আছে থ্ৰি বক্স থিয়ৰি!

 

সততে দেখা যায়, প্ৰায় সকলো প্ৰতিষ্ঠানেই এক নম্বৰ বাকচটোৰ ওপৰতেই আটাইতকৈ বেছি গুৰুত্ব দিয়ে। কোনো কোনো প্ৰতিষ্ঠানে প্ৰয়োজনতকৈও অধিক গুৰুত্ব দিয়া দেখা যায়। কিন্তু আমোদজনক কথা ভৱিষ্যতৰ সফলতা আৰু পৰিকল্পনাৰ লগত এক নম্বৰ বাকচৰ কোনো সম্পৰ্কই নাই।  ভৱিষ্যতৰ বিকাশ আৰু সফলতা নিশ্চিত কৰে বাকচ দুই আৰু তিনিয়ে। তিনি নম্বৰ বাকচটোৱে এটা প্ৰতিষ্ঠানত কেনে ধৰণৰ গুৰুত্ব পাইছে তাৰ ওপৰতে মূলতঃ নিৰ্ভৰ কৰে সেই প্ৰতিষ্ঠানটোৰ ভৱিষ্যতৰ সফলতা। দহ বছৰৰ পাছত প্ৰতিষ্ঠানটোৱে কেনে ধৰণৰ কাম কৰিব সেইটো নিৰ্ভৰ কৰে বৰ্তমান সময়ত তিনি নম্বৰ বাকচটোৰ ওপৰত প্ৰতিষ্ঠানটোৱে কিমান গুৰুত্ব আৰোপ কৰিছে তাৰ ওপৰত। আমোদজনক সুত্ৰ।

 

এক নম্বৰ বাকচটো হৈছে একোটা প্ৰতিষ্ঠানৰ বৰ্তমান সময়ৰ প্ৰতিদণ্ডীৰ সৈতে কৰিব লগা হোৱা প্ৰতিযোগিতা। ব্যৱসায়ত টিকি থাকিবৰ বাবে অপৰিহাৰ্য দক্ষতাৰ বাবে কৰিব লগা সংগ্ৰাম। প্ৰতিদণ্ডীসকল যদি আগবাঢ়ি গুচি যায়, আসন্ন পৰাজয় নিশ্চিত। এইটো সহজেই বোধগম্য যে তাৰ বাবে কৰিব লগা পৰিকল্পনা, ব্যয় সকলো কৰিবলৈ সততে সকলো প্ৰতিষ্ঠানেই আগ্ৰহী। আমোদজনক কথাটো হ’ল, এই এক নম্বৰ বাকচটোক লৈ ব্যস্ত হৈ থাকোঁতেই প্ৰতিষ্ঠানসমূহে দুই আৰু তিনি নম্বৰ বাকচটোলৈ সাধাৰণতে পাহৰি থাকে। ইয়েই হৈ পৰে এসময়ত সৰ্বনাশৰ মূল কাৰণ। দুই নম্বৰ বাকচটো হৈছে সময় সাপেক্ষে প্ৰচলিত বিশ্বাস, ধাৰণা, নিয়ম, পৰম্পৰা আদিক উচিত সময়ত বিসৰ্জন দিব পৰা ক্ষমতা। ভালকৈ চলি থাকিলেই একোটা নিয়ম সদায় খামোচ মাৰি ধৰি থাকিব নালাগে। সময়ৰ লগত খাপ খুৱাই পুৰণিক বিসৰ্জন নি নতুনক আদৰি ল’ব পৰা ক্ষমতাৰ কথা কোৱা এইটোৱেই হৈছে এই সুত্ৰৰ দ্বিতীয় বাকচটো। আটাইতকৈ আৱশ্যকীয় কিন্তু এলাগী হৈ থকা বাকচটোৱেই হৈছে তিনি নম্বৰটো। সেইটো বাকচে দহ বছৰৰ পাছত কি হব পাৰে, কেনে ধৰণৰ পৰিকল্পনাৰ প্ৰয়োজন হ’ব সেইকথা এতিয়াই গৱেষণা কৰি ঠিৰাং কৰিব লাগে। ভৱিষ্যতৰ কথা কোনেও ক’ব নোৱাৰে। কিন্তু আমোদজনক কথা এই গৱেষণাৰ বাবে প্ৰয়োজনীয় আগ্ৰহ, ব্যয়, সমল আদিৰ ভূ ৰাখিবলৈ সাধাৰণতে কাৰো সময় নাথাকে, প্ৰতিষ্ঠানসমূহ ব্যস্ত হৈ থাকে এক নম্বৰ বাকচটোক লৈ। তিনি নম্বৰ বাকচৰ প্ৰয়োজনীয়তা এলাগী হৈ পৰি ৰয়। এইটো বাকচৰ কথা ভ্ৰূক্ষেপ কৰিবলৈ আহৰি নাথাকিলেও প্ৰকৃত সত্যটো হৈছে এইটো বাকচৰেই দায়িত্ব থাকে ভৱিষ্যতৰ ভেটি নিৰ্মান কৰা! কেইটামান উদাহৰণেৰে কথাটো ফঁহিয়াই চাব পাৰি।

 

তিনি নম্বৰ বাকচটোৰ সু-প্ৰয়োগৰ অনেক উদাহৰণ আছে। বিশ্ববিখ্যাত কোম্পানী জেনেৰেল ইলেক্ট্ৰিকেলচৰ (General Electricals) কথা আমি সকলোৱেই জানো। স্বাস্থ্যখণ্ডত ব্যৱহাৰ হোৱা বহু যন্ত্ৰপাতি তেওঁলোকে নিৰ্মান কৰে। এক্সৰে’ মেচিন, চিটি স্কেন, এম-আৰ-আই, ইচিজি মেচিন আদি বিভিন্ন অপৰিহাৰ্য যন্ত্ৰ তেওঁলোকৰে সৃষ্টি। তেওঁলোকে যেতিয়া প্ৰথম প্ৰথম ইচিজি মেচিন তৈয়াৰী কৰিবলৈ ল’লে, তেওঁলোকে দেখিলে যে যন্ত্ৰটোৰ মূল্য অন্ততঃ বিশ হাজাৰ আমেৰিকান ডলাৰ। এনেধৰণৰ মেচিন সকলো দেশতে সকলো নাগৰিকৰ বাবেই উপলব্ধ কৰাটো সহজ কথা নহয়। অথচ সকলো দেশৰ নাগৰিকৰে হাৰ্ট এটাক হয়। সঠিক সময়ত ব্যৱহাৰ কৰিলে এইটো মেচিনে তেনে বহু ৰোগীক বচাব পাৰে। ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ, বেছি ভাগ নাগৰিকেই গাৱঁত বাস কৰে। বিশ হাজাৰ আমেৰিকান ডলাৰৰ মেচিন এটা তেওঁলোকৰ ওচৰলৈ লৈ যাব পৰাটো অসম্ভৱ কথা। মেচিনটো চলাবলৈ লগা বিদুৎ সেৱাৰো অৱস্থা দেশখনত পুতৌলগা। মেচিনটোৰ পৰা ৰিপৰ্টটো উলিয়াই অনা কামটোও যথেষ্ট ব্যয় বহুল। কোম্পানীটোৱে সম্ভাৱ্য ব্যৱসায়ৰ সম্ভাৱনা চালিজাৰি চাই এটা সৰু, মাত্ৰ ৫০০ ডলাৰ ব্যয় কৰি ক্ৰয় কৰিব পৰা ইচিজি মেচিন তৈয়াৰ কৰিলে। বেটাৰীতে চলিব পাৰে, বিদ্যুতৰ প্ৰয়োজনেই নাই। এক ডলাৰত দহখন ৰিপৰ্ট উলিয়াব পাৰি। এনেধৰণৰ উদ্ভাৱনে জেনেৰেক ইলেকট্ৰিক নামৰ কোম্পানীটোক এটা বেলেগ পৰ্যায়লৈ গৈ গ’ল। সেইটো কোম্পানীৰ আশে পাশে থিয় হোৱাৰ সাহসো আন কম্পেনীয়ে কৰিব নোৱাৰিলে। হেচব্ৰৌ (Hasbro) নামৰ পুতলা কোম্পানী এটা আছে। সমগ্ৰ পৃথিৱীতে পুতলা ব্যৱসায়ত তেওঁলোকৰ আধিপত্য সুস্পষ্ট। ১৯৯৫ চনতে তেওঁলোকে গৱেষণা কৰি পালে যে ভৱিষ্যতে ইলেকট্ৰনিকছৰ আমূল বিকাশ হোৱাৰ সম্ভাৱনা আছে। পুতলা নিৰ্মানতো ইয়াৰ প্ৰয়োগ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে তেতিয়াই কৰা পৰিকল্পনাই ২০০৫ চনত যেতিয়া বাস্তৱ ৰূপ পালে তেওঁলোকৰ প্ৰতিদণ্ডীসকলে নিজৰ নিজৰ সামগ্ৰীত ইলেকট্ৰনিকছ প্ৰয়োগ কৰাৰ কথা কল্পনাই কৰিব পৰা নাছিল। হেচব্ৰৌ প্ৰতিযোগীতাত বহুত আগুৱাই গ’ল।

 

এটা সাধাৰণ উদাহৰণেৰে “থ্ৰী-বক্স থিয়ৰী”-ক আৰু সৰলীকৃত কৰি আলোচনা কৰিব পাৰি। ধৰাহওঁক ডিপাৰ্টমেণ্ট ষ্ট’ৰ ব্যৱসায়। দোকানখন চলি থক সময়ত দোকানখনে লক্ষ্য ৰাখিব লাগিব য়ে একেধৰণৰ দোকানৰ তুলনাত তেওঁলোকৰ স্থান ক’ত? তুলনামূলক অৱস্থান কেনেকুৱা? দোকানত বিক্ৰি কৰিবলৈ ৰখা সামগ্ৰী, দোকানৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ, দোকানখনত ব্যৱহাৰ কৰি থকা প্ৰযুক্তিবিদ্যা আদি সকলো দিশলৈ ব্যৱসায়ীজনে চকু ৰাখিব লাগিব। প্ৰতিদণ্ডীসকলৰ লগত তেওঁযে পাছ পৰি থকা নাই সেইয়া প্ৰতীয়মান হ’ব লাগিব। এইয়া এক নম্বৰ বাকচৰ কৰ্মসূচী। এইটো বাকচেই যদি দুৰ্বল হয় তেনেহলে ভৱিষ্যতৰ কথা অৰ্থাৎ বাকচ দুই আৰু তিনিৰ কথা পতা একেবাৰেই নিষ্প্ৰয়োজন। ধৰিলঁলো, দোকানখন ভাল চলিছে। গ্ৰাহকৰ সেইখন দোকান প্ৰথম পচন্দ। এনে অৱস্থাত দোকানখনৰ মালিকে যদি ভাবে এতিয়া আৰু চিন্তা কৰিব লগা একো নাই, তেনেহলে বুজিব লাগিব দুৰ্দিন সমাগত। “মাখিয়ে মিঠাই খাবলৈ” আৰু বেছি দিন নাই! দোকানখনৰ মালিকপক্ষই এনে জয়ময় দিনতে চিন্তা কৰিব পাৰিব লাগিব বাকচ দুই আৰু তিনিৰ কথা।প্ৰযুক্তিবিদ্যাৰ ঠাইত যদি কিবা নতুন প্ৰচলন হৈছে তালৈ তেওঁলোক আগ্ৰহী হয় নে নহয়, নে পুৰণি পদ্ধতিৰেই চলি যাম বুলি ভাবি আলাসতে চাং পাতি আছে। উদাহৰণ এটা লওঁ। দোকানখনত বিল দিয়াৰ বাবে কি বৰ্ডত টাইপ কৰি কৰি বস্তুবোৰৰ নাম লিখা সঁজুলিটোৱে ইমান  দিন ভাল কাম কৰি আহিছে। এইটো পদ্ধতিয়ে এটা ঘণ্টাত ২৫ জন লোকৰ গড় হিচাপত বিল দিয়াৰ কাম কৰিব পাৰে। কিন্তু দেখা গৈছে “ই-পছ” (EPOS- Electronic Point Of Sale) নামৰ এটা নতুন প্ৰযুক্তি বিদ্যা আহিছে। এইটো পদ্ধতিত গড় হিচাপত ৪০ জন লোকৰ বিল পৰিশোধ কৰিব পৰাৰ ক্ষমতা আছে আৰু প্ৰতিটো বিক্ৰিৰ হিচাপ এইটো পদ্ধতিয়ে নিখূঁটকৈ সাঁচি ৰাখিব পাৰে! বাকচ দুইৰ মতে দোকানখনে এই পদ্ধতিটো অতি সোনকালে উপলব্ধ কৰিব পাৰিব লাগে। পাৰিলে আনে ব্যৱহাৰ কৰাৰ আগতেই। তাৰবাবে প্ৰয়োজনীয় সমল, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিব লাগে। ভালকৈ কাম কৰি থকা সত্বেও পুৰণি সঁজুলিকেইটা আঁতৰাই থোৱাৰ পদক্ষেপ লোৱাৰ সাহস মালিকপক্ষৰ থাকিবই লাগিব। বাকচ তিনিৰ কৰ্মসূচী আটাইতকৈ এলাগী। ভৱিষ্যতলৈ এনে দোকানসমূহৰ ৰূপ কি হ’ব পাৰে সেই সম্পৰ্কে গৱেষণা কৰিবৰ বাবে দোকানখনৰ মালিকপক্ষই চিন্তাচৰ্চা কৰিছেনে? সেই কামৰ বাবে এক নিৰ্দ্দিষ্ট ধনৰাশি তেওঁলোকে হিচাপত লৈছে নে নাই? নে তেওঁলোকে সেই কামটো অৰ্থৰ অপব্যয় বুলি ভাবে? সকলো ব্যৱসায়তে তিনি নম্বৰ বাকচটোলৈ ভবিষ্যতে কি হ’ব পাৰে সেই সম্পৰ্কে অহৰত সংকেত আহিয়েই থাকে। বেছিভাগেই দুৰ্বল সংকেত, অৰ্থহীন। কিন্তু তাৰ মাজতে অৰ্থপূৰ্ণ সংকেতো থাকে। দোকনখনে সেইয়া বিচাৰি উলিয়াবলৈ কাম কৰিছেনে, সমৰ্থ হৈছেনে? দেখা গৈছে সম্প্ৰতি আমাৰ আগত থকা দেশবোৰত এনেবোৰ দোকনলৈ যোৱা মানুহৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে। প্ৰয়োজনীয় বস্তুসমূহৰ সূচী ঘৰতে তৈয়াৰ কৰি গৃহিণীয়ে আজিকালি অনলাইন যোগে অৰ্ডাৰ দিয়ে। সেই অৰ্ডাৰ চায়েই দোকানসমূহে গৃহস্থক সামগ্ৰীৰ যোগান ধৰে। এনে ব্যৱস্থা আমাৰ দেশলৈও অহাৰ সম্ভাৱনা আছে নেকি? আছে যদি কেনেকুৱা প্ৰযুক্তি বিদ্যা তাত ব্যৱহাৰ হয়? কি কি সমলৰ প্ৰয়োজন হয়? প্ৰয়োজন হলে তেনে ব্যৱস্থা এটা চাই আহিবৰ বাবে দোকানৰ মালিকপক্ষই ছিংগাপুৰলৈ দুজন কৰ্মচাৰীক পঠোৱাৰ কথা ভাবিছে নেকি? আজিৰ পৰা দহ বছৰৰ পাছত দোকানখনে কেনেকৈ সেৱা আগবঢ়াব সেয়া তেওঁলোকে এতিয়াই নিৰ্ধাৰণ কৰিব পাৰিছেনে? যদি পাৰিছে তেতিয়াহলে দেকানখনৰ ভৱিষ্যত উজ্জ্বল। সমসাময়িক প্ৰতিদণ্ডীতকৈ তেওঁ বহু আগুৱাই যাব। যদি “দেখিলেহে লেখিম” মনোভাৱেৰে বহি আছে তেতিয়াহলে তেওঁলোকৰ ভৱিষ্যত সন্দেহৰ আৱৰ্তত।

 

সৰু ডাঙৰ সকলো প্ৰতিষ্ঠান আৰু ব্যৱসায়ৰ ক্ষেত্ৰতে এই সুত্ৰ খাটে।সামান্য সালসলনি কৰিলে এই সুত্ৰ ব্যক্তিগত জীৱনতো ব্যৱহাৰ কৰিব পাৰি। অতীতৰ মায়া-মোহ বিসৰ্জন দি ভৱিষ্যতলৈ তীক্ষ্ণ দৃষ্টি ৰাখিলে, প্ৰতিযোগীতা যিমানেই ভয়ংকৰ নহওক কিয়, তাত টিকি থকাটো সম্ভৱ আৰু প্ৰগতিৰ বাটত আগবাঢ়ি যোৱাটো ধুৰূপ। আধুনিক গৱেষণাই ইয়াক প্ৰমাণ কৰিছে। 



 

ৰে’লৰ দবাত চৌধূৰী ছাৰ - "আমাৰ অসম’’ কাকতত ১৯ ডিচেম্বৰ, ২০২৩ ত প্ৰকাশিত


 

ৰে’লৰ দবাত চৌধূৰী ছাৰ


“জীৱনটো এখন ৰে’লগাড়ীৰ লেখীয়া,- বুকুত নানানটা দবা আৰু দবাবোৰত ভালেমান বস্তু-বাহানিৰ সৈতে অলেখ মানুহক সাবটি লৈয়েই চলি থাকে আমাৰ জীৱন-ৰে’লৰ অবিৰত যাত্ৰা।” এই দৃষ্টিভংগীৰেই জীৱনটোক উভতি চাব বিচাৰিছে কটন কলেজৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ, বিশিষ্ট বেহেলাবাদক, তিনিটা দশকত তেখেতৰ সান্নিধ্য লভি আগবাঢ়ি যোৱা বহু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ আৰু প্ৰিয়ব্যক্তি ড° সত্যেন্দ্ৰ কুমাৰ চৌধূৰী ছাৰে, তেখেতৰ আত্মজীৱনী “জীৱন ৰে’লৰ দবাত”।

 

আত্মজীৱনী বুলিলেই সাধাৰণতেই লিপিবদ্ধ হয় ব্যক্তিকেন্দ্ৰীক গৌৰৱোজ্জ্বল ইতিহাস। ইয়াৰ বিপৰীতে ছাৰৰ আত্মকথাত প্ৰকাশ পাইছে কটন কলেজৰ এটা সময়ৰ বাস্তৱ ইতিহাস, অসমৰ শিক্ষাজগত আৰু সমাজ জীৱনৰ সততে নেদেখা কেতবোৰ আমোদজনক ঘটনা-পৰিঘটনা। প্ৰায় দুকুৰী বছৰ কটন কলেজৰ ৰসায়ন বিভাগত কৰ্মৰত হৈ থাকি শেষলৈ তেখেত কলেজখনৰ জন্ম শতবাৰ্ষিকীৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱাৰ সুযোগ পাইছিল। ছাৰৰ বিচক্ষণতা আৰু তৎপৰতাতে ৰসায়ন বিভাগটোত গৱেষণাৰ পাঠ্যক্ৰমো আৰম্ভ হৈছিল আৰু ছাৰৰ তত্বাৱধানতে ৫ জন ছাত্ৰই এই শিক্ষা সম্পাদনা কৰিছিল। খানাপাৰাৰ ওচৰত মেঘালয়ত অৱস্থিত “ইউনিভাৰচিটি অৱ চাইঞ্চ এণ্ড টেকনলজি” নামৰ বিশ্ববিদ্যালয়ৰো ছাৰ আছিল উপাচাৰ্য্য। ছাৰৰ পৃষ্ঠপোষকতাতে “কটন এলামনাই এছ’চিয়েচন” গঠন হৈছিল আৰু ছাৰে তাৰ নেতৃত্ব বহন কৰিছিল বহুদিন। সেই সময়ৰ জীৱন্ত ইতিহাস লিপিবদ্ধ হৈছে আত্মজীৱনীখনত। ছাৰ অকল শিক্ষাদানতে ব্ৰতী হৈ জীৱনৰ অন্য ৰূপ-ৰসলৈ পিঠি দিয়া ব্যক্তি নাছিল। ছাৰৰ জন্মই হৈছিল এটা সংস্কৃত পৰিয়ালত। দেউতাক প্ৰয়াত দণ্ডীৰাম চৌধুৰী আৰু মাক হেমলতা চৌধুৰীয়ে গঢ় দিয়া জীৱন দৰ্শনত জীৱনৰ ব্যপকতা আছিল, জীৱন যাপনৰ বৈচিত্ৰতা আছিল, ৰামধেনুৰ আটাইকেইটা ৰঙেই নিহিত আছিল তাত। গুটিয়েই তাৰ পৰিচয়। সাতজন ভাইভণীৰ আটাইকেইগৰাকীয়ে নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত আৰু সমাজে পাহৰিব নোৱাৰাৰ বৰঙনি দি যাবলৈ সক্ষম হোৱাটোৱে তাৰেই প্ৰমাণ দিয়ে। নবেল বটা বিজয়ী পদাৰ্থ বিজ্ঞানী প্ৰফেচাৰ ৰিছাৰে (Prof. B. Richter) য়ে তেখেতৰ দাদা ড° দিলীপ কুমাৰ চৌধুৰীৰ কামৰ কথা উল্লেখ কৰি গৈছে। ভগ্লী সু-গায়িকা অণিমা চৌধুৰীক চিনি নোপোৱালোক অসমত কোন আছে? “দিখৌ নৈৰ পাৰৰে, কঁহুৱাই বিনায়” শীৰ্ষক মন পৰশা গীতটোৰ স্ৰষ্টা তেখেতৰ ভাই মৃণাল কুমাৰ চৌধুৰী!

 

কিতাপখনৰ পাতে পাতে প্ৰেৰণা আৰু জীৱনদায়িনী মন্ত্ৰ বিদ্যমান। একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে যিকোনো স্তৰৰ পৰা নি মানুহক সফলতাৰ দুৱাৰ দেখুৱাব পাৰে, ছাৰৰ জীৱনেও তাকেই এবাৰ আকৌ প্ৰমান কৰি দেখুৱাইছে। এশখনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা ছাৰৰ তিনিটা পৰিচয় কিতাপখনত উজ্বলি উঠিছে। এজন অতুলনীয়া শিক্ষক। ছাৰে শিক্ষকতাৰ কথা নিজে বৰকৈ বখানি থকা নাই। ছাৰৰ হাতেদি সৰকি যোৱা কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ছাৰৰ সান্নিধ্য আৰু জীৱনত তেখেতৰ প্ৰভাৱৰ কথা আন্তৰিকতাৰে ব্যক্ত কৰিছে। সেই লেখাকেইটায়েই শিক্ষক সত্যেন্দ্ৰ কুমাৰ চৌধুৰীক জানিবলৈ যথেষ্ট, অধ্যাপক এচ-কে-চি! ছাৰৰ আন এক পৰিচয় সংগীতানুৰাগী বা শিল্পী। ছাৰে বেহেলা বজায়। ১৯৬১ চনত ষষ্ঠ শ্ৰেণীত থাকোঁতেই নগাৱঁত কিনি লোৱা চেকেণ্ডহেণ্ড কিন্তু উচ্চমানৰ এখন বেহেলাৰেই ছাৰে সৃষ্টি কৰি আহিছে বহু গীতৰ অমিয়া সুৰ! ছাৰৰ বেহেলাৰ পৰা নিৰ্গত হোৱা লয়ৰ বৈশিষ্ট্য আছে। যেনেকৈ সুবক্তাই পাঠ কৰিলে লেখাৰ মাজৰ দাৰি-কমা আদি কাণত স্পষ্ট ৰূপত ধৰা পৰে, ঠিক তেনেকৈ ছাৰে বজোৱা গীতৰ সুৰত যেন শিল্পীৰ কণ্ঠৰ শ্বাস-প্ৰশ্বাসো মূৰ্ত হৈ পৰে। ছাৰে বজোৱা আৰু বৰ্তমান সময়ত ইউ-টিউবৰ শুনিব পৰা ভূপেন হাজৰিকাৰ গীতত ভূপেনদাৰ উচ্চাৰণ পৰ্যন্ত প্ৰকট হৈ কাণত বাজি উঠে ছাৰৰ বেহেলাৰ মাতত! ছাৰৰ তৃতীয় পৰিচয় এজন সমাজ সচেতন শিক্ষাবিদ হিচাপে। এই তিনিওটা দিশ কিতাপখনে সম্ভ্ৰমেৰে সাৱতি লৈছে। ব্যক্তিগত জীৱনৰ কিছু কথাই আকৌ এবাৰ যেন প্ৰতিফলিত কৰিব খুজিছে,- প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰতে থাকে এটা নিষ্ঠাৱান পৰিয়াল। ছাৰৰ পত্নী ড° শোভিতা চৌধুৰীৰ ছাৰৰ জীৱনলৈ থকা অৱদান ছাৰে নোকোৱাকৈয়ে কিতাপখন পঢ়িলে বুজিব পাৰি।

২৭৪ পৃষ্ঠাৰ কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ বীণা লাইব্ৰেৰীয়ে। 

Tuesday, June 13, 2023

 




এয়াৰপৰ্ট ইমাৰ্জেন্সিঃ কিছু নজনা কথা 

(তুমি যেন পপীয়া তৰা...)

১৯১৯ চনত, প্ৰথম বিশ্বযুদ্ধ হৈ যোৱাৰ পাছতে পেৰিছত “পেৰিছ পিছ কনফাৰেন্স” বুলি ৩০ খনৰো অধিক দেশ লগ হৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছিল। তাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন দেশৰ মাজত বিমান পৰিবহনৰ বাবে প্ৰয়োজনীয় হোৱা কেতবোৰ নীতি প্ৰস্তুত কৰি ২৬ খন দেশ একলগ হৈ এখন চুক্তিপত্ৰত চহী কৰিলে। এইখনেই বিমান পৰিবহন বিষয়ত গঠিত হোৱা প্ৰথম ঐতিহাসিক চুক্তিপত্ৰ, ইংৰাজীত “আই-কেন” বা International Commission for Air Navigation বুলি কয়। দিনটো আছিল ১৯১৯ চনৰ ১৩ অক্তোবৰ। তেতিয়া অৱশ্যে আজিৰ দৰে বিয়াগোম চেহেৰাৰ বিমান আৰু মহাসাগৰ পাৰ হৈ উৰি যাব উৰাজাহাজৰ সৃষ্টি হোৱা নাছিল, হ’ব পাৰে বুলি মানুহে ভবাও নাছিল।

১৯৩৯ চনত আৰম্ভ হৈ ১৯৪৫ চনত শেষ হোৱা দ্বিতীয় মহাযুদ্ধই বিমান পৰিবহনলৈ অভূতপূৰ্ব সাফল্য কঢ়িয়াই আনিলে। সেই সময়তে আৱিষ্কাৰ হোৱা পাতল, কম ওজন কিন্তু লো-তকৈও কঠিন এবিধ মিশ্ৰ-ধাতুৰ উদ্ভাৱন আৰু শক্তিশালী জেট ইঞ্জিনৰ আৱিষ্কাৰে আগতকৈ অধিক শক্তিশালী আৰু সাগৰপৃষ্ঠৰ পৰা বহু ওপৰেৰে উৰি যাব পৰা বিমানৰ সৃষ্টি হোৱাটো সম্ভৱ কৰি তুলিলে! এনেকুৱা এখন বয়িং-২৯ নামৰ বিমানেই চাৰিহাজাৰ নশ কিলোগ্ৰাম ওজনৰ পাৰমানৱিক বোমা কঢ়িয়াই নি জাপানৰ হিৰোছিমা আৰু নাগাছাকি চহৰৰ ওপৰত নিক্ষেপ কৰিব পাৰিছিল। এই সময়ছোৱাতে বিমান পৰিবহনৰ প্ৰভূত বিকাশ হোৱাত সেই ১৯১৯ চনতে সৃষ্টি হোৱা “আইকেনে (ICAN)” বিমান পৰিবহনলৈ আহি পৰা নতুন নতুন প্ৰয়োজনসমূহ পূৰ কৰাৰ ক্ষেত্ৰত “আইকেণ্ট (I cann’t)”  বুলি কোৱাৰ দৰেই এটা অৱস্থাৰ সৃষ্টি হ’ল। সেয়ে ১৯৪৪ চনত আমেৰিকাৰ শ্বিকাগো চহৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৩ খন দেশ লগ লাগিল আৰু সেই পুৰণি নিয়ম-কানুনবোৰৰ আধাৰতে সাম্প্ৰতিক সময়ত প্ৰযোজ্য হোৱাকৈ নতুন নিয়মাৱলীৰ সৃষ্টি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই উদ্দেশ্যে ৫২ খন দেশে এখন চুক্তিপত্ৰত চহী কৰিলে। এইখনেই ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে সম্পন্ন হোৱা বিখ্যাত “শ্বিকাগো কনভেনশ্বন”। “আইকেন”-ৰ ঠাইত আৰম্ভ হ’ল এক নতুন প্ৰতিষ্ঠান “আইকাও” (International Civil Aviation Organization)। ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিষ্ঠান হিচাবে স্বীকৃত হোৱা এই প্ৰতিষ্ঠানটোৰ উদ্দেশ্য আছিল পৃথিৱী নামৰ গোলকটোৰ ওপৰত সম্পূৰ্ণ সুৰক্ষা আৰু ভাতৃত্বৰ বান্ধোনেৰ অসামৰিক বিমান পৰিবহনক  নিয়ন্ত্ৰণ কৰা. উৰি অহা বিমান এখনে যিকোনো দেশৰ ওপৰতে পাব পৰা সা-সুবিধা সুনিশ্চিত কৰা।

আজিৰ তাৰিখত পৃথিৱীৰ ১৯৩ খন দেশ এই সংস্থাটোৰ সদস্য অৰ্থাৎ এই দেশসমূহে “আইকাও”-ৱে নিৰ্ধাৰিত কৰি দিয়া সকলোবোৰ সুৰক্ষা নিয়মাৱলী পালন কৰিবলৈ বাধ্য। এই কথাটোৰ ওপৰত চকু ৰাখিবৰ বাবে প্ৰতিখন দেশতে একোটা বিভাগ থাকে। আমাৰ দেশত থকা এই বিভাগটোৰ নাম ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভেয়েচন বা ডিজিচিএ (DGCA)। আইকাওৰ নিয়ম উলংঘা কৰাটো দণ্ডণীয় অপৰাধ। নিয়মো নিয়ম, একেবাৰে পানী নসৰকা নিয়ম। দুৰ্ঘটনাটো দূৰৰ কথা, বান্ধি থোৱা নিয়মৰ সামান্য হেৰফেৰ হ’লেই সেই কথা সংশ্লিষ্ট বিভাগক ৰিপৰ্ট কৰিব লাগে! ৰিপৰ্ট নকৰি থকাটোও দণ্ডণীয় অপৰাধ! সেই বাবেই বিমান পৰিবহন বৰ্তমান সময়তো সকলো দেশতে সমানে সুৰক্ষিত!

তেনেহলে বিমান পৰিবহন ১০০ শতাংশই সুৰক্ষিত হয়নে? উত্তৰ দিয়াটো কঠিন। আপুনি ঘৰৰ চোতালত বহি থাকোঁতে মূৰৰ ওপৰত ধুমকেতু  বা পপীয়া তৰা এটা সৰি পৰাটো সম্ভৱ হয়নে নহয়? হয়। কিন্তু তাৰ সম্ভাৱনা কিমান? প্ৰায় শূণ্যৰ সমান! অলপ বহলাই বুজাই কওঁ। বিমান আৰু বিমানকোঠত ব্যৱহাৰ কৰা সকলো সঁজুলি, সুবিধা আৰু পৰিচালনাৰ নিয়ম এনেকৈ নিৰ্ধাৰণ কৰা হৈছে যে কিবা কাৰণত এটাই যদি কাম নকৰা হয়, লগতে থকা আনটো লগে লগে সক্ৰিয় হৈ উঠে। দুটা-দুটা থকা এই সঁজুলি বিলাকক কোৱা হয় - মেইন আৰু ষ্টেণ্ডবাই। চলি থকা মেইন যন্ত্ৰটো যদি হঠাতে নচলা হয় লগে লগে ষ্টেণ্ডবাই যন্ত্ৰটো সক্ৰিয় হৈ উঠে। মূল যন্ত্ৰটো কিয় নচলা হ’ল তাৰ কাৰণ জানি লৈ তাক যিমান সোনকালে পাৰি আকৌ সক্ৰিয় কৰি দিয়াৰ ব্যৱস্থা কৰা হয়। ঘটনাটো লিপিবদ্ধ কৰি পুংখানুপুংখভাবে অধ্যয়ন কৰা হয় আৰু আকৌ যাতে তেনে নঘটে তাৰ বাবে বিহিত ব্যৱস্থা কৰা হয়। এনেধৰণৰ ঘটনা নজনোৱাকৈ থকাটোও দণ্ডনীয় অপৰাধ। যদি কিবা কাৰণত বেছি সময়ৰ বাবে কিবা সুবিধা নিষ্ক্ৰিয় হৈ থাকে তেনেহলে সেইটো পৰিবহন বিভাগৰ সশ্লিষ্ট সকলোৱে জনাকৈ প্ৰচাৰ কৰি দিয়াটো নিয়ম, এই ব্যৱস্থাটোক “নটাম (NOTAM)” বুলি কয়। তাৰোপৰি বিমান এখন চলাই নিয়াৰ সময়ত বতৰৰ বিভিন্ন অৱস্থাৰ ওপৰতো বিমানখন কেনেকৈ চলাব লাগে তাৰ কটকটীয়া নিৰ্দেশ থাকে। তেনে অৱস্থাক আওকাণ কৰাটোও অপৰাধ। বায়ুৰ গতি, দিশ, কিমান দূৰলৈ দেখা পোৱা যায়, মেঘৰ প্ৰকৃতি. উচ্চতা এইবোৰেও বিমানখনৰ গতিক প্ৰৱলভাৱে প্ৰভাৱাম্বিত কৰে। কেনে পৰিস্থিতিত পাইলটে কেনে ব্যৱহাৰ কৰিব লাগিব তাৰ পূৰ্ব নিৰ্ধাৰিত নিয়ম আছে। সেই নিয়মৰ পালন নকৰাটোও অপৰাধ। ওপৰেদি উৰি যোৱা বিমান এখনৰ সম্ভাৱ্য বিপদসমূহক তিনি ভাগত ভাগ কৰা হৈছে। লোকেল ষ্টেণ্ডবাই, ফুল ইমাৰ্জেন্সী আৰু এক্সিডেণ্ট। এই তিনিওটা অৱস্থাত এয়াৰপৰ্টৰ কৰ্মীসকলে কি কৰিব লাগিব তাৰ পূৰ্ণনিৰ্ধাৰিত নিয়ম আছে। মূলত এইটোৱেই কথা ক’ব পাৰি যে এয়াৰপৰ্টৰ কৰ্মচাৰীসকলক এই তিনিও ধৰণৰ ইমাৰ্জেন্সী অবস্থাৰ বাবে সাজু হৈ থাকিবলৈ প্ৰশিক্ষণ দি থকা হয়। যেনে পাইলটে তললৈ খবৰ পঠোৱাৰ লগে লগে ইমাৰ্জেন্সি পৰিকল্পনাৰ নিয়ম মতে অগ্নিনিৰ্বাপক গাড়ীকেইখনৰ অৱস্থান, ইমাৰ্জেন্সি কোঠাৰ সক্ৰিয়কৰণ আদি কামবোৰ আৰম্ভ হৈ যায়। ধৰাহওক, কিবা কাৰণত পাইলটৰ ককপিটৰ কোনোবা এটা লাইট জ্বলা নাই, সেইটো কোন বিভাগৰ ইমাৰ্জেন্সিত পৰিব সেইকথা পাইলটে জানে আৰু তেওঁ সেইমতেই কৰিব লাগিব। লগে লগে বিমানকোঠত পৰিকল্পিত নিয়মমতে ইমাৰ্জেঞ্চিৰ বাবে সাজু হোৱা দেখা যাবই লাগিব। এনেকৈয়ে চলে অসামৰিক বিমান পৰিবহন। গতিকে বিমানকোঠৰ অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ীৰ দৌৰা-দৌৰি দেখি হঠাতে বিমানত থকা যাত্ৰীসকলৰ অৱস্থা সংকটাপন্ন বুলি ভাবি লোৱাটো ভুল সিদ্ধান্ত। উৰাজাহাজখনৰ এটা ইঞ্জিন হঠাতে বিকল হৈ পৰিলেও আনটো সক্ৰিয় হৈ উঠি বিমানখন তললৈ নমাই আনিব পৰাৰ ব্যৱস্থা থাকে। তাৰোপৰি বিমান আৰু বিমানকোঠৰ প্ৰতিটো যন্ত্ৰ আৰু সঁজুলি দৈনিক নিৰ্ধাৰিত সময়মতে পৰীক্ষা কৰা হয়। চলি থাকোঁতেও যন্ত্ৰবিলাকৰ বিভিন্ন অংশৰ পৰা গ্ৰহন কৰা তথ্য নিৰীক্ষণ কৰি থকা হয়। তেনে কিবা তথ্যই যদি বিপদৰ ইংগিত দিয়ে তেনেহলে তাৰ বাবে লগে লগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লগাটো অসামৰিক বিমান পৰিবহনৰ ধৰাবন্ধা নিয়ম। তেনেবোৰ কাৰণতে কেতিয়াবা উৰি যোৱাৰ পাছতো বিমানখন বিমানকোঠলৈ ঘুৰাই আনিব লগা হয়।

মই  শৈশৱ কটোৱা অঞ্চলটোত এটা বৰ দুখীয়া পৰিয়ালে বাস কৰিছিল। তেওঁলোকৰ গৃহিনী গৰাকী সংসাৰৰ একা পাকচক্ৰৰ আওভাও নোপোৱা বৰ আজলী স্বভাৱৰ আছিল। এদিন দেওবাৰৰ কথা। গৃহস্থ বজাৰলৈ ওলাই গ’ল। অলপ সময়ৰ পাছত গৃহিনীয়ে খবৰ পালে গৃহস্থৰ বজাৰৰ ওচৰতে দুৰ্ঘটনা এটা হৈছে। কিছু সময় তভক মাৰি থাকি গৃহিনীয়ে মৃতকৰ ঘৰৰ দৰে ঘৰৰ সমস্ত কাপোৰ কুঁৱাপাৰত গৈ তিয়াবলৈ আৰম্ভ কৰিলে। ঘৰৰ বিচনাচাদৰখন ধুই পাচলিবাৰীৰ জেওৰাখনত মেলি দিবলৈ লওঁতেই পদূলিমূৰত ৰিক্সা এখনত আহি গৃহস্থ নামিলহি। আচৰিত হৈ গৃহিনীৰ মুখেদি নিজে নিজে ওলাই আহিল,- সৰ্বনাশ হ’ল, মৰা নাই !

অহা পাচ বছৰৰ ভিতৰত আমাৰ গুৱাহাটী বিমানকোঠৰ পৰা যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা এতিয়াৰ দুগুণ হ’ব। এবছৰত এক কোটি যাত্ৰীয়ে আমাৰ বিমানকোঠৰ পৰা উঠা-নমা কৰিব। এতেকে সবিশেষ নজনাকৈ একমাত্ৰ অনুমানৰ ভিত্তিতে বিমান বা বিমানকোঠৰ ইমাৰ্জেঞ্চিৰ বিষয়ে পোনচাতেই সিদ্ধান্ত লৈ পেলালে আমাৰ অৱস্থা সেই আজলী বুঢ়ীআই গৰাকীৰ দৰেই নহ’বনে?


 


Friday, May 19, 2023

জীৱন সমৃদ্ধ কৰা সান্নিধ্য – কটন কলেজৰ চৌধূৰী ছাৰ




 জীৱন সমৃদ্ধ কৰা সান্নিধ্য কটন কলেজৰ চৌধূৰী ছাৰ

 

কটন কলেজত পঢ়া সময়খিনিত লগ পোৱা যিকেইজন শিক্ষগুৰুৰ প্ৰভাৱ মই গোটেই জীৱন় ধৰি অনুভৱ কৰি আহিছো সেইকেইজন শিক্ষাগুৰুৰ অন্যতম এজন সত্যেন্দ্ৰ কুমাৰ চৌধূৰী ছাৰ। কথাষাৰে এনেকুৱা এটা ইংগিতো দিব পাৰে যে মই ছাৰৰ ছত্ৰছায়াত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি, উজ্জ্বল ফলাফল দেখুৱাই ছাৰৰ অত্যন্ত ঘনিষ্ঠ হৈ পৰা কটন কলেজৰ এ়জন কীৰ্তি ৰত্ন। কথাষাৰ ষোল্ল অনাই অসত্য। ছাৰৰ পৰা ৰসায়ন বিজ্ঞান যিমান শিকিলো, তাতোকৈ বহু বেছি শিকিছিলো জীৱন বাটৰ ব্যৱহৃত পাঠ! জৈৱ বি়জ্ঞানৰ দীঘল দীঘল ফৰ্মুলা জীৱন বাটত ক’ত হেৰাই গ’ল গমেই নাপালো, কিন্তু একলব্যৰ দৰে ছাৰৰ পৰা শিকা জীৱন বোধৰ পাঠে আজিও জীৱনটো সমৃদ্ধ কৰি আহিছে।

 

আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ।

কটন কলেজত ভৰ্তি হোৱাৰ পিছত যিটো আৱাসগৃহ মোৰ ভাগত পৰিল সেইটোৰ তেতিয়াৰ নাম আছিল থাৰ্ড মেছ, পিছলৈ আনন্দৰাম বৰুৱা ছাত্ৰাবাস। এইটো আৱাসতে ভৰ্তি হোৱাৰ কিছুদিন পিছতেই আৱাসৰ নৱাগত সভাত ছাৰক প্ৰথম দেখাৰ সৌভাগ্য হৈছিল। ওখ-পাখ, শকৰ মোছৰ সভা শুৱনি পুৰুষ। পিন্ধনত ছাৰ সদায় পৰিপাটি। পাছলৈ দেখিছিলো এইেটা আৱাসৰ সৰু-বৰ সকলো অনুষ্ঠানতে ছাৰৰ উপস্থিতি অপৰিহাৰ্য আছিল। তাৰ কাৰণ আছিল এসময়ত ছাৰো এইটো আৱাসৰে আৱাসী আছিল। সেই আৱাসৰ স্মৃতিয়ে আন আন ছাত্ৰক কৰাৰ দৰে ছাৰকো ক্ষন্তেকতে স্মৃতিকাতৰ (নষ্টালজিক) কৰি তোলে আৰু ছাত্ৰসকলৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰিবলৈ টান পায়। এবাৰ আমাৰ অনুৰোধত, ঠিক অনুৰোধ নহয়, জোৰ দি লাগি থকাত বাইদেউকো ছাৰে আৱাসৰ অনুষ্ঠান এটালৈ লৈ আহিছিল। কটন কলেজৰ সেই আৱাসটোৰ বুকুৱেদি জীৱন বাটত খোজ পেলোৱা অগণণ ছাত্ৰৰ বাবে সেই অনুষ্ঠানবোৰত দেখা ছাৰৰ উপস্থিতি, সাৰুৱা ভাষণ আৰু ছাৰে বজোৱা বেহালাৰ সুৰ ‘এটা জীৱনত পাহৰিব নোৱাৰা’ বিৰল অভিজ্ঞতা আৰু অনুপ্ৰেৰণা।

 

আমাৰ দিনত ছাৰে তলৰ শ্ৰেণীত পাঠদান কৰা নাছিল। কিন্তু জৈৱ ৰসায়নৰ সেই সময়ত ছাৰে লিখা কিতাপ এখন আছিল বিজ্ঞানৰ সকলো ছাত্ৰৰ বাবেই এখন নিৰ্ভৰযোগ্য আৰু অপৰিহাৰ্য হাত-পুথি। কিতাপখন ছাৰে যৌথভাৱে কমলেশ চৌধূৰী ছাৰৰ লগত লিখিছিল যেন লাগিছে, মোৰ ভুল হ’বও পাৰে। জৈৱ ৰসায়নৰ দীঘল দীঘল সুত্ৰ-সমীকৰণ বুজিবলৈ সেই কিতাপখনে আমাক বহুত সহায় কৰিছিল। সম্ভৱ কিতাপখন এতিয়াও বজাৰত পোৱা যায়। সেই কিতাপখনৰ মাজেদি লোৱা কেমিষ্ট্ৰিৰ জ্ঞানৰ বাদে ছাৰৰ পৰা প্ৰত্যক্ষ ভাৱে মই ৰসায়ন শিকাৰ সুবিধা নাপালোঁ। সেই সময়তে ওপৰ শ্ৰেণীত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি থকা মোৰ কোঠাবন্ধু গদালাল দাসে ছাৰৰ নিকট সান্নিধ্য পাইছিল আৰু আমিও ছাৰৰ ব্যক্তিত্বৰ অনেক নজনা কথা গদাদাৰ মুখেদিয়েই জানিব পাৰিছিলো। এটা কথা মনত পৰিছে, এবাৰ ছাৰে শিক্ষাৰ্থীসকলৰ মাজত ৰসায়ন বিজ্ঞানৰ জনপ্ৰিয়তা বঢ়াবৰ বাবে “GETTING TO KNOW THE ATOM” নামেৰে পাঠ্যক্ৰমত নথকা এটা কাৰ্যসূচীৰ উদ্যোগ লৈছিল। গদাদাৰ তত্বাবধানত দুখন দুখন ডাঙৰ ডাঙৰ ছবি অঁকা কাগজ আঠা লগাই একেলগ কৰি মই তাতে “এটম”-ৰ এটা আৰ্হি আঁকিছিলো। শুনিছিলো, মোৰ ছবিখন হেনো ৰসায়ন বিভাগৰ দেৱাল এখনত বহুদিনলৈকে ওলমি আছিল। পাছলৈ ৰসায়ন বিজ্ঞানৰ কেইবাখনো পুথি প্ৰণয়ন কৰি ছাৰে শৈক্ষিক দিশত নিজৰ অৱদান দি থৈছে।

 

কেমিষ্ট্ৰি নহয়, ছাৰৰ পৰা ব্যক্তিগত ভাৱে মই শিকিলো জীৱন-বোধৰ পাঠ। ছাৰৰ ব্যক্তিত্বৰ উজ্জ্বল অংশ হৈছে সঁচা অৰ্থত অহংকাৰ শূণ্য মন। সততে দেখা ছাত্ৰ আৰু শিক্ষকৰ মাজৰ অদৃশ্য দেৱালখনৰ অস্তিত্ব ছাৰৰ মনত সমূলি নাছিল। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীয়েই ছাৰৰ লগত ভাবৰ আদান প্ৰদান কৰাৰ সমান সুবিধা পাইছিল। গুৰুভক্তিৰ তিলমাত্ৰ সুপ্ত ইপ্সাও ছাৰৰ মনত থকাৰ উমান নাছিল, হয়তো সেইবাবেই বিদ্যাৰ্থীসকলৰ ছাৰলৈ থকা ভক্তি আৰু সন্মানৰো কোনো সীমা নাছিল। মোৰ দৃষ্টিত ছাৰৰ মাজত সফল শিক্ষকৰ মাজত থাকিবলগীয়া তিনিওটা উপাদান সমানে আছিল শিক্ষক (teacher), মেণ্টৰ (mentor) আৰু কোচ্ছ (coach)। এনে গুৰুৰ সান্নিধ্য পোৱাটো কম সৌভাগ্যৰ কথা নহয়। ছাৰৰ সেই মহানুভৱতাই মোক সদায় অনুপ্ৰাণিত কৰি আহিছে।

 

বেহেলা অবিহনে ছাৰৰ পৰিচয়েই সম্পূৰ্ণ নহ’ব। প্ৰায় চাৰিটা দশকৰ আগৰ ছাৰৰ হাতৰ বেহেলা আৰু সৌ-সিদিনা কটন কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অধিৱেশনত শুনা ছাৰৰ বেহেলাৰ সুৰ এতিয়াএ কাণত বাজি আছে। ছাৰৰ ভাতৃ মৃণাল চৌধুৰীয়ে লিখা “দিখৌ নৈৰ পাৰৰে, কহুঁৱাই বিনায়” গীতটোত কণ্ঠদান কৰিছে ছাৰ ভগ্নী অনিমা চৌধুৰীয়ে। আমি হোষ্টেললৈ অহাৰ দিনত এইটো আছিল অত্যন্ত জনপ্ৰিয় গীত। সেই সময়ৰ পৰিৱেশটোও আছিল গীতৰ কথাৰ দৰেই। অসমৰ সমস্ত ৰাইজ মিলি বত্ৰিশ বছৰীয়া যুৱক প্ৰফুল্ল মহন্তৰ হাতত শাসনৰ বাঘজৰী তুলি দিয়াৰ সময়। আকাশে বতাহে যেন “আজলী অসমীৰ হৰি নিয়া সকলো” ওভোটাই অনাৰ গুণ গুণ শৱদ! তেনে এক পৰিৱেশত, কটন কলেজৰ বাৰান্দাৰ পৰা নিশাৰ নিৰ্জনতা ভাঙি সেই সপোন যেন মূৰ্তমান হৈ উঠিছিল আমাৰ সমূখত - ছাৰৰ বেহেলাৰ পৰা। এনে বিৰল ক্ষণ মাথোঁ অনুভৱ কৰিব পাৰি, শব্দৰে তাক ব্যক্ত কৰিব পৰাটো অসম্ভৱ! বেহেলা হয়তো বহুতেই বজায়, কিন্তু ছাৰৰ বেহেলাৰ পৰা নিৰ্গত হোৱা লয়ৰ বৈশিষ্ট্ আছে। যেনেকৈ সুবক্তাই পাঠ কৰিলে লেখাৰ মাজৰ দাৰি-কমা আদি কাণত স্পষ্ট ৰূপত ধৰা পৰে, ঠিক তেনেকৈ ছাৰে বজোৱা গীতৰ সুৰত যেন শিল্পীৰ কণ্ঠৰ শ্বাস-প্ৰশ্বাসো মূৰ্ত হৈ পৰে। ছাৰে সততে বজোৱা ভুপেন হাজৰিকাৰ গীতত ভূপেনদাৰ উচ্চাৰণ পৰ্যন্ত প্ৰকট হৈ কাণত বাজি উঠে। হয়তো এই দক্ষতা দীৰ্ঘদীনীয়া অনুশীলনৰ ফল। অৰ্থাৎ গুৰু হিচাপে ছাৰ যিমান সফল, এজন শিল্পী হিচাপেও ছাৰ কম সফল নহয়। অধ্যাপনা নকৰি অকল বেহেলা বজোৱা হলেও ছাৰক হয়তো সকলোৱেই চিনি পালেহেঁতেন! ছাৰৰ এই সফলতাই মোৰ কাণত যেন অৰ্হনিশে কৈ থাকে “পাৰ্চু ইয়ৰ পেছন, পাৰ্চু ইয়ৰ পেছন চিৰিয়াচলি! pursue your passion, pursue your passion seriously.)” আধুনিক মেনেজমেণ্টে কয়, নিজকে অনুপ্ৰাণিত কৰি ৰাখিবলৈ, মনটো ইতিবাচক দৃষ্টিভংগীৰে সদায় সমৃদ্ধ কৰি ৰাখিবলৈ আৰু নিজৰ উৎপাদন ক্ষমতা সদা সক্ষম কৰি ৰাখিবলৈ সকলো লোকেই নিজৰ ভাল লগা ৰুচিৰ (passion) লগত কিছুসময় কটোৱা উচিত। ছাৰৰ জীৱনত এই বাণীৰ মই জীৱন্ত উদাহৰণ দেখিবলৈ পাওঁ।  

 

যেনে লোকৰ উপস্থিতিয়ে অসমৰ লোকক ‘অসমীয়া’ বুলি গৌৰৱ কৰিবলৈ শিকায়, ছাৰ তেনে এজন ব্যক্তি। যেনে এজন গুৰুৰ মূৰ্তি মনৰ মাজত সংস্থাপন কৰি হাজাৰ হাজাৰ বিদ্যাৰ্থীয়ে জীৱন বাটত বাট বুলিবলৈ সাহস আৰু প্ৰেৰণা পায়, ছাৰ তেনে এজন ব্যক্তি।সমাজৰ কিছু লোকে কেৱল গঢ়ে, আনে ধ্বংস কৰি যোৱাটোও তেওঁলোকে কেৱল গঢ়ে, ছাৰ তেনে এজন ব্যক্তি। কটন কলেজৰ অধ্যাপক হিচাপে, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আজীৱন ছাৰে মাথোঁ গঢ়িয়েই গৈছে, নিৰন্তৰ, প্ৰজন্মৰ পিছত প্ৰজন্ম।

 সামাজিক মাধ্যমৰ এঠাইত (ফে’চবুকত) ছাৰৰ ফটোখনৰ লগতে দেখিলো লিখা আছে ভূপেনদাৰ গীতৰ এটা কলি, - “মই যেতিয়া এই জীৱনৰ..”!! বুকুখন মোচৰ খাই উঠিল। ছাৰক ক’বলৈ মন গৈছে, - ছাৰ, আজীৱন আপোনাৰ পৰা শিকি আহিছো কেৱল জীৱনৰ  জয়গান, গুচি যোৱাৰ কথা নক’ব কাহানিও! অন্ততঃ আৰু কুৰী বছৰলৈ আপোনাৰ বেহেলাৰ সুৰত আমি পান কৰিব খোজো জীৱনামৃত। আপুনি আমাৰ জীৱন-গুৰু, আপুনি আমাৰ জীৱন-প্ৰেৰণা। ঈশ্বৰে আপোনাক  সুস্বাস্থ্য আৰু শতায়ু দান দিব।