Saturday, March 8, 2025

উদ্যোগীকৰণ আৰু মানুহ - দৈনিক অসম ২৩ ফেব্ৰুৱাৰী ২০২৫


 


উদ্যোগীকৰণ আৰু মানুহ 


১৮শ শতিকাৰ শেষ দশককেইটাত আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱ আৰু তাৰ পাছত একেধাৰে চলি অহা যন্ত্ৰযুগে মানৱ জীৱনক কল্পনা কৰিব নোৱাৰা ধৰণে সলনি কৰি পেলালে। হাড়ভগা শাৰিৰীক পৰিশ্ৰমৰ পৰা প্ৰযুক্তিবিদ্যাৰ সহায়ত আলস্য জীৱন যাপন পৰিক্ৰমা সম্ভৱ হৈ উঠিল। ভাবিলে আচৰিত লাগে আজিৰ পৰা তিনিশ বছৰৰ আগৰ মানৱ জীৱনৰ ইতিহাস এতিয়া বিশ্বাস কৰিবলৈকে টান হয়। যোৱা ত্ৰিশ বছৰৰ ভিতৰতে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ বিকাশে আমাৰ আগৰ দিনেবোৰ আমাৰ মনতে অবিশ্বাস্য যেন লগা যেন কৰি আনিছে, তিনিশ বছৰৰ আগৰ কথাটো ক’বই নালাগে।

 

উদ্যোগবিপ্লৱে মানৱ জীৱনলৈ কঢ়িয়াই অনা প্ৰধান পৰিৱৰ্তনটো হৈছে মানুহৰ শ্ৰম লাঘৱ আৰু সংস্থানৰ সুবিধা। যদিও মালিক আৰু কৰ্মচাৰীৰ শাৰিৰীক শ্ৰম একেধৰণৰ নহয় বা বৈষম্যপূৰ্ণ, তথাপিও সামগ্ৰিকভাবে জীৱনৰ মানদণ্ড আগৰ তুলনাত চিনিব নোৱাৰাকৈ সলনি হৈ গ’ল। প্ৰযুক্তিবিদ্যাই বিভিন্ন জটিল কাম সহজতে কৰিব পৰাৰ উপায় উদ্ভাৱন কৰি উলিয়ালে। ঔদ্যোগিকৰণৰ ফলশ্ৰুতিতে আজিৰ দিনত বিশ্বব্যাপি এটা অৰ্থনৈতিক ব্যৱস্থা সম্ভৱ হৈছে। এই পৰিৱৰ্তনৰ আন এটা উল্লেখযোগ্য দিশ হৈছে মানুহৰ আয়ুসৰেখাৰ বৃদ্ধি। প্ৰযুক্তিবিদ্যাই আনি দিছে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা। চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰে মানুহক ৰোগ পৰিত্ৰাণৰ উপায় দিছে। মানুহৰ আয়ুস বৃদ্ধি হৈছে। কেতবোৰ দেশত বুঢ়ামানুহেই দেশখনৰ বাবে এটা এৰাব নোৱাৰা জঞ্জাল হৈ পৰিছে। ঔদ্যোগিক বিপ্লৱে আনি দিয়া আন এটা পৰিৱৰ্তন হৈছে সুচল পৰিবহন আৰু যোগাযোগ ব্যৱস্থা। পৰিবহনৰ ক্ষেত্ৰত শ শ বছৰধৰি চলি অহা জলপথ আৰু সংকীৰ্ণ স্থলপথৰ সলনি এতিয়া বিমান পৰিবহন আৰু বিভিন্ন প্ৰকাৰৰ সুগম স্থলপথে মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনি দিলে। তথ্য প্ৰযুক্তিবিদ্যাই তথ্য প্ৰেৰণৰ চমকপ্ৰদ আহিলা আনি দিছে। এতিয়া এনে হৈছে ইমানদিনে শত আয়োজেনেৰে সম্পাদন কৰিব লগা একোটা কাম, বৰ্তমান কম্পিউটাৰৰ দ্বাৰা লিখা এটা কমাণ্ডে মূহুৰ্ততে কৰি দিব পাৰে। অৱিশ্বাস্য কিন্তু সত্য। বহু গৱেষকে কয় যে সাম্প্ৰতিক সময়তোও এটা বৃহৎ পৰিৱৰ্তনৰ সন্ধিক্ষণ। য’ত মানুহৰ সলনি মেছিনে কথা পাতিবলৈ শিকিছে। তাৰ বাবে মেছিনৰ ভাষা প্ৰস্তুত হৈছে। মানুহে কৰি থকা কামবোৰৰ দায়িত্ব মেছিনে ল’ব পৰা হৈছে. যাৰ ভাগৰ নালাগে, আমনি নালাগে, নোৱাৰো বুলি ক’ব নোৱাৰে, বিৰোধ কৰিব নোৱাৰে, মাথোঁ কৰি যাব পাৰে নিৰৱিচ্ছিন্ন ভাবে কাম, কাম আৰু কাম!

 

উদ্যোগবিপ্লৱৰ পাছতে সাতামপুৰুষীয়া গাওঁ এৰি মানুহ চহৰমূখী হৈছিল। গৱেষণা কৰি পোৱা গৈছে, সম্প্ৰতি পৃথিৱীৰ মূল জনসংখ্যাৰ ৫৫ শতাংশ লোক নগৰবাসী আৰু ২০৫০ চনৰ ভিতৰত সৰ্বমুঠ ৬৮ শতাংশ লোকে নগৰত বাস কৰিব। আপাত দৃষ্টিত চাবলৈ গ’লে ই এক স্বাভাৱিক পৰিঘটনা আৰু মানৱ সভ্যতাৰ বিকাশৰ এটা স্তৰ। কিন্তু কথাটো সিমান প্ৰাকৃতিক নহয়। উদ্যোগবিপ্লৱে অকল আশীৰ্বাদেই কঢ়িয়াই অনা নাই, অমৃতৰ লগতে বিষ ওপজাৰ দৰে ই এহাতে মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে ভয়াবহ সংকট। বায়ু, পানী আৰু মাটি মানুহৰ মৌলিক প্ৰয়োজন। উদ্যোগ বিপ্লৱৰ ফলশ্ৰুতিত মাত্ৰ তিনিশ বছৰতে সমগ্ৰ গোলকটোৰ বায়ু দূষিত হৈ আহিছে। কেতবোৰ চহৰত শ্বাস-প্ৰশ্বাসৰ ভয়াবহ সমস্যাই দেখা দিছে। জন্ম হোৱা মূহূৰ্তৰ পৰাই শিশুৰ বাবে প্ৰয়োজন হৈছে সুকলমে উশাহ ল’ব পৰা অতিৰিক্ত আহিলা। পৃথিৱীক আৱৰি থকা বায়ুমণ্ডলত মিহলি হৈছে বিষাক্ত গেছ, মানুহক ৰক্ষা কৰি থকা বায়ুমণ্ডলৰ স্তৰ ক্ৰমান্বয়ে পাতল হ’বলৈ ধৰিছে, তাত ফুটা ওলোৱাৰ উপক্ৰম হৈছে। মানুহৰ খ্যদ্যৰ লগত মিহলি হৈছে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক উদ্যোগীকৰণৰ পৰা সৃষ্টি হোৱা চকুৰে নমনা সহস্ৰ বিহৰ কণিকা! জলবায়ুৰ পৰিৱৰ্তনে গোলকটোৰ উষ্ঞতা বঢ়াই আনিব ধৰিছে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিবাতিৰ যৱনিকা পৰিছে। বনাঞ্চল ধ্বংসৰ ফলত গ্ৰীষ্মকালত মানুহে ত্ৰাহিমধূসুদন সুঁৱৰিছে। ভীষণ সংকট আৰম্ভ হৈছে জৈৱ বিচিত্ৰ আৰু বনাঞ্চলত বাস কৰা প্ৰাণীসমূহৰ মাজত। জংঘলী হাতী ৰাজপথলৈ ওলাই আহি ট্ৰাক ৰখাই তাৰপৰা খাদ্যবস্তু উলিয়াই নিয়া দৃশ্য আজিকালি তেনেই সুলভ। উদ্যোগিক বিপ্লৱৰ পাছতে সমগ্ৰ বিশ্বতে আৰম্ভ হৈছিল প্ৰাকৃতিক সম্পদৰ শোষণ। তেনে সম্পদৰ সন্ধান আৰু অতিমাত্ৰা নিষ্কাশনে এতিয়া ভূপৃষ্ঠত সংকটৰ সৃষ্টি কৰিবলৈ লৈছে যাৰ ফল ভোগ কৰিব লগা হৈছে মানৱ আৰু বন্যপানী উভয়ে। উদ্যোগৰ পৰা নিসৃত ৰাসায়নিক পদাৰ্থই মাটি আৰু পানীৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। বিষাক্ত হৈ উঠিছে নৈয়েদি বৈ যোৱা পানী আৰু সমীপৱৰ্তী মাটি। অনেক ঠাইত মাটিয়ে তাৰ নিজৰ গুণ হেৰুৱাইছে। তেনে মাটিত গছ বিৰিখো জন্ম নহয়, সেই মাটিয়ে পানীও শোষণ কৰিব নোৱাৰে আৰু তেনেঠাইত গেলাপচা বস্তুও মাটিৰ লগত মিলি যাব নোৱাৰে!

ঔদ্যোগিকৰণৰ এটা অপ্ৰত্যাশিত ফল হৈছে মানৱ সমাজত ক্ৰমশঃ বাঢ়ি অহা সামাজিক বৈষম্য আৰু অদৃশ্য শোষণ। উদ্যোগিকৰণে আনি দিয়া সম্পদৰ বিতৰণ সৰ্বাত্মক নহয়, ইয়াৰ সুফলে সকলোকে সমানে স্পৰ্শ কৰিব নোৱাৰে। উন্নয়নশীল দেশসমূহত বহু শ্ৰমিকে কম মজুৰিত কাম কৰিব লগা হয়, স্বাস্থ্য সেৱাৰ সুবিধাও তেওঁলোকে নাপায়। বহু দেশত শিশুক কামত লগাই তেওঁলোকৰ শৈশৱ কাঢ়ি নিয়া হয়। অনেক কৰ্মচাৰীৰ জীৱন মানসিক চাপ আৰু মানসিক অপুষ্টিৰে ভৰি পৰি জীৱন দুৰ্বিসহ হৈ উঠে। দীঘলীয়া সময়ৰ বাবে কাম কৰিব লগা পৰিস্থিতি, অত্যাধিক সময় বহি বহি পৰ্দাত কৰিব লগা কামে মানুহৰ হতাশা, উদ্বেগ বঢ়াই ,সন্তুলিত জীৱনশৈলীলৈ প্ৰত্যাহ্বান আনি দিয়ে। মেদবহুলতা, উচ্চ ৰক্তচাপ আদি ৰোগ আজিৰ দিনত তেনেই সাধাৰণ কথা হৈ পৰিছে।

 

তেনেহলে ঔদ্যোগিকৰণ নোহোৱাই ভাল নেকি? নহয়। অৰ্থনৈতিক প্ৰগতিৰ বাবে উদ্যোগ লাগিবই। সত্য কথা হৈছে, উদ্যোগীকৰণ ব্যৱস্থাটো দুয়োফালে ধাৰ থকা এখন খোলা তৰোৱালৰ দৰে। ইয়াক ব্যৱহাৰ কৰোঁতে দুয়োটা ফাললৈ সমানে গুৰুত্ব দিয়া উচিত। ব্যৱস্থাটো যদি প্ৰয়োজনীয় কঠোৰ নীতি নিয়মেৰে নিয়ন্ত্ৰিত নহয়, তেনেহলে উদ্যোগিকৰণে সামগ্ৰিক ভাৱে মানুহৰ জীৱন ধাৰণৰ মান উন্নীত কৰিব নোৱাৰে। প্ৰদূষণ, সম্পদৰ শোষণ, শ্ৰম নীতি, প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ আদি বিষয়লৈ সমানে গুৰুত্ব দি সচেতন হৈ ঔদ্যোগিকৰণৰ দিশত আগবঢ়াতোহে সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৱধাৰিত হৈ পৰা মানৱ সমাজৰ প্ৰগতিত ৰাইজৰ সচেতনতা আৰু দায়বদ্ধতাইহে আমাক সোনালী ভৱিষ্যতৰ ইংগিত দিব পাৰিব।


No comments:

Post a Comment