Saturday, March 8, 2025

অসমীয়া ভাষা সম্পৰ্কে - ৯ মাৰ্চ, ২০২৫ সংখ্যা দৈনিক অসমত প্ৰকাশিত


অসমীয়া ভাষা সম্পৰ্কে


ইতিমধ্যেই ধ্ৰুপদী ভাষাৰ সন্মানে অসমীয়া ভাষালৈ এক নতুন শক্তি কঢ়িয়াই আনিছে। এই সময়তে এইটো চিন্তাও প্ৰাসংগিক যে ভাষা এটাৰ বিকাশত সন্মান বা মৰ্যাদাই কিমান কি অৰিহণা যোাগাব পাৰে নতুৱা স্বীকৃতিয়ে আমাৰ ভাষাটোক অমৰত্ব প্ৰদান কৰিব পাৰেনে বা আয়ুস ৰেখা দীৰ্ঘতৰ কৰি লৈ যাব পাৰেনে। আয়ুস ৰেখা বুলি উল্লেখ কৰাৰ কাৰণ হ’ল সম্প্ৰতি বিশ্বায়নে অনেক ভাষালৈ বৰ্তি থকাৰ প্ৰত্যাহ্বান আনি দিছে। সেয়ে সচেতন আৰু পক্ষপাতহীনতাৰে ইয়াৰ চিন্তা চৰ্চা কৰাটো সকলো সচেতন ভাষাপ্ৰেমীৰেই এক পৱিত্ৰ কৰ্তব্য। বৰ্ল্ড ইকনমিক ফৰাফৰ ২০২২ চনত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে সম্প্ৰতি ভাষা হিচাপে স্বীকৃতি পোৱা পৃথিৱীৰ প্ৰায় ৭০০০ ভাষাৰ আধা মানেই বিশ্বায়নৰ বাবে জীয়াই থকাৰ যন্ত্ৰণাত ভুগিব লাগিব। সেই একে প্ৰতিবেদনতে কোৱা হৈছিল যে অন্ততঃ ১৫০০ টা ভাষা এই শতিকাৰ শেষলৈ পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যোৱাটো ধুৰুপ।  

 

যোৱা দুকুৰি বছৰৰ অসমীয়া ভাষাৰ ইতিহাস চালে বৰ উৎসাহজনক চিত্ৰ দেখা পোৱা নাযায়। বিশেষকৈ অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰা বিদ্যাৰ্থী চকুত লগাকৈ কমি অহাৰ ফলত ভাষাটোৰ ৰূপ সৌন্দৰ্য্য ক্ৰমশঃ ম্লান পৰি অহা দেখা গৈছে। শুদ্ধকৈ অসমীয়া ক’ব আৰু লিখিব জনা মানুহ কমি আহিছে। কোনো পৰিসংখ্যা নোচোৱাকৈ নিজৰ ঘৰখনতে এই কথা প্ৰমান কৰিব পাৰি। গণ সংযোগৰ মাধ্যম – ৰেডিঅ’, টেলিভিছনৰ ভাষা, বাতৰি কাগজ আলোচনীৰ ভাষা, সামাজিক মাধ্যমৰ ভাষা আৰু ঘৰত ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ ৰূপটোৰ চকুতলগাকৈ পৰিৱৰ্তন হৈছে। শুদ্ধ অসমীয়া লিখিব পৰা মানুহ কমি আহিছে। সেয়ে ভৱিষ্যতৰ বাবে সচেতন নহ’লে আইৰ মুখৰ ভাষাটো এদিন সলনি হৈ নাযাব বুলি ন দি ক’ব নোৱাৰি।

 

৮শ ৰ পৰা ১১শ শতিকাৰ ভিতৰত থলুৱা কামৰূপী ভাষা, উত্তৰ ভাৰতীয় আৰ্যভাষা, তিব্বতীয় অষ্ট্ৰিক ভাষা আৰু মগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰ প্ৰভাৱত অসমীয়া ভাষাৰ সৃষ্টি হৈছিল। কিন্তু সেই সময়তে ভাষাটোৱে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা বুলি অনুমান কৰিব পাৰি। ১৪ শ শতিকাত মাধৱ কন্দলীয়া ৰামায়নৰ অনুবাদ কৰিছিল। তেতিয়ালৈ উত্তৰ ভাৰতৰ কোনো ভাষাতে তেনে হোৱাই নাছিল। অৰ্থাৎ সেই সময়ত অসমীয়া ভাষা ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে বাটকটীয়া আছিল। ১৫ শ শতিকাত শংকৰদেৱ, মাধৱদেৱ, ৰামসৰস্বতী, ভট্টদেৱ আদিৰ ৰচনাই অসমীয়া জাতিক একত্ৰিত কৰি এক আত্মপৰিচয় দিলে। আমি এতিয়া কোৱা অসমীয়া ভাষাটোৰ ৰূপটো আচলতে ১৮৪৬ চনত অৰুণোদই যুগৰ পৰাহে আৰম্ভ হৈছিল। তাৰ পাছতে ১৮৮৯ চনত আৰম্ভ হোৱা জোনাকী যুগ আৰু ১৯০০ চনৰ আশে পাশে প্ৰকাশ হোৱা অসমীয়া ব্যাকৰণ আৰু অভিধানে (হেমকোষ) অসমীয়া ভাষাক এক নতুন গতি দিলে। তাৰপাছতেই লক্ষ্য কৰা যায় ভাষাটোৰ পূৰ্ণ বিকশিত ৰূপ আৰু আধুনিক অসমীয়া সাহিত্য। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহ্য ভূখণ্ডত অসমীয়া ভাষাই প্ৰধান সংযোগী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পাই আহিছিল।

 

কি কি গুণ আৰু কৰ্মই এটা ভাষাৰ ভেটি সুদৃঢ় কৰিব পাৰে? বা সাম্প্ৰতিক সময়ত বিশ্বায়নৰ ধামখুমীয়াত পৰি হেৰাই নাযাবলৈ ভাষাটো এতিয়া কেনে অৱস্থাত থাকিব লাগে- এই সম্পৰ্কে বিভিন্ন গৱেষণা হৈ আছে। তেনে কেইবাটাও গৱেষণাৰ ফলাফলবোৰৰ পৰা অন্ততঃ ৭টা বিষয়ক বাচি লৈ আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত এনে আলোচনা কৰিব পাৰি।

১) ডিজিটেল আৰু প্ৰযুক্তিগত কামত ভাষাটোৰ ব্যৱহাৰঃ সম্প্ৰতি লেপটপ আৰু মোবাইলৰ পৰাই এটা কাৰ্যালয় বা এটা কৰ্পৰেট প্ৰতিষ্ঠান চলাই ৰাখিব পাৰি। এনে প্ৰযুক্তিবিদ্যাত ভাষাটো ব্যৱহাৰ হয়নে? বৰ্তমান সময়ত ব্যৱহাৰৰ বাবে ই অতি অৱশ্যকীয় কথা। সুখৰ কথা যে আজিকালি অসমীয়া ভাষাত লিখিব পৰা আৰু ডিজিটেল মাধ্যমত কাম কৰিব পৰাৰ ব্যৱস্থা সুলভ হৈ উঠিছে। অসমীয়া লিপিৰ Unicode ৰ আৱিষ্কাৰে একমাত্ৰ অসমীয়া জনা ব্যক্তিয়েও কম্পিউটাৰ, লেপটপ বা মোবাইলত কাম কৰিব পৰা হৈছে। এতিয়া লক্ষ্য হ’ব লাগে কৃত্ৰিম বুদ্ধিমত্তা বা AI-ৰ ক্ষেত্ৰত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব পৰা হ’বনে? অসমীয় কণ্ঠস্বৰ চিন্তাক্তকৰণ, স্বয়ংক্ৰিয় ভাবে শুদ্ধাশুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা আদিৰ বাবেও অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা উচিত। সুখৰ কথা যে নতুন প্ৰজন্মৰ অনেক প্ৰতিভাৱান ব্যক্তিয়ে সচেতন হৈ এই কামত লাগি আছে। সেয়ে বিশ্বায়নৰ ধুমুহাত বৰ্তি থকাৰ বাবে দৰকাৰী প্ৰথম কাৰণটোৰ ক্ষেত্ৰত আমি সচেতন হৈ আছো যেন লাগে।

২) শিক্ষাৰ সৈতে ভাষাটোৰ একত্ৰীকৰণঃ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে ভাষাটোৰ ব্যৱহাৰ। শিক্ষাৰ বাবে প্ৰযোজনীয় পাঠ্যক্ৰমসমূহ নিজ ভাষাত প্ৰকাৰ কৰাৰ ব্যৱস্থা। এই ক্ষেত্ৰত আমাৰ বৰ্তমান অৱস্থা বৰ সম্তোষজনক নহয়। অসমীয়া মানুহৰ এটা বুজন সংখ্যক লোকৰ সতি সন্ততিয়ে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰে আৰু নিজৰ ভাষাটো চৰ্চা কৰাৰ ক্ষেত্ৰত বৰ উৎসাহী নহয়। এসময়ত অসমীয়া ভাষাত পাঠ্যপুথি প্ৰকাশ কৰিবৰ বাবে ‘অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটে়ড’-ৰ জন্ম হৈছিল। এতিয়া আৰু সেই প্ৰতিষ্ঠানে কাম কৰি থকা নাই। অৰ্থ্যৎ আমি সচেতন হৈ এই দিশত কাম কৰিব নোৱাৰিলে ভাষাটোৰ বিকাশ সম্ভৱ নহয়। ‘ইংৰাজী নাজানিলে বৰ্তমান সময়ত দিনতে আন্ধাৰ’-বুলি ভবা কথাষাৰ নতুনকৈ ভাবিবৰ সময় হৈছে।

৩) গণ-মাধ্যম আৰু মনোৰঞ্জনত ভাষাটোৰ ব্যৱহাৰঃ গণ মাধ্যম অৰ্থ্যৎ ৰেডিঅ!, টেলিভিছন (মিডিয়া), বাতৰি কাগজ, আলোচনী আদিত এতিয়ালৈকে অসমীয়া ভাষা ব্যৱহাৰ হৈ আছে। কিন্তু সম্প্ৰতি এইকেইটা বিষয়ত নেতৃত্ব দিয়া লোকসকল সেইসময়ৰ সৃষ্টি যিসময়ত ভাষাটো বিদ্যালয়ত শিকাৰ সুবিধা আছিল। আগন্তুক প্ৰজন্মৰ কিমান লোক ওলাব যি এই বিষয়ত সমানে নেতৃত্ব দি যাব পাৰিব। মনোৰঞ্জনৰ ক্ষেত্ৰতো এতিয়ালৈকে ভাষাটোৰ জয়জয়কাৰ নহ’লেও সৱল উপস্থিতি অনুভৱ কৰিব পাৰি। আগলৈও একে থাকিবনে? প্ৰশ্ন সেইটোহে।

৪) চৰকাৰী আৰু প্ৰশাসনিক কামত ভাষাটোৰ ব্যৱহাৰঃ এই ক্ষেত্ৰত আন ভাষাৰ তুলনাত আমি পাছ পৰি আছো। তামিলনাডুত একমাত্ৰ তামিল ভাষা জানিলেই কাৰ্যালয়ৰ সকলো কাম নিয়াৰিকৈ সমাধান কৰিব পাৰি। কিন্তু আমাৰ ৰাজ্যত লিখিত ৰূপত ইংৰাজী ভাষাই চলি আহিছে। এতিয়া চৰকাৰে কিছু নথিপত্ৰ অসমীয়াত প্ৰকাশ কৰিবলৈ নতুন নিয়ম বান্ধি দিয়াতো ভাষাটোৰ বাবে ভাল লক্ষণ। অসমৰ বাহিৰৰ পৰা আহি অসমৰ সেৱা কৰা বিষয়াসকলেও ভাষাটোৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শণ কৰা উচিত। অসমীয় কোৱালোকক পিছপৰা আৰু মুখত ইংৰাজী আখৈ ফুটিলে স্মাৰ্ট গণ্য কৰা দিনৰ অৱসান হোৱা উচিত। বাহিৰৰ কোম্পানীসমূহ আহি আমাৰ পৰিৱেশত কাম কৰিবলৈ এতিয়া আৰম্ভ কৰিছে। তেওঁলোকৰ লগত খোজ মিলাবলৈ আমাৰ থলুৱা লোকে ইংৰাজী শিকাতকৈ, বাহিৰৰ লোকসকলেহে অসমীয়া শিকিবলৈ চেষ্টা কৰিলে আমাৰ ভাষাটোৰ উপকাৰ হ’ব। তাৰবাবে চৰকাৰে প্ৰয়োজনীয় নিয়ম আৰু সমল সৃষ্টি কৰিব লাগে।

৫) সাংস্কৃতিক কৰ্ম আৰু সাহিত্যিত ভাষাটোৰ প্ৰচাৰঃ এই ভাগটোত কিতাপ, সাহিত্য আৰু সাংস্কৃতিক কামত ভাষাটোৰ ব্যৱহাৰৰ কথা কোৱা হৈছে। পৰিসংখ্যাৰ দিশৰ পৰা হয়তো অসমীয়া ভাষাত প্ৰকাশ হোৱা কিতাপৰ সংখ্যা বাঢ়িছে কিন্তু সঁচা অৰ্থৰ পঢ়ূৱৈ কমি আহিছে। স্বীকৃতি প্ৰাপ্তি বা বঁটা বাহনৰ বাবে বিচাৰ কৰিব লগা কিতাপো বিচাৰকে নপঢ়াকৈয়ে সিন্ধান্ত লোৱা দেখা গৈছে। চিৰিয়াচ পঢ়ূৱৈ কমি অহাটো ভাষাটোৰ বাবে অশুভ লক্ষণ। সাম্প্ৰতিক সময়ে তাৎক্ষণিক ফলপ্ৰাপ্তিৰ অভ্যাস গঢ়ি আনিছে। তাৰ প্ৰভাৱ পঢ়ণতো পৰিছে। ওপৰে ওপৰে পঢ়িয়েই সিদ্ধান্ত, সমালোচনা হৈ যায়। এই সম্পৰ্কে সচেতন নহলে ভাষাটোৰ ৰূপ-মাধূৰ্য্য হীন হ’বলৈ বেছি পৰ নালাগিব। সাংস্কৃতিক কৰ্মৰ ক্ষেত্ৰত বৰ্তমান সময়ত ভুল উচ্চাৰণৰে  প্ৰচাৰ হৈ থকা ব্যক্তিগত খণ্ডৰ ৰেডিঅ’ চেনেলৰ অসমীয়া, সামাজিক মাধ্যমৰ ভাষা আদিয়েই মনলৈ আহিছে। এনেধৰণৰ সাংস্কৃতিক প্ৰচাৰ হয় শুধৰাই দিব লাগে, নহয় তাৰ বিৰোধিতা কৰিব লাগে। মনে মনে থাকিব নালাগে। মাজতে চৰকাৰী পৃষ্ঠপোষকতাত টেলিফোনত এনেকুৱা এটা অদ্ভূত ভাষাৰ বাণিজ্যিক বিজ্ঞাপন প্ৰচাৰ হৈছিল যে সামাজিক মাধ্যমত হৈ চৈৰ সৃষ্টি হৈছিল। তেনেকুৱা লিখিত বিজ্ঞাপন আৰু ৰেডিঅ-টেলিভিছনত প্ৰচাৰ হৈ থকা বিজ্ঞাপন গতিহীন ভাবে চলি আছে। এইটো অশুভ লক্ষণ।

৬) ভাষাটোৰ ঘৰুৱা ব্যৱহাৰঃ পৰিয়ালসমূহত ঘৰতে ভাষাটো ক’বলৈ উৎসাহিত কৰা।  আধুনিক পৰিৱেশৰ লগত খাপ খুৱাই সকলো কথা নিজৰ ভাষাতে পাতিব পৰাৰ পৰিৱেশ সৃষ্টি কৰা। এই ক্ষেত্ৰত আমি এক বিভ্ৰান্তিকৰ অৱস্থাত আছো। নিজ সন্তান-সন্ততিয়ে যেতিয়া শিক্ষানুষ্ঠানত এটা বেলেগ মাধ্যমত শিক্ষা গ্ৰহণ কৰে তেনে ছাত্ৰ-ছাত্ৰীৰ কথা আৰু ব্যৱহাৰত সেই ভাষাৰ প্ৰভাৱ পৰাটো স্বাভাৱিক কথা। তেনে পৰিৱেশত নিজৰ মাতৃভাষাটো ঘৰখনত কেনেকৈ আৰু কিমান পৰ্যায়লৈ ব্যৱহাৰ কৰিব পৰা যায় সেই সম্পৰ্কে চিন্তা- চৰ্চা কৰিব লাগে। ইংৰাজী মাধ্যমত নাম লগাই দি “ঐ, দন্ট দু বুলি কৈছোঁ কিন্তু দেই” বুলি ভাব বেকত কৰা অভিভাৱক মই নিজেই দেখিছো। এই ক্ষেত্ৰত আমাৰ মানসিকতাও চিন্তাৰ এটা বিষয় হ্’ব পাৰে।

৭) ভাষাটোলৈ স্বীকৃতি আৰু চৰকাৰী নীতি-সমৰ্থনঃ চৰকাৰ, নীতিনিৰ্ধাৰণ আয়োগ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (ইউনেস্কো আদি) আদি বিভাগে ভাষাটোলৈ দিয়া স্বীকৃতি ভাষাটোৰ বাবে প্ৰয়োজনীয় সমল। ভাষা সংৰক্ষণ কাৰ্যসূচী বা বিকাশৰ বাবে সুৰক্ষিত পুঁজি আৰু প্ৰতিষ্ঠানিক সহায়ে ভাষাটোৰ হকে কাম কৰিবলৈ মানুহক প্ৰেৰণা জনায়। তেনে পদক্ষেপে ভাষাটোৰ সৌৰভ নিগৰায়। আমাৰ অসমীয়া ভাষাই চৰকাৰী ভাবে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱাটো গুৰুত্বপূৰ্ণ কথা, কিন্তু চৰকাৰী ভাবে প্ৰণয়ন কৰা কেতবোৰ নিয়মে ভাষাটোৰ প্ৰতি ভৱিষ্যতে ভাবুকিৰ সৃষ্টি কৰিব নেকি, সেই সম্পৰ্কে সচেতন হৈ কাম কৰাটো তাতোকৈও গুৰুত্বপূৰ্ণ কথা।

ভাষাৰ ওপৰত কাম কৰি থকা এটা বিখ্যাত প্ৰতিষ্ঠানৰ ইথনোলগ (https://www.ethnologue.com) নামৰ এটা ৱেবচাইট আছে। তেওঁলোকৰ মতে সম্প্ৰতি পৃথিৱীত বৰ্তি থকা ৭১৫৯ টা ভাষাৰ ভিতৰত ৩১৯৩ টা ভাষা সংকটজনক অৱস্থাত আছে। তেওঁলোকে গোলকটোৰ ওপৰত ভাষাবিলাক বৰ্তি থকা অঞ্চলসমূহ চিনাক্ত কৰি দিছে। আমোদজন কথাটো হ’ল আমাৰ উত্তৰপূৰ্বাঞ্চলৰ ওপৰতো কেইবাটাও চিন আছে। অৱ্যশ্যে অসমত অসমীয়া ভাষাৰ ওপৰত এই চিন এতিয়ালৈকে নাই। কিন্তু আগলৈও যাতে নপৰে তাৰবাবে এতিয়াৰ পৰাই আমি সচেতন হৈ কাম কৰিব নালাগিবনে?


উদ্যোগীকৰণ আৰু মানুহ - দৈনিক অসম ২৩ ফেব্ৰুৱাৰী ২০২৫


 


উদ্যোগীকৰণ আৰু মানুহ 


১৮শ শতিকাৰ শেষ দশককেইটাত আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱ আৰু তাৰ পাছত একেধাৰে চলি অহা যন্ত্ৰযুগে মানৱ জীৱনক কল্পনা কৰিব নোৱাৰা ধৰণে সলনি কৰি পেলালে। হাড়ভগা শাৰিৰীক পৰিশ্ৰমৰ পৰা প্ৰযুক্তিবিদ্যাৰ সহায়ত আলস্য জীৱন যাপন পৰিক্ৰমা সম্ভৱ হৈ উঠিল। ভাবিলে আচৰিত লাগে আজিৰ পৰা তিনিশ বছৰৰ আগৰ মানৱ জীৱনৰ ইতিহাস এতিয়া বিশ্বাস কৰিবলৈকে টান হয়। যোৱা ত্ৰিশ বছৰৰ ভিতৰতে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ বিকাশে আমাৰ আগৰ দিনেবোৰ আমাৰ মনতে অবিশ্বাস্য যেন লগা যেন কৰি আনিছে, তিনিশ বছৰৰ আগৰ কথাটো ক’বই নালাগে।

 

উদ্যোগবিপ্লৱে মানৱ জীৱনলৈ কঢ়িয়াই অনা প্ৰধান পৰিৱৰ্তনটো হৈছে মানুহৰ শ্ৰম লাঘৱ আৰু সংস্থানৰ সুবিধা। যদিও মালিক আৰু কৰ্মচাৰীৰ শাৰিৰীক শ্ৰম একেধৰণৰ নহয় বা বৈষম্যপূৰ্ণ, তথাপিও সামগ্ৰিকভাবে জীৱনৰ মানদণ্ড আগৰ তুলনাত চিনিব নোৱাৰাকৈ সলনি হৈ গ’ল। প্ৰযুক্তিবিদ্যাই বিভিন্ন জটিল কাম সহজতে কৰিব পৰাৰ উপায় উদ্ভাৱন কৰি উলিয়ালে। ঔদ্যোগিকৰণৰ ফলশ্ৰুতিতে আজিৰ দিনত বিশ্বব্যাপি এটা অৰ্থনৈতিক ব্যৱস্থা সম্ভৱ হৈছে। এই পৰিৱৰ্তনৰ আন এটা উল্লেখযোগ্য দিশ হৈছে মানুহৰ আয়ুসৰেখাৰ বৃদ্ধি। প্ৰযুক্তিবিদ্যাই আনি দিছে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা। চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰে মানুহক ৰোগ পৰিত্ৰাণৰ উপায় দিছে। মানুহৰ আয়ুস বৃদ্ধি হৈছে। কেতবোৰ দেশত বুঢ়ামানুহেই দেশখনৰ বাবে এটা এৰাব নোৱাৰা জঞ্জাল হৈ পৰিছে। ঔদ্যোগিক বিপ্লৱে আনি দিয়া আন এটা পৰিৱৰ্তন হৈছে সুচল পৰিবহন আৰু যোগাযোগ ব্যৱস্থা। পৰিবহনৰ ক্ষেত্ৰত শ শ বছৰধৰি চলি অহা জলপথ আৰু সংকীৰ্ণ স্থলপথৰ সলনি এতিয়া বিমান পৰিবহন আৰু বিভিন্ন প্ৰকাৰৰ সুগম স্থলপথে মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনি দিলে। তথ্য প্ৰযুক্তিবিদ্যাই তথ্য প্ৰেৰণৰ চমকপ্ৰদ আহিলা আনি দিছে। এতিয়া এনে হৈছে ইমানদিনে শত আয়োজেনেৰে সম্পাদন কৰিব লগা একোটা কাম, বৰ্তমান কম্পিউটাৰৰ দ্বাৰা লিখা এটা কমাণ্ডে মূহুৰ্ততে কৰি দিব পাৰে। অৱিশ্বাস্য কিন্তু সত্য। বহু গৱেষকে কয় যে সাম্প্ৰতিক সময়তোও এটা বৃহৎ পৰিৱৰ্তনৰ সন্ধিক্ষণ। য’ত মানুহৰ সলনি মেছিনে কথা পাতিবলৈ শিকিছে। তাৰ বাবে মেছিনৰ ভাষা প্ৰস্তুত হৈছে। মানুহে কৰি থকা কামবোৰৰ দায়িত্ব মেছিনে ল’ব পৰা হৈছে. যাৰ ভাগৰ নালাগে, আমনি নালাগে, নোৱাৰো বুলি ক’ব নোৱাৰে, বিৰোধ কৰিব নোৱাৰে, মাথোঁ কৰি যাব পাৰে নিৰৱিচ্ছিন্ন ভাবে কাম, কাম আৰু কাম!

 

উদ্যোগবিপ্লৱৰ পাছতে সাতামপুৰুষীয়া গাওঁ এৰি মানুহ চহৰমূখী হৈছিল। গৱেষণা কৰি পোৱা গৈছে, সম্প্ৰতি পৃথিৱীৰ মূল জনসংখ্যাৰ ৫৫ শতাংশ লোক নগৰবাসী আৰু ২০৫০ চনৰ ভিতৰত সৰ্বমুঠ ৬৮ শতাংশ লোকে নগৰত বাস কৰিব। আপাত দৃষ্টিত চাবলৈ গ’লে ই এক স্বাভাৱিক পৰিঘটনা আৰু মানৱ সভ্যতাৰ বিকাশৰ এটা স্তৰ। কিন্তু কথাটো সিমান প্ৰাকৃতিক নহয়। উদ্যোগবিপ্লৱে অকল আশীৰ্বাদেই কঢ়িয়াই অনা নাই, অমৃতৰ লগতে বিষ ওপজাৰ দৰে ই এহাতে মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে ভয়াবহ সংকট। বায়ু, পানী আৰু মাটি মানুহৰ মৌলিক প্ৰয়োজন। উদ্যোগ বিপ্লৱৰ ফলশ্ৰুতিত মাত্ৰ তিনিশ বছৰতে সমগ্ৰ গোলকটোৰ বায়ু দূষিত হৈ আহিছে। কেতবোৰ চহৰত শ্বাস-প্ৰশ্বাসৰ ভয়াবহ সমস্যাই দেখা দিছে। জন্ম হোৱা মূহূৰ্তৰ পৰাই শিশুৰ বাবে প্ৰয়োজন হৈছে সুকলমে উশাহ ল’ব পৰা অতিৰিক্ত আহিলা। পৃথিৱীক আৱৰি থকা বায়ুমণ্ডলত মিহলি হৈছে বিষাক্ত গেছ, মানুহক ৰক্ষা কৰি থকা বায়ুমণ্ডলৰ স্তৰ ক্ৰমান্বয়ে পাতল হ’বলৈ ধৰিছে, তাত ফুটা ওলোৱাৰ উপক্ৰম হৈছে। মানুহৰ খ্যদ্যৰ লগত মিহলি হৈছে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক উদ্যোগীকৰণৰ পৰা সৃষ্টি হোৱা চকুৰে নমনা সহস্ৰ বিহৰ কণিকা! জলবায়ুৰ পৰিৱৰ্তনে গোলকটোৰ উষ্ঞতা বঢ়াই আনিব ধৰিছে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিবাতিৰ যৱনিকা পৰিছে। বনাঞ্চল ধ্বংসৰ ফলত গ্ৰীষ্মকালত মানুহে ত্ৰাহিমধূসুদন সুঁৱৰিছে। ভীষণ সংকট আৰম্ভ হৈছে জৈৱ বিচিত্ৰ আৰু বনাঞ্চলত বাস কৰা প্ৰাণীসমূহৰ মাজত। জংঘলী হাতী ৰাজপথলৈ ওলাই আহি ট্ৰাক ৰখাই তাৰপৰা খাদ্যবস্তু উলিয়াই নিয়া দৃশ্য আজিকালি তেনেই সুলভ। উদ্যোগিক বিপ্লৱৰ পাছতে সমগ্ৰ বিশ্বতে আৰম্ভ হৈছিল প্ৰাকৃতিক সম্পদৰ শোষণ। তেনে সম্পদৰ সন্ধান আৰু অতিমাত্ৰা নিষ্কাশনে এতিয়া ভূপৃষ্ঠত সংকটৰ সৃষ্টি কৰিবলৈ লৈছে যাৰ ফল ভোগ কৰিব লগা হৈছে মানৱ আৰু বন্যপানী উভয়ে। উদ্যোগৰ পৰা নিসৃত ৰাসায়নিক পদাৰ্থই মাটি আৰু পানীৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। বিষাক্ত হৈ উঠিছে নৈয়েদি বৈ যোৱা পানী আৰু সমীপৱৰ্তী মাটি। অনেক ঠাইত মাটিয়ে তাৰ নিজৰ গুণ হেৰুৱাইছে। তেনে মাটিত গছ বিৰিখো জন্ম নহয়, সেই মাটিয়ে পানীও শোষণ কৰিব নোৱাৰে আৰু তেনেঠাইত গেলাপচা বস্তুও মাটিৰ লগত মিলি যাব নোৱাৰে!

ঔদ্যোগিকৰণৰ এটা অপ্ৰত্যাশিত ফল হৈছে মানৱ সমাজত ক্ৰমশঃ বাঢ়ি অহা সামাজিক বৈষম্য আৰু অদৃশ্য শোষণ। উদ্যোগিকৰণে আনি দিয়া সম্পদৰ বিতৰণ সৰ্বাত্মক নহয়, ইয়াৰ সুফলে সকলোকে সমানে স্পৰ্শ কৰিব নোৱাৰে। উন্নয়নশীল দেশসমূহত বহু শ্ৰমিকে কম মজুৰিত কাম কৰিব লগা হয়, স্বাস্থ্য সেৱাৰ সুবিধাও তেওঁলোকে নাপায়। বহু দেশত শিশুক কামত লগাই তেওঁলোকৰ শৈশৱ কাঢ়ি নিয়া হয়। অনেক কৰ্মচাৰীৰ জীৱন মানসিক চাপ আৰু মানসিক অপুষ্টিৰে ভৰি পৰি জীৱন দুৰ্বিসহ হৈ উঠে। দীঘলীয়া সময়ৰ বাবে কাম কৰিব লগা পৰিস্থিতি, অত্যাধিক সময় বহি বহি পৰ্দাত কৰিব লগা কামে মানুহৰ হতাশা, উদ্বেগ বঢ়াই ,সন্তুলিত জীৱনশৈলীলৈ প্ৰত্যাহ্বান আনি দিয়ে। মেদবহুলতা, উচ্চ ৰক্তচাপ আদি ৰোগ আজিৰ দিনত তেনেই সাধাৰণ কথা হৈ পৰিছে।

 

তেনেহলে ঔদ্যোগিকৰণ নোহোৱাই ভাল নেকি? নহয়। অৰ্থনৈতিক প্ৰগতিৰ বাবে উদ্যোগ লাগিবই। সত্য কথা হৈছে, উদ্যোগীকৰণ ব্যৱস্থাটো দুয়োফালে ধাৰ থকা এখন খোলা তৰোৱালৰ দৰে। ইয়াক ব্যৱহাৰ কৰোঁতে দুয়োটা ফাললৈ সমানে গুৰুত্ব দিয়া উচিত। ব্যৱস্থাটো যদি প্ৰয়োজনীয় কঠোৰ নীতি নিয়মেৰে নিয়ন্ত্ৰিত নহয়, তেনেহলে উদ্যোগিকৰণে সামগ্ৰিক ভাৱে মানুহৰ জীৱন ধাৰণৰ মান উন্নীত কৰিব নোৱাৰে। প্ৰদূষণ, সম্পদৰ শোষণ, শ্ৰম নীতি, প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ আদি বিষয়লৈ সমানে গুৰুত্ব দি সচেতন হৈ ঔদ্যোগিকৰণৰ দিশত আগবঢ়াতোহে সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৱধাৰিত হৈ পৰা মানৱ সমাজৰ প্ৰগতিত ৰাইজৰ সচেতনতা আৰু দায়বদ্ধতাইহে আমাক সোনালী ভৱিষ্যতৰ ইংগিত দিব পাৰিব।