Sunday, December 8, 2024

অৰ্থনৈতিক প্ৰগতিত বিমান পৰিবহন ব্যৱস্থা


অৰ্থনৈতিক প্ৰগতিত বিমান পৰিবহন ব্যৱস্থা


গোলকীয় সংযোগ, অৰ্থনৈতিক প্ৰগতি আৰু পৃথিৱীত বাস কৰা বিভিন্ন দেশৰ মাজত সাংস্কৃতিক সমন্বয়, এই তিনিও দিশলৈ অসামৰিক বিমান পৰিবহন বিভাগৰ অৱদান তুলনাবিহীন। দ্বিতীয় মহাযুদ্ধৰ পাছত অসামৰিক বিমান সেৱাৰ প্ৰচুৰ বিকাশ ঘটিছিল। সেই তেতিয়াই বিশ্বযুদ্ধ শেষ হোৱাৰ আগে আগে ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে আমেৰিকাৰ শ্বিকাগো চহৰত ৫২ খন দেশ একেলগ হৈ বিমান পৰিবহন ব্যৱস্থাটো সুৰক্ষিত আৰু সুনিয়ন্ত্ৰিত কৰিবৰ বাবে এটা প্ৰতিষ্ঠানৰ জন্ম দিলে। ৰাষ্ট্ৰসংঘৰ বিশেষ মৰ্যদাসম্পন্ন এই বিভাগটোৰ নামেই “অসামৰিক বিমান পৰিবহন সংস্থা” বা International Civil Aviation Organization (ICAO)। সম্প্ৰতি বিশ্বৰ ১৯২ খন দেশত অসামৰিক বিমান পৰিবহন সেৱা তেওঁলোকে নিয়ন্ত্ৰণ কৰে। ১৯৯৪ চনত এই সংস্থাটোৰ স্বৰ্ণ জয়ন্তী উপলক্ষে ৭ ডিচেম্বৰ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহন দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১৯৯৬ চনত তেওঁলোকৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই মঞ্জুৰ কৰে আৰু তেতিয়াৰ পৰাই প্ৰতিবছৰে এই দিনটো অঃবিঃপঃ দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে বিমান পৰিবহন সেৱা সম্পৰ্কে ৰাইজক সচেতন কৰা আৰু এই পৰিবহন ব্যৱস্থাই সমাজলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰা। উল্লেখযোগ্য যে সম্প্ৰতি এটা বৃহৎ উদ্যোগ হিচাপে পৰিগণিত হোৱা অসামৰিক বিমান পৰিবহনে সমগ্ৰ পৃথিৱীত ৮৭ নিযুত সংস্থান আৰু বিশ্ব অৰ্থনীতিলৈ ২.৭ ত্ৰিলিয়ন ডলাৰৰ বৰঙনি আগবঢ়াইছে।

সম্প্ৰতি এই পৰিবহন উদ্যোগটোৰ সমূখত কেইবাটাও প্ৰত্যাহ্বান দেখা গৈছে। তাৰ ভিতৰত অন্যতম হৈছে পৰিৱেশ সুৰক্ষা, বিমানৰ বাবে নতুন ইন্ধনৰ সন্ধান আৰু প্ৰযুক্তিবিদ্যাৰ সু-প্ৰয়োগ। পৰিৱেশৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্বমুঠ পৰিৱেশ বিনষ্টকাৰী গেছ নিৰ্গমনৰ ২ৰ পৰা ৩ শতাংশ উৎপন্ন হয় অসামৰিক বিমান পৰিবহন উদ্যোগটোৰ পৰা। বিমান, বিমানকোঠ আৰু এয়াৰলাইনকে ধৰি আন আন বিভাগে ব্যৱহাৰ কৰা বাহন আৰু যন্ত্ৰৰ পৰা নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইডেই প্ৰধান সমস্যা হৈ পৰিছে। পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি থকা প্ৰতিষ্ঠানসমূহ আৰু বিভিন্ন দেশৰ চৰকাৰে এই নিৰ্গমন কমাবৰ বাবে উদ্যোগটোৰ ওপৰত যথেষ্ট হেঁচা প্ৰযোগ কৰা দেখা গৈছে। বিমানসমূহ পৰিচালনা কৰা এয়াৰলাইন সমূহৰ সংস্থা আয়াটাই (International Air Transport Association- IATA)নেট-জিৰ’ আঁচনিৰ প্ৰৱৰ্তন কৰি ২০৫০ চনৰ ভিতৰত এই গেছ নিৰ্গমন শূণ্যলৈ হ্ৰাস কৰাৰ প্ৰচেষ্টা কৰিছে। ঠিক তেনেকৈ বিমানকোঠসমূহেও পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ  কম কৰি আনি বিদ্যুৎ চালিত বাহন আৰু যন্ত্ৰপাতিৰ প্ৰচলন আৰম্ভ কৰা দেখা গৈছে। এই বছৰৰে (২০২৪) এপ্ৰিল মাহত গ্ৰীচ দেশৰ এথেন্সত অনুষ্ঠিত হোৱা এখন সন্মিলনত অঃবিঃপঃ সংস্থাৰ (ICAO) মূৰব্বী (Secretary General) জুৱান কাৰ্লছ ছালাজাৰে সমগ্ৰ উদ্যোগটোকেই ২০৫০ চনৰ   ভিতৰত “নেট-জিৰ” আহৰণ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে। “গ্ৰীণ ট্ৰেন্সফৰ্মেচন”- নাম দি এনে এখন আঁচনি অলপতে আৰম্ভ কৰা হৈছে। কাৰ্বন ডাই অক্সাইডৰ উপৰিও শব্দ আৰু আৱৰ্জনা নিষ্কাষণ এই উদ্যোগটোৰ এটা ডাঙৰ প্ৰত্যাহ্বান। বিমান নিৰ্মান কৰা প্ৰতিষ্ঠানসমূহে ইতিমধ্যেই কেইবাবছৰো ধৰি বিমানৰ পৰা উৎপন্ন হোৱা শব্দ কম কৰি আনিবলৈ কাম কৰি আছে। তাৰোপৰি এই উদ্যোগটোৱে উৎপন্ন কৰা বৃহৎ পৰিমানৰ আৱৰ্জনা বৈজ্ঞানিক উপায়েৰে নিষ্কাষণ কৰাৰ বাবে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিবলৈ বাধ্য হৈছে। প্লাষ্টিক বৰ্জন আৰু পানীৰ পুনঃব্যৱহাৰ এই উদ্যোগটোৱে হাতত লোৱা দুটা তেনে পদক্ষেপ।

বিমান চলাবলৈ ব্যৱহাৰ কৰা ইন্ধনৰ নাম এ.টি.এফ্ বা Air Turbine Fuel। খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা কেৰাচিনৰ দৰেই ই এক খনিজ পদাৰ্থ। অহা ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত এই খনিজ পদাৰ্থ পৃথিৱীৰ বুকুৰ পৰা নিঃশেষ হৈ যাব। তাৰপাছত বিমান এখন কেনেকৈ চলিব? সৌৰশক্তিৰ দ্বাৰা? বিদ্যুৎ শক্তিৰ দ্বাৰা? নে শস্য জাতীয় কোনো পদাৰ্থৰ পৰাও বিমান চলাব পৰা ইন্ধন প্ৰস্তুত কৰিব পৰা যাব? এই বিষয়ে সমগ্ৰ পৃথিৱীতে গৱেষণা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। পৰিৱেশৰ লগত খাপ খোৱাকৈ যি ইন্ধনৰ সন্ধান অব্যাহত আছে সেই ইন্ধনক কোৱা হৈছে ‘ছাফ’- বা Sustainable Aviation Fuel। এই ক্ষেত্ৰত আমাৰ দেশো পিছপৰি থকা নাই। ২০১৮ চনৰ আগষ্ট মাহত জৈৱ ইন্ধনৰ সহায় লৈ এখন বিমান ডেৰাডুণ বিমানকোঠৰ পৰা উৰি আহি দিল্লীৰ বিমানকোঠত সুকলমে অৱতৰণ কৰিছিল। পৃথিৱীৰ আন আন দেশতো এনে পৰীক্ষা-নিৰীক্ষা পূৰ্ণ গতিত চলি আছে। সৌৰশক্তি প্ৰয়োগ কৰিও বিভিন্ন ঠাইত বিমান উৰুৱাবলৈ সক্ষম হোৱা দেখা গৈছে। তথাপিও নিৰ্ভৰযোগ্য এটা ব্যৱস্থাৰ আৱিষ্কাৰ এতিয়াও হোৱা নাই।

প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু অপ-প্ৰয়োগেও এই উদ্যোগটোলৈ এক প্ৰত্যাহ্বান আনি দিছে। একোটা কাৰ্য সমাপন কৰিবলৈ ব্যৱহাৰ কৰা তথাকথিত ব্যৱস্থাৰ বিপৰীতে প্ৰযুক্তিবিদ্যাই কম খৰচতে কৰিব পৰাকৈ সুচল উপায় উলিয়াই দিছে। ইয়াৰ ফলত মানৱ সম্পদৰ ব্যৱহাৰ লাহে লাহে কমি আহিবলৈ ধৰিছে আৰু তেনে ব্যৱস্থাৰ অপ-প্ৰয়োগৰ ফলত কোনো কোনো ক্ষেত্ৰত নিৰ্ভৰযোগ্যতা কমি আহিবলৈ ধৰা দেখা গৈছে। সম্প্ৰতি বিমানৰ অহা-যোৱাৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিটো ভূমিৰ ওপৰত প্ৰতিষ্ঠা কৰা যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। সেয়ে এটা বিমানকোঠৰ পৰা আন এটা বিমানকোঠলৈ থকা পথবিলাক সৰল ৰৈখিক নহয়- একাবেকা। কিন্তু ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ (Airports Authority of India) আৰু ভাৰতীয় অন্তঃৰীক্ষ অনুসন্ধান সংগঠন (Indian Space Research Organization) একেলগ হৈ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি “গগণ” (GAGAN- GPS Aided Geo Augmented Navigation) নামৰ এনে এটা পদ্ধতি নিৰ্মান কৰিছে যাৰ দ্বাৰা এখন বিমান এটা বিমানকোঠৰ পৰা জাপমাৰি পোনে পোনে গৈ আন এটা বিমানকোঠত অৱতৰণ কৰিবগৈ পাৰিব। কিন্তু এই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও বিমানসমূহত এই সুবিধা প্ৰাপ্তিৰ ব্যৱস্থা কৰিব লাগিব। এনে ধৰণৰ অনেক প্ৰত্যাহ্বান সম্প্ৰতি এই উদ্যোগটোত এতিয়া সহজে দেখা পাব পাৰি।

আগন্তুক দিনবোৰত অসামৰিক বিমান পৰিবহন সেৱা প্ৰগতিৰ জখলাত কেনেকৈ আগুৱাই যায় সেইটো প্ৰত্যক্ষ কৰাটো এক আমোদজনক বিষয় হৈ পৰিব। সম্প্ৰতি ভাৰতবৰ্ষৰ অসামৰিক বিমান পৰিবহন সেৱাৰ বজাৰখন পৃথিৱীৰ তৃতীয় বৃহৎ বজাৰ। সেয়ে এই উদ্যোগৰ বিকাশযাত্ৰাই আমাৰ দেশৰ নাগৰিকসকলৰ অৰ্থনৈতিক প্ৰগতিত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।


আকাশ পথৰ নানা কথা - দৈনিক অসম ৮ ডিচেম্বৰ, ২০২৪


 আকাশ পথৰ নানা কথা


আমাৰ দেশৰ অসামৰিক বিমান পৰিবহন ক্ষেত্ৰৰ বজাৰখন বৰ্তমান সময়ত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ বজাৰ। আমাৰ আগত আছে চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। যোৱা বছৰৰ (২০২৩) পৰিসংখ্যা মতে আমাৰ দেশত সৰ্বমূঠ ৩৭৬ নিযুত যাত্ৰীয়ে বিমান যাত্ৰা কৰিছে। পৃথিৱীৰ সৰ্বমুঠ বিমান যাত্ৰীৰ সংখ্যা ৪.৫ বিলিয়ন বা ৪৫০০ নিযুত। অৰ্থাৎ  সৰ্বমুঠ যাত্ৰীৰ ৮.৩৫ শতাংশ আমাৰ ভাৰতীয় বিমানযাত্ৰী। আমাতকৈ আগত থকা দেশ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাগত পৰিছে ২৫ আৰু ২০ শতাংশ। আমাতকৈ পিছত থকা তিনিখন দেশ বৃটেইন, জাৰ্মানী আৰু জাপানৰ অংশ যথাক্ৰমে ৫, ৪.৫ আৰু ৪ শতাংশ। সম্প্ৰতি পৃথিৱীৰ ১৯২খন দেশ ৰাষ্ট্ৰসংঘৰ বিশেষ মৰ্যদাসম্পন্ন বিভাগ “অসামৰিক বিমান পৰিবহন সংস্থা” বা International Civil Aviation Organization (ICAO)-ৰ সদস্য। তেওঁলোকক সদস্য-ৰাষ্ট্ৰ বুলি কোৱা হয়। এই পৰিসংখ্যাৰ পৰাই আমাৰ দেশৰ স্থান আৰু এই দিৱসৰ প্ৰাসংগিকতা অনুমান কৰিব পাৰি।

অসামৰিক বিমান পৰিবহন সংস্থাৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে, দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছতেই। অসামৰিক বিমান পৰিবহন ব্যৱস্থাটো সুৰক্ষিত, সুষম আৰু সকলো দেশৰ বাবেই সহজলভ্য কৰি তোলাটোৱেই আছিল এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য। তেওঁলোকে বিমান পৰিবহনৰ বাবে লগা সকলো নীতি-নিয়ম প্ৰস্তুত কৰে আৰু সদস্য-দেশসমূহে তাক কঠোৰভাবে পালন কৰিব লাগে। ১৯৯৪ চনত এই সংস্থাটোৰ ৫০ বছৰ পূৰ্ণ হয় আৰু সেই সোনালী জয়ন্তী বৰ্ষতে তেওঁলোকে এই বিশেষ দিনটো “আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহন দিৱস” হিচাপে পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘই এই প্ৰস্তাৱত ১৯৯৬ চনত অনুমোদন জনায় আৰু তেতিয়াৰে পৰাই এই দিনটো সমগ্ৰ বিশ্বতে অঃবিঃপঃ দিৱস হিচাপে পালন কৰা হৈ আহিছে। এই দিনটোত অসামৰিক বিমান পৰিবহন সেৱাই মানৱ সমাজকৈ আগবঢ়োৱা অৱদানক কৃতজ্ঞতাৰে সোঁৱৰণ কৰা হয় আৰু এই সেৱা সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ কাৰ্যসূচীও হাতত লোৱা হয়।

বিমান পৰিবহনে মানৱ সমাজলৈ আগবঢ়োৱ অৱদানসমূহৰ ভিতৰত প্ৰধান হৈছে আন্তঃৰাষ্ট্ৰীয় যোগাযোগ, অৰ্থনৈতিক প্ৰগতি আৰু সাংস্কৃতিক বিনিময়। আজিৰ দিনত বিমান পৰিবহন অবিহনে আধুনিক জীৱন এটা কল্পনা কৰিবলৈকে টান হয়। ২০১৯ চনত COVID-19 অতিমাৰীয়ে এই উদ্যোগটোৰ ৰাজহাড় ভাঙি দিছিল। এই বছৰটোত এই দিৱসটোৰ এটা তাৎপৰ্য হৈছে বিমান পৰিবহনে কভি়ড কালৰ আগৰ অৱস্থা ঘুৰাই পোৱাটো। আমাৰ দেশত কিছুদিন আগতেই সেই অৱস্থা প্ৰাপ্ত হ’ল যদিও পৃথিৱীৰ সকলো দেশকে সামৰি সামগ্ৰিকভাৱে আগৰ আৱস্থা এতিয়াহে ঘুৰাই পোৱা হৈছে। উল্লেখযোগ্য যে ২০১৯ চনত পৃথিৱীৰ সৰ্বমুঠ বিমানযাত্ৰীৰ সংখ্যা আছিল ৪.৭ বিলিয়ন। এই সময়খিনিতে প্ৰযুক্তিবিদ্যাও যথেষ্ট আগুৱাই গৈছে। অতিমাৰীৰ আগৰ আৰু পাছৰ সময়খিনিত দেখা পোৱা এটা প্ৰধান পাৰ্থক্য হৈছে যাত্ৰীৰ চিনাক্তকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰযুক্তিবিদ্যাসমূহ। আগৰদৰে বিমানকোঠত যাত্ৰীৰ নথি-পত্ৰ পৰীক্ষা কৰি সত্যাপন কৰা প্ৰক্ৰিয়াৰ অন্ত পৰিছে। আমাৰ দেশতো ডিজি-যাত্ৰা (DigiYatra) নামৰ এটা মোবাইল এপ্লিকেচনৰ দ্বাৰা যাত্ৰী চিনাক্তকৰণ কৰাৰ এটা নতুন পদ্ধতি বিমানকোঠত আৰম্ভ হৈছে। এবাৰ নিজৰ নাম ঠিকনা অন্তৰ্ভুক্ত কৰি লোৱাৰ পাছত বৰ্ডিংকাৰ্ডখন ডাউনলোড কৰি ল’লেই এয়াৰপৰ্টত থকা স্বয়ংচালিত দুৱাৰখনে যাত্ৰীজনক চিনাক্ত কৰিব পাৰে আৰু দুৱাৰখন নিজে নিজে খোল খাই যায়। শেহতীয়াভাৱে অসামৰিক বিমান পৰিবহন উদ্যোগটোতে সামগ্ৰিক বাবে ইমান প্ৰযুক্তিবিদ্যাৰ পযোভৰ ঘটিছে যে সময়ৰ লগত খোজ দিব নোৱাৰা কৰ্মচাৰী-বিষয়াসকল বিভ্ৰান্ত হ’বলৈ বাধ্য হৈছে। একোটা কাৰ্য সমাপন কৰিবলৈ ব্যৱহাৰ কৰা তথাকথিত ব্যৱস্থাৰ বিপৰীতে প্ৰযুক্তিবিদ্যাই কম খৰচতে ক্ষীপ্ৰতাৰে কৰিব পৰাকৈ সুচল উপায় উলিয়াই দিছে। ইয়াৰ ফলত মানৱ সম্পদৰ ব্যৱহাৰ লাহে লাহে কমি আহিবলৈ ধৰিছে আৰু তেনে ব্যৱস্থাৰ অপ-প্ৰয়োগৰ ফলত কোনো কোনো ক্ষেত্ৰত নিৰ্ভৰযোগ্যতা কমি আহিবলৈ ধৰাও দেখা গৈছে। এই উদ্যোগটোত সন্মিলিত প্ৰচেষ্টাইহে সুফল আনে। কিছুদিনৰ আগতে নিৰ্মান কৰা চীনদেশৰ এটা বিমানকোঠে অতি কম সংখ্যক কৰ্মচাৰীৰে বিমানকোঠটো পৰিচালনা কৰিবলৈ লৈ উদ্যোগটোত এক আলোড়নৰ সৃষ্টি কৰি দেখুৱাইছে। তাৰোপৰি বিমান চলাচলৰ তথ্যসমূহ ইমান সুলভ হৈ পৰিছে যে নিৰ্দিষ্ট বিমান এখন কেতিয়া ক’ত উৰি আছে তাক নিমিষতে দেখা পোৱাৰ উপায় ওলাইছে। উন্নত দেশৰ কেতবোৰ বিমানকোঠত দুৱাৰদলিত উপস্থিত হোৱাৰ লগে লগেই যাত্ৰীজনৰ নাম ধৰি স্বাগতম জনোৱাৰ পদ্ধতি প্ৰচলন হৈছে। লগতে কোনে কি খাই ভাল পায়, আগতে কি খাইছিল আদি তথ্যও এয়াৰলাইন আৰু এয়াৰপৰ্টত সুলভ হৈ পৰিছে। বিমান উৰণৰ ক্ষেত্ৰটো নেভিগেচন প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব পৰিবৰ্তন পৰিলক্ষিত হৈছে। ভূ-পৃষ্ঠৰ ওপৰত থকা যন্ত্ৰৰ দ্বাৰা পৰিচালিত হোৱাৰ সলনি আগন্তুক দিনত বিমানসমূহ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা পৰিচালিত হ’ব। সাম্প্ৰতিক সময়ত ব্যৱহাৰ হৈ থকা একাবেকা বিমানপথসমূহ অচল হৈ পৰিব আৰু মিছাইলৰ গতিপথৰ দৰে সৰল বা পাতবেং জপিয়াই যোৱাদি বিমানএখন এটা বিমানকোঠৰ পৰা আন এটালৈ সৰল গতিপথেৰে যাত্ৰা কৰিব পাৰিব। দ্ৰোণ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি এক নতুন ধৰণৰ বিমান সেৱাৰ বিষয়ে ক্ষীপ্ৰগতিত পৰীক্ষা-নিৰীক্ষা চলি আছে, ইয়াৰ নাম দিয়া হৈছে ‘আম’ বা Urban Air Mobility (UAM)। সৰু সৰু বাহনবোৰক কোৱা হৈছে ভিটল বা Vertical Take Off & Landing- VTOL। অৰ্থাৎ পাইলটবিহীন সৰু বাহন এখনত উঠি দেৱালীৰ পতাকাৰ দৰে পোনে পোনে আকাশলৈ উঠি গৈ গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ সুবিধা সেৱা। এনে বাহনৰ উৰণ-অবতৰণৰ বাবে দীঘল ৰানৱেৰ প্ৰযোজন নহয়, সৰু চোতাল এখনৰ পৰাই উৰণ-অৱতৰণ কৰিব পাৰি। হেলিপেডৰ দৰে ইয়াৰ নাম দিয়া হৈছে ভাৰ্টিপৰ্ট (Vertiport)। ইতিমধ্যেই ইউৰোপৰ কেইবাটাও বিমানকোঠে ভাৰ্টিপোৰ্ট নিৰ্মান কৰি উলিয়াইছে।

বিমান সেৱাই অৰ্থনৈতিক প্ৰগতিত প্ৰচুৰ অৱদান যোগায়। উল্লেখযোগ্য যে সম্প্ৰতি এটা বৃহৎ উদ্যোগ হিচাপে পৰিগণিত হোৱা অসামৰিক বিমান পৰিবহনে সমগ্ৰ পৃথিৱীত ৮৭ নিযুত সংস্থান আৰু বিশ্ব অৰ্থনীতিলৈ ২.৭ ত্ৰিলিয়ন ডলাৰৰ বৰঙনি আগবঢ়াইছে। অঃবিঃপঃ সংস্থা (ICAO)-ৰ মতে এই উদ্যোগত কৰা প্ৰতি ১০০ ডলাৰ বিনিয়োগে বিমান সেৱাই সংযোগ কৰা অঞ্চলত ৩২৫ ডলাৰৰ বিকাশ ঘটায়। ঠিক তেনেকৈ বিমান পৰিবহন উদ্যোগত প্ৰয়োজন হোৱা ১০০ অতিৰিক্ত সংস্থানে সেই স্থানত ৬১০ টা সংস্থানৰ সৃষ্টি হোৱাৰ ইংগিত বহন কৰে। এইয়া বিভিন্ন দেশত কৰা গৱেষণাৰ ফলাফল, ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে। আমাৰ দেশতো উড়াণ (Ure Desh kaa Aam Nagrik- UDAN) নামৰ আঁচনিৰ দ্বাৰা অব্যৱহৃত হৈ থকা বহু বিমানকোঠৰ লগত বিমান পৰিবহন আৰম্ভ কৰা হৈছে। এই আঁচনিৰ মূল লক্ষ্যই হৈছে অৰ্থনৈতিক প্ৰগতি।তাৰোপৰি ২০১৬ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা National Civil Aviation Policy- 2016 ত আমাৰ দেশত অসামৰিক বিমান পৰিবহন প্ৰসাৰৰ বাবে বিভিন্ন দিশ সামৰি লোৱা হৈছে।  বিমানকোঠ সম্প্ৰসাৰণ কাৰ্যত ব্যক্তিগত খণ্ডক সহযোগী কৰাটোও আছিল সেই প্ৰয়াসৰে এক অংশ।

এতিয়া ভাৰতবৰ্ষ অসামৰিক বিমান পৰিবহন ক্ষেত্ৰত পৃথিৱীৰ তৃতীয় বৃহৎ বজাৰ। সেয়ে আগন্তুক কেইটামান বছৰৰ ভিতৰত অসামৰিক বিমান পৰিবহন সেৱাৰ অভূতপূৰ্ব পৰিৱৰ্তন আমাৰ দেশতো দেখা যাব। নতুন নতুন সেৱা সমূহ আহি ভুমুকি মাৰিবহি। আমাৰ দেশৰ অসামৰিক বিমান পৰিবহন বিভাগে কিমান ক্ষীপ্ৰতাৰে এই সুবিধাসমূহ সাধাৰণ নাগৰিকৰ বাবে উপলব্ধ কৰাব পাৰে সেয়া নিশ্চয় আটাইৰে বাবে লক্ষণীয় হ’ব। 


 

Safe skies, sustainable future The Assam Tribune 7 December 2024


 Safe skies, sustainable future

 The 7th December every year has been celebrated as the International Civil Aviation Day since 1994. The date and year has a historic significance.

 It was in 1903, the Wright Brothers successfully demonstrated the first flight in an open field named Kitty Hawk in North Carolina, United States. The technology developed rapidly thereafter. The first world war (1914-19) gave a big fillip to the manufacturing of aircrafts in the United States and Europe. Most of these aircraft were used for warfare. Such aircraft, mostly monoplanes or bi-planes had limitation in height and speed. After serving in warfare, the abandoned aircraft were used by war-trained pilots to carry “airmail” -  the first service offered by the civil aviation to the mankind.

 In 1933, the service of carrying passenger began. Boeing 247, the world’s first airliner could carry 10 passengers and flew 50 percent faster than the earlier versions. World war II (1939-45) brought a sea change to aviation with the invention of jet engine and an alloy that was hard like iron but lighter in weight. The technique to pressurizing the aircraft body was also found out. Bigger-bodied aircraft started emerging in the sky. Such an aircraft, B-29 named Enola Gay, in August 1945 carried the atom bomb to strike over two cities in Japan - Hiroshima and Nagasaki. Towards the end of the war, international air transportation across the oceans became a reality.

Soon after the World War 2, on 7the December, 1944, 52 nations met at Chicago, United States, and formed an organization to make the rules of flying. This is how the global regulator of civil aviation, the International Civil Aviation Organization (ICAO) came into being. After forming the United Nations Organization (UN) in 1945, the ICAO became a specialized agency of UN to promote safe and orderly development of international civil aviation throughout the world. Now, 193 countries that are members of the United Nations are also Member-States of the ICAO. The vision of ICAO is to achieve the sustainable growth of the global civil aviation system.

In 1994, ICAO completed 50 years and to mark the golden jubilee, it was proposed to celebrate the day as the International Civil Aviation Day. The UN officially recognized it in 1996. The primary objective of celebrating the day is to generate awareness about the importance of international civil aviation for global communication, economic development and socio-cultural exchange. This year, 2024 is the 80th year of ICAO. On this occasion, ICAO has adopted a new theme –“safe skies, sustainable future: together for the next 80 years.” The theme focusses on sustainable aviation practices and addresses climate change challenges.

 Air Transportation is the economic driver of a region. In a recent report of Air Transport Action Group (ATAG), it is estimated that aviation industry contributes 4.1% to the global GDP with approximately 3.5 trillion dollars altogether. The industry also supports 87.7 million jobs globally with 11.3 million direct employments. It is estimated that in the next 15 years’ time, by 2038, its contribution will increase to 6.3 trillion dollars with approximately 143 million jobs.

The civil aviation industry is passing through a transformation period. During the pandemic (COVID-19), this industry was badly affected. However, it has now regained its glory to the pre-pandemic levels. With the development of Urban Air Mobility (UAM), Drone technology, VTOL (Vertical take-off and landing), Vertiports and digital transformation, civil aviation is entering a new era. Appropriate regulation is the prerequisite for using such technologies for the good of mankind. Safety and Security play very important role in the aviation industry. ICAO and its member-states are working hard to formulate policies to use such technologies to the best benefit of society. In many developed countries, urban air mobility (UAM) is currently in experimental phase and is expected to be implemented soon. It will bring unprecedented changes to the lifestyle of people with a new mode of transportation.

Aviation is a major source of greenhouse gas emission. In 2022, aviation alone accounted for 2.5% of global CO2 emission. Aircraft emissions produce greenhouse gases like carbon dioxide (CO2), nitrous oxide (Nos), methane, sulfur dioxide (SO2) and many by-products. Industry is also looking for sustainable aviation fuel (SAF), an alternative to the air turbine fuel (ATM), the fossil fuel being used so far. Production and use of solar power are being maximized. In India, Cochin airport has set an example of producing solar power to meet the entire demand and supply the excess to the state electricity board. Vehicles used at airports by airlines, ground handling agencies and other stakeholders are also being replaced by electric vehicles (EVs) as a part of environment sustainability programme.

Aviation Industry is pioneer in adopting new technologies. Many processes traditionally executed by human resources are being replaced by technology. New airports are coming up with facilities that are mostly operated by technology, minimizing manpower requirement is getting reduced to minimum. During covid-19, the touchless security system got a big boost. The new security equipment and gadgets introduced at airports are capable enough to check passenger and baggage without any human touch. Similarly, need of checking documents is being replaced by biometric verification and DigiYatra system.

In terms of domestic air travels, the top three civil aviation markets are the United States, China and India. India has the highest growth of domestic passenger globally. The country has adopted the National Civil Aviation Policy 2016 to cope up with the fast-pace demand, introducing several initiatives to create an eco-system that makes flying affordable for the masses. Under UDAN (Ure Desh ka Aam Nagrik) initiative, the government is trying to enhance regional air connectivity from unserved and underserved airports across India. It will be interesting to witness the fast-changing developments in civil aviation in the days to come.