Sunday, July 31, 2022

তৌফিকদাৰ সান্নিধ্য


 


মই চেন্নাইত (তেতিয়াৰ মাদ্ৰাজ) ছাত্ৰ হৈ থকা দিনৰ কথা। কেন্দ্ৰত তেতিয়া বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ। সেই সময়তে এদিন খবৰ ওলাল কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰীজন তামিলনাডুলৈ আহিব। ১৯৮৯ চন। সেই আইন মন্ত্ৰীজন আন কোনো নহয় অসমৰ সন্তান প্ৰয়াত দীনেশ গোস্বামীদেৱ। সিদ্ধান্ত হ’ল তেখেতক মাদ্ৰাজত থকা অসমীয়া লোকসকলে সম্বৰ্ধনা জনাবলৈ এটা অনুষ্ঠানৰ আয়োজন কৰিব। মাউণ্ট ৰোডৰ কিছু নিলগত জেমেনি কলপ্লেক্স বুলি কোৱা ঠাইখনৰ ওচৰতে থকা পামগ্ৰ’ভ নামৰ হোটেলখনতে এই  সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠানটো পতা হৈছিল। এই গোটেই কামটোৰ দায়িত্ব মূৰ পাতি লৈ দৌৰা-দৌৰি কৰা মানুহজন আছিল কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ শিল্প উদ্যোগ বিভাগৰ উচ্চপদস্থ বিষয়া তৌফিক উদ্দিন আহমেদ। সেই সভাখনত কৰ্মৰত অসমীয়া লোকসকলৰ উপৰিও ছাত্ৰসকলকো উপস্থিত থাকিবলৈ খবৰ দিয়া হৈছিল।

তৌফিকদাৰ লগত সেইয়াই আছিল মোৰ প্ৰথম পৰিচয়।

সেইদিনা সভাখন আছিল মূলতঃ আনুষ্ঠানিক। তৌফিকদাই আঁত ধৰা সভাখনত সেই মহানগৰীখনত অসমীয়া লোকসকলে পোৱা কেতবোৰ অসুবিধাৰ কথাই আলোচনা কৰা হৈছিল। তাৰ ভিতৰত আজিও মোৰ মনত থকা এটা বিষয় আছিল মাদ্ৰাজত এটা “অসম হাউচ” লাগে। ইয়াৰ অবিহনে অসমৰ পৰা চিকিৎসাৰ বাবে অহা লোকসকলে অনেক সমস্যাৰ সন্মূখীন হ’ব লগাত পৰে। সেইদিনাই গম পাইছিলো, মাদ্ৰাজত অসম আৰু অসমীয়াৰ কথা লৈ সৰৱ হৈ থকা অসমীয়া মানুহকেইজনৰ ভিতৰত তৌফিকদা আছিল অন্যতম।

অলপ সময় কথা পতাৰ পিছতে গম পালোঁ অসমীয়া আলোচনী আৰু শব্দ-শৃংখলত সততে দেখা চিনাকী নাম ‘তৌফিক-মুকুল’ তেখেতেই। মুকুল আছিল তেখেতৰ ঘৰত মতা নাম। অলপ সময়ৰ ভিতৰতে তেখেতৰ লগত মই ঘনিষ্ঠ হৈ পৰিলোঁ। তাৰোপৰি তেখেতৰ পৰিবাৰ মোৰ সহপাঠী ইফটিখাৰ আমিনৰ মাহীয়েক- আৰিফা মাহী। ফলত মাজে মাজে মই তেখেতসকলৰ ঘৰলৈ আলহী হৈ যাব পৰাৰো সুযোগ ওলাল। মই সেইখন মহানগৰীত ছাত্ৰ হৈ থকা অৱস্থাত আৰিফা মাহীৰ হাতৰ কিমান সুস্বাদু ব্যঞ্জন খালো তাৰ কোনো হিচাপ নাথাকিল।

সাহিত্য অনুৰাগী তৌফিকদা আছিল হাড়ে-হিমজুৱে অসমীয়া। বিষ্ময়, ৰহস্য আদি আলোচনীত তেখেতে মনোৰঞ্জনধৰ্মী গল্প লিখিছিল আৰু বহুবছৰ কেইবাখনো আলোচনীৰ “শব্দ শৃংখল” নামৰ শিতান এটা পৰিচালনা কৰিছিল। এবাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ চকু চিকিৎসাৰ বাবে মাদ্ৰাজলৈ গৈছিল। খবৰটো পায়েই তেখেত গৈ শংকৰ নেত্ৰালয় ওলাইছিলগৈ আৰু পিছৰ দেওবাৰটোত তেখেতৰ ঘৰলৈ দুপৰীয়া ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিল। সেই নিমন্ত্ৰণৰ ভাগ মইও পাইছিলো। অসমীয়া শব্দৰ ওপৰত থকা তেখেতৰ দখল দেখি ছাৰ অভিভূত হৈ পৰিছিল আৰু প্ৰান্তিকত লিখিবলৈ তেখেতক পৰামৰ্শ দিছিল। সেইদিনাৰ অভিজ্ঞতাৰ কথা ছাৰে তেখেতৰ আত্মজীৱনীৰ পাততো উল্লেখ কৰি গৈছে। তৌফিকদাই খুশৱন্ত সিং পঢ়ি বৰ ভাল পাইছিল। সেয়ে সুবিধা পালেই মই গৈ তেখেতৰ অফিচ ওলাইছিলোগৈ আৰু তেখেতৰ লগত দীঘলীয়াকৈ আড্ডা মাৰিছিলো। সেইসময়ত মাদ্ৰাজত বাস কৰা অসমীয়া লোকসকলৰ মাজত মাজে মাজে সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰ পতা হৈছিল। এই আলোচনাৰো গুৰি ধৰিছিল তৌফিকদাই। তেনে আলোচনা চক্ৰবোৰ ৰসাল কৰি তুলিছিল তৌফিকদাৰ কাহিনী আৰু গল্প কথাই।

তৌফিকদাৰ যিটো গুণে মোক আজিও তেখেতক মোৰ মনত নমস্য কৰি ৰাখিছে সেইটো হৈছে তেখেতৰ “পৰৰ দুখত পৰি মৰিব পৰা” গুণটো। এদিনৰ কথা, হঠাতে হিন্দু কাকতত এটা বাতৰি ওলাল। তেল কোম্পানীত চাকৰি কৰা অসমৰ এজন উচ্চ-পদস্থ বিষয়াৰ পত্নীৰ হঠাতে মাদ্ৰাজত মৃত্যু হ’ল। সেইদিনাই আবেলিলৈ তেখেতৰ সৎকাৰ হ’ব। ঘৰৰ পৰা ইমান দূৰত এনেকুৱা এটা ঘটনা ঘটিল, মানুহজনে বা এতিয়া কেনেকৈ কি কৰিছে, লগত বা কোন কোন আছে! বাতৰি কাগজৰ পৰা ঠিকনা লৈ আক-তাক সুধি সুধি অৱশেষত তৌফিকদা গৈ সেই সৎকাৰথলীত উপস্থিত হ’লগৈ। আজিৰ দিনত এইটো এটা আচৰিত হ’ব লগা কথা। এনেকুৱা উদাহৰণ অলেখ আছে। সেইসময়ত মাদ্ৰাজত শিক্ষাৰ্থী হৈ থকা অনেক লোকৰে অভিভাৱকৰ দৰে আছিল তৌফিকদা।

 

জীৱনটোক পূৰ্ণোদ্যমে উপভোগ কৰিব খোজা মানুহজনে হঠাতে এদিন অসুস্থ হৈ একাকীত্বক আকোৱালি ল’ব লগা হ’ল। লোকক সহায় কৰি ভাল পোৱা মানুহজনে আনৰ সহায় নহ’লে নচলা অৱস্থা হ’ল। তেখেতৰ পত্নী আৰিফা মাহীয়ে ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি লৈ তিনিওজনী ছোৱালীকে ডাঙৰ কৰিলে। এতিয়া তিনিওজনী ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হৈ জীৱন বাটত বাট বুলিছে। ১৯৪৩ চনত যোৰহাটৰ লিচুবাৰীত জন্মগ্ৰহন কৰা তৌফিকদাৰ আৰু ঘৰলৈ উভতি যোৱা নহ’ল। মাদ্ৰাজৰ ভিৰুগামবক্কম নামৰ ঠাইত কেইবাবছৰো বাস কৰাৰ পিছত তেখেতসকলে বাংগালোৰত থাকিবলৈ লৈছিল। কুৰী বছৰৰো অধিক কাল আৰিফা মাহীয়ে নিজৰ সন্তানক প্ৰতিপাল কৰাৰ দৰে তেখেতক পৰিচৰ্যা কৰিছিল। বহুদিনৰ মূৰত লগ পালে তেখেতে অসম, অসমীয়া আৰু অসমৰ সাহিত্যৰ খবৰ সুধি অন্ত কৰিব নোৱাৰিছিল।

যোৱা ২২ জুন তাৰিখে ৭৯ বছৰ বয়সত তৌফিকদাই সকলোকে এৰি পৰলোকলৈ গমন কৰিলে। আজি ইছলাম ধৰ্ম মতে “চল্লিছা” পৰিছে। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। 

No comments:

Post a Comment