জীৱন
বাটৰ ৰসঃ ৰসনাৰ আমোদজনক ৰস (৭০)
“ৰসনাৰ
ভয়ংকৰ ৰস” শিৰোনামাৰে ২০০৪ নে ২০০৫ চনত মই সুৰেশ ৰঞ্জন গদুকাই সম্পাদনা কৰা “জীৱন”
নামৰ আলোচনীখনত এখন ৰচনা লিখিছিলো৷ পাঠকসকলেও পঢ়ি ভাল লগা বুলি কৈছিল৷ ৰচনাখনৰ কথাখিনি
মোৰ মনটোত প্ৰায়েই তল-ওপৰ হৈ থাকে৷ বিশেষকৈ দূৰদৰ্শনত টক্-ছ’ চাই থাকোঁতে বা কাৰোবাৰ
বক্তৃতা শুনি থাকোঁতে এই কথাটো বেছিকৈ হয়৷ আজি এই বিষয়ৰ এটা অভিজ্ঞতা লিখোঁ৷
ৰসনা
মানে জিভা৷ আমাৰ শৰীৰত থকা আটাইতকৈ ভয়াবহ অংগ৷ এই অংগই সৃষ্টি কৰা শব্দৰেই আমি আনৰ
লগত কথা পাতোঁ, গায়কে গীত গাই, বক্তাই বক্তৃতা দিয়ে! পৃথিৱীৰ শ্ৰেষ্ঠতম তৃপ্তিদায়ক
বস্তু হেনো মিঠামাত৷ নিজৰ মাতটো আমাৰ সকলোৰে
বৰ মৰমৰ৷ অৱশ্যে দৃষ্টিশক্তি, শ্ৰৱণ শক্তি আৰু বাকশক্তি “এই তিনিওবিধৰ ভিতৰত এটা দিব
লগা হলে মই মাতটোকে দি দিবলৈ সাজু আছোঁ”
বুলি কৈছিল ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে৷ ভূপেন হাজৰিকাই নিশ্চই তেনেকৈ নক’লেহেঁতেন৷
শইকীয়া ছাৰে কথা কোৱাতকৈ লিখাটোত বেছি গুৰুত্ব দিছিল৷ অপ্ৰয়োজনীয় কথা শুনি ছাৰ বিৰক্ত
হৈছিল৷ ছাৰে বেয়া পালেও এটা কথা স্বীকাৰ কৰিবই লাগিব এই মাতটোৰ কিন্তু মহিমা অপাৰ৷
নিৰ্বাচনৰ সময়তে এই কথা ভালকৈয়ে প্ৰমান কৰিব পাৰি৷ উপযুক্ত সময়ত ক’ব পৰা উপযুক্ত মাত
বা কথাই সুদুৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷
অসময়ত
এখন দেশত এজন ৰজা আছিল৷ এদিন ৰজাই সপোনত এটা ভয়াবহ ঘটনা দেখিলে৷ ৰজাই পিছদিনা পুৱাই
সপোনৰ আতিগুৰি বিচাৰ কৰিবলৈ ৰজাঘৰৰ জ্যোতিষীজনক মাতি আনিলে৷ সবিশেষ শুনি পণ্ডিতজীয়ে
বেকত কৰিলে – “বৰ বেয়া সংকেত মহাৰাজ, আপোনাৰ পৰিয়ালত আপুনিয়েই প্ৰথমে মৰিব৷” কথা শুনি
ৰজাৰ ইমান খং উঠিল যে জ্যোতিষীজনক লগে লগে মৃত্যুদণ্ড দি দিলে৷ ৰজাৰ মনৰ পৰা কিন্তু
ভয় নাঁতৰিল আৰু আন এজন জ্যোতিষীৰ ব্যৱস্থা কৰিলে৷ এইবাৰৰ পণ্ডিতজী চালাক৷ তেওঁ আদ্যোপান্ত
শুনি লৈ ৰায় দিলে – “মহাৰাজ, ইয়াতকৈ আৰু ভাল কথা কি হ’ব পাৰে৷ আপোনাৰ পৰিয়ালৰ ভিতৰত
আপুনিয়েই সৰ্বপ্ৰথমে স্বৰ্গাৰোহন কৰিবলৈ সমৰ্থ হ’ব৷” ৰজাৰ মনত বৰ আনন্দ লাগিল আৰু
পণ্ডিতজীক ৰাজ-জ্যোতিষী হিচাপে নিযুক্ত কৰিলে৷ ল’ৰালিতে শুনা এই সাধুটো মই প্ৰায়েই
স্মৰণ কৰোঁ আৰু তাক অনুসৰণ কৰিবলৈ যৎপৰোনাস্তি কৰোঁ৷ ‘কথাত কটা যায়, কথাত বঁটা পায়’,
‘ওপৰ মাতোঁতাৰ বাটত ঘৰ, যাওঁতে লাঠি আহোঁতে চৰ’ – আদি আমাৰ ভাষাত থকা ফকৰা যোঁজনাইও
এই সত্যকেই প্ৰতিপন্ন কৰে৷ মোৰ নিজৰে বেছি কথা কওঁ বুলি এটা বদনাম আছে৷ তথাপিও মই
অহৰ্নিশে চেষ্টা কৰি থাকোঁ যাতে ক’ব লগা কথাটোহে যেন মোৰ মুখেদি ওলায়, অতিৰিক্ত
এটা শব্দও মোৰ কাম্য নহয়৷ পিছে, ইচ্ছা কৰিলেই এই গুণ আয়ত্ব কৰিব নোৱাৰি৷
আমাৰ
অঞ্চলটোত এজন বৰদেউতা (বৰ্তা) আছিল৷ চাইকেল মাৰি গৈ থকা অৱস্থাটো যদি তেখেতক সোধা
হয় – ‘বৰ্তা, ভালনে?’ ততালিকে তেখেতে দুয়োডাল ব্ৰেক চেপা মাৰি ধৰি চাইকেলখন ৰখাই দিয়ে৷
সাউতকৈ নামি চাইকেলখনৰ মাজত থকা লোহাডালত আউজি লৈ আৰম্ভ কৰে – ‘ভাল বুলিনো কেনেকৈ
ক’বি অ’, সাতদিনমান ধৰি কামিহাড়ডালৰ তলতে সোঁপিনে বিষ… পিত্তপানী …. যকৃৎতৰ দোষ
---- মহেন্দ্ৰ ডাক্তৰৰ দৰৱ ---- এলাপেঠি দৰৱৰ গুণ – হমিপেঠিৰ মাহাত্ম্য - হট ৱাটাৰ
বেগ – ভলিনি – বালিৰ টোপোলা – জালুকৰ আঞ্জা!’ আগন্তুকে প্ৰমাদ গণে৷ “ভালনে?” -বুলি
সোধা প্ৰশ্নটো যে আচলতে এটা সৌজ্ন্যতাহে
এই কথা বহুলোকে নাজানে৷ আপোনাৰ ভাল বেয়া লৈ সততে পৃথিৱীৰ কোনোৱেই ব্যস্ত হ’ব নোখোজে–
এইটো এটা নিষ্ঠুৰ বাস্তৱ সত্য! সেয়ে ক’ত, কি আৰু কিমান কথা কোৱাৰ প্ৰয়োজন এই সচেতনতা
সকলোৰে মনৰ মাজত নিৰন্তৰ উজ্জ্বীৱিত হৈ থকা উচিত৷ চাকৰিপ্ৰাৰ্থী সকলক ইন্টাৰভিউত এটা
প্ৰশ্ন সততে সোধা হয় – নিজৰ বিষয়ে অলপ কওঁকচোন! এই প্ৰশ্নটোৰ অৰ্থ এই নহয় যে ইন্টাৰভিউ
লোৱাসকল আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰতি পৰম আগ্ৰহী৷ বহুতে নিজৰ পৰিয়াল, আত্মীয় কুতুম্ব,
নিজৰ চমকপ্ৰদ সাফল্যৰ ইতিহাস নিৰন্তৰ ভাবে বেকত কৰি যাব বিচাৰে৷ আপাতঃদৃষ্টিত সহজ যেন
লগা এই প্ৰশ্নটোৰ উত্তৰ সাৱধানে প্ৰস্তুত কৰি নল’লে প্ৰাৰ্থীজন সফল হোৱাৰ সম্ভাৱনা
তেনেই ক্ষীণ৷ পাঠ্যপুথিৰ জ্ঞানৰ লগতে এইধৰণৰ সাধাৰণ জ্ঞানেও জীৱনত বৰ সহায় কৰে৷
২০১৭
চন৷ মই তেতিয়া হায়দৰাবাদৰ জি.এম.আৰ. এভিয়েচন একাডেমীত কাম কৰি আছিলোঁ৷ এজন বন্ধুৱে
ফোন কৰি জনালে যে ৰবীন্দ্ৰন নামৰ এজন লোক আহি মোক দেখা কৰিব খোজে৷ বিদেশত প্ৰশিক্ষণ
আৰু কাম কৰাৰ অভিজ্ঞতা থকা এই লোকজনৰ হেনো আমাৰ একাডেমীত কাম কৰাৰ মন৷ আমাৰ প্ৰতিষ্ঠানত
কোনো খালী পদ নাছিল৷ তথাপিও দুষ্প্ৰাপ্য প্ৰতিভা হলে পদ এটা সৃষ্টি কৰিব পৰা যাব
বুলি মানুহজনক মই লগ পাবলৈ এদিন মাতি আনিলো৷ মাজতে টেবুল এখন লৈ সৰু কোঠা এটাত আমি
মূখামুখিকৈ বহি ল’লো৷ ওখ পাখ চেহেৰাৰ সুদৰ্শন ব্যক্তি৷ নাম ধাম সোধাৰ পিছত মই সুধিলোঁ
– বিদেশত ক’ত কি পঢ়িছিল আৰু কি কৰিছিল কওঁকচোন৷ মানুহজনে যেন বিচাৰি থকা গতিটো হাততে
পালে৷ নিজৰ জীৱনৰ কথা, কিমান গোল্ড মেডেল পাইছে তাৰ কথা, আনকি বিদেশত কাম কৰি থাকোঁতে
সহকৰ্মীৰ লগত হোৱা সংক্ষিপ্ত প্ৰেমৰ কাহিনীও তেওঁ অনৰ্গল কৈ গৈছে৷ মই কিবা সুবিধলৈ
মুখ মেলিলেই হাতেৰে তেওঁ ৰ’বলৈ ইংগিত দিয়ে আৰু কয় – লেট্ মি কমপ্লিট ফাৰ্ষ্ট! এসময়ত
মই সুধিলোঁ – চাওঁক আমাৰ ইয়াত বিভিন্ন বিষয়বোৰ ছাত্ৰ-ছাত্ৰীক পঢ়াব লাগিব, এনে কাম
কৰি আপুনি আনন্দ পাব জানো? – চাওঁক, এভিয়েচনৰ কিতাপ পঢ়ি থাকোঁতেই যি হাত লগাইছিলোঁ
সেইয়াই, এতিয়া সেইবোৰ মোৰ একো মনত নাই!
আৰু আপোনাক মই সচাঁকৈ কৈছো, পঢ়োৱা কামটোক মই ঘৃণা কৰো – আই জাষ্ট হেইট্ টিছিং!
মই অবাক হ’লো৷ একাডেমীত চাকৰি বিচাৰি অহা প্ৰাৰ্থীজনে পঢোৱা কামটোক ঘৃণা কৰে! ভাবিবলৈ
বাধ্য হ’লো নিশ্চয় কাৰোবাৰ হেঁচাত তেওঁ মোক লগ পাবলৈ আহিছে, চাকৰি কৰাৰ প্ৰয়োজন
আৰু আগ্ৰহ এটাও তেওঁৰ নাই৷ বিষয়টো মই তাতেই সমাপ্ত কৰিলোঁ৷
তাৰ দুটা সপ্তাহৰ পিছত বন্ধুজনৰ পৰা এটা খবৰ আহিল
– ৰবীন্দ্ৰনে হেনো চাকৰিটো পাম বুলি বৰ আগ্ৰহেৰে বাট চাই আছে৷ মই আচৰিত নহৈ নোৱাৰিলোঁ৷
তাৰ দুদিনমানৰ পিছত স্বয়ং ৰবীন্দ্ৰনৰ ফোন – মিঃ বৰুৱা, আপোনাৰ পৰা খবৰ পাম বুলি আশাৰে
বাট চাই আছোঁ, এনি নিউজ ফৰ মি ?
No comments:
Post a Comment