মনোহৰ পাৰিকাৰলৈ গভীৰ
শ্ৰদ্ধাঞ্জলি….
পাৰিকাৰ
ছাৰৰ বিয়োগে
মোক প্ৰায়
দুই দশকৰ
আগলৈ টানি
নিলে৷
২০০১ চনৰ ফেৱ্ৰুৱাৰী
মাহৰ পৰা
২০০৭ চনৰ
ডিচেম্বৰ মাহলৈ
প্ৰায় সাত
বছৰ সময়
মই গোৱা
বিমানকোঠত কাম
কৰিছিলোঁ৷ সেই
সময়ছোৱাতে মই
তেখেতেক ঘনিষ্ঠভাৱে
লগ পোৱাৰ
সৌভাগ্য হৈছিল৷ লেতেৰা চামৰাৰ
চেন্দেল এযোৰ
পিন্ধি, পেন্টৰ
ওপৰত ওলমি
থকা খৰাহাতৰ
চোলা এটাৰে হলং-হলং খোজেৰে
আহি এয়াৰপৰ্টৰ
ৰিজাৰ্ভ লাউঞ্জত
বহা, সততে
কোংকণী ভাষাতে
কথা কৈ ভাল পোৱা অসাধাৰণ কৰ্মদক্ষতাৰ
সেই মানুহজনৰ
স্মৃতিয়ে মোক
এইসময়ত আবেগিক
কৰি তুলিছে৷
বোম্বাই আই.আই.টি-ৰ অভিযান্ত্ৰিক স্নাতক শিক্ষাৰে
শিক্ষিত ৰাজনৈতিক
নেতা হিচাপে
তেখেতৰ কাম
কৰাৰ ধৰণে
মোক আকৰ্ষণ কৰিছিল৷
সেই সময়তে, ২০০৪
চনৰ পৰা
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ
মহোৎসৱৰ (International Film Festival of India- IFFI) স্থায়ী স্থান
হিচাপে গোৱাক
নিৰ্বাচন কৰা
হৈছিল৷ এই
মহোৎসৱৰ বাবে গোৱা
সঠিক স্থান
হয়নে নহয়,
আছেনে গোৱাত
এই পৰ্যায়ৰ
মহোৎসৱ এটা
পাতিব পৰাৰ
সমল – এই
সম্পৰ্কে সেই
সময়ত যথেষ্ট
বিতৰ্কৰ সূচনা
হৈছিল৷ কেন্দ্ৰত
আছিল বাজপেয়ী
চৰকাৰ আৰু
গোৱাত মনোহৰ
পাৰিকাৰ৷ অনুষ্ঠান
পাতিবলৈ গঠন
কৰা একেবাৰে
ভিতৰ চ’ৰাৰ কমিটি
এখনত ভাৰতীয়
বিমানকোঠ প্ৰাধিকৰণৰ
তৰফৰ পৰা
মোৰ থকাৰ
সৌভাগ্য হৈছিল
৷ সেই
সময়তে দেখিছিলো
মূখ্যমন্ত্ৰী হিচাপে
পাৰিকাৰৰ কাম
কৰাৰ স্পৃহা
আৰু দক্ষতা৷
স্থান নিৰ্বাচন
সম্পৰ্কে হোৱা
বাক-বিতণ্ডাবোৰ
মিছা নাছিল৷
সেই সময়ত
গোৱাৰ পানাজী
চহৰত চিনেমা
দেখুৱাব পৰা
ভাল প্ৰেক্ষাগৃহই
নাছিল৷ এখন
সভাত তেখেতে
কোৱা এষাৰ
কথা মোৰ
এতিয়াও মনত
আছে, “আমাৰ
হলকেইটাত ইউৰোপ-আমেৰিকাৰ মানুহে
চিনেমা চাবলৈ
বহিও আধাতে
উঠি যাব”৷
অথচ চৰকাৰী
নিয়ম মতে
নিবিদা জাৰি
কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ
চিনেমা হল
এটা সাজি
উলিয়াবৰো তেতিয়া
হাতত সময়
নাছিল৷ পাৰিকাৰ
চৰকাৰে সকলো
চৰকাৰী নিয়ম
একাষৰীয়া কৰি
থৈ আয়নক্স
(INOX)নামৰ বিখ্যাত
প্ৰতিষ্ঠানটোক কেইবাখনো
পৰ্দা থকা
এটা প্ৰেক্ষাগৃহ
নিৰ্মান কৰাৰ
দায়িত্ব অৰ্পন
কৰিছিল৷ এদিন
গধূলি দেখিছিলো,
মটৰ চাইকেল
এখন চলাই
তেখেতে কামৰ
খাটিয়ান ল’বলৈ আহিছে৷
কলা একাডেমীৰ
প্ৰেক্ষাগৃহটোৰ পৰিবৰ্তন
কৰিও সেইটোক মহোৎসৱৰ
কামত লগাবলৈ
প্ৰস্তুত কৰা
হৈছে৷ কামবোৰ
সুকলমে আগবাঢ়িছেনে
নাই তাৰ
খাতিয়ান ল’বৰ বাবে
সঘনে মিটিং
পতা হৈছিল৷
আনকি সাগৰৰ
পাৰৰ মুকলি
বিচ্চতো চিনেমা
প্ৰদৰ্শনৰ ব্যৱস্থা
কৰা হৈছিল৷
গোৱাত “ইন্টাৰনেচনেল
ফিল্ম ফেষ্টিভেল
অৱ ইণ্ডিয়া”
পাতিবৰ বাবে
মূখ্যমন্ত্ৰী পাৰিকাৰে
নিজে দিন-ৰাতি এক
কৰি কাম
কৰিছিল৷ তাৰ
এবছৰৰ পিছতে
চৰকাৰ সলনি
হৈছিল৷ নতুন
চৰকাৰে পাৰিকাৰ
চৰকাৰৰ বিৰুদ্ধে
মহোৎসৱ সম্পৰ্কে
নানান গোচৰ
তৰিছিল৷ চৰকাৰী নিয়ম
নামানি কৰা
কেতবোৰ কামৰ
তদন্তৰ ভাৰ
চিবিআই-ক
অৰ্পন কৰা
হৈছিল! মোৰ
দৰে সেই
সময়ত সকলোৱে
বিশ্বাস কৰিছিল,
মনোহৰ পাৰিকাৰে
যদি সেই
উদ্যমৰে কাম
কৰি সেই
বছৰতে ফিল্ম
মহোৎসৱ গোৱালৈ
নানিলেহেঁতেন, গোৱাক
হয়তো স্থায়ী
স্থান হিচাপে
নিৰ্বাচন কৰা
কাহানিও নহ’লহেঁতেন৷
এয়াৰপৰ্টত
অহা-যোৱা
কৰা সময়ত
মই প্ৰায়েই
তেখেতৰ লগত
কথা পাতিছিলোঁ৷
লুকধাক নকৰাকৈ
তেখেতে দুৰ্নীতিগ্ৰস্থ নেতাবোৰৰ
নাম অকণো
সংকোচ নকৰাকৈ
মোৰ আগত
কৈ গৈছিল৷
পাহাৰৰ
ওপৰত থকা মাটিৰ
মান কেনেকৈ
পৰিবৰ্তন কৰি
সেইবোৰ স্থানত
ঘৰ বান্ধিবলৈ
দিয়া হৈছে,
তাৰপৰা কোনে
কোনে “পইচা
খাইছে” নেতাকেইজনৰ নাম তেখেতে
মোৰ আগত
এক, দুই,
তিনি কৈ
কৈ গৈছিল৷
নিৰ্বাচনত হৰাৰ
পিছত এদিন
মই অকলে
পাই সুধিছিলোঁ,
- এতিয়া কি
কৰিব, ছাৰ?
নিস্পৃহ ভাবে
তেখেতে উত্তৰ
দিছিল – “নিজৰ
ফেক্টৰীটো চাবলৈ
সময় পাম,
নিজৰ কাম
কৰিম, দেটছ্ ইট্!”
গোৱালৈ
পৰ্যটকক কঢ়িয়াই
অনা অনেক
বিমান বিদেশৰ
পৰা আহে৷
তাৰপৰা অৰ্থনৈতিক
ভাবে গোৱা
বিভিন্ন প্ৰকাৰে
সমৃদ্ধ হয়৷
কেতিয়া আহিবলগা
কোনখন বিমানখন
নাহিল, সেইয়া
আছিল তেখেতৰ
নখদৰ্পনত! মূখ্যমন্ত্ৰী হিচাপে এনে খবৰ তেখেতে ৰখাৰ কোনো
কাৰণ নাছিল, কিন্তু তেখেতে সেই খবৰ ৰাখে বুলিয়েই গোটেই ব্যৱস্থাটো সদা সক্ৰিয় হৈ
আছিল৷ বিমানকোঠত থাকিও
আমাৰ হাতত
নথকা খবৰ
তেখেতৰ লগত
আছিল৷
মই গোৱা এৰি
অহাৰ কিছুদিন
আগতে, হঠাতে
এদিন তেখেতৰ
লগত ৰাতিৰ
সাজ খোৱাৰ
সুযোগ লাভ
কৰিছিলোঁ৷ তেতিয়া
তেখেত মূখ্যমন্ত্ৰী
নাছিল৷ বহুদিন
লগ পাই
থকাৰ বাবে
তেখেতৰ লগত
মোৰ একধৰণৰ
সু-সম্পৰ্ক
গঢ়ি উঠিছিল৷
নতুনকৈ বদলি
হৈ অহা
বিমানকোঠৰ ডাইৰেক্টৰ
জনক উদ্দেশ্য
কৰি তেখেতে
মোক দেখুৱাই
এটা প্ৰশংসাসূচক
বাক্য কৈছিল
– এইজন বৰুৱা
এয়াৰপৰ্টত বহুদিন
ধৰি আছে,
তেওঁৱেই আপোনাক
বহুকথা বুজাই
ক’ব!
গোৱা এৰি অহাৰ
পিছত তেখেতৰ
লগত মোৰ
এদিনো দেখা
নহ’ল৷
নহ’ল
যে নহ’লেই, আৰু
নহ’বও৷
এজন সুদক্ষ
মন্ত্ৰী হিচাপে,
যিকোনো কাম
হাতত লৈ
তাৰ ফল
দেখুৱাব পৰা
নেতা হিচাপে
মনোহৰ পাৰিকাৰক
মই সদায়
শ্ৰদ্ধাৰে সোঁৱৰণ
কৰিম….তেখেতলৈ
গভীৰ শ্ৰদ্ধাঞ্জলি
নিবেদন কৰিলোঁ৷
No comments:
Post a Comment