Friday, December 7, 2018

অসামৰিক বিমান পৰিবহন প্ৰসংগ - Aamar Asom 6-December-2018




অসামৰিক বিমান পৰিবহন প্ৰসংগ


১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় মহাযুদ্ধই বৈমানিক প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশ সাধন কৰিছিল৷ বিশেষকৈ জেট ইঞ্জিন আবিষ্কাৰ হোৱাৰ ফলত বিমান এখনৰ আকাৰ আৰু শক্তি বহুত বাঢ়ি গ’ল৷ তেতিয়ালৈকে ব্যৱহাৰ হোৱ বিমানত সততে ব্যৱহাৰ কৰা কাঠ, প্লাষ্টিক আৰু লোহাৰ সলনি যুদ্ধৰ সময়তে কেইবাটাও ধাতুৰ সংমিশ্ৰনত এনে এবিধ মিশ্ৰ-ধাতুৰ আৱিষ্কাৰ হ’ল যাৰ ওজন তেনেই কম কিন্তু লোহাতকৈও টান, উৰাজাহাজ নিৰ্মানৰ বাবে উপযুক্ত৷ এনে এখন B-29 নামৰ জেট ইঞ্জিনৰ বিমানেই ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে ৪৭০০ কিলোগ্ৰাম ওজনৰ পাৰমানৱিক বোমাটো কঢ়িয়াই নি আমেৰিকাই জাপানৰ হিৰোছিমা নগৰৰ ওপৰত নিক্ষেপ কৰিছিল৷ যুদ্ধৰ সময়ত অনেক বিমানৰ নিৰ্মান হৈছিল আৰু বহুলোকক পাইলট হিচাপে প্ৰশিক্ষণ দিয়া হৈছিল৷ জেট ইঞ্জিনৰ বিমান এখন মহাসাগৰ পাৰ হৈ আন এখন দেশলৈ যাব পৰাটো বিশ্বযুদ্ধৰ পিছতে সহজ কথা হৈ পৰিছিল৷ যুদ্ধৰ শেষত পৃথিৱীৰ বহুদেশে সেই বিমান ব্যৱহাৰ কৰাটো নিশ্চিত হৈ পৰিছিল৷

প্ৰথম বিশ্বযুদ্ধৰ পিছতো এনে হৈছিল৷ ১৯০৩ চনত বাইচাইকেল কাৰখানা এটাত কাম কৰা ৰাইট ভাতৃদ্বয়ে আৱিষ্কাৰ কৰা বৈমানিক প্ৰযুক্তিবিদ্যাৰ আধাৰতে “বায়ুতকৈ গধূৰ” বস্তু উৰি যোৱাটো সম্ভৱ হৈছিল৷ এই প্ৰযুক্তিবিদ্যা প্ৰথম বিশ্বযুদ্ধৰ সময়ত (১৯১৪-১৯১৮) তেনেই চালুকীয়া অৱস্থাত আছিল৷ তথাপিও বহুত বিমানৰ নিৰ্মান হ’ল৷ তেনে বিমানৰ উৰিবৰ ক্ষমতা আজিৰ তুলনাত বৰ কম আছিল৷ ইউৰোপৰ এঠাইৰ পৰা আনঠাইলৈ এনে বিমানৰ চলাচল আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধত জয় লাভ কৰা দেশ সমূহৰ সংস্থা “লিগ অৱ নেচনে” ১৯১৯ চনত পেৰিছত এখন সন্মিলন পাতি এটা নতুন সংস্থাৰ জন্ম দিলে, নাম – International Commission for Air Navigation (ICAN). অসামৰিক বিমান পৰিবহনৰ নিয়ম নিৰ্ধাৰণ কৰিবলৈ জন্ম হোৱা এইটোৱেই প্ৰথম সংস্থা৷ সেই সময়ত মহাসাগৰ পাৰ হৈ বিমান যাত্ৰা কৰাটো বৰ সুলভ কথা নাছিল, সেয়ে এই সংস্থাটোৱে নিৰ্ধাৰণ কৰা নিয়ম-কানুনৰ চুক্তি পত্ৰত ১৯৪০ চনলৈকে মাত্ৰ ৩৩ খন দেশেহে স্বাক্ষৰ কৰিছিল৷  দ্বিতীয় মহাযুদ্ধৰ পিছত কিন্তু পৰিস্থিতিটো এনে হৈ নাথাকিল৷ সেয়ে, ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুছভেল্টৰ নেতৃত্বত চিকাগো চহৰত এখন সন্মিলনৰ আয়োজন কৰা হয়৷ এই সন্মিলনখনকে “চিকাগো কনভেচন” বুলি কোৱা হয়৷ তাতে ৫২খন দেশে স্বাক্ষৰ কৰি অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত প্ৰত্যেক দেশেই মানিব লগা নিয়ম-কানুনবোৰ ঠিক কৰি ল’বলৈ এটা সংস্থাৰ জন্ম দিলে – International Civil Aviation Organization বা ICAO ৷  সমগ্ৰ পৃথিৱীতে অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰণ কৰিবৰ বাবে এনে এটা সংস্থা থকাটো বৰ প্ৰয়োজন আছিল৷ ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ জন্ম হ’ল আৰু ”ICAO”-তাৰ এটা বিশেষ বিভাগ হিচাপে স্বীকৃত হ’ল৷ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ১৯৩ আৰু তাৰ ১৯১খন দেশেই এই সংস্থাটোৰ সদস্য৷ অৰ্থাৎ এই ১৯১খন দেশে উৰাজাহাজৰ ক্ষেত্ৰত মানিব লগা নিয়মকানুনবোৰ একে! এই সংস্থাটোৱে একক ভাৱে নিয়ন্ত্ৰন নকৰা হ’লে পৃথিৱী জুৰি এটা সুৰক্ষিত পৰিবহন সেৱা পোৱাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷

এতিয়া অসামৰিক বিমান পৰিবহন সেৱা এটা বৃহৎ উদ্যোগ৷ ২০০৯ চনত ‘অক্সফৰ্ড ইকনমিকছে’ আমাৰ দেশত কৰা এটা অধ্যয়নত পাইছিল যে বিমান পৰিবহন আৰু তাৰ লগত জড়িত বিভিন্ন উদ্যোগে আমাৰ দেশৰ জিডিপি (GDP) বৃদ্ধিলৈ ১.৫% বৰঙনি আগবঢ়ায়৷ অসামৰিক বিমান পৰিবহন সংস্থাইও বিমান পৰিবহনৰ অৰ্থনৈতিক প্ৰভাৱ সুক্ষ্মভাৱে হিচাপ কৰি উলিয়াইছে৷ তেওঁলোকৰ মতে অসামৰিক বিমান পৰিবহনত ১০০ ডলাৰ অতিৰিক্ত বিনিয়োগ কৰিলে সেই ঠাইলৈ ৩২৫ ডলাৰৰ প্ৰগতি কঢ়িয়াই আনে৷ সেইদৰে বিমান পৰিবহনত ১০০ জন লোকৰ নিয়োগ হোৱাৰ অৰ্থ সেই ঠাইত ৬১০ টা নতুন চাকৰিৰ সৃষ্টি হৈছে৷ এইবোৰ কাৰকৰ বাবেই অসামৰিক বিমান পৰিবহনক  এতিয়া অৰ্থনৈতিক প্ৰগতিৰ বাটকটীয়া (Economic Driver) বুলি কোৱা হয়৷ উল্লেখযোগ্য যে আমাৰ দেশত বিমান যাত্ৰীৰ বৃদ্ধিৰ হাৰ এতিয়া পৃথিৱীৰ ভিতৰতেই সৰ্বোচ্ছ৷ প্ৰতি বছৰে আমাৰ দেশত ২০ শতাংশতকৈও অধিক হাৰত বিমান যাত্ৰীৰ সংখ্যা বাঢ়িব লাগিছে৷ সমগ্ৰ পৃথিৱীত এই যাত্ৰী-বৃদ্ধিৰ গড়মাপ মাত্ৰ ৩.৮ শতাংশ৷ বিমান আৰু যাত্ৰীৰ অহা-যোৱাৰ পৰিসংখ্যাৰ হিচাপ ৰখা আইআটা (IATA-International Air Transport Association) নামৰ প্ৰতিষ্ঠানটোৱে ২০১৪ চনত ভৱিষৎবাণী কৰিছিল যে এই হাৰত ভাৰতবৰ্ষত বিমান যাত্ৰী বাঢ়ি গৈ থাকিলে ২০২০ চনত আমেৰিকা আৰু চীন দেশৰ পিছতে ভাৰত তৃতীয়খন বৃহৎ ৰাষ্ট্ৰ হ’ব৷ এই বিকাশৰ লগত সমতা ৰক্ষা কৰিবলৈ
কেন্দ্ৰীয় চৰকাৰেও যৎপৰোনাস্তি চেষ্টা কৰিছে৷ ২০১৬ চনত ভাৰত চৰকাৰে জাতীয় অসামৰিক বিমান পৰিবহন নীতি (National Civil Aviation Policy, 2016) গ্ৰহন কৰিছে৷ এই নীতিৰ মূল লক্ষ্য কম দামত বিমান যাত্ৰা সকলোৰে বাবে উপলব্ধ কৰা আৰু পৰিবহন উদ্যোগৰ বিকাশ ঘটোৱা৷

অৰ্থনৈতিক প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন ঠাইত বিমান চলাচলৰ সুবিধা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে উড়ান নামৰ এখন আচঁনিও গ্ৰহন কৰিছে৷ এই আঁচনিৰ লগত ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডকো জড়িত কৰিবৰ চেষ্টা কৰা হৈছে৷ আমাৰ দেশত দ্বিতীয় মহাযুদ্ধৰ সময়তে নিৰ্মান কৰা নামত ৪৪৯ টা বিমানকোঠ আছে৷ কিন্তু সচল হৈ থকা বিমানকোঠৰ সংখ্যা মাত্ৰ ১৩৮টা৷ কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহন বিভাগৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰি এই বিকাশত হাত উজান দিছে৷ কেৰালা, গোৱা, হাৰিয়ানা, মিজোৰাম, ছিকিম আদি সৰু ৰাজ্যসমূহেও এই কামত সক্ৰিয় হৈ পৰিছে৷ অন্ধ্ৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ৰাজ্যৰ ১৩খন জিলাত ১৩ টা বিমানকোঠ প্ৰতিষ্ঠা কৰি বিমান সেৱা সম্ভৱ কৰিবৰ বাবে “অন্ধ্ৰ প্ৰদেশ বিমানকোঠ বিকাশ নিগম” (Andhra Pradesh Airport Development Corporation Limited) গঠন কৰি লৈছে৷

চাহ আৰু তেলৰ পৰা অসম লাভাম্বিত হ’ব নোৱাৰিলে৷ তাৰপিছতো উত্তৰ-পূৱত পৰ্যটন উদ্যোগৰ যথেষ্ট সমল আছে বুলি ভবা যায় ৷ অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবেই উত্তৰ-পূৱত এটা নিৰ্ভৰযোগ্য অসামৰিক বিমান পৰিবহন ব্যৱস্থা থকা উচিত৷ তাৰোপৰি উত্তৰ-পূৱৰ লগত পূৱ-এচিয়াৰ দেশসমূহৰ বিমান পৰিবহনৰ সুচল ব্যৱস্থা হলে সমগ্ৰ অঞ্চলটোৰেই অৰ্থনৈতিক ৰূপ-ৰেখা সলনি হৈ যোৱাৰ সম্ভাৱনা আছে৷ আশা কৰা হৈছে, দেশত অভূতপূৰ্ব অসামৰিক পৰিবহন সেৱাৰ বিকাশ হৈ থকা সময়তেই আমাৰ ৰাজ্য চৰকাৰেও সক্ৰিয় ভাবে আগভাগ লৈ আমাৰ অঞ্চলত এই উদ্যোগৰ বিকাশ ঘটাব৷

No comments:

Post a Comment