Thursday, September 8, 2016

ভূপেনদালৈ শ্ৰদ্ধাৰ্ঘ্…..

আদাক দেখি উঠিল গা,
কেতুৰীয়ে বোলে মোকো খা৷

আজি ভূপেনদাক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰা দেখি মোৰো গা উঠিছে৷ তেখেতৰ কথা, তেখেতৰ সৃষ্টিসমূহ আৰু তেখেতৰ লগত থকা সম্পৰ্কৰ স্মৃতিৰে ফে’চবুক উখল-মাখল হৈ আছে৷ মোৰো মন গৈছে ভূপেনদাৰ কথা ক’বলৈ…..

আশীৰ দশকৰ আগভাগত যেতিয়া অনাতাঁৰ সেৱাই অসমৰ আকাশ বতাহ জিনি আছিল, শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণৰ সেই সময়তে, ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ১২ বজাৰ প্ৰচাৰিত হোৱা অনুৰোধৰ গীতৰ অনুষ্ঠান ‘সুৰৰ সাতসৰী’ আৰু ১২.৩০ বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ‘কল্পতৰু’ অনুষ্ঠানটি আছিল আমাৰ সবাতোকৈ প্ৰিয় অনুষ্ঠান৷ তেতিয়াই প্ৰথম প্ৰেমত পৰিছিলো ভূপেন হাজৰিকাৰ৷ মোৰ জন্মস্থানৰ ভৌগোলিক অৱস্থিতিয়ে আমাৰ অঞ্চলটোক দুয়োটা কেন্দ্ৰৰেই মাত পৰিষ্কাৰ কৈ শুনাৰ সুবিধা দিছিল৷ ইমান মন্ত্ৰমুগ্ধ হৈ শুনিছিলো যে চেতনাৰ গভীৰতম প্ৰদেশলৈ সেই অনুভূতি বহি গৈছিল৷ ছপা আখৰত তেখেতৰ গীত পঢ়িছিলো বহু পিছলৈ যেতিয়া দিলীপ দত্তৰ “ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ” নামৰ কিতাপখন প্ৰকাশ হৈছিল৷ নিজৰ ঘৰৰ ৰেডিঅ’ৰ কথাটো বাদেই ৰাষ্টাৰে গৈ থাকোতেও যদি কাৰোবাৰ ঘৰৰ পৰা ভূপেন হাজৰিকাৰ গীতৰ কলি ভাঁহি আহিছিল, মই ৰৈ গৈছিলো৷ আমাৰ অঞ্চলটোত আমি ঢুকি পোৱা লোকসকলৰ মাত্ৰ দুঘৰমানতহে তেতিয়া টেইপ ৰেকৰ্ডাৰ আছিল৷ তেনে লোকৰ ঘৰত সুবিধা পালেই চিৰি লুইতৰ পাৰত বিদ্যুৎ বিভাগৰ লাইটপোষ্ট এটাৰ কাষত গোৰ্খা টুপি পিন্ধি দিগন্তলৈ চাই থকা ভূপেন হাজৰিকাৰ ফটোখন কেছেট কভাৰটোত পিটিকি পিটিকি চাইছিলো৷ আহঃ, ঘৰতে যদি এটা টেইপ ৰেকৰ্ডাৰ থাকিলহেঁতেন! একমাত্ৰ ভূপেন হাজৰিকাৰ গান শুনিবলৈকে! কি মাত, কি কথা, কি উচ্চাৰণ – হৃদয়ৰ তলিলৈকে বহি যোৱা সংগীত!

১৯৮৩ চনৰ ২৭ ডিচেম্বৰৰ দিনা মই মাৰ লগত এখন চুক্তি কৰিলো৷ মই HSLC পৰীক্ষাত Maths-ত লেটাৰ সহ First Division পালে মায়ে টেপ ৰেকৰ্ডাৰ এটা দিব৷ মায়ে প্ৰত্যাহ্বান গ্ৰহন কৰিছিল – উপৰোক্ত কথাখিনি সত্যত পৰিণত হলে উপহাৰটি দিয়াত ৰাজী আছো৷ এই চুক্তিপত্ৰৰ সাক্ষী আছিল মোৰ ডাঙৰ ভাই মৃদুল –ওপৰৰ কথাখিনি সত্য হয়৷ মাজনী আৰু দুদু সৰু আছিল, সিহঁতৰ সাক্ষী দিব পৰাৰ বয়স তেতিয়া হোৱাই নাছিল! এই “মেগনা কাৰ্টা”-খন মোৰ হাতত এতিয়াও আছে, লগতে প্ৰকাশ কৰিছো৷এই চুক্তিৰ মূলতে আছিল ভূপেন হাজৰিকাৰ গীতৰ মন্ত্ৰ!

মই মোৰ কথা ৰাখিছিলো, তথাপিও কিন্তু চুক্তি অনুসৰি টেইপ ৰেকৰ্ডাৰটো পোৱাত পাঁচ বছৰমান পলম হৈছিল! মেট্ৰিক পৰীক্ষাৰ আগে আগে নিৰূপ ছাৰে তেখেতৰ ঘৰত কিছুদিন মোক অংক শিকাইছিল৷ কেতিয়াবা ছাৰৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিবলৈ লওঁতেই শুনো ভিতৰৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠ ভাঁহি আহিছে৷ লগত থকা পোনাক কওঁ, অলপ ৰৈ দে গানটো পুৰাকৈ শুনি লওঁ!

এসময়ত নিজৰ এটা টেইপ ৰেকৰ্ডাৰ হ’ল৷ ভূপেনদাৰ দুষ্পাপ্য গীতবোৰ আৰু কণ্ঠ সংগ্ৰহ কৰাত লাগিলো৷

তেখেতৰ বিভিন্ন মুহুৰ্তৰ ফটো প্ৰথম দেখা পাওঁ “শিল্পীৰ পৃথিৱী” নামৰ আলোচনীখনৰ পাতত – আশীৰ দশকৰ আগভাগতে৷ বেণী মাধৱে সম্পাদনা কৰা আলোচনীখনৰ সেই সংখ্যাটো ভূপেনদাৰ ওপৰত সমৰ্পিত আছিল আৰু তেখেতৰ জীৱন সংগ্ৰামৰ অনেক তথ্য তাত প্ৰকাশ হৈছিল৷ ১৯৮৫ চনৰ প্ৰথম ভাগত পদ্ম বৰকটকীৰ সম্পাদনাত “আজিৰ সময়” নামৰ এখন আলোচনী প্ৰকাশ হৈছিল৷ তাতে প্ৰথম সংখ্যাটোৰ পৰাই ভূপেনদাৰ নিজৰ কথা “সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ – মোৰ যৌৱনৰ স্বপ্ন আৰু পৌঢ়ত্বৰ উপলব্ধি” প্ৰকাশ হৈছিল৷

সেইসময়ৰ পৰাই একলব্যৰ দৰে তেখেতৰ লগত একাত্ম হোৱাৰ অনুশীলন আৰম্ভ হ’ল৷ অসম আন্দোলনৰ সময়ত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আদি ব্যক্তিসকলৰ ফটোকেইখন বৰকৈ ছপা হৈছিল আৰু প্ৰায় সকলো ঠাইতে বিক্ৰী কৰা হৈছিল৷ সেই সময়তে বেগ এটা কান্ধত ওলোমাই লৈ খোজ কাঢ়ি থকা ভংগীত ভূপেনদাৰ জনপ্ৰিয় ফটোখন প্ৰচাৰ হৈছিল৷ যাযাবৰ বুলি ক’লে যেনে এটা ধাৰনাৰ সৃষ্টি হয়, ফটোখনত তেনে এটা ভাব প্ৰকট হৈ আছিল৷

কৈশোৰতে অন্তৰৰ গভীৰত বহি লোৱা ভূপেনদা যেন লাহে লাহে তেজত মিহলি হ’বলৈ আৰম্ভ কৰিছিল৷ আপোনা আপুনি মনৰ মাজৰ পৰা ওলায় অহা গীতৰ কলিটো ভূপেন হাজৰিকাৰ৷ সুখ, দুখ, হৰ্ষ, বিষাদ – যিকোনো মুহুৰ্তৰ অনুভূতিকে প্ৰকাশ কৰিবলৈ তেখেতৰ কোনোবাটো নহয় কোনোবা গীতৰ কলি এটা মনৰ মাজত সদায়েই উকমুকাই থাকে৷ শ্বিলংৰে গধূলি, দিছাং মুখৰ মিছিং ডেকাটি, অসম সূৰ্য উঠা দেশ, বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা আদি ভাব আমাৰ চেতনাৰ অংশ হোৱা নাই জানো? ভূপেনদাৰ কথাছবি এক পল, ডৰমিয়া, ৰুদালী আদিৰ পিছত অসমৰ বাহিৰত মোৰ পৰিচয় আছিল – ভূপেন হাজৰিকাৰ দেচৰ মানূহ! সঁচা কথা!

সাগৰত থাকে শংখ,
নেগুৰীয়া শামুকে বোলে মইও তাৰে বংশ
সম্বন্ধ বিচাৰি গ’লে মুকুটাও হয় ভনী
দূৰণিত থকা গুণে হ’ব পাৰে পাহৰণি৷

নাই, নাই ভূপেন হাজৰিকাৰ লগত ঘনিষ্ঠ হৈছিলো বুলি মই দাবী কৰিব খোজা নাই৷ ২০০১ চনত তিনিদিনৰ বাবে তেখেতক লগ পাইছিলো৷ সেইয়াই প্ৰথম আৰু সেইয়াই শেষ৷ মই তেতিয়া গোৱা এয়াৰপৰ্টত চাকৰি কৰি আছিলো৷ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ তেখেত পানাজীত অনুষ্ঠিত হোৱা অনুষ্ঠান এটাত অংশ গ্ৰহন কৰিবলৈ গৈছিল৷ ভূপেনদাক লগ পোৱা সকলো মানুহেই জানে – তেখেতে ক্ষন্তেকতে মানুহক আপোন কৰি ল’ব পাৰে৷ মোৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল৷ অন্তৰ খুলি তেখেতৰ লগত কথা পতাৰ সুযোগ পাইছিলো৷ আৰু আমোদজনক কথা সেই কেইদিনতে তেখেতৰ কেইবাটাও গুণ আৰু শিল্পীৰ খেয়ালী স্বভাৱৰ উমান পাইছিলো৷

মোৰ পত্নীলৈ চাই ভূপেনদাই সুধিলে – তোমালোকক মোৰ ফটো এখন লাগিব নেকি? – আঁহা৷ আমি ওচৰ চাপি গ’লো৷ তেখেত মাজতে – আমি দুটা দুয়োফালে৷ কান্ধত তেখেতৰ হাত! ফটোখন উঠোৱাৰ পিছতে ক’লে – মোলৈ ফটো পঠিয়াই দিবা দেই! অবিশ্বাস্য, কিন্তু সত্য৷ দাদা চাহেব ফাল্কে বঁটা বিজয়ী, সংগীত নাটক একেডেমীৰ অধ্যক্ষ, সংগীত সূৰ্য, সুধা কণ্ঠ ভূপেনদা এইয়া৷ সেই ফটোখন মোৰ আৰু মোৰ পৰিয়ালৰ অনেকৰ ঘৰৰ দেৱালত এতিয়াও ওলমি আছে – মোৰ জীৱনৰ এক অমূল্য সম্পদ হৈ৷

ফণী শৰ্মাৰ আত্মজীৱনী “ৰং-বিৰং”ত এষাৰ কথা আছে- অসমৰ আইনাম, বিয়ানাম, বনগীত, ওজাপালি ইত্যাদিৰ লগত অসমৰ পৰ্বত পাহাৰত সিচঁৰিত হৈ থকা সুৰবোৰ বুটলি আনি সুৰকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এনে এটা অভিনৱ সুৰ অসমীয়া গীতত তাহানিয়েই দিলে, যি গীতবোৰ জোঁত নলগাকৈ গাব পৰা গায়ক অসমত মাত্ৰ তিনিজন আছে- বিষ্ণুৰাভা, ভূপেন হাজৰিকা  আৰু কমলা প্ৰসাদ আগৰৱালা৷ এই তিনিজন হেৰাই যোৱাৰ আগতেই যদি সেই সুৰবোৰ যুগমীয়া কৰি ধৰি ৰখাৰ ব্যৱস্থা কৰা নহয়, তেন্তে ভৱিষ্যতে এই আপুৰুগীয়া গীতৰ সুৰবোৰ যে এদিন অসমীয়া গায়কৰ কণ্ঠত “লাৰে-লাপ্পা” সুৰ হৈ ওলাব সি ধুৰুপ৷ এই কথাখিনি মই ১৯৮৫ চনৰ ‘আজিৰ সময়’ৰ আগষ্ট মাহৰ সংখ্যাটোত প্ৰকাশ কৰিছিলো৷ ১৯৯৯ চনৰ ১ জুন সংখ্যাৰ প্ৰান্তিকত তেখেতে সম্পাদনা কৰা ‘বিন্দু’ নামৰ অনু আলোচনীখন ওপৰত মই এটা প্ৰৱন্ধ লিখিছিলো৷ সেইখিনি তেখেতক চাবলৈ দি মই ক’লো, মোৰ এই বন্ধুজনে আপোনাৰ লগত মোৰ ফটো এখন উঠাব৷ – ৰ’বা, ৰ’বা, এনেকৈ নহয়, মই এই কাগজখিনি চাই থাকো, তুমিও চাই থকাৰ দৰে কৰা, মানে আমি কৰ্মৰত অৱস্থাত! তাৰপিছত কেমেৰা লৈ থকা বন্ধুলৈ চাই ক’লে- উঠোৱা!

বিমানত উঠাৰ আগতে মোক আলিংগণ কৰি কৈছিল - এইবাৰ তোমাৰ ঘৰত মাছৰ টেঙা খাবলৈ থাকি গ’ল৷ আকৌ আহিম, তেতিয়া খাম৷

সেই দিন আৰু নাহিল৷ ভূপেনদা গ’লগৈ, গ’ল যি গ’লেই৷ কিন্তু তেখেতৰ দৰদী কণ্ঠ আৰু অমৃতময় সংগীত এৰি থৈ গৈছে মোৰ দৰে হাজাৰ জনৰ চেতনাত৷ ভূপেনদাই নিজেই কৈছিল –
ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি, য’ত জ্যোতিয়ে নিতৌ নাচে
তাত কণ্ঠেৰে মোৰ দিম অঞ্জলি, সুৰে মোৰ সপোন কাচে…..
ভূপেনদালৈ শ্ৰদ্ধাৰ্ঘ… 


7 comments:

  1. বৰুৱা, আপোনাৰ অনুভৱ বোৰে মোক আপ্লুত কৰি তোলে ।। সচাকৈ অতুলনীয়।।

    ReplyDelete
  2. বৰুৱা, আপোনাৰ অনুভৱ বোৰে মোক আপ্লুত কৰি তোলে ।। সচাকৈ অতুলনীয়।।

    ReplyDelete
  3. দেউতাৰ নামটো কওঁতে যে কৈছিল " অ' হেম বৰুৱা ? মই চিনি পাওঁ তেওঁক !!" 😁

    ReplyDelete
  4. বহুত সুন্দৰ স্মৃতি।

    ReplyDelete