Sunday, February 9, 2025

চিন্তাশক্তিঃ সফলতাৰ সঁচাৰকাঠি


 

চিন্তাশক্তিঃ সফলতাৰ সঁচাৰকাঠি

 

মানৱ সমাজক প্ৰকৃতাৰ্থতে নেতৃত্ব দিব পৰা ব্যক্তিসকলৰ প্ৰায় সকলোৱেই আছিল সঁচা অৰ্থত চিন্তাশীল ব্যক্তি। গান্ধী, মেণ্ডেলা, লিংকন, মাৰ্টিন লুথাৰ কিং আদি নেতাৰ নাম ল’ব পাৰি। আমাৰ দিনত পাঠ্যপুথিৰ পাতত এটা বাক্য সঘনে চকুত পৰাকৈ ছপা কৰি দিয়া হৈছিল Read less; think more অৰ্থাৎ কম অধ্যয়ন কৰি বেছি চিন্তা কৰিবলৈ শিকা। ঢৌতে খৰ মাৰি শিকা বিদ্যা বেছিদিনলৈ মনত নাথাকে। দীৰ্ঘসময়ৰ বাবে স্মৃতিত সাঁচি ৰাখিবৰ বাবে বিষয়টো দকৈ চিন্তা কৰিবই লাগিব। এবাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে প্ৰান্তিকৰ শেষ পৃষ্ঠাত ঘৰত থকা সৰু সৰু নামঘৰৰ কথা লিখিছিল আৰু শেষত কৈছিল, - আধ্যাত্মিক উপাসনাৰ কথাটো একাষৰীয়া কৰি থৈও দিনটোত নিৰিবিলিকৈ চিন্তা কৰিব বাবেই ঘৰবোৰত কোনেও আমনি কৰিব নোৱাৰা নামঘৰৰ চুক এটা লাগে! আটাইকেইটা শব্দ মনত পৰা নাই, কিন্তু মূল ভাবটো এনেকুৱাই আছিল। তেখেতে দ-কৈ চিন্তা কৰিব পৰা শক্তিৰ ওপৰত গুৰুত্ব দিছিল। সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেখেতে মোক ব্যক্তিগতভাবে এবাৰ কৈছিল,- “সাহিত্য সৃষ্টি চৌপাশে অহৰহ হৈয়েই আছে, কিন্তু গভীৰ ভাবে চিন্তা কৰি মগজ খটুৱাই লিখা সাহিত্যহে সময়ৰ সোঁতত ৰৈ যায়!” চিন্তাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দি কোৱা কথা। এতিয়া একধৰণৰ অধ্যয়নে গৱেষণা কৰি পাইছে যে ভবিষ্যত সমাজৰ নেতৃত্ব চিন্তাশীল ব্যক্তিৰ হাতলৈহে যাব।

চিন্তাশক্তি হৈছে বুদ্ধিমত্তা, আকাংক্ষা আৰু কঠোৰ পৰিশ্ৰমৰ সমাহাৰ। কিন্ত সফলতাৰ বাবে কৰা সংগ্ৰামত সাধাৰণতে চিন্তাশক্তিৰ  ওপৰত গুৰুত্ব প্ৰদান কৰা নহয়। চিন্তাশীল হোৱাৰ অৰ্থ হৈছে নিজৰ কাৰ্য্যৰ পৰিণতিৰ বিষয়ে বিবেচনা কৰা (দূৰদৰ্শিতা), নিজৰ প্ৰজ্ঞাৰ ওপৰত আধাৰ কৰি সিদ্ধান্ত লোৱা আৰু আনৰ প্ৰতি সহানুভূতিশীল ভাৱ পোষণ কৰা। চিন্তা কৰিব পৰা গুণে মানুহক নেতৃত্বৰ বাবে উপযুক্ত কৰি তোলে, আনৰ লগত সু-সম্পৰ্ক স্থাপন কৰাত সফল কৰি তুলিব পাৰে আৰু সমস্যাৰ শ্ৰেষ্ঠতম সমাধান কৰিব পৰা ক্ষমতাৰ যোগ্য কৰি তোলে। নিজৰ কাৰ্যই নিজকে বা আনক ভৱিষ্যতে কেনেদৰে প্ৰভাৱিত কৰিব সেই বিষয়ে বিবেচনা কৰিব পৰা ক্ষমতা বহুতৰে নাথাকে। ইয়াৰ প্ৰধান কাৰণ দ-কৈ চিন্তা কৰিব পৰা ক্ষমতাৰ অভাৱ। চিন্তাশীললোকেহে আত্মসচেতনতা, ধৈৰ্য্য আৰু আবেগিক বুদ্ধিমত্তা প্ৰদৰ্শন কৰিব পাৰে। প্ৰত্যাহ্বান বা সুযোগৰ প্ৰতি তেওঁলোক আবেগিক নহয়।

চিন্তাশীল অভ্যাসে শৈক্ষিক দিশত সফলতাৰ বাট প্ৰশস্ত কৰে। এজন চিন্তাশীল ছাত্ৰৰ ভূত-ভৱিষ্যত চিন্তা কৰিব পৰাৰ ক্ষমতা থাকে। সম্ভাৱ্য বাধাসমূহৰ বিষয়ে তেওঁলোকে আগতেই অনুমান কৰিব পাৰে আৰু সেই অনুসৰি প্ৰস্তুতি চলায়। সতৰ্কভাৱে কৰা চিন্তা আৰু চিন্তাশীলতাই আনি দিয়া সহানুভূতিশীল গুণে তেওঁলোকক আন ছাত্ৰ-ছাত্ৰীৰ পৰা পৃথক কৰি তোলে। ভাল ফলাফল দেখুৱাব পৰা ছাত্ৰ-ছাত্ৰীসকল কেৱল বুদ্ধিমান আৰু কঠোৰ পৰিশ্ৰমীয়েই নহয়; তেওঁলোক গভীৰভাৱে চিন্তাশীলও। এজন চিন্তাশীল ছাত্ৰই তেওঁৰ অধ্যয়নৰ সময়সূচী নিখূঁতভাবে পৰিকল্পনা কৰিব পাৰে। তেনে ছাত্ৰই কেৱল তথ্য মুখস্থ কৰাতকৈ ধাৰণাবোৰ ভালদৰে বুজি ল’বলৈ সময় উলিয়াই আৰু চিন্তা কৰে। তেওঁলোকে প্ৰশ্ন কৰিলৈ শিকে, আলোচনাত লিপ্ত হয় আৰু জ্ঞান বৃদ্ধিৰ বাবে বিজ্ঞজনৰ মতামত বিচাৰে।

চিন্তাশক্তিৰ সফলতা কেৱল শৈক্ষিক কৃতিত্বতে সামৰি থ’ব নোৱাৰি; ব্যক্তিগত সম্পৰ্কলৈও বিস্তৃত হৈ পৰে। চিন্তাশক্তিয়ে মানুহক স্পৰ্শকাতৰ (Sensitive) কৰে। স্পৰ্শকাতৰতাই মানুহক আনৰ প্ৰতি সংবেদশীল কৰি তোলে। বৰ্তমান সময়ত “কাষ্টমাৰ কেয়াৰ” বুলি সততে কোৱা পেছাটোত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা উপাদানটোৱেই হৈছে Empathy বা আগন্তুকে কি অনুভৱ কৰিছে সেইটো উপলব্ধি কৰিব পৰা শক্তি। তৰল চিন্তাই এই শক্তি উৎপাদন কৰিব নোৱাৰে। কাষ্টমাৰ ৰিলেচন অৰ্থাৎ পাৰস্পৰিক সংযোগ বা শক্তিশালী বন্ধন গঢ়ি তোলা আৰু সেই সম্পৰ্ক দীৰ্ঘম্যাদী কৰি ৰখাত চিন্তাশক্তিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুত্বতেই হওক, পৰিয়ালৰ সদস্যৰ লগত থকা সম্পৰ্কই হওক বা মেণ্টৰশ্বিপতেই হওক, আনৰ অনুভৱ আৰু দৃষ্টিভংগী বিবেচনা কৰিব জানিলে আনৰ বিশ্বাস আৰু সন্মান পাব পাৰি, সম্পৰ্ক দীৰ্ঘম্যাদী হয়। উদাহৰণস্বৰূপে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সমনীয়াৰ প্ৰত্যাহ্বানৰ প্ৰতি সততে সচেতন হয়, তেওঁলোকে প্ৰয়োজনৰ সময়ত সমনীয়াসকলেও সহায় আগবঢ়ায়, তেনে ছাত্ৰ-ছাত্ৰী সহজেই আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰে। দৈনন্দিন জীৱনযাত্ৰাত চিন্তাশীল হোৱাৰ অৰ্থ বিভিন্ন মতামতক সন্মান কৰা, অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থকা, নিজৰ চৌপাশে ইতিবাচক আৰু সৰ্বাংগীন পৰিৱেশৰ সৃষ্টি কৰা।

 

আধুনিক যুগত মোবাইল ফোন মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। যদিও এই সাধনে বহুতো সুবিধা প্ৰদান কৰে, ইয়াৰ অপব্যৱহাৰে সৃজনশীলতা হ্ৰাস কৰাৰ লগতে চিন্তাশক্তি তৰল কৰাত প্ৰচুৰ অৱদান যোগায়। সফলতা লাভৰ বাবে মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। দিনটোত কিমান সময় আমাৰ চকু আৰু চিন্তা মোবাইলফোনৰ পৰ্দাত আৱদ্ধ হৈ আছে সেইটোৰ প্ৰতি সচেতন হৈ থকাটো বাঞ্চনীয়। মন আৰু চকুৰ ব্যৱহাৰ সংকুচিত হৈ অহাৰ অভ্যাসেই এসময়ত জন্ম দিয়ে গভীৰকৈ চিন্তা কৰিব নোৱাৰা অভ্যাসৰ। মোবাইলত পোৱাৰ দৰেই মনটোৱে বাস্তৱতো তাৎক্ষণিকভাবে ফলাফল আশা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলাফল বহুক্ষেত্ৰতে বিষময় হোৱা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামূলক এপ্লিকেচন, অনলাইন পাঠ্যক্ৰম, আৰু গৱেষণাৰ বাবে মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিবই লাগিব কিন্তু তাৰ ভিতৰতে বৰ্জন কৰিব পৰা সময়খিনি চিনাক্ত কৰি ল’বও পাৰিব লাগিব। অত্যধিক চিয়েল মিডিয়াৰ ব্যৱহাৰ এনে এক উদাহৰণ। এই ক্ষেত্ৰত এক সুষম সন্তুলন বজাই নাৰাখিলে এটা সময়ত চিন্তা কৰিব পৰা শক্তি অতি তৰল হৈ যোৱাৰ সম্ভাৱনা থাকে,ইয়েই সু-সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰে।

চিন্তাশক্তি গভীৰ কৰিবৰ বাবে সততে এই পৰামৰ্শসমূহ আগবঢ়োৱা হয়।

১) সক্ৰিয় হৈ আনৰ কথা শুনাৰ অভ্যাস বৃদ্ধি কৰা। আনৰ কথাত বাধা বা বিচাৰ নকৰাকৈ অখণ্ড মনোযোগ দিয়াৰ অভ্যাস কৰা। ইয়াৰ দ্বাৰা আনৰ মনত থকা বিভিন্ন দৃষ্টিভংগী বুজি পোৱা যায় আৰু সঠিক সিদ্ধান্ত লোৱাতসহায় কৰে।

) কাম এটা কৰাৰ আগতে কিছু চিন্তা কৰাৰ অভাস কৰা। আবেগিকভাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিবা কৈ দিয়া বা কৰি দিয়াৰ পৰিৱৰ্তে কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতি আৰু সম্ভাৱ্য ফলাফলৰ কথা বিশ্লেষণ কৰিবলৈ মনটোক প্ৰস্তুত কৰাৰ অভ্যাস কৰা।

৩) আনৰ প্ৰতি সংবেদনশীল লৈ প্ৰয়োজনসাপেক্ষে সহানুভূতি প্ৰদৰ্শন কৰা। আনৰ অনুভৱ আৰু অভিজ্ঞতা বিবেচনা কৰিবলৈ শিকা। ইয়াৰ ফলত সম্পৰ্ক শক্তিশালী হোৱাই নহয়, সংঘাতো প্ৰশমিত হয়।

) দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ অভ্যাস কৰা। চিন্তাশীললোকে তৎক্ষণাত সন্তুষ্টি বিচৰাতকৈ ভবিষ্যতৰ সামগ্ৰিক ফলাফলৰ ছবিখন বিবেচনা কৰে আৰু উচিত দিশৰ সন্ধান পায়।

) অভিজ্ঞতাৰ আধাৰত চিন্তা কৰিবলৈ শিকা। অতীতৰ অভিজ্ঞতা আৰু ভুলৰ পৰা শিকিব পৰাটো চিন্তাশক্তিৰ এক গুৰুত্বপূৰ্ণ অংশ। নিয়মিত আত্মচিন্তাত কিছুসময় নিমগ্ন হ’লে সময়ৰ লগে লগে এই শক্তিৰ বৃদ্ধি হৈ গৈ থাকে।

তাত্বিক ভাবে শিকি থোৱাৰ সলনি সচেতন হৈ ব্যৱহাৰিক দিশত নিৰৱিচ্ছিন্ন ভাবে এনে অভ্যাস অনুশীলন কৰি থাকিলে এদিন ইয়াৰ ফল পোৱাটো ধুৰুপ।