Friday, November 17, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৩)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৩)

পেহা এবাৰ চিকাৰলৈ গৈছিল৷ লগত লৈ গৈছিল বালিচাঙৰ মখনা বসুমতাৰীক – গাইড্‌ হিচাপে৷

অসম-অৰুণাচলৰ সীমান্তত থকা গভীৰ অৰণ্য৷ দফলাও সতকাই ইয়াৰ ভিতৰলৈ নাহে৷ বনৰীয়া হাতী জাক পাতি পাতি হাবিৰ মাজত ঘুৰি ফুৰে৷ কোনো কোনো ঠাইত বনৰজাৰো চলাচল হয় বুলি লোকে কয়৷ বান্দৰ, শিয়াল ফেউৰাৰতো সীমা সংখ্যা নাই! হাবিৰ মাজত পূৱফালে এটা পুখুৰী আছে, তাৰ পাৰতে কিছু মুকলি ঠাই, তালৈকে হেনো পুৱতী নিশা হৰিণাৰ জাক চৰিবলৈ আহে৷ পেহাৰ লক্ষ্যস্থানো আজি সেই অঞ্চলেই!

শুক্ল পক্ষ৷ বাহিৰত ফৰিংফুটা জোনাক যদিও হাবিৰ মাজৰ লুংলুঙীয়া বাটতো গছ-লতাই ঘেৰি ধৰি ঘোপ মৰা আন্ধাৰ কৰি ৰাখিছে৷ জিলি, ফৰিং, ফেঁচা, বাদুলি, বিবিধ সৰীসৃপ আৰু বনৰীয়া প্ৰানীৰ বিচিত্ৰ মাত আৰু শব্দত ৰাতিটো জয়াল হৈ আছে৷ মাজে মাজে শিয়াল এজাকে দূৰত ৰৈ ৰৈ হোৱা দিছে৷ হাবিৰ মাজত কিবা এটা হঠাতে দৌৰি যোৱাৰ দৰে শব্দ হয়, তাৰ পাছত ক’ত জানো জপঙকৈ কিবা এটা পৰাৰ শব্দ হয় ৷ ওখ  ওখ গছবোৰৰ মুধছ ভেদি সৰকি অহা পোহৰকে সাৰথি কৰি দুয়ো খুপি খুপি গৈ এসময়ত পুখুৰীটোৰ পাৰ পালেগৈ আৰু জোপোহা এটাৰ আঁৰত চিকাৰলৈ অপেক্ষা কৰি থাকিল৷ তেতিয়া মাজ ৰাতি পাৰ হও হও৷

পেহাৰ পিঠিত এটা দুনলীয়া বন্দুক, হাতত এদাল ৰাইদাঙৰ মজবুত লাঠি৷ বসুমতাৰীৰ হাতত এখন বাইছ ইঞ্চি দীঘল নেপালী খুকুৰী, যিখনত জোনাকৰ পোহৰ পৰি মাজে মাজে চিকমিকাই উঠিছে ৷ জোন আহি তালুৰ ওপৰেদি পাৰ হৈ সিপাৰ পালেগৈ৷ ওখ ওখ গছৰ পৰা নিয়ৰৰ টোপালবিলাক তললৈ পৰিবলৈ আৰম্ভ কৰিছে৷ শব্দতে গম পায় কেনেকুৱা স্বাস্থ্যৰ কিমান ওপৰৰ পৰা পৰা টোপাল!  ঠিক তেনেতে দেখা গ’ল এদল হৰিণা হাবিৰ মাজৰ পৰা পুখুৰী পাৰৰ মুকলি ঠাইখিনিলৈ ওলাই আহিছে, নাই কমেও দুকুৰী হব৷ মোহনীয় দৃশ্য৷

দুটা নলী থকা পুৰণি বন্দুক, যথেষ্ট ওজন ৷ পেহা সাজু হ’ল৷ গছৰ ফেৰেঙনি এটাত বন্দুকৰটোৰ আগটো লগাই লৈ পেহাই মজলীয়া চেহেৰাৰ হৰিণা এটাত নিচান বান্ধিলে – ডাঙৰো নহয়, সৰুও নহয় তেনে ধৰণৰ চেহেৰা, দুটা মানুহে সহজে কঢ়িয়াই নিব পৰা আকাৰৰ ! তাৰ পাছত – গুৰুম্‌!

তামোলৰ পিক পেলাবলৈ পেহা বহাৰ পৰা উঠি গ’ল৷

-  তাৰ পাছত, তাৰ পাছত ? আমি পৰম উৎকন্ঠাৰে সুধিলো৷
-  তাৰ পাছত আৰু কি হ’ব! গুৰুম্‌ শব্দটোৰ লগে লগে হাতৰ বন্দুক কৰ্ফাল খাই উফৰি পৰিলগৈ! থেলা খাই মই পৰিলো এফালে, মখাই পৰিল সিফালে !
- কিয়, কেনেকৈ ?

পেহাই গছৰ ফেৰেঙনি বুলি ভাবি য’ত বন্দুকটো লগাই লৈছিল সেইটো আছিল আচলতে ৰৈ থকা হৰিণা এটাৰ শিঙ! বন্দুকৰ শব্দত উচপ খাই হঠাতে পহুটোৱে জাপ মাৰি দিলে!

(“জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

  

No comments:

Post a Comment