Friday, November 10, 2017

সেইয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা


সেইয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
দিনটো আছিল ১৯৮৫ চনৰ আগষ্ট মাহৰ ২৮ তাৰিখ৷ ৰিক্সা এখনৰ পৰা নামি কটন কলেজৰ থাৰ্ড মেছৰ গেইটখনেদি ভয়ে ভয়ে মই আবাসটোলৈ সোমাই গৈছিলো ; আৰু লগে লগেই আৰম্ভ হৈছিল জীৱনৰ এক নতুন অধ্যায়ৰ৷ মোৰ জীৱনৰ প্ৰথম ৰূমমেট্‌, মাত্ৰ এদিন আগতে হোষ্টেললৈ অহা কুঞ্জমোহনে সন্ধ্যা সময়ত পৰম আন্তৰিকতাৰে মোক ক’লে – পিচত সময় নাপাবও পাৰা, চিঠিখন এতিয়াই লিখি লোৱা ৷ মইযে গুৱাহাটীৰ পৰা ২৫০ কিঃমিঃ দূৰৰ গাওঁখনৰ পৰা আহি ভালে ভালে গুৱাহাটী পালোঁহি খবৰটো দেউতা-মাক জনাবৰ বাবে এতিয়াই চিঠি এখন ঘৰলৈ লিখি থোৱাটো আৱশ্যক ৷ এদিনীয়া অভিজ্ঞতাৰে কুঞ্জমোহন শংকিত হৈছিল পাছত বা কাক কোনে ক’লৈ মাতি লৈ যায়! কালিলৈ পুৱাই ডাকত দিলেহে হয়তো খবৰটো এসপ্তাহমানৰ পাছত দেউতা-মায়ে পাবগৈ৷ এতিয়াৰ দিনৰ মাক-দেউতাকে বিশ্বৰ যিকোনো প্ৰান্ততে নাথাকক কিয় নিজৰ সন্তানৰ মঙ্গলৰ খবৰ পাবলৈ এসপ্তাহ বাট চাই থাকিব লগা হোৱাটো কল্পনাতীত কথা ৷ মনত পৰে দীঘলীয়া বন্ধৰ পাছত যিদিনা কলেজ খুলিছিল, সেইদিনা সন্ধ্যা সময়ত প্ৰত্যেকটো কোঠাৰে টেবুল লাইটৰ পোহৰত টেবুলত মুৰ গুজি আবাসীসকলক ঘৰলৈ চিঠি লিখি থকা দেখা পোৱা গৈছিল৷ সেই সময়ত হঠাতে যদি কোনোবা কোঠালৈ সোমায় আহিছিল, তেওঁ হয়তো অকনমান এঠা বিচাৰি, নতুবা পয়ত্ৰিছ পইছাৰ এটা ডাক টিকট বিচাৰি আহিছিল৷ এতিয়া আমাৰ লৰাহ’তে ডাক টিকট ব্যৱহাৰ কৰাটো দূৰৰ কথা চিনি পাবনে নাই সন্দেহ আছে৷ অথচ দেউতাই সযতনে ৰখা টিনৰ বাকচ এটাত দেউতাই ছাত্ৰ অৱস্থাতে নিজে লিখা আৰু পোৱা অনেক চিঠি মই দেখিছিলোও, পঢ়িছিলোও! আচৰিত লাগে, সুধিবৰ মন যায়, ১৯৮৫ চনৰ আগষ্ট মাহলৈকে দিনবোৰৰ পৰিৱৰ্ত্তন ইমান মন্থৰ আছিলনে?
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
গাওঁৰ লৰা নগৰত আহি কৰবাত বাট ভুল কৰোঁ বুলি হোষ্টেলটোৰ কাষতে থকা ডাক আৰু তাঁৰ বিভাগৰ ওখ খুটাটোৰ (P&T Tower) চিন ৰাখিছিলো৷ সেইটো মই থকা অঞ্চলটোৰ যিকোনো ঠাইৰে পৰা দেখা পোৱা গৈছিল৷ ডাক-তাঁৰ বিভাগৰ গাতে লাগি থাকিও কিন্তু তেতিয়ালৈকে টেলিফোনত কথা পতাৰ সৌভাগ্য হোৱা নাছিল৷ এই অফিচটোৰ তলতে অভিযোগ লবলৈ ৰখা টেলিফোন এটাত মই জীৱনত প্ৰথম বাৰৰ বাবে ফোনত কথা পাতিছিলো – কমাৰ্চ কলেজত কাম কৰা আমাৰ মামাৰ লগত ৷ চেপ্তেম্বৰ মাহৰ ৩০ তাৰিখ আছিল দিনটো৷ তাৰ কিছুদিনৰ পাছতে এজন ঘনিষ্ঠ আবাসী বন্ধুৱে এদিন আনে নুশুনাকৈ মোক কৈছিল - ব’লচোন, আকৌ যাওঁ, তই মামাৱৰলৈ ফোন কৰ, মইও অকনমান মাতটো শুনিম! এতিয়া এনেকুৱা অভিজ্ঞতা কোনোবাই বিশ্বাস কৰিবনে?
সেই সময়ত ৰাছিয়াৰ পৰা এটা দল আহি আমাৰ দেশৰ বিভিন্ন ঠাইত তেওঁলোকৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিছিলহি৷ আমাৰ বয়সৰে ৰাছিয়াৰ ল’ৰা-ছোৱালীহঁতে চমকপ্ৰদ খেল-ধেমালি দেখুৱাইছিল আৰু সেই অনুষ্ঠানটো দূৰদৰ্শনৰ কলা-বগা পৰ্দাত চাবলৈ আমি ‘মায়া-কেবিন’ নামৰ চাহ-মিঠাইৰ দোকানখনৰ পিছফালে বাস কৰা এটা বাঙালী পৰিয়ালটোৰ ঘৰত সদায় গোট খাইছিলোগৈ৷ মাজ নিশালৈকে তেখেতসকলৰ ঘৰত আমি টেলিভিছন চাইছিলো৷ ক্ৰিকেট খেল চাবলৈও তেনে কৰিছিলোঁ৷ আমি হোষ্টেল এৰালৈকে কটন কলেজৰ আনন্দৰাম বৰুৱা ছাত্ৰাবাসত টেলিভিছনৰ ব্যৱস্থা হোৱা নাছিল৷
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
টি-ভি, টেলিফোন, মোবাইল, কম্পিউটাৰ নাছিল বাবেই নেকি নাজানো আবাসীসকলৰ পৰস্পৰৰ মাজত গভীৰ আন্তৰিকতা গঢ়ি উঠিছিল ৷ হয়নে আজিকালি তেনেকুৱা ? জয়ন্ত মান্তা, ধীমান তালুকদাৰ, অমৰেন্দ্ৰ কলিতা, ৰথীন্দ্ৰনাথ গোস্বামী, অতনু ভট্টাচাৰ্য আদি জেষ্ঠ্য আবাসীসকলৰ সাহিত্যৰ প্ৰতি প্ৰৱল আকৰ্ষণ আছিল আৰু পাছলৈ প্ৰায় আটায়েই সেই ক্ষেত্ৰত প্ৰতিষ্ঠিত হব পাৰিছিল৷ অতনুদাৰ কোঠাৰ এখন দেৱাল অকল হীৰুদাৰ কবিতাৰ শাৰীৰেই ভৰি আছিল ৷ ৰথীনদা সঁফুৰা-মৌচাকৰ পাততে চিনাকি হোৱা পৰিচিত আছিল আৰু তেখেতক সদায় ব্যস্ত হৈ থকা দেখা গৈছিল৷ তেখেতসকলৰ উদ্যোগতে আমাৰ আবাসৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰতিধ্বনি’-য়ে আন্তঃআবাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিল৷ কোঠা-বন্ধু গদাদা, কমলদাহ’তে জেষ্ঠ্য ভাতৃৰ দৰে মৰম কৰিছিল৷ এনেকুৱা সম্পৰ্ক আৰু পৰিৱেশে একেবাৰে তলিৰ পৰাও সুপ্ত হৈ থকা প্ৰতিভাক আঁজুৰি বাহিৰ কৰি আনিব পাৰিছিল৷ ভূপেন হাজৰিকাৰ গীত গোৱা বিমানদা এবাৰ জিলা পুঠিভড়ালত ড˚ ভূপেন হাজৰিকাৰ অনুষ্ঠান এটা চাই আহি শোকত বিমৰ্ষ হৈ বিচনাত শুই পৰিছিলহি৷ বিমানদাৰ অনুভৱ হৈছিল ভূপেন হাজৰিকা যেন ক্ৰমশঃ বৃদ্ধ হৈ আহিছে ৷ কথাটো তেখেতে সহ্য কৰিব পৰা নাছিল৷ ভূপেনদাৰ জংলী জংলী মোক দুনীয়াই কয়... গীতটো মই প্ৰথম এইজন বিমানদাৰ কন্ঠতে শুনিছিলো৷ মোৰ কোঠাৰ দেৱালৰ সিপাৰে থকা ব্ৰহ্মদাই ভূপেন হাজৰিকাৰ চহীটো হুবহু নকল কৰিব পাৰিছিল৷ এয়া ১৯৮৬ চনৰ শীতকালৰ কথা৷
হোষ্টেলৰ প্ৰত্যেকজন আবাসীয়েই যেন আছিল আজন্ম চিনাকি, পৰম আত্মীয়৷ আবাসী জীৱনটোৰ সেই সময়খিনিয়েই জীৱনটোক যেন দুটা ভাগত ভাগ কৰিলে – আগৰখিনি সময় অতীত আৰু ইতিহাস, পাছৰখিনি বৰ্তমান আৰু বাস্তৱ ৷
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
(এই কথাখিনি কটন কলেজৰ শতবাৰ্ষিকী উপলক্ষ্যে আনন্দৰাম বৰুৱা ছাত্ৰাবাসৰ স্মৃতিগ্ৰন্থ প্ৰতিধ্বনিৰ বাবে ২০১২ চনত লিখা হৈছিল – লেখক)

No comments:

Post a Comment