Sunday, November 26, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৪)

 জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৪)

গেৰেলাচুক গাওঁত ভাওনা কৰি পেহা ঘৰলৈ উভতিবলৈ ওলাইছে৷

সচৰাচৰ হোৱাৰ দৰে নামঘৰৰ মজিয়াত পতা ভাওনা নহয়, ৰসাই বায়নৰ এঘাৰ পূৰা মাটিৰ গছীধান আনি মেজি সাজি ৰাখিব পৰা আহল বহল চোতালত হোৱা ভাওনা এইখন৷ বায়ন পুহমাহৰ ওঠৰ তাৰিখে ঢুকাল৷ ভাওনা বুলিলে পৃথিৱীৰ সমস্ত কথা পাহৰি আত্মউৎসৰ্গা কৰিব পৰা ৰসাই শইকীয়া এই অঞ্চলহে নালাগে গোটেই জিলাতে ভক্তপ্ৰাণ বুলি পৰিচিত আছিল৷ মূৰত মথুৰা পাগ মাৰি খোলটো ওলোমাই লোৱাৰ পাছত বায়নে সদায় স্থান কালৰ কথা পাহৰি যায়! গায়ন বায়নৰ যেতিয়া যোৰা উঠে ভকতসকলৰ মাজত মূৰত পাগ, কপালত চন্দনৰ ফোট, ডিঙিত ডুগডুগী পিন্ধি লোৱা ৰসাই বায়ন ভোটা তৰা জিলিকাদি জিলিকি থাকে৷ ভাওনাৰ দিনত যদি তেখেত কেতিয়াবা কেনেবাকৈ নৰিয়াত পৰে, ভাওনাৰ তাৰিখেই পিছুৱাই দিয়া হয়!

পৰিয়ালে ধৰিলে তেখেতৰ শ্ৰাৰ্দ্ধৰ দিনাই ৰাইজে এখন ভাওনা পাতক, খৰচ পাতি পৰিয়ালেই বহন কৰিব ৷ হওঁতে কথাটো ঠিকেই আছিল কিন্তু সময়টোহে বৰ বেয়া হ’ল – ঠেতুৱৈ লগা ঠাণ্ডা পৰিছে৷ এইবাৰৰ জাৰৰ প্ৰকোপটো আনবাৰতকৈও বেছি৷ ভাওনাত পেহাই নাৰদৰ ভাওটো দি সহায় কৰিব লাগে – বচন মাথো দুথেৱা৷ আধাতে পেহা যাবগৈ পাৰিব ৷ ৰসাই বায়ন এসময়ত পেহাৰো গুৰু আছিল, কাজেই পেহাই না কৰিব নোৱাৰিলে৷

পাছে পেহাই যেতিয়া নাৰদৰ মেক-আপ ল’লে, গা শিৰশিৰাই যোৱা ঠাণ্ডা! গাত ছেলেং চাদৰ এখন লৈ ওলাব লগা ভাওঁ, হাত আৰু ডিঙিত দুধাৰি ফুলৰ মালা, হাতত বীণা! ভাওটো শেষ হোৱাৰ পাছতে পেহা উভতিবলৈ ওলাল৷

চাইকেলখন যেন বৰফ হৈ আছে৷ আধা আন্ধাৰ- আধা পোহৰ ৰাষ্টাটোৱেদি পেহা ঘৰলৈ আগবাঢ়িছে৷ হাতমূৰ শিৰশিৰাই ঠাণ্ডাত দাঁতে-দাঁত লাগি গৈছে৷ গেঞ্জীটোত পিঠিৰ ফালে ফুটা কেইটামান হৈছিল সেইপিনেদিয়েই বৰফৰ শেল একোপাতহে যেন শৰীৰটোৰ ভিতৰলৈ সোমাই গৈছে৷ গাত লৈ থকা এৰী চাদৰখন নামতহে, উম শূণ্য ৷ পেহাৰ ভৰিহাল লাহে লাহে জঠৰ হৈ আহিবলৈ ধৰিছে৷ দলনিখন পাৰ হৈ যাওতে পেহাই লক্ষ্য কৰিলে আজি বাঁকে মাছ খাই থকাৰ কোনো শাৰি শব্দ নাই৷ চাৰিওফালে নিৰৱ৷ তেওঁসবেও জাৰতে তাপ মাৰিছে বোধহয়৷ পেহাৰ উশাহ নিশাহবোৰ ছুটি হৈ আহিবলৈ ধৰিছে৷ অলপ পাছতে তেখেতৰ অনুমান হ’ল আৰু অলপ সময় এই ভাঁজে গৈ থাকিলে তেখেতৰ মৃত্যু ধুৰুপ! দেহৰ ভিতৰলৈ উশাহটো কঢ়িয়াই নিবলৈকে কষ্ট হৈছে!

সকলো বিপদৰে এটা সমাধান থাকে – পেহাই নিজকে কোৱাৰ দৰে ক’লে আৰু তাৰ পাছতে চাইকেল খনৰ পৰা নামিল – কি কৰা যায় এতিয়া ? সেইখিনিতেই ৰাষ্টাতোৰ ওপৰত পুল এটা আছে৷ পেহাই তাতে ক্ষন্তেক বহি লৈ চিন্তা কৰিবলৈ ধৰিলে – ক’ত আছে এই বিপদৰ সমাধান সূত্ৰ! হঠাতে তেখেতৰ আৰ্কিমিডিছৰ দৰে ইউৰেকা ইউৰেকা বুলি চিঞৰি উঠিবৰ মন গ’ল৷ ভৰিদুটা পুলটোত উঠাই লৈ তেখেতে বুক-ডাউন মাৰিবলৈ আৰম্ভ কৰিলে – এক, দুই, …. আঠান্নৱৈ, নিৰান্নৱৈ…. তিনশ এক, তিনিশ দুই…৷ চাৰিশ তেইশ আৰম্ভ হোৱাৰ লগে লগে পেহাৰ কাষলতি তল ঘামিবলৈ আৰম্ভ কৰিলে৷ ছশৰ ভাগ আৰম্ভ হোৱাৰ লগে লগে কপালত ঘামৰ টোপালবোৰে ভুমুকি মাৰিলে৷ সাতশ আশীত শেষ কৰি তেখেতে গাত লবলৈ অনা এৰী চাদৰখন ভাঁজ কৰি জাপি চাইকেলৰ কেৰিয়াৰত লগাই ল’লে৷ তাৰ পাছত কপালৰ ঘাম চুচি চুচি পেহা যেতিয়া ঘৰ পালেহি তেতিয়াও গাৰ ঘাম ওলোৱা সম্পূৰ্ণকৈ বন্ধ হোৱাই নাছিল, মাত্ৰ ঘাম মচি আহি থকা চুৰিয়াখনৰ আগটোহে চেঁচা চেঁচা লাগিছিল!

 (“জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, November 17, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৩)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২৩)

পেহা এবাৰ চিকাৰলৈ গৈছিল৷ লগত লৈ গৈছিল বালিচাঙৰ মখনা বসুমতাৰীক – গাইড্‌ হিচাপে৷

অসম-অৰুণাচলৰ সীমান্তত থকা গভীৰ অৰণ্য৷ দফলাও সতকাই ইয়াৰ ভিতৰলৈ নাহে৷ বনৰীয়া হাতী জাক পাতি পাতি হাবিৰ মাজত ঘুৰি ফুৰে৷ কোনো কোনো ঠাইত বনৰজাৰো চলাচল হয় বুলি লোকে কয়৷ বান্দৰ, শিয়াল ফেউৰাৰতো সীমা সংখ্যা নাই! হাবিৰ মাজত পূৱফালে এটা পুখুৰী আছে, তাৰ পাৰতে কিছু মুকলি ঠাই, তালৈকে হেনো পুৱতী নিশা হৰিণাৰ জাক চৰিবলৈ আহে৷ পেহাৰ লক্ষ্যস্থানো আজি সেই অঞ্চলেই!

শুক্ল পক্ষ৷ বাহিৰত ফৰিংফুটা জোনাক যদিও হাবিৰ মাজৰ লুংলুঙীয়া বাটতো গছ-লতাই ঘেৰি ধৰি ঘোপ মৰা আন্ধাৰ কৰি ৰাখিছে৷ জিলি, ফৰিং, ফেঁচা, বাদুলি, বিবিধ সৰীসৃপ আৰু বনৰীয়া প্ৰানীৰ বিচিত্ৰ মাত আৰু শব্দত ৰাতিটো জয়াল হৈ আছে৷ মাজে মাজে শিয়াল এজাকে দূৰত ৰৈ ৰৈ হোৱা দিছে৷ হাবিৰ মাজত কিবা এটা হঠাতে দৌৰি যোৱাৰ দৰে শব্দ হয়, তাৰ পাছত ক’ত জানো জপঙকৈ কিবা এটা পৰাৰ শব্দ হয় ৷ ওখ  ওখ গছবোৰৰ মুধছ ভেদি সৰকি অহা পোহৰকে সাৰথি কৰি দুয়ো খুপি খুপি গৈ এসময়ত পুখুৰীটোৰ পাৰ পালেগৈ আৰু জোপোহা এটাৰ আঁৰত চিকাৰলৈ অপেক্ষা কৰি থাকিল৷ তেতিয়া মাজ ৰাতি পাৰ হও হও৷

পেহাৰ পিঠিত এটা দুনলীয়া বন্দুক, হাতত এদাল ৰাইদাঙৰ মজবুত লাঠি৷ বসুমতাৰীৰ হাতত এখন বাইছ ইঞ্চি দীঘল নেপালী খুকুৰী, যিখনত জোনাকৰ পোহৰ পৰি মাজে মাজে চিকমিকাই উঠিছে ৷ জোন আহি তালুৰ ওপৰেদি পাৰ হৈ সিপাৰ পালেগৈ৷ ওখ ওখ গছৰ পৰা নিয়ৰৰ টোপালবিলাক তললৈ পৰিবলৈ আৰম্ভ কৰিছে৷ শব্দতে গম পায় কেনেকুৱা স্বাস্থ্যৰ কিমান ওপৰৰ পৰা পৰা টোপাল!  ঠিক তেনেতে দেখা গ’ল এদল হৰিণা হাবিৰ মাজৰ পৰা পুখুৰী পাৰৰ মুকলি ঠাইখিনিলৈ ওলাই আহিছে, নাই কমেও দুকুৰী হব৷ মোহনীয় দৃশ্য৷

দুটা নলী থকা পুৰণি বন্দুক, যথেষ্ট ওজন ৷ পেহা সাজু হ’ল৷ গছৰ ফেৰেঙনি এটাত বন্দুকৰটোৰ আগটো লগাই লৈ পেহাই মজলীয়া চেহেৰাৰ হৰিণা এটাত নিচান বান্ধিলে – ডাঙৰো নহয়, সৰুও নহয় তেনে ধৰণৰ চেহেৰা, দুটা মানুহে সহজে কঢ়িয়াই নিব পৰা আকাৰৰ ! তাৰ পাছত – গুৰুম্‌!

তামোলৰ পিক পেলাবলৈ পেহা বহাৰ পৰা উঠি গ’ল৷

-  তাৰ পাছত, তাৰ পাছত ? আমি পৰম উৎকন্ঠাৰে সুধিলো৷
-  তাৰ পাছত আৰু কি হ’ব! গুৰুম্‌ শব্দটোৰ লগে লগে হাতৰ বন্দুক কৰ্ফাল খাই উফৰি পৰিলগৈ! থেলা খাই মই পৰিলো এফালে, মখাই পৰিল সিফালে !
- কিয়, কেনেকৈ ?

পেহাই গছৰ ফেৰেঙনি বুলি ভাবি য’ত বন্দুকটো লগাই লৈছিল সেইটো আছিল আচলতে ৰৈ থকা হৰিণা এটাৰ শিঙ! বন্দুকৰ শব্দত উচপ খাই হঠাতে পহুটোৱে জাপ মাৰি দিলে!

(“জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

  

Friday, November 10, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২২)

চন্দ্ৰপেহাই মহাদেৱৰ ভাও দিব এইবাৰ৷ গোটেই জিলা উখল মাখল৷ ভাৱৰীয়া সজাবলৈ আহিব কুমাৰকুৰিৰ খোদ গজেন মজুমদাৰ৷ গজেনৰ হাতত পুতলাইও প্ৰাণ পায়, শিলৰ মূৰ্তিয়ে কথা কয়, নামঘৰৰ মজিয়াত যেতিয়া যমুনা আঁকে, পাৰ হবৰ সময়ত তিতিব বুলি লোকে চুৰিয়া কোচায় ৷ ভবেন সন্দিকৈয়ে একাবেকা কাঠৰ টান লতা এডাল নিজ হাতে কাটি কুটি ফেটী সাপ এটা সাজি উলিয়াইছে, শিৱই ডিঙিত ল’বৰ কাৰণে ৷দেখিলেই ফেট তুলি উঠিব যেন লাগে! অঞ্চলটোত কথিত আছে যে ভবেন সন্দিকৈয়ে বনোৱা মূৰ্তি আৰু গজেনে সজোৱা ভাৱৰীয়া দেখি মানুহটো বাদেই, জীৱ-জন্তুৰো আউল লাগে৷ ইয়াৰ প্ৰমান অনেক আছে যদিও এটা উল্লেখযোগ্য৷ সেইবাৰো পেহাই শিৱৰ ভাৱেই দিছিল৷ নামঘৰৰ এমূৰে মণিকূটৰ কাষতে কৈলাস পৰ্বত - তক্তাপোচ এখনৰ চাৰিওকোণত চাৰিটা কলপুলি পুতি শিৱৰ সিংহাসন নিৰ্মান কৰা হৈছিল ৷ পিছফাল বগা পৰ্দা এখনত গজেনে চূণ আৰু নীলৰ গুড়ি ছতিয়াই কৰা ৰঙেৰে কৈলাস পৰ্বতৰ দৃশ্যৰাজি৷ তক্তাপোচৰ ওপৰত ধৰ্ম মণ্ডলৰ দ্ৰয়িংৰুমৰ পৰা উঠাই অনা বেতৰ আৰামী চকীত বিৰাজমান মহাদেৱৰ ভাওত স্বযং আমাৰ চন্দ্ৰপেহা৷ ভাওনা চলি থকাৰ মাজতে হঠাতে হৈ-চৈ লাগি গ’ল৷ পেহাৰ গাতে লাগি থকা কলপুলি এটাৰ আগলতি কলপাতখিলাত মেৰ খাই আছে এটা ফেটী সাপ ৷ ভবেন সন্দিকৈয়ে বনোৱা কাঠৰ নহয়, সঁচা-সঁচি ফেটী সাপ ! পেহাৰ ডিঙিলৈ চাই হঠাতে ফোচ-ফোচ কৈ ফনা মেলি ফেট তুলি উঠিল৷ ৰাইজৰ মাজত হুৱা-দুৱা লাগি গ’ল৷ পেহাও জাপ মাৰি কৈলাসৰ পৰা, মানে তক্তাপোচ খনৰ পৰা নামি আহি মাটি পালেহি৷ পাছত জনা গ’ল পেহাৰ ডিঙিত থকা সাপটোকে মাইকী সাপ বুলি ভাবি মতা ফেটী সাপ এটাই জোৰ লবলৈ আহিছিল!

পেহাই মুখৰ পিকখিনি পেলাই বেকাকৈ হাঁহি এটা মাৰি হিন্দী শব্দ মিহলাই কয় – বুইছ, গুৰু ভাল আছিল, বাল-বাল বাছি গ’লো! সিমানেই জীৱন্ত আমাৰ ভবেনৰ ভাস্কৰ্য আৰু গজেনৰ মেক-আপ্!

আলি মহৰী জগন্নাথে সুত্ৰধাৰী নাচে৷ মানুহটো ওখ-পাখ, নাচেও ভাল৷ কিন্তু তাল-খোলৰ ছেৱে ছেৱে পাকটো মাৰোতে সুত্ৰধাৰীৰ গাউনটো মাজে মাজে ছাতিটোৰ দৰে ককাললৈকে উঠি আহে৷ সেয়ে জগন্নাথে আঠুলৈকে পৰা কলপতীয়া ৰঙৰ আঁচ টনা কপাহী কাপোৰৰ পেন্ট এটা চিলাই লৈছে, তলত পিন্ধি লয় – নিশ্চিন্ত হৈ যায়, উৰি থাক কিমান উৰ ওপৰৰ পাংখা! জগন্নাথৰ সুত্ৰধাৰী নাচৰো আবেদন কম নহয়, উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা দৰ্শক আহে - কি হাতৰ পাক, কি চকুৰ চাৱনি! ভৰিৰ গেৰোৱাত ভৰ দি মহৰীয়ে যেতিয়া পাকটো মাৰে, দূৰৰ পৰা চকৰী এটা ঘুৰি থকা যেন দেখি৷ সেইজীয়া খুটাৰ ওপৰত ভাঁহি থকা চলন্ত ছাতি এটাৰ দৰে উৰি থাকে বস্ত্ৰ সম্ভাৰ – কি মোহনীয় দৃশ্য!

এইবাৰ আৰু এখোপ চৰা ৷ মৌজাদাৰৰ মাজু লৰাটো তেনেই চিৰি চেপেটা ওলোৱা, মাইকী ভাৱেহে তাক শুৱায়৷ তাক আকৌ লাগে অসুৰৰ ভাও৷  গায়নবৰা  সন্মত নহয়হে নহয়৷ তভক মাৰি শুনি থকা পেহাই মৌজাদাৰৰ পুতেকৰ দাবীটোত এটা সম্ভাৱনা শুই থকা দেখিলে৷ তেখেতে মাত লগালে - তই যদি তহতৰ চ’ৰা ঘৰত ওলোমাই থোৱা ঢেকীয়া পতীয়া বাঘৰ ছালখন দুদিনৰ বাবে শিৱৰ ভাও দিবলৈ আনি দিয়াৰ দায়িত্বটো লৱ, তেনেহলে সম্ভাসুৰৰ ভায়েকৰ ভাওটো তইয়েই ল৷ মাজুল’ৰা লগে লগে  সন্মত হ’ল৷ সেয়ে পেহাই এইবাৰ সঁচা-সঁচিকৈয়ে বাঘৰ ছাল পিন্ধি ওলাব৷ উৎসাহ আৰু জল্পনা-কল্পনাৰ অন্ত নোহোৱা হ’ল৷

পেহাৰ সোঁৱে-বাঁৱে নন্দী-ভৃঙ্গী হৈ ওলাব পানী টেংকিৰ চকীদাৰ হৰমোহন আৰু থানু দোকানী ৷ ধানখেৰৰ জুমুঠি এটা জ্বলাই লৈ দুয়োটাই মহাদেৱৰ পিছফালে অহৰহ ধোঁৱাৰ যোগান ধৰি থাকিব৷ পৰিকল্পনাটো হৈ থাকোঁতেই থানু দোকানীৰ মনত এটা নতুন বুদ্ধিৰ উদয় হ’ল– পৰিৱেশটো আৰু জীৱন্ত কৰিবৰ বাবে পেহাৰ বাওঁহাতত ভাঙৰ চিলিম এটা দি দিলে কেনে হয় – সোঁ হাতত ত্ৰিশূলডাল, বাওঁহাতটোতো ফ্ৰী হৈয়েই থাকে, গতিকে হাতত চিলিমটোও থাকক ৷ আখৰাত কথাটো ওলাওতে গায়ন বৰাই হাই-হাই কৰি উঠিছিল৷ ডেকা লৰা কেইটাইও কম নহয়, সমানে জাঙুৰ খাই উঠিল – গায়নবৰাই নাই বুলি কলেই নহব নহয়, ইয়াতেইটো প্ৰকৃত কলাটো প্ৰকাশ পাব, তাতেইতো আচল নতুনত্ব লুকাই আছে! অৱশেষত, ‘যি ভাল দেখিছ কৰ’ বুলি বয়সীয়া সকলে এৰি দিলে৷ সৰ্বশেষত সিদ্ধান্ত হল, অকল চিলিমটোৱেই নহব, তাত অঙঠাৰ সৈতে ভাঙ অকণমানো থাকিব লাগিব৷ শিৱ মন্দিৰৰ আশে পাশে বতাহত উৰি ফুৰাৰ দৰে ফুৰফুৰীয়া গোন্ধটো ওলাই থাকিলেহে সঁচা-সঁচিকৈ পেহাক মহাদেৱ যেন লাগিব! পেহাই মাজে মাজে চিলিমটোত এনেয়া হোঁপা একোটা মৰাৰ দৰে অভিনয় কৰিব – ধোঁৱাখিনি নিগিলিলেই হ’ল!

ভাওনা আৰম্ভ হ’ল৷ জগন্নাথে প্ৰাণ ঢালি সুত্ৰধাৰী নাচিলে৷ ধোঁৱা নিগিলাৰ কথা আছিল যদিও প্ৰৱেশৰ পাছতে মৰা টানটোত বেছিখিনি ধোঁৱায়েই গৈ পেহাৰ পেট পালেগৈ৷ কি সুন্দৰ ভাওঁ৷ আই সকলে দুহাত যুৰি পেহালৈ চাই প্ৰনাম কৰিছে৷ ডেকা-বুঢ়া সকলোৱা গদগদ ভক্তিৰে পেহাৰ আগত মূৰ দোঁৱাইছে৷ ত্ৰিশূলডাল কলপুলি এটাত আওজাই থৈ পেহা ৰুদ্ৰৰূপত কৈলাসত বহি আছে৷ আন ভাৱৰীয়াৰ প্ৰৱেশ, প্ৰস্থান, বচন আৰু যুদ্ধৰ ফাকে ফাকে পেহাই দম্বৰু বজাই নিজৰ অস্তিত্ব ঘোষনা কৰি থাকে৷

সৰস্বতী হৈ কাষতে বহি থকা হৰকান্তৰ চিলিমটোত চকু, পিৰিক পাৰাককৈ পেহালৈ চাই আছে, মাজে মাজে অঙঠা কেইটাত ফু একোটা মাৰে, তাৰ পাছত চাদৰৰ আচঁলেৰে জিভাৰ পানী মোচে! অভিজ্ঞ বুলি ভাবি পেহাই তাকেই এবাৰ সুধিলে – হেৰি নহয় হৰ, মোৰ গাটো দেখোন বৰকৈ ৰাইজাই কৰিছে, কিবা উৰাই নিয়া – উৰাই নিয়া যেন লাগিছে, আদা দিয়া চাহ একাপকে খাই অহা ভাল হব নেকি? স্বয়ং মহাদেৱৰ ফেমিলিৰ সদস্য হোৱাৰ পাছতো আজি এতিয়ালৈকে সুবিধাটো নোপোৱাত্ হৰকান্ত ভিতৰি ভিতৰি ক্ষূব্ধ হৈ আছিল ৷ সুবিধাটো পায়েই সি তপৰাই মাত দিলে – হয়, হয়, ব’ল, মই ভাবিয়েই আছিলো , হাত-ভৰি কেইটাও পোন হওক! দুয়ো বাহিৰ ওলাল৷

তাৰ কিছু সময়ৰ পাছত দেখা গল, নামঘৰৰ এচুকত থকা হেলনীয়া বাঁহৰ চাংখনত আউজি অৱসভাৱে মহাদেৱে গাটো ঢালি দিছে , চিলিমৰ সলনি হাতত এতিয়া ফিকাচাহৰ গিলাচ৷ মণিকূটৰ পৰা সৰকি অহা উজ্জ্বল পোহৰ এচমকাই পেহাৰ কোলাত পৰি মৌজাদাৰৰ ঘৰৰ বাঘৰ ছাল উজ্বলাই তুলিছে৷ কাষতে আৱেশত চকু মুদি বহি আছে আই সৰস্বতী, হাতত চিলিমটো৷ নামঘৰৰ মজিয়াত তেতিয়া প্ৰৱল উত্তেজনা, ভীমৰ যুদ্ধ চলিছে৷ ভীমৰ ভাও লোৱা সোমেশ্বৰে পদাঘাত কৰি নামঘৰৰ মজিয়া কঁপাই দিছে৷ সকলো বীৰ ৰস পান কৰাত ব্যস্ত৷ পাছৰফালে বহা দৰ্শকসকলে দৃশ্য চাবলৈ থিয় হৈ লৈছে৷ দাঙিব পৰা কণ কণ মইনাহঁতক জেষ্ঠ্যজনে কান্ধত উঠাই লৈ ভীমৰ ভাও দেখুৱাইছে! ভাগৰত চকু মুদ খাই অহা পেহাই এপাকত ভৰি এখনো চাংখনত তুলি ল’লে ৷

তাৰ পাছত পেহাৰ চিলমিলকৈ টোপনি আহিছিল নেকি বুজা নাযায়, কিন্তু তেখেতৰ যেতিয়া সম্বিৎ ঘুৰি আহিল, দেখা পালে, ভাওনা চাই থকা দৰ্শকে উভতি পেহালৈ চাই মুখ টিপি টিপি হাঁহিবলৈ ধৰিছে, ল’ৰা, বুঢ়া, মুনিহ, তিৰোতা – সকলোৱে৷ পেহাৰ একাষে বহি থকা সৰস্বতী ঘোৰ টোপনিত, চিলিমটো মাটিত৷ জগমোহন দৰ্শকৰ মাজৰ পৰাই দৌৰি আহাদি আহি ‘হেই হেই কি কৰিছ - কি কৰিছ, খালি, খালি ..’ বুলি গাত ধৰি জোকাৰি জোকাৰি সাউৎকৈ পেহাৰ ভৰিখন চাংখনৰ পৰা তললৈ ওলোমাই দিলে৷ পেহাৰ উপলব্ধি হ!ল, জগন্নাথৰ দৰে কলপতীয়া ৰঙৰ দীঘৰ-দীঘল আঁচ টনা কাপোৰৰ পেন্ট এটা চিলাই ননাটোৱেই মহা ভুল হ’ল!


(এইটো কাহিনীৰ জনক আমাৰ মৰমৰ মুকুল ককাইদেউ- কৰুণানন্দ হাতীবৰুৱা ৷ বি.দ্ৰঃ “জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ ১ম পৰা ২১তম খণ্ডৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

সেইয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা


সেইয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
দিনটো আছিল ১৯৮৫ চনৰ আগষ্ট মাহৰ ২৮ তাৰিখ৷ ৰিক্সা এখনৰ পৰা নামি কটন কলেজৰ থাৰ্ড মেছৰ গেইটখনেদি ভয়ে ভয়ে মই আবাসটোলৈ সোমাই গৈছিলো ; আৰু লগে লগেই আৰম্ভ হৈছিল জীৱনৰ এক নতুন অধ্যায়ৰ৷ মোৰ জীৱনৰ প্ৰথম ৰূমমেট্‌, মাত্ৰ এদিন আগতে হোষ্টেললৈ অহা কুঞ্জমোহনে সন্ধ্যা সময়ত পৰম আন্তৰিকতাৰে মোক ক’লে – পিচত সময় নাপাবও পাৰা, চিঠিখন এতিয়াই লিখি লোৱা ৷ মইযে গুৱাহাটীৰ পৰা ২৫০ কিঃমিঃ দূৰৰ গাওঁখনৰ পৰা আহি ভালে ভালে গুৱাহাটী পালোঁহি খবৰটো দেউতা-মাক জনাবৰ বাবে এতিয়াই চিঠি এখন ঘৰলৈ লিখি থোৱাটো আৱশ্যক ৷ এদিনীয়া অভিজ্ঞতাৰে কুঞ্জমোহন শংকিত হৈছিল পাছত বা কাক কোনে ক’লৈ মাতি লৈ যায়! কালিলৈ পুৱাই ডাকত দিলেহে হয়তো খবৰটো এসপ্তাহমানৰ পাছত দেউতা-মায়ে পাবগৈ৷ এতিয়াৰ দিনৰ মাক-দেউতাকে বিশ্বৰ যিকোনো প্ৰান্ততে নাথাকক কিয় নিজৰ সন্তানৰ মঙ্গলৰ খবৰ পাবলৈ এসপ্তাহ বাট চাই থাকিব লগা হোৱাটো কল্পনাতীত কথা ৷ মনত পৰে দীঘলীয়া বন্ধৰ পাছত যিদিনা কলেজ খুলিছিল, সেইদিনা সন্ধ্যা সময়ত প্ৰত্যেকটো কোঠাৰে টেবুল লাইটৰ পোহৰত টেবুলত মুৰ গুজি আবাসীসকলক ঘৰলৈ চিঠি লিখি থকা দেখা পোৱা গৈছিল৷ সেই সময়ত হঠাতে যদি কোনোবা কোঠালৈ সোমায় আহিছিল, তেওঁ হয়তো অকনমান এঠা বিচাৰি, নতুবা পয়ত্ৰিছ পইছাৰ এটা ডাক টিকট বিচাৰি আহিছিল৷ এতিয়া আমাৰ লৰাহ’তে ডাক টিকট ব্যৱহাৰ কৰাটো দূৰৰ কথা চিনি পাবনে নাই সন্দেহ আছে৷ অথচ দেউতাই সযতনে ৰখা টিনৰ বাকচ এটাত দেউতাই ছাত্ৰ অৱস্থাতে নিজে লিখা আৰু পোৱা অনেক চিঠি মই দেখিছিলোও, পঢ়িছিলোও! আচৰিত লাগে, সুধিবৰ মন যায়, ১৯৮৫ চনৰ আগষ্ট মাহলৈকে দিনবোৰৰ পৰিৱৰ্ত্তন ইমান মন্থৰ আছিলনে?
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
গাওঁৰ লৰা নগৰত আহি কৰবাত বাট ভুল কৰোঁ বুলি হোষ্টেলটোৰ কাষতে থকা ডাক আৰু তাঁৰ বিভাগৰ ওখ খুটাটোৰ (P&T Tower) চিন ৰাখিছিলো৷ সেইটো মই থকা অঞ্চলটোৰ যিকোনো ঠাইৰে পৰা দেখা পোৱা গৈছিল৷ ডাক-তাঁৰ বিভাগৰ গাতে লাগি থাকিও কিন্তু তেতিয়ালৈকে টেলিফোনত কথা পতাৰ সৌভাগ্য হোৱা নাছিল৷ এই অফিচটোৰ তলতে অভিযোগ লবলৈ ৰখা টেলিফোন এটাত মই জীৱনত প্ৰথম বাৰৰ বাবে ফোনত কথা পাতিছিলো – কমাৰ্চ কলেজত কাম কৰা আমাৰ মামাৰ লগত ৷ চেপ্তেম্বৰ মাহৰ ৩০ তাৰিখ আছিল দিনটো৷ তাৰ কিছুদিনৰ পাছতে এজন ঘনিষ্ঠ আবাসী বন্ধুৱে এদিন আনে নুশুনাকৈ মোক কৈছিল - ব’লচোন, আকৌ যাওঁ, তই মামাৱৰলৈ ফোন কৰ, মইও অকনমান মাতটো শুনিম! এতিয়া এনেকুৱা অভিজ্ঞতা কোনোবাই বিশ্বাস কৰিবনে?
সেই সময়ত ৰাছিয়াৰ পৰা এটা দল আহি আমাৰ দেশৰ বিভিন্ন ঠাইত তেওঁলোকৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিছিলহি৷ আমাৰ বয়সৰে ৰাছিয়াৰ ল’ৰা-ছোৱালীহঁতে চমকপ্ৰদ খেল-ধেমালি দেখুৱাইছিল আৰু সেই অনুষ্ঠানটো দূৰদৰ্শনৰ কলা-বগা পৰ্দাত চাবলৈ আমি ‘মায়া-কেবিন’ নামৰ চাহ-মিঠাইৰ দোকানখনৰ পিছফালে বাস কৰা এটা বাঙালী পৰিয়ালটোৰ ঘৰত সদায় গোট খাইছিলোগৈ৷ মাজ নিশালৈকে তেখেতসকলৰ ঘৰত আমি টেলিভিছন চাইছিলো৷ ক্ৰিকেট খেল চাবলৈও তেনে কৰিছিলোঁ৷ আমি হোষ্টেল এৰালৈকে কটন কলেজৰ আনন্দৰাম বৰুৱা ছাত্ৰাবাসত টেলিভিছনৰ ব্যৱস্থা হোৱা নাছিল৷
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
টি-ভি, টেলিফোন, মোবাইল, কম্পিউটাৰ নাছিল বাবেই নেকি নাজানো আবাসীসকলৰ পৰস্পৰৰ মাজত গভীৰ আন্তৰিকতা গঢ়ি উঠিছিল ৷ হয়নে আজিকালি তেনেকুৱা ? জয়ন্ত মান্তা, ধীমান তালুকদাৰ, অমৰেন্দ্ৰ কলিতা, ৰথীন্দ্ৰনাথ গোস্বামী, অতনু ভট্টাচাৰ্য আদি জেষ্ঠ্য আবাসীসকলৰ সাহিত্যৰ প্ৰতি প্ৰৱল আকৰ্ষণ আছিল আৰু পাছলৈ প্ৰায় আটায়েই সেই ক্ষেত্ৰত প্ৰতিষ্ঠিত হব পাৰিছিল৷ অতনুদাৰ কোঠাৰ এখন দেৱাল অকল হীৰুদাৰ কবিতাৰ শাৰীৰেই ভৰি আছিল ৷ ৰথীনদা সঁফুৰা-মৌচাকৰ পাততে চিনাকি হোৱা পৰিচিত আছিল আৰু তেখেতক সদায় ব্যস্ত হৈ থকা দেখা গৈছিল৷ তেখেতসকলৰ উদ্যোগতে আমাৰ আবাসৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰতিধ্বনি’-য়ে আন্তঃআবাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিল৷ কোঠা-বন্ধু গদাদা, কমলদাহ’তে জেষ্ঠ্য ভাতৃৰ দৰে মৰম কৰিছিল৷ এনেকুৱা সম্পৰ্ক আৰু পৰিৱেশে একেবাৰে তলিৰ পৰাও সুপ্ত হৈ থকা প্ৰতিভাক আঁজুৰি বাহিৰ কৰি আনিব পাৰিছিল৷ ভূপেন হাজৰিকাৰ গীত গোৱা বিমানদা এবাৰ জিলা পুঠিভড়ালত ড˚ ভূপেন হাজৰিকাৰ অনুষ্ঠান এটা চাই আহি শোকত বিমৰ্ষ হৈ বিচনাত শুই পৰিছিলহি৷ বিমানদাৰ অনুভৱ হৈছিল ভূপেন হাজৰিকা যেন ক্ৰমশঃ বৃদ্ধ হৈ আহিছে ৷ কথাটো তেখেতে সহ্য কৰিব পৰা নাছিল৷ ভূপেনদাৰ জংলী জংলী মোক দুনীয়াই কয়... গীতটো মই প্ৰথম এইজন বিমানদাৰ কন্ঠতে শুনিছিলো৷ মোৰ কোঠাৰ দেৱালৰ সিপাৰে থকা ব্ৰহ্মদাই ভূপেন হাজৰিকাৰ চহীটো হুবহু নকল কৰিব পাৰিছিল৷ এয়া ১৯৮৬ চনৰ শীতকালৰ কথা৷
হোষ্টেলৰ প্ৰত্যেকজন আবাসীয়েই যেন আছিল আজন্ম চিনাকি, পৰম আত্মীয়৷ আবাসী জীৱনটোৰ সেই সময়খিনিয়েই জীৱনটোক যেন দুটা ভাগত ভাগ কৰিলে – আগৰখিনি সময় অতীত আৰু ইতিহাস, পাছৰখিনি বৰ্তমান আৰু বাস্তৱ ৷
বহুদিন আগৰ যেন লাগিলেও সেয়া আছিল মাত্ৰ আঢ়ৈ দশকৰ আগৰ কথা ৷
(এই কথাখিনি কটন কলেজৰ শতবাৰ্ষিকী উপলক্ষ্যে আনন্দৰাম বৰুৱা ছাত্ৰাবাসৰ স্মৃতিগ্ৰন্থ প্ৰতিধ্বনিৰ বাবে ২০১২ চনত লিখা হৈছিল – লেখক)

Saturday, November 4, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২১)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২১)

ভাওনা আৰু পেহাৰ ভাৱে লোকৰ ওপৰত কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই কথা প্ৰতিপন্ন কৰিবলৈ চন্দ্ৰপেহাই কোনো কিতাপ বা কাৰো উক্তিৰ আশ্ৰয় নলয়, নিজৰ অভিজ্ঞতাৰেই কয়  - চপ-চপকৈ ৰস বৈ থকা ৰসাল কাহিনী !

চীনা যুদ্ধৰ সময়৷ চীনা সৈন্যই প্ৰায়েই গাৱঁখনত পি-পিয়াই ফুৰেহি৷ সিহঁতৰ আকাৰ চুটি চাপৰ, পিঠিত শক্তিশালী বন্দুক ওলোমাই লয়৷ কিচিৰ-মিচিৰ ভাষাৰে নিজৰ ভিতৰতে কথা পাতে৷ গাৱঁৰ থলুৱা লোকক দেখিলে বুঢ়া তামোল খোজে – নাই বুলি কলে বন্দুক উলিয়াই লয়৷ গাওঁৰ মাজৰ ৰাস্তাটোৱেদি সিহঁত যেতিয়া গিৰিপ গিৰিপকৈ পাৰ হৈ যায়, গাৱঁৰ গঞাই দুৱাৰ খিৰিকি মাৰি ঘৰৰ ভিতৰতে তাপ মাৰি থাকে৷ সিহঁতে ক’ত বাহৰ পাতি থাকে জনা নাযায়, হঠাতে আবিৰ্ভাৱ হয়, তাৰ পাছত আকৌ কেইদিনমানলৈ অন্তৰ্ধান ৷

সকাম এভাগ খাই চন্দ্ৰপেহা ঘুৰি আহিছিল বেজৰ হোলাৰ পৰা ৷ চাইকেল নাই, খোজ কাঢ়ি কাঢ়ি৷ কথাত লাগি থাকোতেই সকাম ঘৰতে সন্ধ্যা লাগিল৷ বাৰিষা পাৰ হ'ল, খাল ডোঙৰ পানী শুকাইছে, কেইবাখনো ঘৰৰ গোঁহালি আৰু পদূলিমূখত দিয়া জাকৰ ধোঁৱাই অঞ্চলটোত এটা ফুৰফুৰীয়া গোন্ধ বিয়পাই দিছিল৷ পথাৰৰ মাজৰ চমু বাটটোৱেদি পেহা আহি গাওঁখনত উঠিবলৈ ধৰোঁতেই সমূখত দেখিলে এদল চীনা সৈন্য – হাতত উন্মুক্ত বন্দুক ৷ প্ৰসাদৰ টোপোলা তাতে পেলাই পেহাই মাৰিলে লৰ ৷ আগে আগে পেহা, পিছে পিছে চীনা সৈন্যৰ দলটো৷ কেমেৰা বৰাৰ ঘৰখনৰ পিছফালে পুখুৰী এটা আছে, পেহাই ভাবিলে তাতেই বুৰ মাৰি পলাওঁ৷ ঠিক কঠাল গছ জোপাৰ তল পোৱাৰ লগে লগে বন্দুকৰ গুলী ফুটাবলৈ টানি লোৱা কেৰেককৈ উঠা শব্দটো পেহাই শুনিবলৈ পালে৷ কঠালগছ জোপাৰ তলতে খাল এটা আছিল, ত্ৰাহি মধুসুদন সুঁৱৰি প্ৰাণটো বচাবলৈ পেহাই তাতে জাপ মাৰি দিলে ৷ সেই মূহুৰ্ততে বন্দুকৰ শব্দ পেহাৰ কাণত পৰিল – গুৰুম, গুৰুম, গুৰুম ৷ পেহালৈ বুলি চীনা সৈন্যই কঠাল গছ জোপালৈকে ধাৰাষাৰে গুলী বৰষিবলৈ লাগিল৷

খালটোত জাপ মাৰিয়েই পেহাই গম পালে আগৰে পৰাই তাত দুজনমান পৰি আছে৷ গাৰ গোন্ধে ক’ল তেওঁলোক চীনা সৈন্য নহয়, ভয়ত পলাই থকা ভাৰতবৰ্ষৰে নাগৰিক ৷ কেইজন আছে গম পোৱা নায়ায় ৷ সাৰ সুৰ নোহোৱাকৈ পেহাই মাথো বন্দুকৰ শব্দবোৰ শুনি গ’ল ৷ এসময়ত গুলীৰ শব্দ বন্ধ হ’ল  আৰম্ভ হল এটা নতুন শব্দ  - টপৰ-টপৰ-টপৰ৷ বন্দুকৰ গুলীত কঠাল গছজোপাত ওলমি থকা কেইবাটাও কঠালত ফুটা ওলাইছিল৷ এতিয়া তাৰপৰা কঠালৰ এঠা ওলাই তললৈ পৰিবলৈ আৰম্ভ কৰিছে – টপৰ- টপৰ-টপৰ ৷ সেই এঠা পেহাহঁতৰ গাৰ ওপৰতো পৰিবলৈ ধৰিছে৷

সাৰ সিকতি নোহোৱাকৈ গোটেই ৰাতিটো পেহা তেনেকৈয়ে পৰি থাকিল ৷

পাছদিনা ৰাইজে পেহাক খাৱৈটোৰ পৰা যেতিয়া তুলি আনিলে গাৱঁত ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছে বুলি হুলস্থুল লাগি গ’ল ৷  আয়তীসকলে উৰুলী দিবলৈ আৰম্ভ কৰিলে৷ এজনে গাৱঁৰ নামঘৰত দবা কোবাবলৈ আৰম্ভ কৰিলে ৷ খোল-তালৰ শব্দত গোটেই চুবুৰীটো ৰজনজনাই গ’ল৷ কঠালৰ আঠাই খাৱৈটোত পৰি থকা তিনিওজনকে ঘেৰি ধৰি বগা কৰি পেলাইছে , মাথোঁ মূৰ তিনিটা ওলায় আছে– দেখিলে শুভ্ৰ-বসন পৰিহিত ব্ৰহ্মা যেন লাগে ৷ আনকি আঠায়ে মূৰত পাগুৰী এটাৰো সৃষ্টি কৰিছে৷ মুখৰ পৰা তললৈ ওলমি থকা আঠাই দাড়িৰ আকাৰ লৈছে৷  পেহাই বাৰে বাৰে ব্ৰহ্মাৰ ভাও দি থকাৰ কাৰণে দেৱতাজনৰ মুখখন গাৱঁবাসীৰ চিনাকি হৈ গৈছিল ৷  ব্ৰহ্মা নহয় পেহাহে, সেই কথাটো বিশ্বাস কৰিবলৈ ৰাইজসকলক সময় লাগিছিল৷
অৱশেষত, কন্দুৰা বায়নে চাপৰিৰ ঘানিত পেৰি আনি থোৱা সৰিয়হৰ খাটি তেল এটিঙ মানুহ তিনিটাৰ ওপৰত ঢালি দিলে৷ লাহে লাহে তিনিওটা মানুহ মুক্ত হ’ল৷ এটা ভাওঁনাত গান্ধাৰীৰ ভাও দিয়া হৰকান্ত আনটো ভোলোক মণ্ডলৰ ঘৰত থকা গৰুপলীয়াটো, নাম চুকৰাম! চীনা সৈন্যই ভাৰতবৰ্ষ এৰি থৈ গুছি যোৱাৰ তিনিমাহ পাছলৈকে পেহাৰ চুলিৰ পৰা কঠালৰ এঠাবোৰ সম্পুৰ্ণকৈ যোৱাই নাছিল ৷


(বিঃদ্ৰঃ এইটো কাহিনীৰ শ্ৰোতা আছিল আমাৰ মৃদুল – মৃদুল বৰুৱা)