সমৃদ্ধিৰ সঁচাৰকাঠি
আমেৰিকাৰ
বিখ্যাত টাইম্ মেগাজিনে (TIME) ২০০৭ চনত প্ৰকাশ কৰা “পৃথিৱীক নতুন দিশৰ সন্ধান দিয়া”
(Who shape the world) এশজন লোকৰ তালিকাখনৰ “Builders & Titan” শাখাত থকা ১৯ জন
লোকৰ মাজত থকা এটা নাম ৰন্দা বাৰ্ণ (Rhonda Byrne)৷ টাইম্ মেগাজিন্ৰ এই তালিকাত
অন্তৰ্ভুক্ত হ’বলৈ পোৱাটো বিৰল সন্মানৰ কথা; ই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি৷ তালিকাখনৰ
শিৰোনামাৰ পৰাই বুজিব পাৰি যে তাত নাম থকা লোক কেইজনক অন্ততঃ এই আলোচনীখনে সেই বছৰটোত
পৃথিৱীক এটা নতুন গতি দিবলৈ সমৰ্থ হোৱা মানুহ বুলি বিশ্বাস কৰে – who shaped the
world৷
১৯৫১
চনৰ ১২ মাৰ্চত জন্ম গ্ৰহন কৰা ৰন্দাৰ জন্মভূমি অষ্ট্ৰেলিয়া৷ পেশাত তেওঁ দূৰদৰ্শন ধাৰাবাহিকৰ
প্ৰযোজক৷ Sensing Murder, World’s Greatest Commercial নামৰ ধাৰাবাহিক দুখন নিৰ্মাণ
কৰাৰ উপৰিও তেখেতে Marry Me নামৰ ধাৰাবাহিকখনতো কাম কৰিছিল৷ ২০০৬ চনত ৰন্দাই The
Secret নামৰ এখন ভিডিঅ’ ছবি নিৰ্মান কৰি উলিয়ালে, একে নামৰ এখন কিতাপো প্ৰকাশ কৰিলে৷
সেই বছৰতে আমেৰিকাৰ জনপ্ৰিয় দূৰদৰ্শন অনুষ্ঠান The Oprah Winfrey Show-ত ৰন্দাৰ এটা
সাক্ষাৎকাৰ সম্প্ৰচাৰ হয়৷ শীৰ্ষক আছিল – Discovering the Secret ৷ ইয়াৰ পাছত, নিশাটোতে
যেন ৰন্দা বিখ্যাত হৈ পৰিল৷ কিতাপখন আৰু ভিডিঅ’ ছবিখনত ৰন্দাই এটা নতুন দৰ্শনৰ কথা
কৈছিল, নাম দিছিল – আকৰ্ষণ সুত্ৰ (Law of Attraction)৷ প্ৰায় ৪০ টা ভাষালৈ অনুবাদ হোৱা
The Secret নামৰ কিতাপখনৰ এবছৰৰ ভিতৰতে ১৯ নিযুত কপি বিক্ৰি হয়৷ একেদৰে ভিডিঅ’ ছবিখনৰো
২ নিযুত DVD বিক্ৰি হয় মাত্ৰ এটা বছৰৰ ভিতৰতে৷ এই দুয়োটা উৎসৰ পৰা ৰন্দাই আয় কৰা
ধনৰ পৰিমাণ প্ৰায় ৩০০ নিযুত ডলাৰ!
২০০৭
চনৰ পৰা ২০১০ চনলৈ সমস্ত পৃথিৱীতে ৰন্দাৰ এই আকৰ্ষণ সুত্ৰলৈ যথেষ্ট চিন্তা-চৰ্চা হয়
আৰু এতিয়াও চলি আছে৷ বহুজাতিক প্ৰতিষ্ঠান সমূহত The Secret-ৰ মুকলি প্ৰদৰ্শনৰ ব্যৱস্থা
কৰা হয় আৰু এই নতুন দৰ্শনেৰে বিষয়া কৰ্মচাৰীসকলক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা হয়৷ পৃথিৱীৰ
অনেক প্ৰান্ততে হাজাৰ হাজাৰলোক এই নতুন দৰ্শনেৰে দীক্ষিত হৈ পৰিল৷ অনেকৰ মতে তেওঁলোকৰ
জীৱনটো সলনি হৈ গ’ল! কি আছিল এই ৰন্দাৰ আকৰ্ষণ সুত্ৰ?
২০০৪
চনৰ শেষ ভাগ৷ ৰন্দাৰ জীৱনৰ এজন উল্লেখযোগ্য ব্যক্তি ৰন্দাৰ দেউতাকৰ মৃত্যু হ’ল৷
তাৰ পিছতেই ৰন্দাই কাম কৰি থকা Sensing Murder নামৰ চিৰিয়েলখনৰ কাম আগুৱাই নিব নোৱাৰা
হৈ আহিল৷ আন কামবোৰো বিফল হ’বলৈ ধৰিলে৷ ৰন্দাৰ বেয়া দিন আৰম্ভ হ’ল৷ বেয়া দিনত যি
হয় ৰন্দাৰ ক্ষেত্ৰতো তাকেই হ’ল৷ বন্ধুসকলে তেওঁৰ সংগ ত্যাগ কৰিবলৈ আৰম্ভ কৰিলে৷ আৰ্থিক
সমস্যা দিনক দিনে বাঢ়িবলৈ ল’লে৷ ভৱিষ্যতৰ পৰিকল্পনাবোৰ এটা এটাকৈ মাটিৰ লগত মিহলি
হ’বলৈ আৰম্ভ কৰিলে৷ ৰন্দা জীয়াই থকাৰ অৰ্থ বিচাৰি হাঁহাকাৰ কৰি উঠিল৷ ঠিক এনে সময়তে
এদিন ঘৰৰ নিৰ্জন বেলকনিত চকুলো টুকি উদাস হৈ বহি থকা ৰন্দাৰ পিঠিত হাত থ’লেহি জীয়ৰী
হেইলীয়ে৷ জীয়েকৰ আগত মাক কান্দোনত ভাগি পৰিল৷ হতাশ, বিভ্ৰান্ত ৰন্দাই জীয়েকৰ আগত
মনৰ ভাৱ অকপটে বেকত কৰিলে৷ হেইলীয়ে মন দি মাকৰ
কথা শুনি ল’লে আৰু পাছত এখন পুৰণি উৱলি যোৱা পুথি আনি ৰন্দাৰ হাতত তুলি দিলেহি৷ ১৯১০
চনত প্ৰকাশ হোৱা এই কিতাপখনৰ নাম আছিল – The Science of Getting Rich লেখক
Wallace Wattles৷
কিতাপখনে
ৰন্দাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনি দিলে৷ কিতাপখন আছিল এক অসাধাৰণ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত
যাৰ মূল বিচাৰি খ্ৰীষ্টপূৰ্ব ৩০০০ চনলৈকে ভটিয়াই
যাব পাৰি৷ প্লেটো, গেলিলিঅ’, বিথোভেন, এডিছন, আইনষ্টাইনৰ দৰে বিশ্ববিশ্ৰুত মনীষীয়ে
অতীততে এই দৰ্শন জানিছিল বুলি ৰন্দাই দাবী কৰিলে ৷ এই দৰ্শনৰেই নতুন নাম দিলে ৰন্দাই
– Law of Attraction বা আকৰ্ষণ সুত্ৰ৷ সাম্প্ৰতিক সময়ৰ আমেৰিকাৰ ৫০ জন প্ৰতিষ্ঠিত পণ্ডিত
আৰু দাৰ্শনিকৰ সাক্ষাৎকাৰ গ্ৰহন কৰি ৰন্দাই আটাইৰে মাজত এক যোগসূত্ৰ আৱিষ্কাৰ কৰিবলৈ
চেষ্টা কৰিলে৷ দাৰ্শনিক বব প্ৰক্টৰ (Bob
Proctor), সমাজ-তাত্বিক লেখক ড˚ জৌ ভিটালে’
(Dr. Joe Vitale), ব্যৱসায়ী কৌটিপতি জন্ আছাৰাফ (John Assaraf), দাৰ্শনিক জীৱন-প্ৰশিক্ষক
ড˚ জন্ দিমাৰটিনি (Dr. John Demartini), মানসিক বিজ্ঞানী ড˚ ডেনিছ ৱেট্লি (Dr. Denis Waitley), আধ্যাত্মিক গুৰু
মাইকেল বাৰ্ণাড্ বেক্উইথ্ (Michael Bernard Beckwith) আৰু
প্ৰসিদ্ধ লেখক জেক্ কেনফিল্ডৰ (Jack Canfield) ভাষ্য আৰু সাক্ষাৎকাৰ ৰন্দাৰ কিতাপখন
আৰু তথ্যচিত্ৰখনত অন্তৰ্ভুক্ত হ’ল৷ তথ্যচিত্ৰ
নিৰ্মানৰ কামত সহায় কৰিবলৈ আগবাঢ়ি আহিল ছেনেল নাইন নামৰ প্ৰতিষ্ঠানটো৷ দূৰদৰ্শন অনুষ্ঠান
The Oprah Winfrey Show-ৰ পিছতে এই নতুন সুত্ৰৰ ঢৌৱে পৃথিৱী জোকাৰি গ’ল৷ ৰন্দা নিশাটোতে
পৃথিৱী বিখ্যাত হৈ পৰিল৷
আকৰ্ষণ
সূত্ৰৰ মূল দৰ্শন হ’ল – মানুহৰ মগজুৰ শক্তি অসীম৷ ‘মন সম বলৱন্ত’ পৃথিৱীত একোৱেই নাই৷
এই শক্তিক চিনি পাব পাৰিলে, তাক কামত লগাব পাৰিলে, জীৱনত একো অসাধ্য নাথাকে৷ এই মানসিক
শক্তিৰ ব্যৱহাৰে জীৱনত অসম্ভৱ বুলি ভবা কথাকো সম্ভৱ কৰি তুলিব পাৰে৷ মানুহৰ চৌপাশে
ঘটি থকা ঘটনাপ্ৰৱাহ মানুহৰ চিন্তাৰেই প্ৰতিফলন৷ Thoughts become things ৷ চকুৰে দেখা
নোপোৱা বিদ্যুৎ তৰংগৰ দৰে মানুহৰ চিন্তাৰো তৰংগ থাকে৷ ভাল চিন্তাৰ ভাল তৰংগ আৰু
বেয়া চিন্তাৰ বেয়া তৰংগ৷ ধনাত্মক বা ইতিবাচক চিন্তাৰে মানুহে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো
শক্তিকে একত্ৰিত কৰি নিজৰ ইপ্সিত ফল লাভ কৰিব পাৰে৷ ইয়াৰ উদাহৰণ পৃথিৱীত অনেক আছে৷
নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰচিত্তে কাম কৰি গ’লে সেই লক্ষ্যত এদিন উপনীত হোৱাতো ধুৰুপ!
এই সত্যই আকৰ্ষণ সুত্ৰ – Law of Attraction ৷ ছবি বা কিতাপখনত এই সত্যটোৱেই প্ৰক্ষেপ
কৰা হৈছে নাটকীয় দৃষ্টিভঙ্গীৰে৷
এই
সুত্ৰৰ আৱিষ্কাৰে ৰন্দাৰ নিজৰ জীৱন সলনি কৰি দিলে৷ পিছলৈ ইয়াৰ সপক্ষে আৰু বিপক্ষে
অনেক সমালোচনা চলিছে৷ কোনোবাই মানিছে কোনোবাই নাই মনা৷ সকলো সমালোচনা আৰু বিতৰ্ক একাষৰীয়া কৰি থৈ এই কথা
দৃঢ়তাৰে ক’ব পাৰি যে এই ছবিখন বা পুথিখনে জীৱনলৈ যুগমীয়া প্ৰেৰণা কঢ়িয়াই আনিব পাৰে৷
------০০০০০---------
No comments:
Post a Comment